আজি পুৱা মহাৰাষ্ট্ৰত এক মৰ্মান্তিক বিমান দুৰ্ঘটনা সংঘটিত হয়, য’ত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জীৰ লগতে তেওঁৰ একাংশ সহযোগীক আমাৰ মাজৰ পৰা আঁতৰাই নিলে: প্ৰধানমন্ত্ৰী
অজিত দাদাই মহাৰাষ্ট্ৰ আৰু দেশৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, বিশেষকৈ গাঁৱে-ভূঞে মানুহৰ জীৱন উন্নত কৰাৰ কামত আগভাগ লৈছিল। অজিত পাৱাৰ জীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো: প্ৰধানমন্ত্ৰী
এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সহকৰ্মীসকলক সদায় মনত ৰখা হ’ব আৰু এই দুখৰ মুহূৰ্তত দেশখনে তেওঁলোকৰ পৰিয়ালৰ সৈতে সংহতিৰে থিয় দিছে:প্ৰধানমন্ত্ৰী
এন চি চি হৈছে ভাৰতৰ যুৱ শক্তিক সবলীকৰণ কৰা আন্দোলনঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতি অতি আত্মবিশ্বাসেৰে দৃষ্টি ৰাখিছে: প্ৰধানমন্ত্ৰী
ইউৰোপীয় সংঘৰ সৈতে হোৱা চূড়ান্ত চুক্তিখনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, বহুতে ইয়াক সকলো চুক্তিৰ মাতৃ আৰু বিশ্বৰ বাবে গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে: প্ৰধানমন্ত্ৰী
আজি যুদ্ধ একাধিক ফ্ৰণ্টত কৰা হয়, ক’ড আৰু ক্লাউডৰ মাজতো যুদ্ধ কৰা হয়; প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থকা দেশসমূহ কেৱল অৰ্থনৈতিকভাৱেই নহয়, নিৰাপত্তাৰ ক্ষেত্ৰতো দুৰ্বল: প্ৰধানমন্ত্ৰী
নাগৰিক হিচাপে আমি কেনে আচৰণ কৰো সেয়াও বিকশিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ দিশ, নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব: প্ৰধানমন্ত্ৰী
যুৱ ফিট তো দেশ হিট!: প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট  আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন  ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।

বন্ধুসকল,

আজিৰ দিনটোৱে  আমাৰ বাবে  এক বৃহৎ দুখৰ  খবৰ কঢ়িয়াই আনিছে। আজি পুৱা  মহাৰাষ্ট্ৰত সংঘটিত হয় এক মৰ্মান্তিক বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাই আমাৰ পৰা কাঢ়ি লৈ ​​গৈছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ জী  আৰু কিছু সহযোগীক। অজিত দাদাই মহাৰাষ্ট্ৰ আৰু দেশৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছিল। বিশেষকৈ গাঁৱৰ জীৱন উন্নত কৰাৰ বাবে তেওঁ সদায় আগবাঢ়ি আহি কাম কৰিছিল। অজিত পাৱাৰ জীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। এই যন্ত্ৰণাৰ মুহূৰ্তত আমি সকলোৱে এই দুৰ্ঘটনাত হেৰুওৱা সহকৰ্মীসকলৰ পৰিয়ালৰ সদস্যৰ সৈতে থিয় দিছো।

বন্ধুসকল,

এই  শোকৰ মুহূৰ্তৰ মাজতে ইয়াত উপস্থিত থকা আপোনালোক সকলো কেডেট, বিভিন্ন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অহা কেডেট আৰু বিষয়াসকলকো অভিনন্দন জনাইছো। এইবাৰো ইয়ালৈ অতি বৃহৎ সংখ্যক ছোৱালী কেডেট আহিছে। তেওঁলোকক বিশেষ অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এন চি চি এনে এটা সংগঠন, এনে এক আন্দোলন, যিয়ে ভাৰতৰ যুৱ শক্তিক আত্মবিশ্বাসী কৰি তোলে, অনুশাসিত কৰি তোলে, সংবেদনশীল কৰি তোলে, দেশৰ প্ৰতি উৎসৰ্গিত নাগৰিক কৰি তোলে। আপোনালোক সকলোৱে প্ৰতি বছৰেই নিজৰ ভূমিকাক অধিক শক্তিশালী কৰি তুলিছে। বিগত বছৰবোৰত এন চি চিৰ কেডেটৰ সংখ্যা ১৪ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি পাইছে। বিশেষকৈ আমাৰ সীমান্তৱৰ্তী অঞ্চলত, উপকূলীয় অঞ্চলত এন চি চিৰ কেডেটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

 

মোৰ যুৱ বন্ধুসকল,

এন চি চি যুৱক-যুৱতীসকলৰ বাবে এক মঞ্চ আৰু এই মঞ্চতে তেওঁলোকে  ঐতিহ্যকো গৌৰৱেৰে জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে, এইবাৰ এন চি চিয়ে সম্পূৰ্ণ উৎসাহেৰে বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰিছে। দেশৰ চুকে-কোণে আপোনালোকে ইয়াৰ সৈতে জড়িত হৈ  কাৰ্যসূচী চলাইছে। পৰম বীৰসাগৰ যাত্ৰাও ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। আপোনালোকে সকলোৱে জানে যে কেইবছৰমান আগতে চৰকাৰে আমাৰ পৰম বীৰ চক্ৰ বিজয়ীৰ নামেৰে আন্দামান আৰু নিকোবৰ ২১ টা দ্বীপৰ নামকৰণ কৰিছিল। ইয়াৰ আঁৰৰ জাতীয় বীৰসকলক সন্মান জনোৱাৰ  আবেগক আপোনালোকে অভিযানৰ জৰিয়তে আগুৱাই লৈ গৈছে। একেদৰে লাক্ষাদ্বীপৰ দ্বীপ উৎসৱৰ জৰিয়তে আপোনালোকে  সাগৰ, সংস্কৃতি, প্ৰকৃতিক, সকলো একেলগে উদযাপন কৰিছে।

বন্ধুসকল,

কীৰ্তিচিহ্নৰ  ইতিহাস ৰাইজৰ হৃদয়ত সজীৱ কৰি তুলিছে এনচিচিয়ে। আপোনালোকে  বাজীৰাও পেশ্বৱা জীৰ বীৰত্ব, মহাযোদ্ধা লাচিত বৰফুকন জীৰ দক্ষতা, ভগৱান বীৰছা মুণ্ডাৰ নেতৃত্বৰ বিষয়ে   চাইকেল ৰেলীৰ জৰিয়তে জনচেতনা জগাই তোলাৰ কাম কৰিছে। এই সকলোবোৰ সাহসী কামৰ বাবে আপোনালোক সকলোৰে মই শলাগ লৈছো। আজি সন্মান লাভ কৰা সহকৰ্মী সকললৈও মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

লালকিল্লাৰ পৰাই কৈছিলোঁ - এইটোৱেই সময়, সঠিক সময়। আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে আজিৰ সময় সৰ্বাধিক সুযোগৰ সময়৷ আমাৰ যুৱক-যুৱতীসকলে এই সময়ছোৱাৰ সৰ্বাধিক সুবিধা লাভ কৰাটো চৰকাৰৰ প্ৰচেষ্টা। ইয়াৰ উদাহৰণ আপোনালোকে  কালি দেখিলে। ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক মুক্ত বাণিজ্য  চুক্তিত উপনীত হৈছে। ইয়াৰ পূৰ্বে ভাৰতে ওমান, নিউজিলেণ্ড, ব্ৰিটেইন, ইউ এ ই, অষ্ট্ৰেলিয়া, মৰিচাছৰ দৰে দেশৰ সৈতেও মুক্ত বাণিজ্য চুক্তি কৰিছে। এই সকলোবোৰ চুক্তিয়ে আমাৰ লাখ কোটি যুৱক-যুৱতীৰ বাবে অগণন সুযোগ সৃষ্টি কৰিবলৈ গৈ আছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই যুৱ ভাৰতৰ যুৱক-যুৱতীসকলৰ প্ৰতি  অতি আস্থাৰে চাই আছে। বিশ্বৰ এই আস্থাৰ কাৰণ হ'ল - দক্ষতা আৰু মূল্যবোধ ! ভাৰতৰ যুৱক-যুৱতীসকলৰ গণতন্ত্ৰৰ মূল্যবোধ আছে, আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতি প্ৰকাৰৰ বৈচিত্ৰ্যক সন্মান দিয়াৰ মূল্যবোধ আছে, সমগ্ৰ বিশ্বক এক পৰিয়াল হিচাপে গণ্য কৰাৰ মূল্যবোধ আছে ভাৰতৰ যুৱক-যুৱতীসকলৰ। সেইবাবেই ভাৰতৰ যুৱক-যুৱতীসকলে য’তেই যায়, সেই দেশৰ জনসাধাৰণৰ লগত সহজেই মিলি যায়, হৃদয় জয় কৰে। আমি আমাৰ সামৰ্থ্যৰে সেই দেশৰ উন্নয়নত সহায় কৰোঁ। এইবোৰ আমাৰ মূল্যবোধ, এইটোৱেই আমাৰ স্বভাৱ। মাতৃভূমিৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আৰু কৰ্মক্ষেত্ৰ (কৰ্মভূমি)ৰ প্ৰতি অতুলনীয় সমৰ্পণ, এয়া আমাৰ ঐতিহ্য।

বন্ধুসকল,

যেতিয়া মই সমগ্ৰ বিশ্বৰ নেতাসকলৰ সৈতে কথা পাতো, আৰু সেই কথা-বতৰাৰ ভিত্তিত মই সম্পূৰ্ণ দাবীৰে কওঁ আৰু ক’ব পাৰো, ভাৰতৰ যুৱক-যুৱতীসকল যিমান কঠোৰ পৰিশ্ৰমী সিমানেই উৎকৃষ্ট পেছাদাৰী। সেইবাবেই ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক বৃহৎ চাহিদা অব্যাহত আছে। উদাহৰণস্বৰূপে উপসাগৰীয় দেশবোৰলৈ চাওক, ইমান বছৰে লাখ লাখ মানুহে তাত কাম কৰি আছে। আমাৰ চিকিৎসক আৰু অভিযন্তাসকলে ইমানবোৰ দেশত আচৰিত স্বাস্থ্যসেৱা ব্যৱস্থা আৰু আচৰিত আন্তঃগাঁথনি কৰি আছে। আগতে আমাৰ ইয়াত থকা শিক্ষকসকলে বহু দেশৰ সমাজত নতুন মূল্যবোধৰ সংযোজন কৰিছে।

 

বন্ধুসকল,

বিশ্বত তেওঁলোকৰ এই অৱদানৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বই আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ সাফল্যৰ প্ৰশংসাও কৰিছে। এই যুৱক-যুৱতীসকলৰ বাবেই ভাৰত বিশ্বৰ তথ্য প্ৰযুক্তিৰ মেৰুদণ্ড হৈ পৰিছে। আৰু এতিয়া এই অতি যুৱক-যুৱতীসকলৰ শক্তিৰে ষ্টাৰ্টআপত, মহাকাশত, ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত, প্ৰতিটো ক্ষেত্ৰতে এক নতুন বিপ্লৱ আৰম্ভ হৈছে।

বন্ধুসকল,

এতিয়া ইউৰোপীয় সংঘৰ সৈতে যি চুক্তি কৰা হৈছে, বিশ্বই ইয়াক “সকলো চুক্তিৰ মাতৃ” বুলি প্ৰশংসা কৰিছে; ইয়াক বিশ্বৰ বাবে গেম-চেঞ্জাৰ চুক্তি বুলি কোৱা হৈছে। এই চুক্তি  আপোনালোকৰ বাবে "আকাংক্ষাৰ স্বাধীনতা"। এই চুক্তিয়ে বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ আৰু বিশ্ব বাণিজ্যৰ এক তৃতীয়াংশ প্ৰতিনিধিত্ব কৰে।

বন্ধুসকল,

ইউৰোপীয় সংঘ, অৰ্থাৎ বিশ্বৰ সাতাইশখন দেশৰ সৈতে ভাৰতৰ চুক্তি স্বাক্ষৰ হৈছে। ইয়াৰ লাভ ভাৰতৰ ষ্টাৰ্টআপলৈ যাব। ভাৰতীয় ষ্টাৰ্টআপৰ বাবে পুঁজিৰ সুবিধা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ সহজ হৈ পৰিব। এই চুক্তিৰ পৰা আমাৰ সৃষ্টিশীল অৰ্থনীতি - চলচ্চিত্ৰ, গেমিং, ফেশ্বন, ডিজিটেল কন্টেন্ট, সংগীত, আৰু ডিজাইন -ও বহুখিনি লাভাৱান্বিত হ’ব। ইয়াৰ সমান্তৰালকৈ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত, তথ্য-প্ৰযুক্তি আৰু অন্যান্য পেছাদাৰী সেৱালৈকে অগণন নতুন সুযোগৰ সৃষ্টি হ’ব।

বন্ধুসকল,

এই চুক্তিখনক “সকলো চুক্তিৰ মাতৃ” বুলিও কোৱা হৈছে ,কাৰণ ই অতি ব্যাপক, অতি গভীৰ, নতুন উচ্চতা স্পৰ্শ কৰা আৰু ইয়াৰ  সুবিধাৰ তালিকাখনো অতি দীঘলীয়া। ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰত অভিযানে গতি লাভ কৰিব। ইয়াৰ দ্বাৰা মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডৰ সংকল্পক শক্তি প্ৰদান কৰা হ’ব। কাৰণ এই চুক্তিৰ অধীনত ভাৰতৰ ৰপ্তানিৰ ৯৯ শতাংশৰ ওপৰত শুল্ক হয় শূন্য হ’ব,  নহয় অতি কম হ’ব। আৰু ইয়াৰ পৰা প্ৰতিটো ভাৰতীয় উদ্যোগ - বস্ত্ৰ, চামৰা, ৰত্ন আৰু গহনা, জোতা, আৰু অভিযান্ত্ৰিক সামগ্ৰী - আৰু এম এছ এম ইয়ে যথেষ্ট লাভাৱান্বিত হ’ব। আমাৰ শিপিনী, হস্তশিল্পী, আৰু ক্ষুদ্ৰ উদ্যোগীসকলেও ইউৰোপৰ ২৭খন দেশৰ বিশাল বজাৰত প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা লাভ কৰিব।

 

বন্ধুসকল,

এই চুক্তিৰ আন এটা শক্তিশালী দিশ আছে। ভাৰতত অধিক বিনিয়োগ ঘটিব।  দেশত নতুন অভিযান্ত্ৰিক, ইলেক্ট্ৰনিকছ, কেমিকেল, ফাৰ্মা আৰু অন্যান্য উৎপাদন কাৰখানা আৰম্ভ হ’ব। ইয়াৰ পৰাই কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, আৰু মীনপালনৰ ক্ষেত্ৰতো নতুন বিনিয়োগৰ বাবে এখন নিশ্চিত বজাৰ প্ৰস্তুত কৰা হ’ব। কৃষক, মাছমৰীয়া আৰু গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে এই সুযোগ অতি বিশাল।

মোৰ যুৱ  বন্ধুসকল,

এই এফ টি এয়ে ভাৰতৰ যুৱক-যুৱতীসকলক ইউৰোপৰ চাকৰিৰ বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। বিশেষকৈ অভিযান্ত্ৰিক, গ্ৰীণ টেক, ডিজাইন, লজিষ্টিক, আৰু উন্নত উৎপাদনত বহু সুযোগৰ সৃষ্টি হ’ব। অৰ্থাৎ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে, আপোনালোকৰ বাবে ২৭খন দেশত নতুন সুযোগ মুকলি হ’ব।

বন্ধুসকল,

চৰকাৰে ব্যাপক সংস্কাৰৰ জৰিয়তে এই সকলোবোৰ বিশ্বব্যাপী সুযোগ আৰু অধিক বিস্তৃত কৰি তুলিছে। আজি দেশখনে চলাই থকা সংস্কাৰ এক্সপ্ৰেছটোৱে যুৱ শক্তিৰ সন্মুখত প্ৰতিটো বাধা আঁতৰাইছে। আৰু দেশৰ সন্মুখত এই ক্ৰমবৰ্ধমান সুযোগ, এই মূল্যবোধ আৰু এনচিচিৰ সৈতে জড়িত আপোনালোক সকলো যুৱকৰ মাজত এই অনুশাসন - আপোনালোকৰ বাবে এয়া কেকত আইচিং (সোণত সুৱগা চৰোৱা)ৰ দৰে।

আপোনালোকে  ইয়াত অপাৰেচন সিন্দূৰৰ বিষয়ত  এক আচৰিত টেবলো উপস্থাপন কৰিছে। বিশেষকৈ অপাৰেচন সিন্দূৰৰ সময়ত আপোনালোকৰ এই প্ৰচেষ্টাৰ শলাগ লম। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত সেই গুৰুত্বপূৰ্ণ মুহূৰ্তত আমাৰ এন চি চি কেডেটসকলে নিজৰ দায়িত্ব অতি ভালদৰে চম্ভালিছিল। কোনোবাই আমাৰ সেনাৰ প্ৰস্তুতিত সহায় কৰিছিল, কোনোবাই ৰক্তদান শিবিৰ পাতিছিল, কোনোবাই প্ৰাথমিক চিকিৎসা শিবিৰৰ জৰিয়তে সেৱা আগবঢ়াইছিল; আপোনালোকে দেখুৱাই দিছে যে পেৰেড গ্ৰাউণ্ডৰ প্ৰশিক্ষণৰ লগতে "দেশ  প্ৰথম"ৰ চিন্তাৰ অনুৰণনো এনচিচিত ঘটে। এয়াই এন চি চিৰ পৰা লাভ কৰা দেশপ্ৰেম, যিয়ে কঠিন সময়ত পূৰ্ণ শক্তিৰে দেশৰ বাবে কাম কৰাৰ প্ৰেৰণা জগাই।  এনচিচিয়ে আমাক ঠিক এয়াই শিকায়; আমি তাৰ পৰাই শিকো। এন চি চিত থাকোঁতে মোৰ "দেশ প্ৰথম"ৰ আবেগ এনেদৰেই মজবুত হৈছিল, আৰু আজি আপোনালোকেও এন চি চিত একেখিনি কথা শিকি থকা দেখি গৌৰৱ অনুভৱ কৰিছো।

 

বন্ধুসকল,

অপাৰেচন সিন্দূৰে পুনৰবাৰ ভাৰতৰ সম্ভাৱনা আৰু আমাৰ সেনাৰ বীৰত্ব প্ৰতিষ্ঠা কৰিছে। আমাৰ থলুৱা অস্ত্ৰ-শস্ত্ৰসমূহ কিমান উন্নত আৰু উচ্চ প্ৰযুক্তিৰ সেই কথাও অপাৰেচন সিন্দূৰে দেখুৱাইছে।

বন্ধুসকল,

আজিৰ আধুনিক যুদ্ধত যুৱ দক্ষতাৰ ভূমিকা বহু পৰিমাণে বৃদ্ধি পাইছে। এতিয়া যুদ্ধ কেৱল সীমান্তত টেংক, বন্দুক, গোলা আদিতে সীমাবদ্ধ নহয়। আজিৰ যুদ্ধ বহু ফ্ৰণ্টত চলি আছে। আজিৰ যুদ্ধখন ক’ডতো ঘটে  আৰু ক্লাউডতো। প্ৰযুক্তিৰ ক্ষেত্ৰত পিছ পৰি থকা দেশসমূহ কেৱল অৰ্থনীতিৰ ক্ষেত্ৰতে নহয়, নিৰাপত্তাৰ দিশতো দুৰ্বল।

সেয়েহে বন্ধুসকল,

এজন যুৱক হিচাপে আমি আমাৰ দেশৰ বাবে কি নতুন উদ্ভাৱন কৰো - এই আবেগে দেশপ্ৰেমকো শক্তিশালী কৰে আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ডাঙৰ অৱদান আগবঢ়ায়। আপোনালোকে সকলোৱে জানে, আজি সেনাবাহিনীত নতুন নতুন সুযোগৰ সৃষ্টি হৈছে, প্ৰযুক্তিৰ জৰিয়তেও উদ্ভাৱনী যুৱক-যুৱতীসকলৰ বাবে এনে সুযোগ আহিছে  । আজি আমাৰ যুৱক-যুৱতীসকলৰ ডিফেন্স ষ্টাৰ্টআপবোৰে সুন্দৰ কাম কৰি আছে। আজি মেড ইন ইণ্ডিয়া ড্ৰোনৰ কাম চলি আছে; এআই আৰু ডিফেন্স ইনোভেচনে এতিয়া আমাৰ বাহিনীক আধুনিক কৰি তুলিছে। অৰ্থাৎ আপোনালোকৰ যুৱ  বন্ধুসকলৰ বাবে সম্ভাৱনাবোৰ বহু পৰিমাণে সম্প্ৰসাৰিত হৈছে। আজি মই বিচাৰো, কেৱল ইয়াত বহি থকাসকলেই নহয়, দেশৰ কোটি কোটি যুৱকেও ইয়াৰ সুবিধা লওক।

বন্ধুসকল,

মাত্ৰ তিনিদিন পূৰ্বে ২৫ জানুৱাৰীত দেশত উদযাপন কৰা হৈছিল ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। আজিৰ দিনটোতে ময়ো  দেশবাসীলৈ এখন চিঠি লিখিছিলো। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হৈছে সেই কৰ্তব্যবোধৰ, সেই অধিকাৰৰ উদযাপন, যিটো আমাৰ সংবিধানে প্ৰতিজন নাগৰিকৰ ওপৰত ন্যস্ত কৰিছে। আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ ভিতৰত অন্যতম য’ত যুৱ ভোটাৰৰ সংখ্যা সৰ্বাধিক। এই যুৱক-যুৱতীসকলে যেতিয়া ভোটাৰ হোৱাৰ যোগ্য হৈ উঠে, ১৮ বছৰ বয়স লাভ কৰে, তেতিয়া তেওঁলোকে দেশৰ ভাগ্য গঢ়াৰ ক্ষমতা লাভ কৰে। গতিকে এতিয়া আমি দেশত এক নতুন পৰম্পৰা আৰম্ভ কৰিব লাগিব। মই বিচাৰো যে এনচিচি-এনএছএচ আৰু "মেৰা যুৱ ভাৰত" সংগঠনে ২৫ জানুৱাৰীত প্ৰতিবাৰেই এটা ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰক। সেই দিনটোতে প্ৰথমবাৰৰ বাবে ভোটদান কৰা সকলক সম্বৰ্ধনা জনোৱাৰ বাবে এক বৃহৎ কাৰ্যসূচী হ’ব লাগে। এই প্ৰচেষ্টাই আমাৰ নৱ প্ৰজন্মৰ দায়িত্ববোধ আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

 

বন্ধুসকল,

উন্নত ভাৰত (বিকশিত ভাৰত)ৰ অৰ্থ কেৱল অৰ্থনৈতিক সমৃদ্ধিৰ মাজতে সীমাবদ্ধ নহয়। এজন নাগৰিক হিচাপে আমাৰ আচৰণ কেনে হোৱা উচিত সেয়াও উন্নত ভাৰতৰ এক গুৰুত্বপূৰ্ণ দিশ। এজন নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব। উদাহৰণস্বৰূপে, আপোনালোকে দেখিছে, যদিও স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাত চৰকাৰৰ অৱদান থাকিব পাৰে, যদি কোনোবাই ইয়াক আগুৱাই লৈ গৈছে, মই গৌৰৱেৰে ক’ব পাৰো যে ইয়াক আগুৱাই নিয়াৰ কাম আমাৰ দেশৰ নাগৰিকে, যুৱক-যুৱতীসকলে আৰু সৰু ল’ৰা-ছোৱালীসকলেই  কৰিছে। আনকি ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰতো পৰিষ্কাৰ-পৰিচ্ছন্নতা এটা অভ্যাস, এটা জীৱনশৈলী, এটা মূল্যবোধ হিচাবে গঢ় লৈ উঠিছে। এই নাগৰিক কৰ্তব্যবোধক আমি আমাৰ জীৱনৰ অংগ কৰি ল’ব লাগিব। আমাৰ চোতালত যি সৌন্দৰ্য্য আমি চাব বিচাৰো, আমি আমাৰ চহৰখনক একে আবেগেৰে ধুনীয়া কৰি তুলিব লাগিব আৰু ইয়াকো ধুনীয়া কৰি ৰাখিব লাগিব। ইয়াত উপস্থিত প্ৰতিজন যুৱ বন্ধুক মই ক’ম যে তেওঁলোকে এসপ্তাহৰ কোনোবা এটা দিনত এঘণ্টা ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত কিবা  নহয় কিবা  অভিযান চলাব লাগিব। এনচিচি-এনএছএছে এই কামটো অতি ভালদৰে কৰিব পাৰে। নিশ্চিতভাৱে আপোলোকে ইয়াৰ বাবে  কোনো এটা স্থানত কোনো এটা কাৰ্য্যকলাপৰ পৰিকল্পনা কৰক।

বন্ধুসকল,

‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত এন চি চিয়ে প্ৰায় ৮ লাখ গছপুলি ৰোপণ কৰিছে বুলি জানি ভাল লাগিল। আমি ৰোপণ কৰা গছবোৰো ভালকৈ বাঢ়িব লাগিব - এয়া  লক্ষ্য কৰাটো আমাৰ কৰ্তব্য।

বন্ধুসকল,

আমাৰ যুৱ শক্তিৰ এটা অতি ডাঙৰ পৰীক্ষা হ’ল আগন্তুক সময়ত আমি কিমান ফিট হৈ থাকিম । ফিটনেছ কেৱল কেইমিনিটমানৰ ব্যায়ামৰ মাজতে সীমাবদ্ধ নহয়। আমাৰ স্বভাৱতো এই কথা আহিব লাগিব। আমাৰ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন ৰুটিনলৈকে অনুশাসিত জীৱনশৈলীও প্ৰয়োজনীয়। আপোনালোকে ফিট ইণ্ডিয়া অভিযানক আগুৱাই লৈ গৈছে সেই কথা জানি মোৰ বাবে ভাল লাগিল। এনচিচিৰ কেডেটসকলে ক্ৰীড়াক্ষেত্ৰতো ভাল প্ৰদৰ্শন কৰিছে।

 

বন্ধুসকল,

আজি আপোনালোক যুৱক-যুৱতীসকলৰ মাজত পুনৰ মেদবহুলতাৰ বিষয়টো উত্থাপন কৰিছো। অধ্যয়নত কোৱা হৈছে যে আগন্তুক সময়ত ভাৰতৰ প্ৰতি তৃতীয়জন ব্যক্তিয়ে মেদবহুলতাৰ বাবে অসুবিধা পাব পাৰে। মেদবহুলতাৰ এই সমস্যাৰ পৰাই দেশত ডায়েবেটিছ, ৰক্তচাপ আৰু এনে বহু ৰোগৰ আশংকাৰ উদ্ভৱ হৈছে। ইয়াৰ আটাইতকৈ প্ৰভাৱান্বিত  শ্ৰেণী হ’ব পাৰে আমাৰ যুৱক-যুৱতীসকল। গতিকে এতিয়াৰে পৰা আমি সজাগ হৈ থকাটো প্ৰয়োজনীয়; আমি আমাৰ খোৱাতেলৰ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰা উচিত। কিছুদিনৰ আগতে খাদ্যত তেলৰ পৰিমাণ ১০ শতাংশ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিলোঁ। আজি পুনৰ সেই  আহ্বান  আপোনালোক সকলো যুৱক-যুৱতীৰ বাবে  আওৰাইছো।

বন্ধুসকল,

এনচিচিয়ে কেৱল ড্ৰিল শিকোৱাই নহয়; এই সংস্থাটোৱে আপোনালোকক নাগৰিক হিচাপে দায়িত্ব সহকাৰে জীয়াই থাকিবলৈ শিকাইছে। ইয়াত আপোনালোকে সেই দক্ষতাসমূহ, সেই মূল্যবোধসমূহ শিকে, যিয়ে আপোনালোকক এজন উন্নত নাগৰিক হোৱাত সহায় কৰে। গণৰাজ্য দিৱস উদযাপনত লাভ কৰা  অভিজ্ঞতাই আপোনালোকৰ ব্যক্তিত্বক আৰু অধিক পৰিশোধন কৰিব। জীৱনৰ প্ৰতিটো পৰীক্ষাত আপোনালোক সফল হওক, আৰু উন্নত ভাৰত (বিকশিত ভাৰত) গঢ়াত আপোনালোকৰ অৱদান জিলিকি থাকক। আপোনালোক সকলোলৈ বহুত বহুত শুভেচ্ছা থাকিল।

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

আৰু যিহেতু দেশে আজি বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে , সেয়ে কওঁক-

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
French Space companies announce key agreements with Indian firms at Paris Space Summit

Media Coverage

French Space companies announce key agreements with Indian firms at Paris Space Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister remembers victims of 9/11 attacks, reiterates unwavering resolve to combat terrorism
September 11, 2026

The Prime Minister, Shri Narendra Modi has remembered and honoured the victims of the horrific 9/11 attacks on the 25th anniversary and expressed solidarity with the families whose lives were forever changed.

Shri Modi said that terrorism has claimed countless lives around the world and noted that, as a victim of cross-border terrorism, India has been at the forefront of the fight against terrorism for several decades.

He further added that while the threat of terrorism continues to evolve, India’s resolve and opposition to terrorism in all its forms and manifestations remain unwavering. He expressed solidarity with all efforts to combat this scourge.

The Prime Minister also shared glimpses from his visit to the 9/11 Memorial & Museum in 2014.

In a post on X, Shri Modi said;

“25 years on from the horrific 9/11 attacks, we remember and honour the victims and stand in solidarity with the families whose lives were forever changed.

Terrorism has claimed countless lives around the world. As a victim of cross-border terrorism, India has been at the forefront of this fight for several decades.

While the threat keeps evolving, our resolve and opposition to terrorism in all its forms and manifestations remain unwavering. We stand in solidarity with all efforts to combat this scourge.

Here are glimpses from my visit to the 9/11 Memorial & Museum in 2014.”