শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টো প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিলে
দুখীয়া জনসাধাৰণক উচ্চ হাৰৰ চিকিত্সা ব্যয়ৰ পৰা সকাহ দিছে ‘জনৌষধী আঁচনি’য়ে : প্ৰধানমন্ত্ৰী
‘জনৌষধী কেন্দ্ৰ’ৰ পৰা সুলভ মূল্যত ঔষধ ক্ৰয়ৰ আহ্বান
আপোনালোক মোৰ পৰিয়াল, আপোনালোকৰ অসুস্থতা মোৰ পৰিয়ালৰ সদস্যৰ অসুস্থতা, মোৰ দেশবাসী সুস্থ হৈ থকাটো মই কামনা কৰো : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যক্ৰমেৰে জড়িত হৈ উত্তম সেৱা আগবঢ়োৱা একাংশ অংশীদাৰকো পুৰস্কৃত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, শ্ৰী মনসুখ মাণ্ডবীয়া, শ্ৰী অনুৰাগ ঠাকুৰ, হিমাচল প্ৰদেশ আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়, মেঘালয় আৰু গুজৰাটৰ উপ মুখ্য মন্ত্ৰীদ্বয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

 

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ চিমলা, মধ্য প্ৰদেশৰ ভোপাল, গুজৰাটৰ আহমেদাবাদ, দিউৰ মাৰুতি নগৰ আৰু কৰ্ণাটকৰ মেংগালোৰৰ একাংশ হিতাধিকাৰী, কেন্দ্ৰ সঞ্চালক, ‘জন ঔষধী মিত্ৰ’ৰ সৈতে বাৰ্তালাপত ভাগ লয়। বৰ্তালাপৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্টসকলক এক সুস্থ জীৱনশৈলী অতিবাহিত কৰাৰ বাবে গোঁহাৰি জনায়। ‘জনৌষধী কেন্দ্ৰ’সমূহৰ পৰা সুলভ মূল্যত উপলব্ধ হোৱাৰ বাবেই ৰোগীসকলে প্ৰয়োজনীয় ঔষধখিনি কিনিবলৈ অসুবিধা নাপাই আৰু ইয়ে এক উন্নত স্বাস্থ্য-পৰিণতি নিশ্চিত কৰিব পাৰে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘জনৌষধী আন্দোলন’ৰ উত্তৰণ সাধনত লোৱা ভূমিকাৰ বাবে যুৱ-প্ৰজন্মৰ শলাগ লয় আৰু ইতিমধ্যে চলি থকা টীকাকৰণ কাৰ্যক্ৰমতো সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।

‘জনৌষধী’ৰ উপকাৰিতা সন্দৰ্ভত বাৰ্তা প্ৰচাৰ কৰাত আগ-ভাগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক আহ্বান জনায়। এই সন্দৰ্ভত মন্তব্য কৰি প্ৰধনমন্ত্ৰীয়ে কয়, ‘আপোনালোক মোৰ পৰিয়াল আৰু আপোনালোকৰ অসুখ হোৱা মানেই মোৰ পৰিয়ালৰ সদস্যৰ অসুখ হোৱা, সেয়ে, মই মোৰ দেশবাসী সুস্থ হৈ থকাটো কামনা কৰো’।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহৰ বাবে জনৌষধী যোজনা পৰম বান্ধৱৰ দৰে। ই সেৱা আৰু নিযোগ সম্ভাৱনাৰ এক মাধ্যম হিচাপেও থন্ ধৰি উঠিছে। শ্বিলঙত ‘জনৌষধী কেন্দ্ৰ’ৰ ৭৫০০সংখ্যক কেন্দ্ৰটো উত্সৰ্গা কৰা কথাই উত্তৰ পূৰ্বাঞ্চলত ‘জনৌষধী কেন্দ্ৰ’ৰ বিস্তাৰণৰ গতিকে প্ৰতীয়মান কৰিছে। আঁচনিখনৰ জিয়তে পাৰ্বত্য এলেকা, জনজাতি অধ্যূষিত অঞ্চলৰ লগতে সামগ্ৰিকভাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক সুলভ মূল্যত উন্নত মানৰ ঔষধ যোগানৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে।

তেওঁ কয় যে ৭৫০০সংখ্যক কেন্দ্ৰটোৰ উত্সৰ্গাৰ কথাটোৱে সঁচাকৈ বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো ৬টা বছৰৰ আগত সমগ্ৰ ভৰততে আনকি ১০০টা কেন্দ্ৰও নাছিল। তেওঁ এনে ১০,০০০টা কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ বাবেও আহ্বান জনায়। এই সমূহ কেন্দ্ৰৰ সুবাদত দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালসমূহে প্ৰতিবছৰে প্ৰায় ৩৬০০কোটি টকা ৰাহি কৰিব পাৰিছে। ১০০০ৰো অধিক ‘জনৌষধী কেন্দ্ৰ’ মহিলাই পৰিচালনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ আঁচনিখনে মহিলাসকলৰ মাজত আত্মনিৰ্ভৰতা সৃষ্টি কৰাত সহায় কৰিছে বুলিও অভিমত ব্যক্ত কৰে। আঁচনিখনৰ প্ৰসাৰ সাধনৰ লক্ষ্যৰে প্ৰদান কৰা উদগণিমূলক ৰাশিৰ পৰিমাণ ২.৫লাখ টকাৰ পৰা ৫লাখ টকালৈ বৃদ্ধি কৰাৰ উপৰি দলিত, আদিবাসী মহিলা আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বাবে অতিৰিক্ত ভাবে আৰু ২লাখ টকাকৈ ধন আগবঢ়োৱাৰ ব্যৱস্থা কৰাৰ তথ্য প্ৰকাশ কৰে।

ভাৰতত প্ৰস্তুত কৰা ঔষধ আৰু অস্ত্ৰোপচাৰৰ চাহিদা এতিয়া দ্ৰুগতিত বাঢ়িবলৈ লৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। চাহিদাৰ অনুপাতে উত্পাদনৰ পৰিসৰো বৃদ্ধি হৈছে। এনে পৰিৱেশত বিশাল পৰিমাণৰ নিয়োগ সম্ভৱনাৰ সৃষ্টি হৈছে। আজিৰ তাৰিখত ‘জন ঔষধী কেন্দ্ৰ’সমূহত ৭৫বিধ আয়ুষ ঔষধো উপলব্ধ হয় বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে। আয়ুষ ঔষধসমূহ সুলভ হোৱা কথাই ৰোগীসকলক উপকৃত কৰাৰ লগতে আয়ুৰ্বেদ আৰু আয়ুষ ঔষধৰ ক্ষেত্ৰখনৰো লাভ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।

চিকিত্সা ব্যয়ৰ বোজাই দুখীয়া পৰিয়ালসমূহক কোঙা কৰি পেলেৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া বছৰচেৰেকত চিকিত্সাৰ ক্ষেত্ৰত থকা সকলোধৰণৰ বৈষম্য আঁতৰোৱাৰ প্ৰয়াস কৰা হৈছে আৰু দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিৰ বাবে চিকিত্সা সম্ভৱ কৰি তোলা হৈছে। ইয়াৰ বাবেই, অত্যাৱশ্যকীয় ঔষধ, হৃদযন্ত্ৰৰ বাবে প্ৰয়োজনীয় উপকৰণ, আঠুৰ অস্ত্ৰোপচাৰ সংক্ৰান্তীয় উপকৰণ আদিৰ দাম বহু পৰিমাণে হ্ৰাস কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় ‘আয়ুষ্মান যোজনা’ৰ জৰিয়তে দেশৰ ৫০কোটিৰো অধিক দুখীয়া লোকলৈ ৫লাখ টকা পৰ্যন্ত চিকিত্সা বিনামূলীয়াকৈ কৰোৱাৰ দিহা কৰা হৈছে। এই পৰ্যন্ত ১.৫কোটিৰো অধিক লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে আৰু প্ৰায় ৩০,০০০কোটি টকা ৰাহি কৰিব পাৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

‘মে’ড ইন ইণ্ডিয়া ক’ৰোনা ভেকচিন’ উপহাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, ‘ভাৰতে কেৱল নিজৰ বাবেই প্ৰতিষেধক তৈয়াৰ কৰা নাই, বৰং পৃথিৱীক সহায় কৰাৰ বাবেও ইয়াক মোকলাই দিছে’। প্ৰতিষেধকৰ ক্ষেত্ৰতো দুখীয়া আৰু মধ্যবিত্তীয়সকলক সকাহ দিয়াৰ প্ৰসংগত তেওঁৰ চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। চৰকাৰী চিকিত্সালয়সমূহত প্ৰতিষেধক বিনামূলীয়াকৈ দিয়াৰ বিপৰীতে ব্যক্তিগতখণ্ডৰ চিকিত্সালয়ত ইয়াৰ বাবে ২৫০টকা লোৱাৰ কথা উল্লেখ কৰা হৈছে। এই হাৰ পৃথিৱীৰ ভিতৰতে কম বুলিও তথ্য উল্লেখ কৰা হৈছে।

তেওঁ সমগ্ৰ দেশতে প্ৰভাৱশালী চিকিত্সা সম্ভৱ কৰিব পৰা আন্তঃগাঁথনিৰ লগতে মান সম্পন্ন চিকিত্সা কৰ্মীগোটৰ উপলব্ধতা নিশ্চিত হোৱাৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ দেশৰ সকলো শ্ৰেণীৰ চিকিত্সালয়ৰ উত্তৰণ সাধনৰ লগতে ‘এইমছ’ৰ দৰে চিকিত্সালয় স্থাপনৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা জানিবলৈ দিয়ে।

শেহতীয়া ৬টা বছৰত চিকিত্সা সা-সুবিধা উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। এই সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয় যে এইখিনি সময়ত দেশৰ চিকিত্সা মহাবিদ্যালয়সমূহত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ ৩০হাজাৰৰো অধিক আসন নতুনকৈ সংযোজিত কৰা হৈছিল। উল্লেখ্য যে
২০১৪চন পৰ্যন্ত দেশত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা আছিল ৫৫হাজাৰ। সেইদৰে, ইতিমধ্যে থকা ৩০হাজাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সৈতে আৰু ২৪হাজাৰ আসন সংযুক্ত কৰাৰ উপৰি যোৱা ছটা বছৰত দেশত ১৮০খন নতুন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছে। তদুপৰি, এইখিনি সময়ত গ্ৰামাঞ্চলত ১.৫লাখ ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰে ৫০হাজাৰ কেন্দ্ৰই ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে। এইবোৰ কেন্দ্ৰত জটিল ৰোগাক্ৰান্তক শুশ্ৰূষা কৰাৰ লগতে স্থানীয় ভাবে জটিল ৰোগৰ পৰীক্ষণো সম্ভৱ কৰি তুলিছে। স্বাস্থ্য সমস্যাৰ সম্পূৰ্ণ সমাধান সম্ভৱ কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ‘প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য যোজনা’ৰ বাবে এইবেলিৰ বাজেটত বিশাল পৰিমাণৰ পুঁজি আৱণ্টনৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰতিখন জিলাতে ৰোগ বিশ্লেষণ কেন্দ্ৰ স্থাপনৰ দিহা কৰাৰ লগতে জটিল ৰোগৰ চিকিত্সা কৰিব পৰা ৬০০খন হাস্পটালো স্থাপন কৰা হৈছে। লোকসভাৰ তিনিটাকৈ সমষ্টিৰ মাজত এটাকৈ চিকিত্সা কেন্দ্ৰ স্থাপনৰ কামো চলি আছে বুলি প্ৰধানমন্ত্ৰীয়ে তথ্য উল্লেখ কৰে।

কম খৰছত চিকিত্সা কৰাৰ দিহা কৰি সকলোৰে বাবে চিকিত্সা সম্ভৱ কৰি তোলাৰ বাবেই বৰ্তমানৰ চৰকাৰে প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। এই চিন্তাৰেই এতিয়া নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ দিহা কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী জন ঔষধী প্ৰকল্প’ৰ নেটৱৰ্কে দ্ৰতগতিত প্ৰসাৰ লাভ কৰিছে আৰু যিমান পাৰি সিমান সংখ্যক মানুহক স্পৰ্শ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে তেওঁ উল্লেখ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.