“আমি নতুন সংসদ ভৱনলৈ গৈ আছো এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে”
“সংসদৰ কেন্দ্ৰীয় হলে আমাক কৰ্তব্য পালনত প্ৰেৰণা দিয়ে”
“ভাৰত হৈছে নৱ শক্তিৰে ভৰা, আমি ক্ষীপ্ৰতাৰে আগবাঢ়িছোঁ”
“নতুন প্ৰত্যাশাৰ মাজত সাংসদসকলৰ সৰ্বোচ্চ দায়িত্ব হৈছে নতুন আইন প্ৰৱৰ্তন কৰা আৰু পুৰণি আইনবোৰক প্ৰত্যাহাৰ কৰা”
“আমি অমৃত কালত এখন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লাগিব”
“প্ৰতিজন ভাৰতীয়ৰ আশা-প্ৰত্যাশাক সৰোগত কৰিহে সংস্কাৰ সাধন কৰিব লাগিব”
“বৃহৎ পৰিসৰত ভাৰতে কাম কৰিব লাগিব। ক্ষুদ্ৰ কথাবোৰত লাগি থকাৰ দিন গ’ল”
“জি-২০ সময়ত আমি গ্লোবেল ছাউথৰ কণ্ঠ হৈ পৰিছোঁ, ‘বিশ্ব মিত্ৰা’”
“আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পবোৰ পূৰ্ণ কৰিব লাগিব”
“সংবিধান সদনে আমাক পথ প্ৰদৰ্শন কৰি যাব আৰু সংবিধান সভাৰ সৈতে জড়িত হৈ থকা বিখ্যাত ব্যক্তিসকলক স্মৰণ কৰি যোৱাত সহায় কৰিব”

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বিশেষ অধিৱেশন উপলক্ষে কেন্দ্ৰীয় হলত সকলো সাংসদক সম্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিত সদনত উপস্থিত সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে আজিৰ দিনটো বিশেষ কিয়নো সদনৰ কামকাজ এতিয়াৰ পৰা নতুন ভৱনত চলিব। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি নতুন সংসদ ভৱনলৈ গৈ আছোঁ এক নতুন সংকল্প আৰু দৃঢ়তাৰে ভাৰতক উন্নত ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ বাবে।”

 

সংসদ ভৱন তথা কেন্দ্ৰীয় হল সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰী ইয়াৰ ইতিহাস ৰোমন্থন কৰে। তেওঁ মনত পেলায় যে আৰম্ভণিৰ সময়চোৱাত ভৱন সেই অংশটো পুথিভৰাল হিচাপে ব্যৱহাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই ঠাইতে সংবিধান প্ৰণয়নৰ কাম আৰম্ভ হৈছিল তথা স্বাধীনতাৰ সময়ত ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। তেওঁ লগতে কয় যে এই কেন্দ্ৰীয় হলতেই ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰা হৈছিল। তেওঁ সদনক এই কথাটো জনায় যে ১৯৫২ চনৰ পাছত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪১ গৰাকী ৰাষ্ট্ৰ প্ৰধানে কেন্দ্ৰীয় হলৰ পৰা সংসদক সম্বোধন কৰিছিল। ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰপতিসকলে কেন্দ্ৰীয় হলত উপস্থিত ৮৬বাৰ সংসদক সম্বোধন কৰিছে। তেওঁ লগতে কয় যে বিগত ৭টা দশকত লোক সভা আৰু ৰাজ্য সভাত এতিয়ালৈ প্ৰায় চাৰি হাজাৰ আইন প্ৰণয়ন কৰা হৈছে। ইয়াৰে ভিতৰত কেতবোৰ গুৰুত্বপূৰ্ণ আইন সংসদৰ যুটীয়া অধিৱেশনত হোৱা আলোচনাৰ মাধ্যমত লোৱা হৈছে। যৌতুক প্ৰতিৰোধ আইন, বেংক সেৱা কমিছন আইন, সন্ত্ৰাসবাদ নিৰ্মূলীকৰণ আইন তেনে কেতবোৰ আইন। তেওঁ তিনি তালাক প্ৰথাৰ বিলুপ্তি, দিব্যাংগ আৰু তৃতীয় লিংগৰ বাবে আইন প্ৰণয়নৰ কথা উল্লেখ কৰে। 

সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি সাধন কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিৰ অৰিহনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অতি গৌৰৱৰে কয় যে আমাৰ পূৰ্বপুৰুষে দি যোৱা সংবিধান এতিয়া জন্মু-কাশ্মীৰতো কাৰ্যকৰী হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে, “আজিৰ তাৰিখত জম্মু-কাশ্মীৰ শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়ি গৈছে আৰু তাৰ মানুহে হাতৰ মুঠিৰ পৰা এই সুবিধা আঁতৰি যাব দিব নিবিচাৰে।”

 

২০২৩ বৰ্ষত স্বাধীনতা দিৱসৰ দিনটোত লাল কিল্লাত দিয়া ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এতিয়া ভাৰতৰ উপযুক্ত সময়। নতুন চেতনাৰে ভাৰতৰ সফলতাৰে উজ্জীৱিত কৰাৰ সময়ো এয়াই। “ভাৰত এতিয়া শক্তিৰে পৰিপূৰ্ণ” শ্ৰী মোদীয়ে এই কথাটোত গুৰুত্ব আৰোঁপ কৰি কয় যে নতুন উদ্যমে এতিয়া প্ৰতিজন ভাৰতীয় কঠোৰ শ্ৰম আৰু দায়ৱদ্ধতাৰে আগবাঢ়ি গৈ থাকিলে দেশ ইস্পিত লক্ষ্যত উপনীত হ’ব। “ক্ষীপ্ৰ সফলতা ক্ষীপ্ৰ প্ৰগতিৰ জৰিয়তে সম্ভৱ”, এই কথাৰে শ্ৰীমোদীয়ে দেশ বিশ্বৰ পাঁচখন শ্ৰেষ্ঠ অৰ্থনীতিৰ অন্যতম হোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে যোগ দিয়ে যে বিশ্ব আৰু ভাৰত আত্মবিশ্বাসী যে অতি শীঘ্ৰে দেশ বিশ্বৰ তিনিখন শ্ৰেষ্ঠ অৰ্থনীতিৰ দেশৰ এখন হৈ পৰিব। তেওঁ দেশৰ শক্তিশালী বেংক সেৱাৰ কথা সদনত ব্যক্ত কৰি ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যেনে ইউপিআই, ডিজিটেল ষ্টেকৰ প্ৰতি বিশ্বৰ ধাউতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই সফলতা বিশ্বৰ বাবে বিস্ময়কৰ, আকৰ্ষণীয় আৰু গ্ৰহণযোগ্য। 

সহস্ৰাধিক বছৰৰ ভিতৰত এতিয়া প্ৰতিজন ভাৰতীয়ৰ মাজত থকা আশা-প্ৰত্যাশাবোৰ তুংগত উঠিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে হাজাৰ বছৰ ধৰি শিকলিৰে বান্ধ খাই থকা আশাবোৰৰ এতিয়া ৰৱলৈ সময় নাই আৰু নতুন লক্ষ্যপ্ৰাপ্তিৰে দিশেৰে সেয়া আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে সকলো সাংসদক আহ্বান জনায় কয় যে নতুন আশাবোৰৰ লগত লৈ নতুন আইন প্ৰণয়ন কৰা তথা পুৰণি এলান্ধুকলীয়া আইন প্ৰত্যাহাৰ কৰাটো সকলোৰে সৰ্বোচ্চ দায়িত্ব।

প্ৰধানমন্ত্ৰীয়ে এয়া মতপোষণ কৰে যে সংসদত গৃহীত হোৱা প্ৰতিখন আইন, প্ৰতিটো আলোচনা, প্ৰতিটো বাৰ্তাই প্ৰতিজন দেশবাসী আৰু সাংসদৰ আশা-প্ৰত্যাশাবোৰক সাহস দিব। “সংসদত গ্ৰহণ কৰা প্ৰতিটো সংস্কাৰে ভাৰতীয় আশা-প্ৰত্যাশাক সৰ্বাধিক প্ৰাধান্য দিব”, প্ৰধানমন্ত্ৰীয়ে এই কথাটোত জোৰ দিয়ে। 

প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে এখন সৰু কেনভাছত জানো ডাঙৰ চিত্ৰাংকন সম্ভৱ। ঠিক তেনেদৰে আমাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি নকৰিলে আমি আমাৰ স্বপ্নৰ ভাৰত কিদৰে গঠন কৰিব পাৰিম। ভাৰতৰ মহান ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিহে আমি আমাৰ চিন্তাক ঐশ্বৰ্যপূৰ্ণ ভাৰতীয় পৰম্পৰাৰ সৈতে সংযুক্ত কৰিব পাৰোঁ তেন্তে আমি বিশাল ভাৰতৰ এখন সুন্দৰ ছবি অংকন কৰিব পাৰিম। “ভাৰতে এতিয়া ডাঙৰ কেনভাছত কাম কৰিব লাগিব। সৰু কথাবোৰ লাগি থকাৰ দিন এতিয়া নাই” শ্ৰী মোদীয়ে কয়।

 

তেওঁ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰয়োজনীয়তাৰ কথা কয়। তেওঁ মন্তব্য দিয়ে যে আৰম্ভণিৰ অসুবিধাবোৰ আঁতৰ হোৱাৰ পাছত এতিয়া বিশ্বৰ ভাৰতৰ আত্মনিৰ্ভৰ মডেলৰ কথা আলোচনা কৰিছে। তেওঁ কয় কোনেনো প্ৰতিৰক্ষা খণ্ড, উৎপাদন খণ্ড, শক্তি খণ্ড, খোৱা তেলৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব নোখোজে, আৰু এই ক্ষেত্ৰত আমি দলীয় ৰাজনীতিক বাধা হিচাপে আহিব দিব নালাগে।

উৎপাদন খণ্ডত নতুন দিগন্ত সূচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে “জিৰ’ ডিফেক্ট, জিৰ’ এফেক্ট” শীৰ্ষক মডেলৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যদিহে ভাৰতীয় উৎপাদিত সামগ্ৰীত কোনো খুঁত নাথাকে আৰু উৎপাদন প্ৰক্ৰিয়াত পৰিৱেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নথকা মডেলেই হৈছে “জিৰ’ ডিফেক্ট, জিৰ’ এফেক্ট”। তেওঁ কৃষি, আৰ্হি, ছফ্টৱেৰ, হস্তশিল্প আদিবোৰৰ ক্ষেত্ৰত এটা লক্ষ্য নিৰ্ধাৰণ কৰা উচিত আৰু সেয়া হৈছে বিশ্বমানৰ উৎপাদন সামগ্ৰী নিৰ্মাণ কৰা। “এজনে মনলৈ এই বিশ্বাস আনিব লাগিব যে আমাৰ উৎপাদন কেৱল গাঁও, নগৰ, চহৰতেই শ্ৰেষ্ঠ হ’ব বৰঞ্চ সমগ্ৰ বিশ্বতেই সেই সামগ্ৰীৰ নাম হ’ব।” 

নতুন শিক্ষানীতিৰ মুক্ত স্বভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই এই শিক্ষানীতিক আদৰণি জনাইছে। জি-২০ সন্মিলনত প্ৰদৰ্শিত পৌৰাণিক নালন্দা বিশ্ববিদ্যালয়ৰ এখন ফটোৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশৰ পৰা অহা প্ৰতিনিধিৰ বাবে সেয়া আশ্বৰ্যৰ বিষয় আছিল যে ভাৰতবৰ্ষত ১৫০০ বছৰৰ পূৰ্বে এখন শৈক্ষিক প্ৰতিষ্ঠান আছিল। “আমি সকলোৱে ইয়াৰ পৰা প্ৰেৰণা ল’ব লাগে আৰু  বৰ্তমানত লক্ষ্য প্ৰাপ্তিৰ বাবে গুৰুত্ব দিব লাগে” শ্ৰী মোদীয়ে এই কথাটো যোগ দিয়ে।

দেশৰ যুৱচামে ক্ৰীড়াখণ্ডত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ টায়াৰ ২ আৰু টায়াৰ ৩ পৰ্যায়ৰ চহৰবোৰত ক্ৰীড়াত লাভ কৰা সফলতা কথা দোহাৰে। “এয়া ৰাষ্ট্ৰৰ প্ৰতিজ্ঞা হ’ব লাগে যে প্ৰতিটো ক্ৰীড়াংগনৰ পডিয়ামত ভাৰতীয় তিনিৰঙী পতাকা উৰিব লাগে”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ যুৱচামৰ গুৰুত্বৰ কথা উল্লেখ কৰে। আমি এনেকুৱা এখন ছবি তৈয়াৰ কৰিব বিচাৰো য’ত দেশৰ যুৱচামে আগস্থান লাভ কৰে। আন্তৰ্জাতিক পৰ্যায়ত পৰ্যালোচনাৰ পাছত স্কীল মেপিং কৰি ভাৰতে যুৱচামৰ মাজত কৌশল বিকাশৰ কাম কৰি আছে। স্বাস্থ্যখণ্ডত পেছাগত দক্ষতাৰ লোক সৃষ্টিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অলপতে চৰকাৰে ১৫০ খন নাৰ্ছিং কলেজ খুলিছে।

সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “সিদ্ধান্ত গ্ৰহণত কেতিয়াও বিলম্ব হ’ব নালাগে” আৰু জনপ্ৰতিনিধি কেতিয়াও ৰাজনৈতিক লাভ বা লোকচানত সীমিত হৈ থাকিব নালাগে। দেশৰ সৌৰ খণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ শক্তিখণ্ডৰ সমস্যাৰ পৰা উদ্ধাৰৰ বাট এই খণ্ডই দেখুৱাইছে। তেওঁ লগতে মিছন হাইড্ৰোজেন, ছেমিকণ্ডাক্টৰ মিছন আৰু জল জীৱন মিছনৰ কথাৰে আহিবলগীয়া উজ্জ্বল ভৱিষ্যতৰ কথা কয়। ভাৰতীয় সামগ্ৰী বিশ্বৰ বজাৰলৈ যোৱাৰ বাট প্ৰশস্ত কৰাৰ বাবে চিন্তা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে দেশত এক বিকশিত লজিষ্টিক খণ্ডৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি উৎপাদন ব্যয় হ্ৰাস কৰি প্ৰতিজন ভাৰতীয়ৰ ওচৰলৈ সামগ্ৰী লৈ যোৱাৰ কথা কয়। জ্ঞান আৰু উদ্ভাৱনৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱনকলৈ গৃহীত হোৱা আইনৰ কথা উল্লেখ কৰে। চন্দ্ৰযানৰ সফলতা যাতে বিফলে নাযায় তাৰ ওপৰতো নজৰ ৰখা উচিত।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “সামাজিক ন্যায় হৈছে আমাৰ প্ৰাথমিক চৰ্ত” আৰু উল্লেখ কৰে যে সামাজিক ন্যায়ৰ ওপৰত হোৱা আলোচনা সীমিত হৈ পৰিছে আৰু ইয়াৰ পৰিসৰ বহল কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে সামাজিক ন্যায় মানে হৈছে সমাজৰ পাছপৰা শ্ৰেণীৰ মাজলৈ যোগাযোগ, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, চিকিৎসা তথা অন্যান্য সা-সুবিধাবোৰ লৈ যোৱা। সামাজিক উন্নয়নত দেখা দিয়া বৈষম্যও সামাজিক ন্যায়ৰ বাবে বাধাস্বৰূপ আৰু দেশৰ পূব প্ৰান্তৰ অনুন্নয়নৰ কথা উল্লেখ কৰে। “পূব প্ৰান্তক শক্তিশালী কৰি আমি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব।” এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আকাংক্ষাৰ জিলা আঁচনিয়ে সামাজিক ন্যায়ৰ ভাৰসাম্য ৰক্ষা কৰিছে। এই আঁচনি ৫০০ অধিক গোটলৈ সম্প্ৰসাৰণ কৰা হৈছ।

 

“সমগ্ৰ বিশ্বই বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছে”, এই কথাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষই নিৰপেক্ষ ভূমিকা পালন কৰিছিল কিন্তু ভাৰতক সকলোৱে এতিয়া বিশ্ব মিত্ৰ হিচাপে জানে। এতিয়া ভাৰতে অন্য ৰাষ্ট্ৰক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু সকলোৱে ভাৰতক বন্ধু হিচাপে জ্ঞান কৰে। ভাৰতে আজি নিজৰ বৈদেশিক নীতিৰ বাবে এই পৰ্যায় পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জি-২০ৰ জৰিয়তে আজি ভাৰতে সমগ্ৰ বিশ্বত উজলি উঠাৰ লগতে গ্লোবেল ছাউথৰ প্ৰয়োজনীয়তা পূৰ কৰি এই প্ৰাপ্তিৰ জৰিয়তে নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা স্ৰোত হৈ পৰিছে। “জি-২০ সন্মিলনে ৰোপন কৰা বীজ এসময়ত বটবৃক্ষলৈ ৰূপান্তৰিত হৈ বিশ্বৰ বিশ্বাস হৈ পৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাটো উল্লেখ কৰি জি-২০ত গঠন হোৱা বায়’ফুয়েল এলায়েন্সৰ (জৈৱ ইন্ধন মিত্ৰতা) কথা ব্যক্ত কৰে। তেওঁ কয় যে ভাৰতৰ নেতৃত্বত বিশ্বত এক বৃহৎ জৈৱ ইন্ধনৰ আন্দোলন আৰম্ভ হৈছে। 

প্ৰধানমন্ত্ৰীয়ে উপৰাষ্ট্ৰপতি তথা সদনৰ অধ্যক্ষক অনুৰোধ জনায় যে বৰ্তমানৰ সংসদ ভৱনৰ ঐতিহ্য তথা ঐশ্বৰ্য যাতে অক্ষুণ্ণ থাকক তাৰ প্ৰতি গুৰুত্ব দিয়ে। তেওঁ কয় যে পুৰণি সংসদ ভৱনক এতিয়াৰ পৰা ‘সংবিধান সদন’ নামেৰে জনা যাব আৰু এই ভৱনে দিশ নিদৰ্শন কৰাৰ লগতে এই ভৱনে আমাক সংবিধান সভাৰ সৈতে জড়িত হৈ থকা বিখ্যাত ব্যক্তিত্বক স্মৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰি যাব। এই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ সমাপ্ত কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Why rural India needs women drone pilots

Media Coverage

Why rural India needs women drone pilots
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Supreme Court’s verdict on the abrogation of Article 370 is historic: PM
December 11, 2023
PM also assures resilient people of Jammu, Kashmir and Ladakh

The Prime Minister, Shri Narendra Modi said that the Supreme Court’s verdict on the abrogation of Article 370 is historic and constitutionally upholds the decision taken by the Parliament of India on 5th August 2019.

Shri Modi also said that the Court, in its profound wisdom, has fortified the very essence of unity that we, as Indians, hold dear and cherish above all else.

The Prime Minister posted on X;

“Today's Supreme Court verdict on the abrogation of Article 370 is historic and constitutionally upholds the decision taken by the Parliament of India on 5th August 2019; it is a resounding declaration of hope, progress and unity for our sisters and brothers in Jammu, Kashmir and Ladakh. The Court, in its profound wisdom, has fortified the very essence of unity that we, as Indians, hold dear and cherish above all else.

I want to assure the resilient people of Jammu, Kashmir and Ladakh that our commitment to fulfilling your dreams remains unwavering. We are determined to ensure that the fruits of progress not only reach you but also extend their benefits to the most vulnerable and marginalised sections of our society who suffered due to Article 370.

The verdict today is not just a legal judgment; it is a beacon of hope, a promise of a brighter future and a testament to our collective resolve to build a stronger, more united India. #NayaJammuKashmir”