ৰাষ্ট্ৰপতিৰ ভাষণে সাম্প্ৰতিক সময়ত ভাৰতৰ উল্লেখযোগ্য উন্নয়ন যাত্ৰাক প্ৰতিফলিত কৰাৰ লগতে ভৱিষ্যতৰ বাবে এক স্পষ্ট দিশ দেখুৱাইছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে আজি উভয় সদনতে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মহোদয়াই  আজি প্ৰদান কৰা  ভাষণটো ব্যাপক আৰু অন্তৰ্দৃষ্টিসম্পন্ন বুলি উল্লেখ কৰে। ই ভৱিষ্যতৰ বাবে স্পষ্ট দিশ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে সাম্প্ৰতিক সময়ত ভাৰতৰ  উন্নয়নৰ উল্লেখযোগ্য যাত্ৰাক প্ৰতিফলিত  কৰা বুলি মন্তব্য কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি মহোদয়াৰ  আজিৰ ভাষণত বিকাশ ভাৰত গঢ়াৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে আমাৰ এক শক্তিশালী আৰু স্বাৱলম্বী জাতি গঢ়াৰ আকাংক্ষাক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত  শ্ৰী মোদীয়ে লগতে কয়“ই ৰিফৰ্ম এক্সপ্ৰেছ আৰু উদ্ভাৱন তথা সুশাসনৰ বিষয়ত আৰোপ কৰা গুৰুত্বই  আমাৰ সামূহিক প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে”। 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

“ৰাষ্ট্ৰপতি মহোদয়াৰ  প্ৰেৰণাদায়ক ভাষণেৰে আজিৰে পৰা দুয়োটা সদনতে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন।আমাৰ সংসদীয় পৰম্পৰাত এই ভাষণৰ বিশেষ গুৰুত্ব আছে, কিয়নো ইয়াত নীতিগত দিশ আৰু সামূহিক সংকল্পৰ কথা উল্লেখ কৰা হৈছে, যিয়ে অনাগত মাহসমূহত  আমাৰ দেশৰ উন্নয়নমূলক যাত্ৰাক পথ প্ৰদৰ্শন কৰিব।

আজিৰ ভাষণ আছিল ব্যাপক আৰু অন্তৰ্দৃষ্টিসম্পন্ন। ই ভৱিষ্যতৰ বাবে স্পষ্ট দিশ নিৰ্দেশনা কৰাৰ লগতে সাম্প্ৰতিক সময়ত ভাৰতৰ উল্লেখযোগ্য উন্নয়ন যাত্ৰাক প্ৰতিফলিত কৰিছে। এক শক্তিশালী আৰু স্বাৱলম্বী দেশ  গঢ়ি তোলাৰ আমাৰ ভাগ-বতৰা কৰা আকাংক্ষাক প্ৰতিফলিত কৰি বিকশিত ভাৰত গঢ়াৰ বিষয়ত গুৰুত্ব  আৰোপ কৰিছে। ভাষণটোত কৃষক, যুৱক-যুৱতী, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ বাবে গ্ৰহণ কৰা স্থায়ী প্ৰচেষ্টাৰ বিষয়ত আলোকপাত কৰি বিস্তৃত বিষয়বস্তু সামৰি লোৱা হৈছে। ই ৰিফৰ্ম এক্সপ্ৰেছ আৰু উদ্ভাৱন তথা সুশাসনৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আমাৰ সামূহিক প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India