প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত কেইবাজনো লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ অনুগ্ৰহ ধন দিব বুলি ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত পোষ্ট কৰিছে:
'বিৰুধুনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ কথা জানিব পাৰিলোঁ, যিটো অত্যন্ত দুখজনক খবৰ। এই কঠিন সময়ত মোৰ গভীৰ সমবেদনা দুখজনক মৃত্যু হোৱা লোকসকলৰ পৰিজনৰ সৈতে আছে। মই এই দুৰ্ঘটনাটোত আহত সকলো লোকৰ আশু আৰু সম্পূৰ্ণ আৰোগ্য হোৱাৰ কামনা কৰিছোঁ।
প্ৰতিজন মৃতকৰ পৰিজনক পিএমএনআৰএফৰ পৰা ২ লাখকৈ টকাৰ অনুগ্ৰহ ধন দিয়া হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: পিএম @নৰেন্দ্ৰ মোদী।'
It is with a heavy heart that I learnt about a mishap at a firecracker factory in Virudhunagar district. During this difficult time, my thoughts are with the loved ones of those who have tragically passed away. I wish a swift and full recovery for all who have been injured.
— PMO India (@PMOIndia) February 17, 2024
An…


