প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক তথা জ্ঞানপীঠ বঁটা বিজয়ী বিনোদ কুমাৰ শুক্লাৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে হিন্দী সাহিত্য জগতলৈ তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।
ছ’চিয়েল মিডিয়াj এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক বিনোদ কুমাৰ শুক্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। হিন্দী সাহিত্য জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁক সদায় স্মৰণীয় হৈ থাকিব। শোকৰ এই মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকলক মোৰ সমবেদনা জনালো । ওম শান্তি।"
ज्ञानपीठ पुरस्कार से सम्मानित प्रख्यात लेखक विनोद कुमार शुक्ल जी के निधन से अत्यंत दुख हुआ है। हिन्दी साहित्य जगत में अपने अमूल्य योगदान के लिए वे हमेशा स्मरणीय रहेंगे। शोक की इस घड़ी में मेरी संवेदनाएं उनके परिजनों और प्रशंसकों के साथ हैं। ओम शांति।
— Narendra Modi (@narendramodi) December 23, 2025


