প্ৰধানমন্ত্ৰীৰ আকাংক্ষিত ব্লক কাৰ্যসূচী আৰম্ভ; ৰাজ্যসমূহক ব্লক পৰ্যায়ত আকাংক্ষিত জিলা কাৰ্যসূচী অনুসৰণ কৰিবলৈ আহ্বান
এখন উন্নত ভাৰত গঢ়িবলৈ দেশে আন্তঃগাঁথনি, বিনিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ চাৰিটা স্তম্ভত গুৰুত্ব আৰোপ কৰিছেঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বই বিশ্বৰ যোগান শৃংখলত সুস্থিৰতা অনাৰ বাবে ভাৰতৰ প্ৰতি দৃঢ়তাৰে চাইছেঃ প্ৰধানমন্ত্ৰী
এমএছএমইসমূহক বিশ্ব চেম্পিয়ন আৰু বিশ্ব মূল্য শৃংখলৰ অংশ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰকঃ প্ৰধানমন্ত্ৰী
আমি স্বপ্ৰমাণীকৰণ, অনুমোদন আৰু প্ৰ-পত্ৰৰ প্ৰামাণিককৰণৰ দিশত আগবাঢ়িব লাগেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে চাইবাৰ সুৰক্ষা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি দুয়োটাৰে উন্নয়নৰ সম্পৰ্কে আলোচনা কৰে
আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰৰ তাৎপৰ্য্য আৰু বাজৰাৰ সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধিৰ পদক্ষেপৰ বিষয়ে আলোচনা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পুৱা দিল্লীত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত ভাষণ আগবঢ়ায়৷

ভাৰতে ২০২২ৰ জুন মাহৰ শেহতীয়া সন্মিলনৰ পৰা উপনীত হোৱা কেতবোৰ দিশ যেনে-জি-২০ৰ ৰাষ্ট্ৰপতি পদ লাভ, বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি, নতুন ষ্টাৰ্টআপৰ দ্ৰুত পঞ্জীয়ন, মহাকাশ খণ্ডত ব্যক্তিগত প্ৰতিষ্ঠানৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় লজিষ্টিক নীতি আৰম্ভ, ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অনুমোদন আদি দিশবোৰ দোঁহাৰে। তেওঁ ৰাজ্য আৰু কেন্দ্ৰই একেলগে কাম কৰি প্ৰগতিৰ গতি বৃদ্ধি কৰা উচিত বুলি আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এখন উন্নত ভাৰত গঢ়াৰ স্বাৰ্থত দেশখনে আন্তঃগাঁথনি, বিনিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে আজি সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত নিজৰ বিশ্বাস স্থাপন কৰিছে আৰু আমাক বিশ্বৰ যোগান শৃংখলত সুস্থিৰতা আনিব পৰা দেশ হিচাপে প্ৰত্যক্ষ কৰিছে। তেওঁ কয় যে ৰাজ্যসমূহে নেতৃত্ব ল’লেহে দেশে ইয়াৰ সম্পূৰ্ণ সুবিধা ল’ব পাৰিব, গুণগত মানৰ ওপৰত গুৰুত্ব বজাই ৰাখি ভাৰত-প্ৰথম পদ্ধতিৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে কয় যে ৰাজ্যসমূহে উন্নয়নকেন্দ্ৰিক শাসন ব্যৱস্থা, ব্যৱসায় কৰাত সহজ পৰিৱেশ, সহজ জীৱন-যাপন আৰু শক্তিশালী আন্তঃগাঁথনিৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে।

আকাংক্ষিত ব্লক কাৰ্যসূচী শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে আকাংক্ষিত জিলা কাৰ্যসূচীৰ অধীনত দেশৰ বিভিন্ন আকাংক্ষিত জিলাত লাভ কৰা সফলতাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে আকাংক্ষিত জিলা আৰ্হি এতিয়া আকাংক্ষিত ব্লক কাৰ্যসূচীৰ ৰূপত ব্লক পৰ্যায়লৈ লৈ যোৱা উচিত। তেওঁ বৈঠকত উপস্থিত থকা বিষয়াসকলক নিজ নিজ ৰাজ্যত আকাংক্ষিত ব্লক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কয়।

এমএছএমইসমূহৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যসমূহে এমএছএমই আনুষ্ঠানিককৰণৰ দিশত সক্ৰিয়ভাৱে কাম কৰিব লাগিব। তেওঁ কয় যে এইএমএছএমইসমূহক বিশ্বজুৰি প্ৰতিযোগিতামূলক কৰি তুলিবলৈ আমি বিত্ত, প্ৰযুক্তি, বজাৰ আৰু দক্ষতাৰ বাবে প্ৰৱেশ উপলব্ধ কৰিব লাগিব। তেওঁ জিএম পৰ্টেলত অধিক এমএছএমইক সামৰি লোৱাৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে আমি এমএছএমইসমূহক বিশ্ব চেম্পিয়ন আৰু বিশ্ব মূল্য শৃংখলৰ অংশ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। এমএছএমইৰ বিকাশত ক্লাষ্টাৰ পদ্ধতিৰ সফলতাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এমএছএমই ক্লাষ্টাৰ আৰু আত্মসহায়ক গোটৰ সংযোগ অনন্য স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু তেওঁলোকৰ বাবে ইয়াক ‘এখন জিলা’ৰ প্ৰচেষ্টাৰ সৈতে সংযুক্ত কৰি 'এটা সামগ্ৰী' জিআই টেগ পঞ্জীয়ন লাভৰ বাবে অন্বেষণ কৰিব পাৰি৷ তেওঁ  লগতে কয় যে ই ভোকেল ফৰ লোকেলত উদ্গনি যোগাব। তেওঁ কয় যে ৰাজ্যসমূহে নিজৰ শ্ৰেষ্ঠ স্থানীয় সামগ্ৰী চিনাক্ত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় লাভ কৰাত সহায় কৰিব লাগে। ইয়াত তেওঁ ষ্টেছ্যু অৱ ইউনিটীৰ একতা মলৰ উদাহৰণো দাঙি ধৰে৷

প্ৰধানমন্ত্ৰীয়ে এসময়ত দেশখনে সন্মুখীন হোৱা অতিমাত্ৰা নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞাৰ বোজা, আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত হাজাৰ হাজাৰ বাধ্যবাধকতাৰ অন্ত পেলাবলৈ কৰা সংস্কাৰৰ কথা মনত পেলাই দিয়ে। তেওঁ পুৰণি আইনসমূহৰ প্ৰত্যাহাৰৰ প্ৰয়োজনীয়তাৰ কথাও কয়, যিবোৰৰ কিছুমান স্বাধীনতাৰ পিছৰে পৰা স্থায়ী হৈ আছিল।

বিভিন্ন চৰকাৰী বিভাগে কেনেকৈ একে নথি-পত্ৰ বিচাৰি থাকে সেই বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সময়ৰ আহ্বানত স্বপ্ৰমাণীকৰণ, অনুমোদন আৰু প্ৰ-পত্ৰৰ প্ৰামানিকৰণৰ দিশত অগ্ৰসৰ হৈছে। ভৌতিক আৰু সামাজিক দুয়োটা আন্তঃগাঁথনিৰ উন্নতিৰ দিশত দেশখনে কেনেদৰে কাম কৰি আছে সেই বিষয়ে উল্লেখ কৰি তেওঁ পিএম গতিশক্তি নেচনেল মাষ্টাৰপ্লেনৰ বিষয়ে আলোচনা কৰে। তেওঁ তথ্য সুৰক্ষা আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ নিৰৱচ্ছিন্ন প্ৰদানৰ বাবে সুৰক্ষিত প্ৰযুক্তি আন্তঃগাঁথনি থকাৰ জটিলতাৰ বিষয়েও কয়। তেওঁ ৰাজ্যসমূহে শক্তিশালী চাইবাৰ সুৰক্ষা কৌশল গ্ৰহণৰ চেষ্টা কৰা উচিত বুলি জোৰ দি কয় যে এই বিনিয়োগ ভৱিষ্যতৰ বীমাৰ দৰে। চাইবাৰ নিৰাপত্তা অডিট আৰু সংকট ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুতৰ সৈতে জড়িত দিশসমূহো তেওঁ আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ উপকূলীয় অঞ্চলসমূহৰ উন্নয়ন সন্দৰ্ভতো আলোচনা কৰে। তেওঁ কয় যে দেশৰ বিশাল একচেটিয়া অৰ্থনৈতিক মণ্ডল সম্পদেৰে সজ্জিত আৰু ই দেশৰ বাবে ব্যাপক সুযোগ প্ৰদান কৰে। বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে মিছন লাইফ (পৰিৱেশৰ জীৱনশৈলী) আৰু ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যসমূহে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

ভাৰতৰ উদ্যোগত ৰাষ্ট্ৰসংঘই ২০২৩চনক আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ হিচাপে ঘোষণা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাজৰা কেৱল স্মাৰ্ট খাদ্যই নহয়, ই পৰিৱেশ অনুকূল আৰু ভৱিষ্যতে বহনক্ষম খাদ্য হিচাপে পৰিগণিত হ’ব পাৰে। তেওঁ কয় যে ৰাজ্যসমূহে বাজৰাৰ সামগ্ৰীৰ সৈতে জড়িত গৱেষণাৰ কাম কৰিব লাগে যেনে-বাজৰাৰ সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, পেকেজিং, বিপণন, ব্ৰেণ্ডিং আদি আৰু সামগ্ৰিকভাৱে মূল্য সংযোজনৰ প্ৰচাৰ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিশিষ্ট ৰাজহুৱা স্থান আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়ত ‘মিলেট কেফে’ স্থাপনৰ বিষয়েও আলোচনা কৰে আৰু লগতে কয় যে ৰাজ্যত অনুষ্ঠিত হৈ থকা জি-২০ৰ বৈঠকত বাজৰাৰ প্ৰদৰ্শন কৰিব পাৰে।

ৰাজ্যসমূহত জি-২০ বৈঠকৰ সৈতে জড়িত প্ৰস্তুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে সাধাৰণ নাগৰিকসকলক জড়িত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এনে ‘নাগৰিক সংযোগ’ লাভৰ বাবে সৃষ্টিশীল সমাধানৰ কল্পনা কৰা উচিত। তেওঁ জি-২০ৰ সৈতে জড়িত প্ৰস্তুতিৰ বাবে এটা সমৰ্পিত দল গঠনৰো পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে বিদেশৰ পৰা সৰবৰাহ হোৱা ড্ৰাগছ, আন্তঃৰাষ্ট্ৰীয় অপৰাধ, সন্ত্ৰাসবাদ আৰু ভুল তথ্যই সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভতো ৰাজ্যসমূহক সকীয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে আমোলাতন্ত্ৰৰ সামৰ্থ্য বৃদ্ধিৰ প্ৰয়োজনীয়তা আৰু মিছন কৰ্মযোগী আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ প্ৰশিক্ষণ আন্তঃগাঁথনি পুনৰীক্ষণ কৰি সামৰ্থ্য বিকাশৰ কাৰ্যসূচী আৰম্ভ কৰা উচিত৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মুখ্য সচিবসকলৰ এই সন্মিলনখন অনুষ্ঠিত কৰিবলৈ বিভিন্ন পৰ্যায়ৰ প্ৰায় ৪০০০ বিষয়াই কাম কৰিছে, যাৰ বাবে ১ লাখ ১৫ হাজাৰতকৈ অধিক মানৱ ঘণ্টা বিনিয়োগ কৰা হৈছে। তেওঁ কয় যে এই প্ৰচেষ্টাসমূহে ক্ষেত্ৰভিত্তিকভাৱেও প্ৰতিফলন আৰম্ভ কৰিব লাগে আৰু ৰাজ্যসমূহক সন্মিলনৰ পৰা উদ্ভৱ হোৱা পৰামৰ্শৰ ভিত্তিত কাৰ্য্য পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰিবলৈ কয়। তেওঁ লগতে কয় যে নিটি আয়োগেও এই ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা গঢ়ি তুলিব লাগে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।