আজি পুৱা মহাৰাষ্ট্ৰত এক মৰ্মান্তিক বিমান দুৰ্ঘটনা সংঘটিত হয়, য’ত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জীৰ লগতে তেওঁৰ একাংশ সহযোগীক আমাৰ মাজৰ পৰা আঁতৰাই নিলে: প্ৰধানমন্ত্ৰী
অজিত দাদাই মহাৰাষ্ট্ৰ আৰু দেশৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, বিশেষকৈ গাঁৱে-ভূঞে মানুহৰ জীৱন উন্নত কৰাৰ কামত আগভাগ লৈছিল। অজিত পাৱাৰ জীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো: প্ৰধানমন্ত্ৰী
এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সহকৰ্মীসকলক সদায় মনত ৰখা হ’ব আৰু এই দুখৰ মুহূৰ্তত দেশখনে তেওঁলোকৰ পৰিয়ালৰ সৈতে সংহতিৰে থিয় দিছে:প্ৰধানমন্ত্ৰী
এন চি চি হৈছে ভাৰতৰ যুৱ শক্তিক সবলীকৰণ কৰা আন্দোলনঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতি অতি আত্মবিশ্বাসেৰে দৃষ্টি ৰাখিছে: প্ৰধানমন্ত্ৰী
ইউৰোপীয় সংঘৰ সৈতে হোৱা চূড়ান্ত চুক্তিখনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, বহুতে ইয়াক সকলো চুক্তিৰ মাতৃ আৰু বিশ্বৰ বাবে গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি যুদ্ধ একাধিক ফ্ৰণ্টত কৰা হয়, ক’ড আৰু ক্লাউডৰ মাজতো যুদ্ধ কৰা হয়; প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থকা দেশসমূহ কেৱল অৰ্থনৈতিকভাৱেই নহয়, নিৰাপত্তাৰ ক্ষেত্ৰতো দুৰ্বল: প্ৰধানমন্ত্ৰী
নাগৰিক হিচাপে আমি কেনে আচৰণ কৰো সেয়াও বিকশিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ দিশ, নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব: প্ৰধানমন্ত্ৰী
যুৱ ফিট তো দেশ হিট!: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ  শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী  আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।

আজি পুৱা মহাৰাষ্ট্ৰত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত অজিত পাৱাৰ জী আৰু তেওঁৰ একাংশ সহযোগীৰ মৃত্যুত শ্ৰী মোদীয়ে গভীৰ  শোক প্ৰকাশ কৰে । গাঁৱত বাসকৰাসকলৰ  জীৱন উন্নত কৰাৰ বাবে কাম কৰি যোৱা তথা মহাৰাষ্ট্ৰ আৰু দেশৰ  উন্নয়নত অজিত দাদাই উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী অজিত পাৱাৰ জীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এই যন্ত্ৰণাৰ মুহূৰ্তত দেশখনে  দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ সৈতে থিয় দিছে। এই শোকৰ মুহূৰ্তৰ মাজতে প্ৰধানমন্ত্ৰীয়ে বন্ধুত্বপূৰ্ণ দেশসমূহৰ কেডেটকে ধৰি উপস্থিত সকলো কেডেটলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু এইবাৰ  অনুষ্ঠানত ছোৱালী কেডেটৰ বৃহৎ অংশগ্ৰহণক প্ৰশংসা কৰে।

 

“এনচিচি হৈছে এনে এক আন্দোলন, যিয়ে ভাৰতৰ যুৱক-যুৱতীসকলক আত্মবিশ্বাসী, অনুশাসিত, সংবেদনশীল আৰু দেশৰ  নিষ্ঠাবান নাগৰিক কৰি তোলে”, শ্ৰী মোদীয়ে কয় । তেওঁ লগতে কয় যে প্ৰতি বছৰে কেডেটসকলে নিজৰ ভূমিকা আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ আলোকপাত কৰে যে যোৱা কিছু বছৰত এন চি চিৰ কেডেটৰ সংখ্যা ১৪ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি পাইছে, সীমান্ত আৰু উপকূলীয় অঞ্চলত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

সমগ্ৰ দেশতে বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে  এন চি চি হৈছে এনে এক মঞ্চ  য’ত যুৱক-যুৱতীসকলে নিজৰ ঐতিহ্যক গৌৰৱেৰে অনুভৱ কৰিব পাৰে। তেওঁ পৰমবীৰ সাগৰ যাত্ৰাক ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হিচাপে আঙুলিয়াই দি কিছু বছৰৰ আগতে চৰকাৰে আন্দামান আৰু নিকোবৰৰ ২১টা দ্বীপৰ নাম পৰমবীৰ চক্ৰ বঁটাপ্ৰাপ্তসকলৰ নামেৰে নামাকৰণ কৰাৰ কথা উল্লেখ কৰে আৰু  কেডেটসকলে জাতীয় নায়কসকলক সন্মান জনোৱাৰ এই মনোভাৱক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই কথাও আলোকপাত কৰে যে লাক্ষাদ্বীপত দ্বীপ উৎসৱৰ জৰিয়তে কেডেটসকলে একেলগে সাগৰ, সংস্কৃতি, প্ৰকৃতিক উদযাপন কৰিছে।  এন চি চিয়ে বাজিৰাও পেশ্বৱাৰ বীৰত্ব, মহাযোদ্ধা লাচিত বৰফুকনৰ দক্ষতা  আৰু ভগৱান বীৰছা মুণ্ডাৰ নেতৃত্বৰ বিষয়ত আলোকপাত কৰি কীৰ্তিচিহ্নৰ পৰা ৰাজপথলৈ ইতিহাসক সজীৱ কৰি তুলিছে বুলি শ্ৰী মোদীয়ে কয়। ফলত এনেবোৰ বিষয়ত  জনসচেতনতাৰ সৃষ্টি হৈছে। তেওঁ সকলো কেডেটৰ প্ৰচেষ্টাৰ শলাগ লৈ আজি সন্মান লাভ কৰা সকলক শুভেচ্ছা জনায়। লালকিল্লাৰ পৰা দিয়া ভাযণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এয়াই  সঠিক সময়, সৰ্বোত্তম সময় বুলি উল্লেখ কৰে আৰু   এই কথাত গুৰুত্ব আৰোপ কৰে যে আজিৰ যুগটো ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সৰ্বোচ্চ সুযোগৰ অন্যতম যুগ। ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰিত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিক উদাহৰণ হিচাপে উল্লেখ কৰি তেওঁ এই সময়ছোৱাৰ পৰা যুৱক-যুৱতীসকলে যাতে সৰ্বাধিক লাভাৱান্বিত  হয় তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে ভাৰতে ওমান, নিউজিলেণ্ড, ব্ৰিটেইন, ইউ এ ই, অষ্ট্ৰেলিয়া আৰু মৰিচাছৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছিল, যিবোৰে লাখ লাখ যুৱকৰ বাবে অগণন সুযোগৰ সৃষ্টি কৰিছে।

 

সমগ্ৰ বিশ্বই ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতি অতি আস্থাৰে চাই আছে  বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে এই আস্থাৰ কাৰণ তেওঁলোকৰ দক্ষতা আৰু মূল্যবোধৰ ওপৰত নিহিত হৈ আছে। তেওঁ কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে গণতন্ত্ৰৰ মূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান  আৰু বিশ্বৰ প্ৰতি থকা বিশ্বাসক  এক পৰিয়ালৰ বিশ্বাস  হিচাপে কঢ়িয়াই লৈ ফুৰে, যাৰ ফলত তেওঁলোকে য’তেই নাযাওক কিয় মানুহৰ সৈতে সহজে একত্ৰিত হ’ব পাৰে আৰু সেই দেশসমূহৰ উন্নয়নত অৰিহণা যোগাব পাৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই মূল্যবোধসমূহ ভাৰতৰ সংস্কৃতিত নিহিত হৈ আছে ।

শ্ৰী মোদীয়ে বিশ্বৰ নেতাসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত দৃঢ়তাৰে কয় যে ভাৰতীয় যুৱক-যুৱতীসকল কেৱল কঠোৰ পৰিশ্ৰমীয়েই  নহয়, উৎকৃষ্ট পেছাদাৰীও, যাৰ বাবে তেওঁলোকৰ বিশ্বজুৰি অধিক চাহিদা আছে। তেওঁ আঙুলিয়াই দিয়ে যে উপসাগৰীয় দেশসমূহত লাখ লাখ ভাৰতীয়ই বছৰ বছৰ ধৰি কাম কৰি আহিছে আৰু ভাৰতীয় চিকিৎসক তথা অভিযন্তাসকলে বহু দেশত অসাধাৰণ স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনি গঢ়ি তুলিছে। তেওঁ লগতে স্মৰণ কৰে যে পূৰ্বে  ভাৰতৰ পৰা বহিঃদেশলৈ যোৱা শিক্ষকসকলে সমগ্ৰ বিশ্বত নতুন মূল্যবোধৰ সংযোজন কৰিছিল।প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতীয় যুৱক-যুৱতীসকলে বিশ্বলৈ আগবঢ়োৱা অৱদানৰ সমান্তৰালকৈ দেশৰ ভিতৰতে তেওঁলোকে অৰ্জন কৰা  সাফল্যয়ো বিশ্বজুৰি ব্যাপকভাৱে প্ৰশংসা লাভ কৰিছে।  তেওঁ কয় যে এই যুৱক-যুৱতীসকলৰ বাবেই ভাৰত বিশ্বজুৰি তথ্য প্ৰযুক্তিৰ মেৰুদণ্ড হৈ পৰিছে আৰু এতিয়া তেওঁলোকৰ শক্তিয়ে ষ্টাৰ্টআপ, মহাকাশ, ডিজিটেল প্ৰযুক্তি, আৰু প্ৰতিটো ক্ষেত্ৰত  বিপ্লৱৰ সূচনা কৰিছে।শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইউৰোপীয় সংঘৰ সৈতে শেহতীয়াকৈ স্বাক্ষৰ কৰা  চুক্তিয়ে  মুক্ত বাণিজ্য চুক্তিখনক “সকলো চুক্তিৰ মাতৃ” হিচাপে প্ৰশংসিত হৈছে আৰু ইয়াক বিশ্বব্যাপী গেমচেঞ্জাৰ হিচাপে অভিহিত কৰা হৈছে। তেওঁ  কয় যে এই এফটিএয়ে বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে  আৰু  ই সঁচাকৈয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক “আকাংক্ষাৰ স্বাধীনতা”।

 

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ২৭খন দেশৰ সৈতে কৰা এই চুক্তিয়ে ভাৰতীয় ষ্টাৰ্টআপসমূহক পুঁজি আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ সুবিধা সহজ কৰি তোলাৰ লগতে চলচ্চিত্ৰ, গেমিং, ফেশ্বন, ডিজিটেল কন্টেন্ট, সংগীত, আৰু ডিজাইনৰ ক্ষেত্ৰতো ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক উন্নীত কৰিব। তেওঁ কয় যে এই চুক্তিয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে গৱেষণা, শিক্ষা, তথ্য-প্ৰযুক্তি, আৰু পেছাদাৰী সেৱাৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব।

এই চুক্তিখনক ইয়াৰ বিপুল সুবিধাৰ বাবেই  “সকলো চুক্তিৰ মাতৃ” বুলি কোৱা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে  কয় যে ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰত অভিযান ত্বৰান্বিত হ’ব আৰু “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড”ৰ সংকল্পও শক্তিশালী হ’ব। তেওঁ কয় যে এই চুক্তিৰ অধীনত ভাৰতৰ ৯৯ শতাংশতকৈ অধিক ৰপ্তানিৰ ওপৰত শুল্ক হয় শূন্য বা অতি কম হ’ব, যাৰ ফলত বস্ত্ৰ, চামৰা, ৰত্ন আৰু গহনা, জোতা, অভিযান্ত্ৰিক সামগ্ৰী, আৰু এম এছ এম ই আদি উদ্যোগসমূহ উপকৃত হ’ব। তেওঁ কয় যে বয়নকাৰী, শিল্পী, আৰু ক্ষুদ্ৰ উদ্যোগীসকলে ইউৰোপৰ ২৭খন দেশৰ বিশাল বজাৰত প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই চুক্তিয়ে ভাৰতলৈ অধিক বিনিয়োগ আকৰ্ষণ কৰিব , যাৰ ফলত নতুন অভিযান্ত্ৰিক, ইলেক্ট্ৰনিকছ, কেমিকেল, ফাৰ্মা, আৰু অন্যান্য উৎপাদন প্লাণ্টৰ সৃষ্টি হ’ব। একে সময়তে কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, আৰু মীনপালনৰ বাবে নিশ্চিত বজাৰ সৃষ্টি হ’ব, যিটো কৃষক, মাছমৰীয়া, আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ সুযোগ হ’ব। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই এফ টি এয়ে ভাৰতৰ যুৱক-যুৱতীসকলক ইউৰোপৰ চাকৰি বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব, বিশেষকৈ অভিযান্ত্ৰিক, সেউজ প্ৰযুক্তি, ডিজাইন, লজিষ্টিক আৰু উন্নত উৎপাদনৰ ক্ষেত্ৰত সুযোগৰ সৃষ্টি কৰিব। অৰ্থাৎ ২৭খন দেশত ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে নতুন পথ মুকলি হৈ পৰিব।শ্ৰী মোদীয়ে কয় যে চৰকাৰে ব্যাপক সংস্কাৰৰ জৰিয়তে বিশ্বব্যাপী সুযোগ সম্প্ৰসাৰণ কৰিছে, আৰু আজি দেশখনে যি সংস্কাৰ এক্সপ্ৰেছত উঠিছে, সেই কথাই  যুৱক-যুৱতীসকলৰ সন্মুখত থকা প্ৰতিটো বাধা আঁতৰাই পেলাইছে। তেওঁ আলোকপাত কৰে যে দেশৰ সন্মুখত ক্ৰমবৰ্ধমান সুযোগসমূহৰ সৈতে এনচিচি কেডেটসকলৰ মাজত শিপাই দিয়া অনুশাসন আৰু মূল্যবোধৰ সংমিশ্ৰণ তেওঁলোকৰ বাবে এক অতিৰিক্ত সুবিধাৰ দৰে হৈ পৰিব ।

অপাৰেচন সিন্দূৰৰ  প্ৰসংগ উল্লেখ কৰি   শ্ৰী মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সেই জটিল মুহূৰ্তত এনচিচিৰ কেডেটসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ সশস্ত্ৰ বাহিনীক সহায় কৰা, ৰক্তদান শিবিৰৰ আয়োজন কৰা, প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰাত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনচিচিৰ প্ৰশিক্ষণ কেৱল পেৰেড খেলপথাৰতে সীমাবদ্ধ নহয় বৰঞ্চ তেওঁলোকৰ মাজত   “নেচন ফাৰ্ষ্ট”ৰ মনোভাৱো জগাই তোলা হয়।  যিয়ে কেডেটসকলক কঠিন সময়ত দেশৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। এনচিচিত থকা সময়ছোৱাত তেওঁৰ নিজৰ “দেশ প্ৰথম”ৰ ভাবনাটো শক্তিশালী হোৱা বুলি শ্ৰী মোদীয়ে স্মৰণ কৰে। আজি কেডেটসকলেও একেখিনি মূল্যবোধেই  আয়ত্ব কৰা দেখি সন্তুষ্টি প্ৰকাশ কৰে।

 

অপাৰেচন সিন্দৰে ভাৰতৰ শক্তি আৰু সশস্ত্ৰ বাহিনীৰ বীৰত্বক পুনৰ দৃঢ় কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা থলুৱা অস্ত্ৰৰ উন্নতিৰ কথাও  প্ৰদৰ্শন কৰা হৈছে। তেওঁ  কয় যে আধুনিক যুদ্ধত যুৱ দক্ষতাৰ ভূমিকা বহু পৰিমাণে বৃদ্ধি পাইছে, কিয়নো এতিয়া যুদ্ধ কেৱল টেংক আৰু বন্দুকৰে নহয়, ক’ড আৰু ক্লাউডতো যুদ্ধ কৰা হয়। তেওঁ সকীয়াই দিয়ে যে প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থকা দেশসমূহ কেৱল অৰ্থনীতিৰ ক্ষেত্ৰতে নহয়, নিৰাপত্তাৰ ক্ষেত্ৰতো দুৰ্বল।  যুৱক-যুৱতীসকলৰ উদ্ভাৱনে দেশপ্ৰেমক শক্তিশালী কৰে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাত অৰিহণা যোগায় বুলিও তেওঁ কয়।  তেওঁ লগতে উল্লেখ কৰে যে সশস্ত্ৰ বাহিনীত প্ৰযুক্তি প্ৰিয়  , উদ্ভাৱনী যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ মুকলি হৈছে, প্ৰতিৰক্ষা ষ্টাৰ্টআপসমূহে উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে, মেড ইন ইণ্ডিয়া ড্ৰ’নসমূহ বিকশিত হৈছে  আৰু এআই আৰু প্ৰতিৰক্ষা উদ্ভাৱনে বাহিনীসমূহক আধুনিকীকৰণ কৰিছে। তেওঁ  যুৱক-যুৱতীসকলক এই সম্ভাৱনাসমূহৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ দেশখনে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰিছে। এই উপলক্ষে তেওঁ নাগৰিকসকললৈ এখন পত্ৰ লিখিছিল। তেওঁ কয় যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হৈছে সংবিধানে প্ৰদান কৰা দায়িত্ব আৰু অধিকাৰৰ উদযাপন  । তেওঁ  ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক যুৱ ভোটাৰ আছে বুলি আলোকপাত কৰে। তেওঁ কয় যে যেতিয়া যুৱ নাগৰিকসকলে ১৮ বছৰ সম্পূৰ্ণ কৰি ভোটদানৰ যোগ্যতা অৰ্জন কৰে তেতিয়াই তেওঁলোকে দেশৰ ভাগ্য গঢ় দিয়াৰ ক্ষমতা লাভ কৰে। শ্ৰী মোদীয়ে দেশত এক নতুন পৰম্পৰাৰ আহ্বান জনাই এন চি চি, এন এছ এছ, আৰু মাই ইয়ং ইণ্ডিয়া সংস্থাই প্ৰতি ২৫ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক সন্মান জনোৱাৰ বাবে এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে।  এই প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ মাজত দায়িত্ববোধক শক্তিশালী কৰিব আৰু গণতন্ত্ৰক শক্তিশালী কৰিব বুলিও তেওঁ  আশা প্ৰকাশ কৰে।

“এখন উন্নত ভাৰত কেৱল অৰ্থনৈতিক সমৃদ্ধিৰ মাজতে সীমাবদ্ধ নহয় , বৰঞ্চ ইয়াৰ নাগৰিকসকলৰ আচৰণৰ ওপৰতো নিৰ্ভৰশীল, যিসকলে নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিব লাগিব”, শ্ৰী মোদীয়ে কয়। তেওঁ স্বচ্ছ ভাৰত অভিযানক উদাহৰণ হিচাপে দাঙি ধৰি কয় যে এয়া চৰকাৰে আৰম্ভ কৰিছিল যদিও ইয়াক এতিয়া  নাগৰিক, যুৱক-যুৱতী আৰু শিশুৱে আগুৱাই লৈ গৈছে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা এটা অভ্যাস, এটা জীৱনশৈলী, আৰু এটা মূল্যবোধ  হিচাবে গঢ়ি তুলিছে। শ্ৰী মোদীয়ে এইবুলি আহ্বান জনায় যে নাগৰিক কৰ্তব্যৰ মনোভাৱ দৈনন্দিন জীৱনৰ অংশ হ’ব লাগিব আৰু মানুহে নিজৰ চোতালত যেনেকৈ সৌন্দৰ্য্য বিচাৰে, তেনেকৈয়ে একে মনোভাৱেৰে নিজৰ চহৰখনৰো সৌন্দৰ্য্যবৰ্ধন কৰিব লাগিব। তেওঁ উপস্থিত প্ৰতিগৰাকী যুৱক-যুৱতীক প্ৰতি সপ্তাহত কমেও এঘণ্টা সময় পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় অভিযানত নিজকে উচৰ্গা কৰি নিৰ্বাচিত স্থানত কিছু কাম কৰাৰ  পৰিকল্পনা কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “এক পেড় মা কে নাম” অভিযানৰ অধীনত এন চি চিয়ে প্ৰায় ৮ লাখ গছপুলি ৰোপণ কৰিছে বুলি জানিবলৈ পাই  তেওঁ আনন্দিত হৈছে। এই গছবোৰ ভালদৰে প্ৰতিপালন কৰাটোও আমাৰ কৰ্তব্য বুলি তেওঁ কয় ।যুৱ শক্তিৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো হ’ল অনাগত সময়ত আমি কিমান ফিট হৈ থাকিম  । সেই কথা উল্লেখ কৰি  প্ৰধানমমন্ত্ৰীয়ে উল্লেখ কৰে যে ফিটনেছ কেইমিনিটমানৰ ব্যায়ামৰ মাজতে সীমাবদ্ধ থাকিব নালাগে , বৰঞ্চ আমাৰ স্বভাৱৰ অংশ হ’ব লাগিব, খাদ্যৰ পৰা দৈনন্দিন জীৱনলৈকে অনুশাসিত জীৱনশৈলীৰ সৈতে সেয়া লাভ কৰিব লাগিব। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে এন চি চিৰ কেডেটসকলে ফিট ইণ্ডিয়া অভিযানক আগুৱাই লৈ গৈছে আৰু ক্ৰীড়াত ভাল প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ মাজত মেদবহুলতাৰ বিষয়টো উত্থাপন কৰি অধ্যয়নৰ উদ্ধৃতি দি কয় যে ভাৰতৰ প্ৰতি তিনিজন লোকৰ ভিতৰত এজনে ভৱিষ্যতে মেদবহুলতাত আক্ৰান্ত হ’ব পাৰে। ফলত ডায়েবেটিছ, ৰক্তচাপ, আৰু অন্যান্য ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে, য’ত যুৱক-যুৱতীসকল আটাইতকৈ বেছি আক্ৰান্ত গোটৰ ভিতৰত আছে। তেওঁ এই ক্ষেত্ৰত  সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি খাদ্যত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ  পূৰ্ব জনোৱা  আহ্বান পুনৰ দোহাৰে।

এনচিচিয়ে কেৱল মাৰ্চিং শিকোৱাই নহয়, নাগৰিক হিচাপে দায়িত্বও প্ৰদান কৰে, কেডেটসকলক উন্নত নাগৰিক হোৱাত সহায় কৰা দক্ষতা আৰু মূল্যবোধ প্ৰদান কৰে বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে গণৰাজ্য দিৱস উদযাপনৰ সময়ত লাভ কৰা অভিজ্ঞতাই তেওঁলোকৰ ব্যক্তিত্বক আৰু অধিক পৰিশোধন কৰিব। জীৱনৰ প্ৰতিটো পৰীক্ষাতে তেওঁলোকে সফল হ’ব আৰু উন্নত ভাৰত গঢ়াত অৰিহণা যোগাই যাব বুলি আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক  শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাষণৰ সামৰণি মাৰে।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ড° মনসুখ মাণ্ডবিয়া, শ্ৰী সঞ্জয় ছেঠৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

এনচিচিয়ে কেৱল মাৰ্চিং শিকোৱাই নহয়, নাগৰিক হিচাপে দায়িত্বও প্ৰদান কৰে, কেডেটসকলক উন্নত নাগৰিক হোৱাত সহায় কৰা দক্ষতা আৰু মূল্যবোধ প্ৰদান কৰে বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে গণৰাজ্য দিৱস উদযাপনৰ সময়ত লাভ কৰা অভিজ্ঞতাই তেওঁলোকৰ ব্যক্তিত্বক আৰু অধিক পৰিশোধন কৰিব। জীৱনৰ প্ৰতিটো পৰীক্ষাতে তেওঁলোকে সফল হ’ব আৰু উন্নত ভাৰত গঢ়াত অৰিহণা যোগাই যাব বুলি আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক  শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাষণৰ সামৰণি মাৰে।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ড° মনসুখ মাণ্ডবিয়া, শ্ৰী সঞ্জয় ছেঠৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত কৰ্তব্য, অনুশাসন আৰু জাতীয় দায়বদ্ধতাৰ মনোভাৱক প্ৰতিফলিত কৰি অনুষ্ঠিত কৰা চলিত বৰ্ষৰ এন চি চিৰ বাৰ্ষিক প্ৰধানমন্ত্ৰী ৰেলীৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰ প্ৰথম - কৰ্তব্য নিষ্ঠা যুৱ’।

 

এন চি চি পিএম ৰেলীত ৮৯৮ গৰাকী ছোৱালী কেডেটকে ধৰি সমগ্ৰ দেশৰ ২৪০৬ গৰাকী এন চি চি কেডেটে অংশগ্ৰহণ কৰাৰ লগতে  এমাহজোৰা এন চি চি গণৰাজ্য দিৱস শিবিৰ ২০২৬ৰ শিবিৰত ভাগ লয়। এই সমাৱেশত ২১খন বিদেশী ৰাষ্ট্ৰৰ  ২০৭গৰাকী  যুৱক-যুৱতী আৰু বিষয়ায়ো অংশগ্ৰহণ কৰে।

এই উপলক্ষ্যে  এন চি চিৰ কেডেট, ৰাষ্ট্ৰীয় ৰংশালা আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যসকলে দেশ  গঠন, সমাজসেৱা আৰু চৰিত্ৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাৰ দিশসমূহ  প্ৰদৰ্শন কৰি এক সজীৱ সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে। ।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights efforts over the last 12 years to make quality healthcare more affordable and accessible
June 14, 2026
PM shares a glimpse of the health sector's transformation and reaffirms the commitment to build a healthy India

Prime Minister Shri Narendra Modi today stated that over the last 12 years, India has worked to make quality healthcare more affordable and accessible. He noted that we feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.

Shri Modi pointed out that other efforts like PM Bharatiya Jan Aushadhi Pariyojana have made medicines affordable. The Prime Minister highlighted that the prices of stents and knee implants have become affordable and this has helped many people.

PM Modi observed that, at the same time, medical education has become more accessible to people due to more institutions and seats being available. He emphasized that we will keep building on this ground covered so far in order to build a healthy India, sharing a glimpse of how the health sector has been transformed.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, India has worked to make quality healthcare more affordable and accessible.

We feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.

Other efforts like PM Bharatiya Jan Aushadhi Pariyojana have made medicines affordable. The prices of stents and knee implants have become affordable and this has helped many people.

At the same time, medical education has become more accessible to people due more institutions and seats being available.

We will keep building on this ground covered so far in order to build a healthy India.

#12YearsOfSwasthBharat “ 

“A glimpse of how the health sector has been transformed….

#12YearsOfSwasthBharat"