আজি হিমাচল প্ৰদেশৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “হিমাচল প্ৰদেশৰ পূৰ্ণ ৰাজ্য দিৱসৰ ৫০ বছৰ পূৰ্তি উপলক্ষে ৰাজ্যখনৰ প্ৰতিজন লোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰাকৃতিক সুন্দৰতা আৰু মনোমোহা পৰ্যটন স্থলীৰ বাবে প্ৰসিদ্ধ এই ৰাজ্যখনৰ নিত্য নতুন বিকাশ সাধন হৈ আছে আৰু দেশৰ উন্নয়নলৈ বৰঙণি যোগাই আহিছে।"
हिमाचल प्रदेश के पूर्ण राज्यत्व दिवस के 50 वर्ष पूरे होने पर राज्य के सभी निवासियों को मेरी हार्दिक शुभकामनाएं। प्राकृतिक सुंदरता और मनमोहक पर्यटन स्थलों के लिए प्रसिद्ध यह प्रदेश विकास के नित नए मानदंड गढ़ता रहे और देश की उन्नति में अपना योगदान देता रहे। #SwarnimHimachal
— Narendra Modi (@narendramodi) January 25, 2021


