ছাম্বা জিলাৰ পল্লী পঞ্চায়তৰ পৰা সমগ্ৰ দেশৰ গাওঁ পঞ্চায়তক সম্বোধন
২০,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
বানিহাল কাজিগাণ্ড ৰোড টানেল উদ্বোধন, এই পথ সুৰংগই জম্মু আৰু কাশ্মীৰৰ অঞ্চলসমূহৰ দূৰত্ব হ্ৰাস কৰিব
দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে আৰু ৰটল এণ্ড কুৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ তিনিটা পথ পেকেজৰ আধাৰশিলা স্থাপন
দেশৰ প্ৰতিখন জিলাত ৭৫টা জলাশয়ৰ বিকাশ আৰু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে অমৃত সৰোবৰৰ শুভাৰম্ভ
জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰাটোৱে এক ডাঙৰ পৰিৱৰ্তৰ ইংগিত দিয়ে "
"গণতন্ত্ৰ ই হওঁক বা উন্নয়নৰ সংকল্পই হওঁক, আজি জম্মু-কাশ্মীৰে এক নতুন উদাহৰণ উপস্থাপন কৰিছে। যোৱা ২-৩ বছৰত জম্মু-কাশ্মীৰত উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে"
"যিসকলে বছৰ বছৰ ধৰি জম্মু আৰু কাশ্মীৰত সংৰক্ষণৰ সুবিধা লাভ কৰা নাছিল, তেওঁলোকেও এতিয়া সংৰক্ষণৰ সুবিধা লাভ কৰিছে"
"স্বাধীনতাৰ এই 'অমৃত কাল' ভাৰতৰ সোণালী সময় হ'বলৈ গৈ আছে"
"কাশ্মীৰ উপত্যকাৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ পিতৃ-মাত
অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি।
তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক তেওঁলোকৰ উৎসাহৰ বাবে ধন্যবাদ জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নমূলক যাত্ৰাত আজি এক গুৰুত্বপূৰ্ণ দিন।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰে। এই অনুষ্ঠানৰ পৰা তেওঁ সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহক সম্বোধন কৰে। তেওঁ ছাম্বা জিলাৰ পল্লী পঞ্চায়ত ভ্ৰমণ কৰে আৰু প্ৰায় ২০,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। তেওঁ অমৃত সৰোবৰ প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নমূলক যাত্ৰাত আজি এক গুৰুত্বপূৰ্ণ দিন। তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক তেওঁলোকৰ উৎসাহৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ বাবে তেওঁ ৰাজ্যখনৰ সমস্যাসমূহ উপলব্ধি কৰে।

"আজি ইয়াত ৰাজ্যখনৰ যোগাযোগ আৰু বিদ্যুৎ খণ্ডৰ সৈতে জড়িত প্ৰায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিবলৈ এই প্ৰকল্পসমূহৰ কাম দ্ৰুত গতিত চলি আছে। এই প্ৰকল্পসমূহে জম্মু-কাশ্মীৰৰ বৃহৎ সংখ্যক যুৱক-যুৱতীক সংস্থাপনৰ সুযোগ প্ৰদান কৰিব।", প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনি ৰূপায়ণ কৰা হৈছে আৰু সেইবোৰৰ পৰা ইয়াৰ জনসাধাৰণ উপকৃত হৈছে। গাওঁৰ লোকসকল এলপিজি, শৌচালয়, বিদ্যুৎ, ভূমি অধিকাৰ আৰু পানী সংযোগ আঁচনিৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী।

মনকৰিবলগীয়া যে, মঞ্চত উপবিষ্ট হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ইউএইৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। তেওঁ কয় যে কাশ্মীৰ উপত্যকাত উন্নয়নৰ এক নতুন কাহিনী লিখা হৈছে আৰু বহুতো ব্যক্তিগত বিনিয়োগকাৰী এই অঞ্চলটোৰ প্ৰতি আগ্ৰহী। স্বাধীনতাৰ ৭ দশক ধৰি, জম্মু আৰু কাশ্মীৰত মাত্ৰ ১৭হাজাৰ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ হৈছিল। কিন্তু এতিয়া ই প্ৰায় ৩৮,০০০ কোটি টকা স্পৰ্শ কৰিছে। পৰ্যটনৰ বিকাশো পুনৰ এবাৰ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে তিনি সপ্তাহৰ ভিতৰত প্ৰতিষ্ঠা কৰা ৫০০ কিলোৱাটৰ সৌৰ প্ৰকল্পৰ উদাহৰণ দি কয় যে জম্মু-কাশ্মীৰত এতিয়া কাম কৰাৰ প্ৰণালী সলনি হৈছে। ইয়াৰ পূৰ্বে দিল্লীৰ পৰা এটা ফাইল জম্মু-কাশ্মীৰ আহি পাবলৈও ২-৩ সপ্তাহৰ প্ৰয়োজন হৈছিল।

তেওঁ কয় যে পল্লী পঞ্চায়তৰ সকলো পৰিয়ালে সৌৰ শক্তি লাভ কৰাটো গ্ৰাম উৰ্জা স্বৰাজৰ এক সঠিক উদাহৰণ আৰু কাম কৰাৰ পৰিৱৰ্তিত শৈলীয়ে জম্মু আৰু কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব। প্ৰধানমন্ত্ৰীয়ে জম্মুৰ যুৱক-যুৱতীসকলক আশ্বাস দি কয়, "বন্ধুসকল, মোৰ কথা বিশ্বাস কৰক, আপোনালোকে আপোনালোকৰ পিতৃ-মাতৃ আৰু ককা-আইতাই সন্মুখীন হোৱা অসুবিধাবোৰ ভৱিষ্যতলৈ সন্মুখীন হ'ব নালাগে। মই ইয়াৰ ব্যৱস্থা কৰিম আৰু আপোনাক সেই বিষয়ে আশ্বাস দিবলৈ আহিছোঁ।"

শ্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মঞ্চৰ ওপৰত ভাৰতৰ নেতৃত্বৰ কথা উল্লেখ কৰে আৰু প্ৰথম কাৰ্বন নিৰপেক্ষ পঞ্চায়ত হোৱাৰ দিশত পল্লী পঞ্চায়তে আগবঢ়োৱা পদক্ষেপৰ বাবে গৌৰৱ প্ৰকাশ কৰে।  "পল্লী পঞ্চায়তে দেশৰ প্ৰথমখন কাৰ্বন নিৰপেক্ষ পঞ্চায়ত হোৱাৰ দিশত আগবাঢ়িছে। আজি মই দেশৰ গাওঁ পঞ্চায়তসমূহৰ জনপ্ৰতিনিধিসকলৰ সৈতে পল্লী গাঁৱৰ পৰাই বাৰ্তালাপ কৰাৰ সুযোগ পাইছো। এই বৃহৎ সাফল্য আৰু উন্নয়নমূলক কামৰ বাবে জম্মু-কাশ্মীৰক বহুত বহুত অভিনন্দন জনাইছো"। তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰাটোৱে এক বৃহৎ পৰিৱৰ্তনক চিহ্নিত কৰে। তেওঁ গভীৰ সন্তুষ্টি আৰু গৌৰৱ প্ৰকাশ কৰে যে গণতন্ত্ৰই জম্মু-কাশ্মীৰৰ তৃণমূল পৰ্যায়কো স্পৰ্শ কৰিছে। ‘গণতন্ত্ৰই হওঁক বা উন্নয়নৰ সংকল্পই হওঁক, আজি জম্মু-কাশ্মীৰে এক নতুন উদাহৰণ উপস্থাপন কৰিছে। যোৱা ২-৩ বছৰত জম্মু-কাশ্মীৰত উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে"। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মনকৰিবলগীয়া যে, প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত তিনিস্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থা যেনে; গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু ডিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

জম্মু-কাশ্মীৰক দেশৰ উন্নয়নমূলক যাত্ৰাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত ১৭৫ খনতকৈও অধিক কেন্দ্ৰীয় আইন প্ৰযোজ্য হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে অঞ্চলটোৰ মহিলা, দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণী।

'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ক লৈ তেওঁৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দৃষ্টিভংগীয়ে সংযোগ আৰু দূৰত্ব দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নত পঞ্চায়তৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "স্বাধীনতাৰ এই 'অমৃত কাল' ভাৰতৰ সোণালী সময় হ'বলৈ গৈ আছে। সবকা প্ৰয়াসৰ উপলব্ধিৰ দ্বাৰা এয়া সম্ভৱ হৈ উঠিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত প্ৰতিখন জিলাত ৭৫ টা সৰোবৰ থাকিব। এই সৰোবৰসমূহ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ নামেৰে নামাকৰণ কৰা হ’ব আৰু ইয়াৰ চৌদিশে শাৰী শাৰী গছ থাকিব। শ্ৰী মোদীয়ে গাওঁ পঞ্চায়তসমূহৰ স্বচ্ছতা আৰু সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়েও বৰ্ণনা কৰে। ই-গ্ৰাম স্বৰাজৰ দৰে পদক্ষেপে গাওঁ পঞ্চায়তসমূহৰ লেনদেনক অধিক স্বচ্ছ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে ৩১০০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা বানিহাল কাজিগাণ্ড ৰোড টানেল উদ্বোধন কৰে। ৮.৪৫ কিলোমিটাৰ দীঘল সুৰংগটোৱে বানিহাল আৰু কাজিগাণ্ডৰ মাজৰ পথৰ দূৰত্ব ১৬ কিলোমিটাৰ হ্ৰাস কৰিব, আৰু যাত্ৰাৰ সময় প্ৰায় ডেৰ ঘণ্টা হ্ৰাস কৰিব। ই হৈছে এক টুইন টিউব টানেল। মেৰামতি আৰু জৰুৰীকালীন স্থানান্তৰৰ বাবে ইয়াৰ প্ৰতি ৫০০ মিটাৰত এটা ক্ৰছ পেচেজৰদ্বাৰা টুইন টিউববোৰ আন্তঃসংযোগ কৰা হয়। এই সুৰংগটোৱে জম্মু-কাশ্মীৰৰ মাজত সংযোগ স্থাপন কৰাত সহায় কৰিব, আৰু দুয়োটা অঞ্চলক ওচৰলৈ অনাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৭৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ তিনিটা পথ, ৰাটল আৰু কোৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৮৫০ মেগাৱাটৰ ৰাটল জলবিদ্যুৎ প্ৰকল্পটো কিষ্টৱাৰ জিলাৰ চেনাব নদীত প্ৰায় ৫৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। একেদৰে, ৫৪০ মেগাৱাটৰ কুৱাৰ জলবিদ্যুৎ প্ৰকল্পটো কিস্তৱাৰ জিলাৰ চেনাব নদীত ৪৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। দুয়োটা প্ৰকল্পই অঞ্চলটোৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব।

জম্মু-কাশ্মীৰৰ জন ঔষধ কেন্দ্ৰসমূহৰ প্ৰসাৰতা অধিক সম্প্ৰসাৰিত কৰাৰ বাবে আৰু সুলভ মূল্যত উন্নত মানৰ জেনেৰিক ঔষধ উপলব্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১০০টা কেন্দ্ৰ কাৰ্যকৰী আৰু ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কৰিছে। এই কেন্দ্ৰসমূহ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ দূৰৱৰ্তী স্থানত অৱস্থিত। তেওঁ পল্লীত ৫০০ কিলোৱাটৰ সৌৰ শক্তি প্ৰকল্পও উদ্বোধন কৰে। এয়া হ’ব কাৰ্বন নিৰপেক্ষ দেশৰ প্ৰথমখন পঞ্চায়ত।

জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে অমৃত সৰোবৰ নামৰ এক নতুন কাৰ্যসূচীৰো সূচনা কৰে। ইয়াৰ উদ্দেশ্য হৈছে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে দেশৰ প্ৰতিখন জিলাত ৭৫ টা জলাশয়ৰ বিকাশ আৰু পুনৰুজ্জীৱিত কৰা।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI scheme drives ₹41,943 crore in pharma investments, doubles initial commitment

Media Coverage

PLI scheme drives ₹41,943 crore in pharma investments, doubles initial commitment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on Navratri’s journey of unwavering faith
March 21, 2026

Prime Minister Shri Narendra Modi shared his reflections today on the spiritual significance of the holy festival of Navratri, highlighting the transformative power of faith in the Mother Goddess.Shri Modi shared a devotional hymn dedicated to the Goddess on this occasion.

The Prime Minister wrote on X:

"जगतजननी माता पर अटूट विश्वास उनके भक्तों में नई चेतना और स्फूर्ति का संचार करने वाला है।"