প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খেল’ ইণ্ডিয়াৰ ৫ বছৰ পূৰ্তিত এই পদক্ষেপে ক্ৰীড়া প্ৰতিভাক উৎসাহিতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লৈছে।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“আমি খেল’ ইণ্ডিয়াৰ ৫ বছৰ পূৰ্তি উদযাপনৰ শুভলগনত এই পদক্ষেপে ক্ৰীড়া প্ৰতিভাক উৎসাহিতকৰণৰ ক্ষেত্ৰত আৰু খেলুৱৈসকলক তেওঁলোকৰ উত্তৰণৰ বাবে এক বিশাল মঞ্চ প্ৰদানত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লৈছোঁ। আমাৰ চৰকাৰে ভাৰতত ক্ৰীড়াৰ অগ্ৰগতিৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰি যাব।”
As we mark #5YearsOfKheloIndia, we acknowledge the role played by this initiative in encouraging sporting talent and giving a great platform to athletes to shine. Our Government shall continue to create the ideal environment for sports to thrive in India. https://t.co/kGM23DIAbV
— Narendra Modi (@narendramodi) April 22, 2023


