ছাম্বা জিলাৰ পল্লী পঞ্চায়তৰ পৰা সমগ্ৰ দেশৰ গাওঁ পঞ্চায়তক সম্বোধন
২০,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
বানিহাল কাজিগাণ্ড ৰোড টানেল উদ্বোধন, এই পথ সুৰংগই জম্মু আৰু কাশ্মীৰৰ অঞ্চলসমূহৰ দূৰত্ব হ্ৰাস কৰিব
দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে আৰু ৰটল এণ্ড কুৱাৰ জলবিদ্যুৎ প্ৰকল্পৰ তিনিটা পথ পেকেজৰ আধাৰশিলা স্থাপন
দেশৰ প্ৰতিখন জিলাত ৭৫টা জলাশয়ৰ বিকাশ আৰু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে অমৃত সৰোবৰৰ শুভাৰম্ভ
জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰাটোৱে এক ডাঙৰ পৰিৱৰ্তৰ ইংগিত দিয়ে "
"গণতন্ত্ৰ ই হওঁক বা উন্নয়নৰ সংকল্পই হওঁক, আজি জম্মু-কাশ্মীৰে এক নতুন উদাহৰণ উপস্থাপন কৰিছে। যোৱা ২-৩ বছৰত জম্মু-কাশ্মীৰত উন্নয়নে এক নতুন মাত্ৰা লাভ কৰিছে"
"যিসকলে বছৰ বছৰ ধৰি জম্মু আৰু কাশ্মীৰত সংৰক্ষণৰ সুবিধা লাভ কৰা নাছিল, তেওঁলোকেও এতিয়া সংৰক্ষণৰ সুবিধা লাভ কৰিছে"
"স্বাধীনতাৰ এই 'অমৃত কাল' ভাৰতৰ সোণালী সময় হ'বলৈ গৈ আছে"
"কাশ্মীৰ উপত্যকাৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ পিতৃ-মাত
অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি।
তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক তেওঁলোকৰ উৎসাহৰ বাবে ধন্যবাদ জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নমূলক যাত্ৰাত আজি এক গুৰুত্বপূৰ্ণ দিন।

ভাৰত মাতা কী জয়

 

ভাৰত মাতা কী জয়


 

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী গিৰিৰাজ সিংজী, এই দেশৰ সন্তান মোৰ সহযোগী ডাঃ জিতেন্দ্ৰ সিংজী, শ্ৰী কপিল ম’ৰেশ্বৰ পাটিলজী, সংসদত মোৰ সহযোগী শ্ৰী যুগল কিশোৰজী, জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ সৈতে জড়িত পঞ্চায়তীৰাজৰ সকলো প্ৰতিনিধি, ভাই-ভনীসকল!


 

বীৰ-বীৰাংগনাৰ এই ভূমি জম্মুৰ সকলো ভগ্নীক মোৰ প্ৰণাম! সমগ্ৰ দেশৰ বন্ধুবৰ্গলৈ ৰাষ্ট্ৰীয় পঞ্চায়তী দিৱসৰ শুভেচ্ছা!

 

জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ যাত্ৰাপথত আজিৰ দিনটো এক ঐতিহাসিক দিন। মই ইয়াত বিশাল জনসমুদ্ৰ দেখিছোঁ, য'তেই মোৰ চকু গৈ আছে, কেৱল মানুহ দেখা পাইছোঁ। সম্ভৱতঃ কিমান দশকৰ পিছত জম্মু-কাশ্মীৰৰ জনসাধাৰণে, ভাৰতৰ নাগৰিকসকলে এনে এক সুন্দৰ দৃশ্য দেখিবলৈ সক্ষম হৈছে। আপোনাসৱৰ মৰমৰ বাবে, আপোনাসৱৰ উৎসাহ আৰু উদ্দীপনাৰ বাবে, উন্নয়ন আৰু প্ৰগতিৰ বাবে আপোনাৰ সংকল্পৰ বাবে মই জম্মু-কাশ্মীৰৰ ভাই-ভনীসকলক বিশেষকৈ আজি সন্মানসহকাৰে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

এই ভূমি মোৰ বাবে নতুন নহয়, আৰু ময়ো আপোনাসৱৰ বাবে নতুন নহয়। এই ৰাজ্যখনৰ সৈতে বহু বছৰ ধৰি থকা সম্পৰ্কৰ বাবে মই ইয়াৰ বিভিন্ন সমস্যাৰ বিষয়ে উপলব্ধি কৰিব পাৰোঁ। মোৰ বাবে এয়া সুখৰ বিষয় যে আজি যাতায়াত আৰু বিদ্যুতৰ বাবে ২০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে... জম্মু আৰু কাশ্মীৰৰ দৰে এখন সৰু ৰাজ্যৰ বাবে এই পৰিমাণ এক বৃহৎ পৰিমাণ। ২০,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। জম্মু আৰু কাশ্মীৰৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিবলৈ ৰাজ্যখনত দ্ৰুত গতিত কাম চলি আছে। এই প্ৰচেষ্টাৰ দ্বাৰা জম্মু-কাশ্মীৰৰ বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব।

 

বন্ধুসকল,

 

আজি গাওঁবোৰত বহুতো পৰিয়ালে তেওঁলোকৰ ঘৰৰ সম্পত্তি কাৰ্ডো লাভ কৰিছে। এই স্বামিত্ব কাৰ্ডবোৰে গাওঁবোৰত নতুন সম্ভাৱনাবোৰক অনুপ্ৰাণিত কৰিব। আজি জম্মু-কাশ্মীৰৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সস্তীয়া ঔষধ, সস্তীয়া অস্ত্ৰোপচাৰৰ সামগ্ৰী প্ৰদান কৰাৰ মাধ্যম হ'ব ১০০টা জন ঔষধি কেন্দ্ৰ। ২০৭০ চনৰ ভিতৰত দেশক কাৰ্বন মুক্ত কৰাৰ বাবে যি দিশত সংকল্প লোৱা হৈছে সেই দিশত জম্মু-কাশ্মীৰে আজি এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। পল্লী পঞ্চায়তে দেশৰ প্ৰথম কাৰ্বন মুক্ত পঞ্চায়ত হোৱাৰ দিশে আগবাঢ়িছে।


 

গ্লাছগোত বিশ্বৰ ডাঙৰ ডাঙৰ নেতাসকল সমবেত হৈছিল। কাৰ্বন নিৰ্গমন ৰোধ কৰিবলৈ বহুতো বক্তৃতা, মতামত, বহুতো ঘোষণা হৈছিল। কিন্তু এইখন হিন্দুস্তানৰ জম্মু-কাশ্মীৰৰ এখন সৰু পঞ্চায়ত, পল্লী পঞ্চায়তে দেশৰ প্ৰথম কাৰ্বন নিউট্ৰেল পঞ্চায়ত হোৱাৰ দিশে আগবাঢ়িছে। আজি পল্লী গাঁৱত মই দেশৰ গাওঁসমূহৰ জনপ্ৰতিনিধিসকলৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ পাইছোঁ। এই মহান সাফল্য আৰু উন্নয়নমূলক কামৰ বাবে জম্মু আৰু কাশ্মীৰক বহুত অভিনন্দন!


 

মঞ্চলৈ অহাৰ আগতে, মই ইয়াৰ পঞ্চায়তৰ সদস্যসকলৰ সৈতে বহি আছিলোঁ।  তেওঁলোকৰ সপোন, তেওঁলোকৰ সংকল্প আৰু তেওঁলোকৰ মহান উদ্দেশ্য মই অনুভৱ কৰি আছিলোঁ। আৰু মই সুখী তেতিয়া হওঁ যেতিয়া মই দিল্লীৰ লালকিল্লাৰ পৰা 'সকলোৰে প্ৰচেষ্টা'ৰ কথা কওঁ। কিন্তু আজি জম্মু-কাশ্মীৰৰ ভূমিয়ে, পল্লীৰ নাগৰিকসকলে 'সকলোৰে প্ৰচেষ্টা' কি মোক দেখুৱাইছে দিছে। ইয়াৰ গাঁও প্ৰধানে মোক কৈছিল যে যেতিয়া ইয়াত এই অনুষ্ঠানটো আয়োজন কৰাৰ সিদ্ধান্ত হৈছিল তেতিয়া চৰকাৰৰ লোকসকল আহিছিল, ঠিকাদাৰসকল আহিছিল, সকলো নিৰ্মাতা আহিছিল। কিন্তু ইয়াত কোনো ধাবা নাছিল, ইয়াত কোনো লাংগৰ নাছিল আৰু এই লোকসকল আহি আছিল, গতিকে তেওঁলোকৰ খোৱা-বোৱাৰ বাবে কি কৰা যায় । তেতিয়া মোক গাঁও প্ৰধানে কৈছিল যে প্ৰতিটো পৰিয়ালৰ কোনোবাই যদি ২০ খন ৰুটি দিছিল, কোনোবাই ৩০খন ৰুটি দিছিল আৰু যোৱা ১০ দিন ধৰি, ইয়ালৈ অহা সকলোকে গাওঁবাসীয়ে খুৱাইছে। আপোনালোকে দেখুৱাইছে 'সকলোৰে প্ৰচেষ্টা কি। মই ইয়াৰ সকলো গাওঁবাসীক সন্মানসহকাৰে প্ৰণাম জনাইছোঁ।

 

ভাই-ভনীসকল,

 

জম্মু-কাশ্মীৰত এই বছৰৰ পঞ্চায়তীৰাজ দিৱস পালন কৰাটো এক বৃহৎ পৰিৱৰ্তনৰ প্ৰতীক। এয়া অতি গৌৰৱৰ বিষয় যে জম্মু-কাশ্মীৰৰ গণতন্ত্ৰ তৃণমূলত পৰ্যায়ত উপনীত হোৱাৰ সময়তে ইয়াৰ পৰা মই সমগ্ৰ দেশৰ পঞ্চায়তসমূহৰ সৈতে যোগাযোগ কৰি আঁছো। ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল, বহুতো ঢোল বজাইছিল, গৌৰৱ কৰা হৈছিল আৰু সেয়া ভুল নাছিল। কিন্তু এটা কথা আমি পাহৰি গৈছিলোঁ। আমি কৈছিলোঁ যে ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে, কিন্তু দেশবাসীয়ে জানিব লাগে যে ইমান ভাল ব্যৱস্থা হোৱা সত্বেও মোৰ জম্মু-কাশ্মীৰৰ লোকসকল ইয়াৰ পৰা বঞ্চিত হৈছিল। দিল্লীত আপোনাসৱে মোক সেৱা কৰাৰ সুযোগ দিছিল আৰু জম্মু আৰু কাশ্মীৰৰ ভূমিত পঞ্চায়তীৰাজ প্ৰণালী ৰূপায়ণ কৰা হল। কেৱল জম্মু-কাশ্মীৰৰ গাওঁবোৰত ৩০,০০০ ৰো অধিক লোকৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে আৰু তেওঁলোকে আজি ইয়াৰ কাম-কাজ চলাই আছে। সেয়া হৈছে গণতন্ত্ৰৰ শক্তি। প্ৰথমবাৰৰ বাবে, তিনিস্তৰীয় পঞ্চায়তীৰাজ প্ৰণালী-গ্ৰাম পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু ডিডিচিৰ নিৰ্বাচন ইয়াত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে আৰু গাঁৱৰ ৰাইজে গাঁৱৰ ভৱিষ্যত নিৰ্ণয় কৰিছে।

 

বন্ধুসকল,

গণতন্ত্ৰৰ কথাই হওঁক বা বিকাশৰ সংকল্পই হওঁক, আজি জম্মু-কাশ্মীৰে সমগ্ৰ দেশৰ বাবে এক নতুন নিদৰ্শন স্থাপন কৰিছে। যোৱা ২-৩ বছৰত জম্মু-কাশ্মীৰত উন্নয়নৰ নতুন মাত্ৰা সৃষ্টি হৈছে। জম্মুৰ নাগৰিকসকলক অধিকাৰ প্ৰদান কৰা কেন্দ্ৰৰ প্ৰায় ২৫০ টা আইন কাৰ্যকৰী কৰা হোৱা নাছিল। আমি জম্মু আৰু কাশ্মীৰৰ প্ৰতিজন নাগৰিকক শক্তিশালী কৰিবলৈ সেই আইনবোৰ কাৰ্যকৰী কৰিছোঁ আৰু আপোনাসৱক শক্তিশালী কৰিবলৈ কাম কৰিছোঁ। ইয়াত থকা ভগ্নীসকল, কন্যাসকল, দৰিদ্ৰ লোকসকল, দলিতসকল, ভুক্তভোগীসকল, বঞ্চিতসকল আটাইতকৈ বেছি লাভান্বিত হৈছে।

 

আজি মই গৌৰৱান্বিত যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত জম্মু-কাশ্মীৰৰ মোৰ বাল্মীকি সমাজৰ ভাই-ভনীসকলে ভাৰতৰ নাগৰিকৰ সমতুল্য হোৱাৰ আইনী অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেইবা দশক ধৰি বাল্মীকি সমাজৰ ভৰিত লাগি থকা শিকলিবোৰৰ পৰা তেওঁলোক এতিয়া মুক্ত হৈছে। স্বাধীনতাৰ সাত দশকৰ পিছত তেওঁলোকে স্বাধীনতা লাভ কৰিছে। আজি প্ৰতিখন সমাজৰ পুত্ৰ-কন্যাই তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে।


 

জম্মু-কাশ্মীৰত বছৰ বছৰ ধৰি সংৰক্ষণৰ সুবিধা নোপোৱা বন্ধুসকলেও এতিয়া সংৰক্ষণৰ সুবিধাও লাভ কৰিছে। আজি বাবাচাহেবৰ আত্মা য'তেই নাথাকক কিয়, আমাক সকলোৱে আশীৰ্বাদ দিব, কিয়নো ভাৰতৰ এটা কোণ ইয়াৰ পৰা বঞ্চিত আছিল আৰু মোডী চৰকাৰ আহি বাবা চাহেবৰ সপোন পূৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ এতিয়া ইয়াত দ্ৰুত গতিত ৰূপায়ণ কৰা হৈছে, যি জম্মু আৰু কাশ্মীৰৰ গাওঁসমূহক পোনপটীয়াকৈ লাভান্বিত কৰিছে। এলপিজি গেছ সংযোগ, বিদ্যুৎ সংযোগ, পানী সংযোগ, স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ শৌচালয় আদিৰ বৃহৎ সুফল  জম্মু-কাশ্মীৰবাসীয়ে লাভ কৰিছে।

 

বন্ধুসকল,

 

স্বাধীনতাৰ অমৃত কাল অৰ্থাত্ অহা ২৫ বছৰত, নতুন জম্মু আৰু কাশ্মীৰে উন্নয়নৰ এক নতুন কাহিনী লিখিব। মই অলপ আগতে ইউ.এ.ই.ৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। তেওঁলোক জম্মু আৰু কাশ্মীৰক লৈ অতি উৎসাহিত। আপোনাসৱে কল্পনা কৰিব পাৰেনে, স্বাধীনতাৰ সাত দশকত জম্মু-কাশ্মীৰত মাত্ৰ ১৭,০০০ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ কৰা হৈছিল। সাত দশকত ১৭,০০০টকা, আৰু যোৱা দুবছৰৰ ভিতৰত এই পৰিমাণ ৩৮,০০০ কোটি টকাত উপনীত হৈছে। ইয়ালৈ ৩৮,০০০ কোটি টকা বিনিয়োগৰ বাবে ব্যক্তিগত কোম্পানী আহি আছে।

 

বন্ধুসকল,
 

আজি কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা প্ৰতিটো টকাৰ ইয়াত সদব্যৱহাৰ হোৱা দেখা গৈছে আৰু বিনিয়োগকাৰীসকলেও মুকলি মনেৰে ধন বিনিয়োগ কৰিবলৈ আহিছে। অলপ আগতে আমাৰ মনোজ সিনহাজীয়ে মোক কৈছিল যে তিনি বছৰ আগতে ইয়াৰ  জিলাসমূহৰ হাতত ৰাজ্যৰ মাত্ৰ পাঁচ হাজাৰ কোটি টকাই তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ কৰিছিল আৰু লেহ-লাডাখো ইয়াৰ ভিতৰত আহিছিল। তেওঁ কয়, "সৰু ৰাজ্য, জনসংখ্যা কম। কিন্তু যোৱা দুবছৰত যি গতি দেখা গৈছে, এইবাৰ বাজেটত, ইমান সৰু ৰাজ্যখনৰ উন্নয়নৰ বাবে জিলাসমূহক পোনপটীয়াকৈ ২২ হাজাৰ কোটি টকা দিয়া হৈছে, যি গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে মাত্ৰ ৫ হাজাৰ কোটি টকা আছিল আৰু এতিয়া ২২ হাজাৰ কোটি টকা কৰা হৈছে।

 

আজি মই সুখী যে ৰটলে শক্তি প্ৰকল্প আৰু ক্কাৰ শক্তি প্ৰকল্প সাজু হৈ উঠিলে জম্মু-কাশ্মীৰে পৰ্যাপ্ত বিদ্যুৎ লাভ কৰিব, জম্মু-কাশ্মীৰৰ বাবে এক বৃহৎ নতুন উপাৰ্জন ক্ষেত্ৰ মুকলি হ'ব যি জম্মু-কাশ্মীৰক নতুন অৰ্থনৈতিক উচ্চতালৈ লৈ যাব। এতিয়া চাওক, এসময়ত দিল্লীৰ পৰা এটা চৰকাৰী ফাইল আহিছিল, মোৰ কথাটো বুজি লওক। যেতিয়া দিল্লীৰ পৰা চৰকাৰী ফাইল এটা আহিছিল, জম্মু আৰু কাশ্মীৰ পাবলৈ দুইৰ পৰা তিনি সপ্তাহ লাগি গৈছিল। মই সুখী যে আজি ইয়াত মাত্ৰ ৩ সপ্তাহৰ ভিতৰত ৫০০ কিলোমিটাৰ সৌৰ শক্তি প্ৰকল্প ৰূপায়ণ কৰা হৈছে, যাৰ ফলত বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। সৌৰ বিদ্যুৎ এতিয়া পল্লী গাঁৱৰ সকলো ঘৰে লাভ কৰিছে। এই গ্ৰাম উৰ্জা স্বৰাজৰ এক উৎকৃষ্ট উদাহৰণ হৈ পৰিছে। কামৰ ধৰণৰ এই পৰিৱৰ্তনে জম্মু আৰু কাশ্মীৰক নতুন উচ্চতালৈ লৈ যাব।

 

বন্ধুসকল,


 

মই জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলক ক'ব বিচাৰো, "বন্ধুসকল, মোৰ কথাৰ ওপৰত বিশ্বাস ৰাখক।যুৱক-যুৱতীসকল, আপোনাসৱৰ পিতৃ-মাতৃ, আপোনাসৱৰ ককা-আইতা, আপোনাসৱৰ ককা-আইতাই জীয়াই থাকোতে যিসমূহ সমস্যাৰ সন্মুখীন হৈছিল, আপোনাসৱে এনে সমস্যাৰ সৈতে জীয়াই থাকিব নালাগিব, মই আপোনাসৱক এইয়া কৰি দেখুৱাম, মই আপোনাসৱক এইখিনি বিশ্বাস দিবলৈ আহিছোঁ যে যোৱা 8 বছৰত আমাৰ চৰকাৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰ শক্তিশালী কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰিছে। যেতিয়া মই এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ কথা কওঁ, আমাৰ গুৰুত্ব যাতায়াত ব্যৱস্থাৰ ওপৰতো আছে, দূৰত্ব হ্ৰাস কৰাৰ ওপৰতো আছে। দূৰত্ব হৃদয়ৰে হওক, ভাষা,আচৰণ বা সম্পদৰেই হওক সেইবোৰ আঁতৰ কৰাটো আজি আমাৰ অন্যতম অগ্ৰাধিকাৰ। যেনেকৈ আমি লোক সংগীতত আমাৰ ডোগৰৰ বিষয়ে কওঁ- মিথ্থড়ী এ ডগোৰে দি বোলি, তে খান্দ মিথ্থে লোক ডোগ্ৰে। এনে মিঠা,এনে সংবেদনশীল ভাৱনা দেশৰ একতাৰ শক্তি হৈ উঠে আৰু দূৰত্বও হ্ৰাস পায়।

 

ভাই-ভনীসকল,

আমাৰ চৰকাৰৰ প্ৰচেষ্টাত এতিয়া বানিহাল-কাজিগুণ্ড সুৰংগৰ পৰা জম্মু আৰু শ্ৰীনগৰলৈ দূৰত্ব ২ ঘণ্টা হ্ৰাস কৰা হৈছে। উধমপুৰ-শ্ৰীনগৰ-বাৰামুলাক সংযোগ কৰা আকৰ্ষণীয় আৰ্ক দলংখনো শীঘ্ৰেই দেশবাসীৰ বাবে উপলব্ধ হ'ব। দিল্লী-অমৃতসৰ-কাটৰা ঘাইপথেও দিল্লীৰ পৰা মা বৈষ্ণো দেৱীৰ স্থললৈ দূৰত্ব যথেষ্ট হ্ৰাস কৰিব। আৰু সেই দিনটো বেছি দূৰ নহ'ব যেতিয়া কন্যাকুমাৰীৰ দূৰত্ব বৈষ্ণো দেৱীৰ পৰা এটা ৰাস্তাত মিলিত হব। জম্মু-কাশ্মীৰ হওঁক, লেহ-লাডাখ হওঁক, সকলো ফালৰ পৰা এইটো চেষ্টা কৰা হৈছে যাতে জম্মু আৰু কাশ্মীৰৰ বেছিভাগ অংশ ১২ মাহৰ বাবে দেশৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে।

আমাৰ চৰকাৰে সীমান্তৱৰ্তী গাওঁসমূহৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰৰ ওপৰতো কাম কৰি আছে। ভাৰতৰ সীমাত থকা অন্তিমখন গাঁৱৰ বাবে ভাইব্ৰেণ্ট ভিলেজ আঁচনি এইবাৰ বাজেটত অনুমোদিত হৈছে। সীমান্তৰ কাষত থকা ভাৰতৰ অন্তিম সকলো গাঁৱে ভাইব্ৰেণ্ট ভিলেজৰ অধীনত এই সুবিধা লাভ কৰিব। পঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰেও অধিক লাভান্বিত হ'ব।

 

বন্ধুসকল,


 

আজি জম্মু-কাশ্মীৰ সবকা সাথ, সবকা বিকাশৰ এক ভাল উদাহৰণ হৈ পৰিছে। ৰাজ্যখনত ভাল আৰু আধুনিক চিকিৎসালয়ে হওক, পৰিবহনৰ নতুন মাধ্যমেই হওক, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানেই হওঁক, ইয়াত যুৱপ্ৰজন্মৰ কথা মনত ৰাখি আঁচনিসমূহ ৰূপায়ণ কৰা হৈছে। উন্নয়ন আৰু আত্মবিশ্বাসৰ বৰ্ধিত পৰিৱেশত, জম্মু আৰু কাশ্মীৰত পৰ্যটন পুনৰ বিকশিত হ'বলৈ আৰম্ভ কৰিছে। মোক কোৱা হৈছে যে অহা জুন-জুলাই মাহৰ ভিতৰত ইয়াত থকা সকলো পৰ্যটন স্থান বুক কৰা হৈছে, ঠাই বিচাৰি পোৱাটো কঠিন হৈ পৰিছে। যোৱা বহু বছৰত যিমান পৰ্যটক ইয়ালৈ অহা নাই, মাত্ৰ কেইমাহমানৰ ভিতৰতে সেই সংখ্যা পূৰ্ণ হৈছে।

 

বন্ধুসকল,

 

স্বাধীনতাৰ এই অমৃত কাল ভাৰতৰ সোণালী সময় হ'বলৈ গৈ আছে। এই সংকল্প সকলোৰে প্ৰচেষ্টাৰ দ্বাৰা সম্ভৱ হ'বলৈ গৈ আছে। ইয়াত, গণতন্ত্ৰৰ আটাইতকৈ স্থল গোট, গাঁও পঞ্চায়তৰ ভূমিকা, আপোনাসৱ সকলো বন্ধুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পঞ্চায়তৰ একেই ভূমিকা উপলব্ধি কৰি স্বাধীনতাৰ অমৃত মহোৎসৱত অমৃত সৰোবৰ অভিযান আৰম্ভ হৈছে। আগন্তুক ১বছৰত, অহা বছৰৰ ১৫ আগষ্টৰ ভিতৰত আমি প্ৰতিখন জিলাত কমেও ৭৫ টা অমৃত সৰোবৰ, প্ৰতিখন জিলাত ৭৫ টা অমৃত সৰোবৰ প্ৰস্তুত কৰিব লাগিব।

 

আমি সেই অঞ্চলৰ শ্বহীদসকলৰ নামত এই হ্ৰদবোৰৰ চাৰিওফালে নিম, পিপল, বট আদি ৰোপণ কৰিবলৈয়ো চেষ্টা কৰিব লাগিব। আৰু এইটোও প্ৰয়াস কৰিব লাগিব যে যেতিয়া আপুনি অমৃত সৰোবৰ আৰম্ভ কৰে, আধাৰশিলা স্থাপন কৰে, তেতিয়া কোনো শ্বহীদৰ পৰিয়ালৰ হাতৰ দ্বাৰা, এজন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ হাতেৰে সেই আধাৰশিলাটো স্থাপন কৰক আৰু আমি স্বাধীনতাৰ বাবে এই অমৃত সৰোবৰ অভিযানক এক গৌৰৱান্বিত পৃষ্ঠা হিচাপে যোগ দিওঁ।

 

ভাই-ভনীসকল,

বিগত বছৰবোৰত পঞ্চায়তবোৰক অধিক অধিকাৰ, অধিক স্বচ্ছতা আৰু প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰা হৈছে। ই-গ্ৰাম-স্বৰাজ অভিযানক পঞ্চায়ত সম্পৰ্কীয় পৰিকল্পনাৰ সৈতে পৰিশোধৰ সৈতে সংযুক্ত কৰা হৈছে। গাঁৱৰ সাধাৰণ হিতাধিকাৰীয়ে এতিয়া তেওঁৰ মোবাইল ফোনত জানিব পাৰে যে পঞ্চায়তত কি কাম কৰা হৈছে, ইয়াৰ স্থিতি কি, কিমান বাজেট ব্যয় কৰা হৈছে। পঞ্চায়তে লাভ কৰা পুঁজিৰ অডিটৰ বাবে অনলাইন ব্যৱস্থা কৰা হৈছে। নাগৰিকৰ চাৰ্টাৰ অভিযানৰ জৰিয়তে, ৰাজ্য আৰু গাঁও পঞ্চায়তসমূহক গাঁও পঞ্চায়তৰ পৰ্যায়ত জন্মৰ প্ৰমাণপত্ৰ, বিবাহৰ প্ৰমাণপত্ৰ, সম্পত্তি সম্পৰ্কীয় বহুতো সমস্যা সমাধান কৰিবলৈ উৎসাহিত কৰা হৈছে। স্বামীত্ব আঁচনিয়ে গাঁও পঞ্চায়তৰ বাবে সম্পত্তি কৰ মূল্যাংকন কৰা সহজ কৰি তুলিছে, যিয়ে বহুতো গাঁও পঞ্চায়তক লাভান্বিত কৰিছে।

 

কেইদিনমান আগতে পঞ্চায়তসমূহত প্ৰশিক্ষণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত এক নতুন নীতিও অনুমোদিত হৈছে। একে মাহত, ১১ৰ পৰা ১৭এপ্ৰিললৈ, পঞ্চায়তবোৰ পুনৰ নিৰ্মাণ কৰাৰ সংকল্পৰ সৈতে এক প্ৰতিষ্ঠিত সপ্তাহৰো আয়োজন কৰা হৈছিল যাতে গাওঁবোৰক মৌলিক সুবিধা প্ৰদান কৰাৰ কাম কৰিব পৰা যায়। চৰকাৰৰ সংকল্প হৈছে গাঁৱৰ প্ৰতিজন ব্যক্তি,প্ৰতিটো পৰিয়ালৰ বাবে স্বাস্থ্য, শিক্ষাকে ধৰি প্ৰতিটো দিশৰ বিকাশ নিশ্চিত কৰা। চৰকাৰৰ প্ৰচেষ্টা হৈছে যে গাওঁখনৰ উন্নয়নৰ সৈতে সম্পৰ্কিত প্ৰতিটো প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণত পঞ্চায়তৰ ভূমিকা অধিক হ'ব লাগে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় সংকল্প সিদ্ধিৰ ক্ষেত্ৰত পঞ্চায়তে এক গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হব।

 

বন্ধুসকল,

পঞ্চায়তসমূহক অধিক ক্ষমতা প্ৰদান কৰাৰ লক্ষ্য হৈছে পঞ্চায়তবোৰক সঁচাকৈয়ে সশক্তিকৰণৰ কেন্দ্ৰ কৰা। পঞ্চায়তসমূহৰ বৰ্ধিত শক্তি, পঞ্চায়তসমূহে লাভ কৰিবলগীয়া ধনে গাঁৱৰ উন্নয়নত নতুন শক্তি প্ৰদান কৰক, এই দিশৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। পঞ্চায়তীৰাজ ব্যৱস্থাত ভগ্নীসকলৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰাৰ ওপৰতো আমাৰ চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ ভগ্নী আৰু কন্যাসকলে কি কৰিব পাৰে সেই সম্পৰ্কে কৰোনা কালত ভাৰতৰ অভিজ্ঞতাই বিশ্বক যথেষ্ট শিকাইছে। আশা-অংগনৱাড়ী কৰ্মীসকলে কেনেদৰে ট্ৰেকিঙৰ পৰা টিকাকৰণলৈকে সৰু সৰু কামবোৰ আমাৰ ছোৱালী, আমাৰ মাতৃ আৰু ভগ্নীসকলে কৰি কৰোনাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰি তুলিছিল।

 

গাঁৱৰ স্বাস্থ্য আৰু পুষ্টিৰ সৈতে জড়িত নেটৱৰ্কে মহিলা শক্তিৰ পৰাই নিজৰ শক্তি লাভ কৰিছে। মহিলাৰ আত্ম সহায়ক গোটে গাওঁবোৰত জীৱিকাৰ ক্ষেত্ৰত ব্যাপক সজাগতাৰ নতুন মাত্ৰা সৃষ্টি কৰিছে। পানীৰ সৈতে সম্পৰ্কিত ব্যৱস্থা, হৰ ঘৰ জল অভিযানতো মহিলাৰ ভূমিকা ৰখা হৈছে, প্ৰতিখন পঞ্চায়তে ইয়াক সোনকালে বাস্তৱায়িত কৰাটো অতি প্ৰয়োজনীয়।

 

মোক কোৱা হৈছে যে এতিয়ালৈকে সমগ্ৰ দেশতে পানীৰ বাবে ৩ লাখ সমিতি গঠন কৰা হৈছে। এই সমিতিবোৰত ৫০শতাংশ মহিলা থকাটো বাধ্যতামূলক,২৫ শতাংশলৈকে সমাজৰ দুৰ্বল শ্ৰেণীৰ সদস্য থকাটো নিশ্চিত কৰাটোও প্ৰয়োজনীয়। এতিয়া, নলৰ পানী গাঁৱত উপলব্ধ হৈছে, কিন্তু একে সময়তে ইয়াৰ বিশুদ্ধতা, ইয়াৰ নিৰন্তৰ যোগান, মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ কাম যাতে সমগ্ৰ দেশতে চলি থাকে, মই ইয়াক দ্ৰুত কৰাটো বিচাৰো। এতিয়ালৈকে সমগ্ৰ দেশতে ৭ লাখতকৈও অধিক ভগ্নী আৰু কন্যাক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু এই পৰিসৰটো বৃদ্ধি কৰিব লাগিব, গতিও বৃদ্ধি কৰিব লাগিব। আজি মই সমগ্ৰ দেশৰ পঞ্চায়তসমূহক অনুৰোধ জনাইছোঁ যে য'ত এই ব্যৱস্থা এতিয়াও প্ৰস্তুত কৰা হোৱা নাই, ইয়াক অতি সোনকালে ৰূপায়ণ কৰা উচিত।

মই দীৰ্ঘদিন ধৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিলোঁ আৰু মই অনুভৱ কৰিছিলোঁ যে যেতিয়া মই গুজৰাটৰ মহিলাসকলৰ হাতত পানীৰ কাম দিছিলোঁ, মহিলাসকলে গাওঁবোৰৰ পানী প্ৰণালীৰ যত্ন ভালদৰে লৈছিল, কিয়নো পানী নহলে কি হব, তাৰ অৰ্থ মহিলাসকলে অধিক বুজি পায়। আৰু অতি সংবেদনশীলতাৰে, দায়িত্বৰ সৈতে তেওঁলোকে কাম কৰিছিল। সেয়েহে, সেই অভিজ্ঞতাক আধাৰ হিচাপে লৈ, মই কওঁ, "মোৰ দেশৰ সকলো পঞ্চায়তে পানীৰ এই কামত যিমানে অধিক যোগ দিব, তেওঁলোকে যিমানে মহিলাক প্ৰশিক্ষণ দিব, তেওঁলোকে মহিলাসকলক যিমানেই বিশ্বাস কৰিব, মই কওঁ পানীৰ সমস্যাৰ সমাধান সিমান সোনকালেই হব, আপোনাসৱে মোৰ কথাত বিশ্বাস কৰক, আমাৰ মাতৃ আৰু ভগ্নীসকলৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখক। আমি গাঁৱ প্ৰতিটো স্তৰত ভগ্নী আৰু কন্যাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব, তেওঁলোকক উৎসাহিত কৰিব লাগিব।

 

ভাই-ভনীসকল,

ভাৰতৰ গাঁও পঞ্চায়তসমূহতো পুঁজি আৰু ৰাজহৰ স্থানীয় আৰ্হি থকা প্ৰয়োজন। পঞ্চায়তসমূহৰ সম্পদবোৰ বাণিজ্যিকভাৱে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত প্ৰয়াস কৰিব লাগিব। যেনে, আৱৰ্জনাৰ পৰা কাঞ্চন, গোবৰ্ধন আঁচনি বা প্ৰাকৃতিক কৃষিৰ আঁচনিৰ কথা কওঁ। আৰু এই সকলোবোৰ বস্তুৱে সম্পদৰ সম্ভাৱনা বৃদ্ধি কৰিব, নতুন পুঁজি সৃষ্টি কৰিব পাৰি। ইয়াৰ বাবে জৈৱ গেছ, জৈৱ-চিএনজি, জৈৱিক সাৰ, সৰু উদ্ভিদো ৰোপণ কৰিব লাগে, ই গাওঁসমূহৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে, ইয়াৰ বাবে চেষ্টা কৰা উচিত। আৰু ইয়াৰ বাবে আৱৰ্জনাৰ উন্নত ব্যৱস্থাপনাৰ প্ৰয়োজন।

 

আজি মই গাঁৱৰ লোকসকলক, পঞ্চায়তৰ লোকসকলক অনুৰোধ কৰিম যে আন বেচৰকাৰী সংগঠনসমূহৰ সৈতে একত্ৰিত হৈ আৰু সংগঠনবোৰৰ সৈতে একত্ৰিত হৈ, আপোনাসৱে ৰণনীতি প্ৰস্তুত কৰিব লাগিব, নতুন সম্পদ বিকাশ কৰিব লাগিব। কেৱল সেয়াই নহয়, আজি আমাৰ দেশৰ বেছিভাগ ৰাজ্যতে ৫০ শতাংশ ভগ্নী প্ৰতিনিধি আছে। কিছুমান ৰাজ্যত, ই ৩৩ শতাংশতকৈ অধিক। মই বিশেষ অনুৰোধ কৰিম যে ঘৰবোৰৰ পৰা ওলাই অহা তিতা আৰু শুকান আৱৰ্জনাবোৰ ঘৰতে পৃথক কৰাৰ অভ্যাস তৈয়াৰ কৰিব লাগে। এইদৰে পৃথক কৰিলে আপুনি দেখিব যে আৱৰ্জনাবোৰে ইয়াত সোণৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছে। এই অভিযান গাওঁ পৰ্যায়ত চলাব লাগিব আৰু আজি যদি সমগ্ৰ দেশৰ পঞ্চায়তৰ লোকসকল মোৰ সৈতে জড়িত হয়, মই তাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিম।

 

বন্ধুসকল,

 

পানী আমাৰ কৃষিৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত, কৃষি আমাৰ পানীৰ মানদণ্ডৰ সৈতেও সম্পৰ্কিত। আমি পথাৰত যি ধৰণৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰি আছোঁ আৰু ই পৃথিৱী মাতৃৰ স্বাস্থ্য নষ্ট কৰি আছে, আমাৰ মাটি নষ্ট হৈ গৈ আছে। আৰু যেতিয়া পানী, বৰষুণৰ পানীও নামি আহে, ই ৰাসায়নিক পদাৰ্থ আৰু আমি খোৱা একে পানীৰ সৈতে তললৈ নামি যায়, আমাৰ জন্তুবোৰে পান কৰে, আমাৰ সৰু ল'ৰা-ছোৱালীয়ে পান কৰে। ৰোগবোৰৰ বাবে আমিহে দায়ী আৰু সেয়েহে আমি এই মাতৃ পৃথিৱীক ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত কৰিব লাগিব, আমি ইয়াক ৰাসায়নিক সাৰৰ পৰা মুক্ত কৰিব লাগিব। আৰু ইয়াৰ বাবে যদি আমাৰ গাওঁ, আমাৰ কৃষক প্ৰাকৃতিক কৃষিৰ দিশত অগ্ৰসৰ হয়, তেতিয়াহলে সমগ্ৰ মানৱ জাতি উপকৃত হ'ব। গাঁও পঞ্চায়ত পৰ্যায়ত আমি কেনেকৈ প্ৰাকৃতিক কৃষিক উৎসাহিত কৰিব পাৰোঁ তাৰ বাবেও সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন।

 

ভাই-ভনীসকল,

যদি কোনোবাই প্ৰাকৃতিক কৃষিৰ পৰা আটাইতকৈ বেছি লাভান্বিত হয়, ই মোৰ সৰু কৃষক ভাই-ভনী হ'ব। তেওঁলোক দেশৰ জনসংখ্যাৰ ৮০ শতাংশতকৈও অধিক। যেতিয়া কম খৰচত অধিক লাভালাভ হ'ব, এইবোৰে ক্ষুদ্ৰ কৃষকসকলৰ বাবে যথেষ্ট উদগনি প্ৰদান কৰিব। বিগত বছৰবোৰত, আমাৰ এই ক্ষুদ্ৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ পৰা আটাইতকৈ বেছি লাভান্বিত হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা এই ক্ষুদ্ৰ কৃষকলৈ হাজাৰ হাজাৰ কোটি টকা আহি আছে। কিষাণ ৰে'লৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলৰ ফল আৰু পাচলিও কম মূল্যত সমগ্ৰ দেশৰ ডাঙৰ বজাৰত উপনীত হৈছে। এফপিঅ' অৰ্থাৎ কৃষক উৎপাদক সংস্থা গঠনে ক্ষুদ্ৰ কৃষকসকলক যথেষ্ট শক্তি প্ৰদান কৰিছে। এই বছৰ ভাৰতে বিদেশলৈ অভিলেখসংখ্যক ফল আৰু পাচলি ৰপ্তানি কৰিছে। সেয়েহে ইয়াৰ এক ব্যাপক লাভালাভো দেশৰ ক্ষুদ্ৰ কৃষকসকলৰে হৈছে।

 

বন্ধুসকল,

গাঁও পঞ্চায়তবোৰে সকলোকে লগত লৈ আন এটা কাম কৰিব লাগিব। দেশক পুষ্টিহীনতাৰ পৰা, ৰক্তহীনতাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে লোকসকলক অৱগত কৰিব লাগিব। এতিয়া, চৰকাৰে যিবোৰ আঁচনিত চাউল প্ৰদান কৰে, সেইবোৰো সুৰক্ষিত, পুষ্টিকৰ কৰা হৈছে। এই সুৰক্ষিত চাউল স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় সেই বিষয়ে সজাগতা প্ৰচাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব। স্বাধীনতাৰ অমৃত মহোৎসৱত, আমি আমাৰ ভগ্নী, কন্যা আৰু শিশুসকলক পুষ্টিহীনতাৰ পৰা, ৰক্তহীনতাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি ল'ব লাগিব আৰু যেতিয়ালৈকে আকাংক্ষিত ফলাফল প্ৰাপ্ত নহয়, মানতৱাৰ এই কাম আমি এৰি দিব নালাগিব,আমি লাগি থাকিব লাগিব আৰু আমাৰ ধৰণীৰ পৰা পুষ্টিহীনতাক বিদায় দিব লাগিব।

ভাৰতৰ বিকাশ ‘ভোকেল ফৰ লোকেল’-এই মন্ত্ৰত নিহিত হৈ আছে। ভাৰতৰ গণতন্ত্ৰৰ বিকাশৰ শক্তি হৈছে স্থানীয় শাসন। আপোনাৰ কামৰ পৰিসৰ স্থানীয় যদিও ইয়াৰ সামূহিক প্ৰভাৱ বিশ্বব্যাপী হ'ব। আমি স্থানীয়ৰ এই শক্তিক স্বীকৃতি দিব লাগিব। আপোনাসৱে আপোনাসৱৰ পঞ্চায়তত যি কাম কৰিব, তাৰ জৰিয়তে দেশৰ প্ৰতিচ্ছবি আলোকিত আৰু পৰিষ্কাৰ হওক, দেশৰ গাওঁবোৰ আৰু শক্তিশালী হওঁক, পঞ্চায়ত দিৱসত আজি আপোনাসৱৰ ওচৰত মই এয়াই কামনা কৰিছোঁ।

 

পুনৰ এবাৰ মই জম্মু-কাশ্মীৰক ইয়াৰ উন্নয়নমূলক কামৰ বাবে আৰু সমগ্ৰ দেশৰ লাখ লাখ নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন জনাইছোঁ।তেওঁলোকক মই ক'ব বিচাৰো যে পঞ্চায়তেই হওঁক বা সংসদেই হওঁক, কোনো কাম সৰু নহয়। যদি মই পঞ্চায়তত বহি পঞ্চায়তক আগুৱাই লৈ যাওঁ, এই সংকল্পৰ সৈতে পঞ্চায়তক আগুৱাই নিলে দেশখন আগবাঢ়িবলৈ বেছি পৰ নালাগিব। আৰু আজি মই পঞ্চায়ত পৰ্যায়ত নিৰ্বাচিত প্ৰতিনিধিসকলৰ উৎসাহ দেখিছোঁ, সংকল্প দেখিছোঁ। মই নিশ্চিত যে আমাৰ পঞ্চায়তীৰাজ ব্যৱস্থা ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ এক শক্তিশালী মাধ্যম হ'ব। আৰু সেই শুভকামনাৰে, মই আপোনালোকক বহুত বহুত শুভকামনা আৰু ধন্যবাদ জনাইছোঁ।

 

মোৰ সৈতে একেলগে দুয়োখন হাত ওপৰলৈ দাঙক আৰু সম্পূৰ্ণ শক্তিৰে কওঁক-

 

ভাৰত মাতা কী – জয়

 

ভাৰত মাতা কী – জয়

 

বহুত ধন্যবাদ!!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 52nd PRAGATI Meeting
June 24, 2026
PM reviews four key infrastructure projects worth around ₹30,000 crore spanning four states across Road, Power, Industrial Corridor and Metro Rail sectors
PM emphasises use of PM GatiShakti National Master Plan and timely updation of project, utility and infrastructure data on the portal for efficient planning
PM asks Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring
PM reviews TB Mukt Bharat Abhiyan and emphasizes need to leverage latest digital technologies including AI
PM reviews grievances related to Cyber Crime and Digital Arrest and stresses timely action, coordinated response and e-Zero FIR registration mechanism

Prime Minister Shri Narendra Modi chaired the 52nd meeting of PRAGATI, the ICT-enabled, multi-modal platform aimed at fostering Pro-Active Governance and Timely Implementation, by seamlessly integrating efforts of the Central and State Governments, earlier today at Seva Teerth.

During the meeting, the Prime Minister reviewed four critical infrastructure projects across the Road, Power, Industrial Corridor and Metro Rail sectors, covering four States and costing around ₹30,000 crore. These projects, important for economic growth, regional connectivity, industrial development and public welfare, were reviewed with focus on timelines, inter-agency coordination, issue resolution and timely completion.

Prime Minister underlined that delays in infrastructure projects not only lead to cost escalation, but also deprive people and industries of timely benefits. He asked the concerned Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring at the highest level.

Prime Minister emphasised the use of PM GatiShakti National Master Plan for efficient planning and timely implementation of infrastructure projects. He also underlined the need for regular and timely updation of project details, utilities, infrastructure layers, clearances and other field-level information on the portal. He further emphasised that the platform must reflect the latest ground situation so that bottlenecks can be identified in advance, inter-agency coordination can be improved and decisions can be taken on the basis of reliable, real-time data.

Prime Minister reviewed TB Mukt Bharat Abhiyan and emphasised the need to leverage latest digital technologies including Artificial Intelligence. He suggested a team of NCC cadets and MY Bharat volunteers, for awareness, patient follow-up and community mobilisation.

Prime Minister also reviewed grievances related to Cyber Crime and Digital Arrest. He expressed concern over the rising misuse of digital platforms to defraud citizens and stressed that such matters require coordinated, sensitive and time-bound handling by all concerned agencies. He noted that citizens should not be made to run from one department or agency to another. He also emphasized the need for clear ownership, faster response, better coordination among law enforcement agencies, banks and digital platforms, and stronger public awareness campaigns.

Prime Minister observed that in cases involving cyber fraud, timely action is crucial to prevent financial loss and restore public confidence. He asked all stakeholders to work in close coordination to strengthen prevention, reporting, investigation and grievance redressal mechanisms. He also emphasised that States should work towards enabling e-Zero FIR mechanisms for faster registration and response in cyber fraud cases.