“এগৰাকী কৃষিক মন্ত্ৰীৰ দায়িত্ব কেৱল অৰ্থনীতিৰ এটা খণ্ড চম্ভালিব পৰাতে সীমাবদ্ধ নহয়, বৰঞ্চ মানৱতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশতো বিস্তৃত”
“ভাৰতৰ নীতি হৈছে ‘মৌলিকতাৰ দিশে ঘুৰি যোৱা’ আৰু ‘ভৱিষ্যত দিশে অগ্ৰসৰ’ হোৱাৰ সংমিশ্ৰণ”
“আহক আমি শ্ৰী অন্ন বাজৰাক আমাৰ পছন্দৰ খাদ্য হিচাপে আকোৱালি লওঁ”
“বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত পদ্ধতিয়ে আমাক পুনৰ উৎপাদনশীল কৃষিৰ বিকল্প বিকশিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জি-২০ কৃষি মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জি-২০ কৃষি মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ অহা সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কৃষি মানৱ সভ্যতাৰ কেন্দ্ৰবিন্দু বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে এগৰাকী কৃষি মন্ত্ৰীৰ দায়িত্ব কেৱল অৰ্থনীতিৰ এটা খণ্ড চম্ভালিব পৰাতেই সীমাবদ্ধ নহয় বৰঞ্চ মানৱতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশতো বিস্তৃত। প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষিয়ে বিশ্বজুৰি ২.৫ বিলিয়নতকৈ অধিক লোকৰ জীৱিকাৰ ব্যৱস্থা কৰে আৰু জিডিপিৰ প্ৰায় ৩০ শতাংশ আৰু গ্ল’বেল ছাউথৰ ৬০ শতাংশতকৈ অধিক চাকৰিৰ সৃষ্টি কৰে। আজি গ্ল’বেল ছাউথে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ প্ৰভাৱ আৰু যোগান শৃংখলত ব্যাঘাত জন্মা ভূ-ৰাজনৈতিক উত্তেজনাৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ জলবায়ু পৰিৱৰ্তনৰ ফলত বতৰৰ চৰম পৰিঘটনা আৰু অধিক সঘনাই হোৱাৰ কথাও উল্লেখ কৰে৷

কৃষি খণ্ডত ভাৰতৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ‘মৌলিকতালৈ ঘুৰি অহা’ আৰু ‘ভৱিষ্যতৰ দিশে অগ্ৰসৰ’ৰ সংযোজনৰ ভাৰতৰ নীতিৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতে প্ৰাকৃতিক কৃষিৰ লগতে প্ৰযুক্তিসক্ষম কৃষিক প্ৰসাৰিত কৰিছে। “গোটেই ভাৰতৰ কৃষকসকলে এতিয়া প্ৰাকৃতিক খেতিৰ কাম হাতত লৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে তেওঁলোকে কৃত্ৰিম সাৰ বা কীটনাশক ব্যৱহাৰ কৰা নাই যদিও তেওঁলোকৰ গুৰুত্ব হৈছে ধৰিত্ৰী মাক সজীৱ কৰি তোলা, ভূমিৰ স্বাস্থ্য ৰক্ষা কৰা, ‘প্ৰতিটো টোপাল পানীত, অধিক শস্য’ উৎপাদন কৰা আৰু জৈৱিক সাৰ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ সমাধানৰ প্ৰসাৰিত কৰা৷ একে সময়তে প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আমাৰ কৃষকসকলে উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ সক্ৰিয় ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকৰ পামত সৌৰশক্তিৰ উৎপাদন আৰু ব্যৱহাৰৰ উদাহৰণ দাঙি ধৰিলে, শস্য নিৰ্বাচনৰ উন্নতিৰ বাবে ভূমি স্বাস্থ্য কাৰ্ডৰ ব্যৱহাৰ আৰু পুষ্টিকৰ সামগ্ৰী স্প্ৰে কৰিবলৈ আৰু তেওঁলোকৰ শস্যসমূহ নিৰীক্ষণ কৰিবলৈ ড্ৰোনৰ ব্যৱহাৰ কৰিছে। শ্ৰী মোদীয়ে কৃষিৰ কেইবাটাও সমস্যা সমাধানৰ বাবে এই ‘সমন্বয়’ দৃষ্টিভংগী সৰ্বোত্তম উপায় বুলি বিশ্বাস প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ বৰ্ষটো আন্তৰ্জাতিক বাজৰাৰ বছৰ হিচাপে পালন কৰা হৈছে বুলি উল্লেখ কৰি কয় যে গণ্যমান্য ব্যক্তিসকলে বাজৰা বা শ্ৰী অন্নৰ আধাৰত বহু খাদ্য প্ৰস্তুত কৰা বাবে হায়দৰাবাদত নিজৰ প্লেটত ইয়াৰ প্ৰতিফলন পাব। শ্ৰী মোদীয়ে জনায় যে এই ছুপাৰফুডসমূহ কেৱল খোৱাৰ বাবে স্বাস্থ্যকৰেই নহয়, শস্যৰ বাবে কম পানী আৰু সাৰৰ প্ৰয়োজন হোৱাৰ বাবে কৃষকৰ আয় বৃদ্ধিতো সহায় কৰে। বাজৰাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনাইছে যে হাজাৰ হাজাৰ বছৰ ধৰি ইয়াৰ খেতি কৰা হৈছে যদিও বজাৰ আৰু বিপণনৰ প্ৰভাৱৰ বাবে পৰম্পৰাগতভাৱে উৎপাদিত খাদ্য শস্যৰ মূল্য হেৰাই গৈছে। “আহক আমি শ্ৰী অন্ন বাজৰাক আমাৰ পছন্দৰ খাদ্য হিচাপে আকোৱালি লওঁ”, প্ৰধানমন্ত্ৰীয়ে বাজৰাৰ উত্তম পদ্ধতি, গৱেষণা আৰু প্ৰযুক্তিৰ ভাগ-বতৰা কৰাৰ বাবে ভাৰতে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বাজৰা গৱেষণা প্ৰতিষ্ঠান গঢ়ি তুলিছে বুলি উল্লেখ কৰে।

শ্ৰী মোদীয়ে কৃষি মন্ত্ৰীসকলক বিশ্ব খাদ্য সুৰক্ষা লাভৰ বাবে কেনেদৰে সামূহিক পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰান্তীয় কৃষকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু বিশ্ব সাৰ যোগান শৃংখল শক্তিশালী কৰা এক বহনক্ষম আৰু সৰ্বাংগীন খাদ্য ব্যৱস্থা গঢ়ি তোলাৰ উপায় বিচাৰি উলিওৱাৰ পৰামৰ্শ আগবঢ়ায়। একে সময়তে প্ৰধানমন্ত্ৰীয়ে উন্নত মাটিৰ স্বাস্থ্য, শস্যৰ স্বাস্থ্য আৰু উৎপাদনৰ বাবে কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত পদ্ধতিসমূহে পুনৰ উৎপাদনশীল কৃষিৰ বিকল্প বিকশিত কৰিবলৈ আমাক অনুপ্ৰাণিত কৰিব পাৰে। তেওঁ উদ্ভাৱন আৰু ডিজিটেল প্ৰযুক্তিৰে কৃষকসকলক সৱলীকৰণ কৰাৰ লগতে গ্ল’বেল ছাউথৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে সমাধান সুলভ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষি আৰু খাদ্যৰ অপচয় হ্ৰাস কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথাও উনুকিয়াই আৰু একে সময়তে আৱৰ্জনাসমূহৰ পৰা সম্পদ সৃষ্টিৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ কথা সদৰি কৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “কৃষিৰ ক্ষেত্ৰত ভাৰতৰ জি-২০ৰ অগ্ৰাধিকাৰসমূহে আমাৰ ‘এক পৃথিৱী’ক সুস্থ কৰা, আমাৰ ‘এক পৰিয়াল’ৰ ভিতৰত সমন্বয় সৃষ্টি কৰা আৰু উজ্জ্বল ‘এক ভৱিষ্যত’ৰ আশা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে”। তেওঁ আনন্দ প্ৰকাশ কৰে যে দুটা সুনিৰ্দিষ্ট ফলাফলৰ ওপৰত কাম চলি আছে -‘খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত ডেকান উচ্চ পৰ্যায়ৰ নীতি’, আৰু বাজৰা আৰু অন্যান্য শস্যৰ বাবে ‘মহৰ্ষি’ পদক্ষেপ। “এই দুটা পদক্ষেপৰ সমৰ্থন হৈছে সৰ্বাংগীন, বহনক্ষম আৰু সুস্থিৰ কৃষিৰ সমৰ্থনত দিয়া এক বিবৃতি”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
STEM Enrolment Crosses 1 Crore Mark, Women's Share Rises To 44%: Government Report

Media Coverage

STEM Enrolment Crosses 1 Crore Mark, Women's Share Rises To 44%: Government Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the courage and perseverance of India's Youth
July 20, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the courage and perseverance of India's Youth:

"प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥"

Shri Modi said that our youth is achieving historic success through their courage, self-confidence, and relentless hard work, and this is the greatest strength of a rapidly developing India.

The Prime Minister posted on X:

आज हमारे युवा साथी धैर्य, आत्मविश्वास और अथक परिश्रम से ऐतिहासिक सफलता हासिल कर रहे हैं। यही विकसित हो रहे भारत की सबसे बड़ी ताकत है।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥