মহাৰাষ্ট্ৰত ৭৫,০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
নাগপুৰ আৰু শিৰদী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
সমৃদ্ধি মহামাৰ্গ বা নাগপুৰ-মুম্বাই ছুপাৰ কমিউনিকেচন এক্সপ্ৰেছৱে, সমগ্ৰ দেশতে উন্নত সংযোগ আৰু আন্তঃগাঁথনিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ
নাগপুৰৰ নগৰীয়া গতিশীলতাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নাগপুৰ মেট্ৰ’ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
এইমছ নাগপুৰক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে - ২০১৭ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰীয়েই ইয়াৰ আধাৰশিলাও স্থাপন কৰিছিল
নাগপুৰ আৰু বিলাসপুৰ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
নাগপুৰ ৰে’ল ষ্টেচন আৰু আজনী ৰে’ল ষ্টেচন পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
নাগপুৰত নেচনেল ইনষ্টিটিউট অৱ ৱান হেল্থ আৰু নাগ নদী প্ৰদূষণ হ্ৰাস প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
এই কাৰ্যসূচীৰ সময়ত তেওঁ তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠানো উদ্বোধন কৰিব। সন্ধিয়া প্ৰায় ৫:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে গোৱাৰ মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২২ত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব৷
গোৱাত বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।
প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কাম উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২২ত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব৷

পুৱা ৯.৩০ বুজাত প্ৰধানমন্ত্ৰী নাগপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব, য’ত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰিডম পাৰ্ক মেট্ৰ’ ষ্টেচনৰ পৰা খাপৰী মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰিব, য’ত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়’ৰ কামৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ একেটা অনুষ্ঠানত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়’ৰ কামৰ আধাৰশিলা স্থাপন কৰিব৷ ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে ঘাইপথেৰে যাত্ৰা কৰিব৷ ১১.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে এইমছ নাগপুৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷

নাগপুৰত এক ৰাজহুৱা অনুষ্ঠানত পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ১৫০০ কোটিৰো অধিক  টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় ৰে’ল প্ৰকল্পৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ নাগপুৰত নেচনেল ইনষ্টিটিউট অৱ ৱান হেল্থ (এনআইঅ’) আৰু নাগ নদী প্ৰদূষণ হ্ৰাস প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি (চিপেট), চন্দ্ৰপুৰ’ প্ৰতিষ্ঠানো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে ‘চেণ্টাৰ ফৰ ৰিচাৰ্চ, মেনেজমেণ্ট এণ্ড কণ্ট্ৰ’ল অৱ হিম’গ্লবিনোপেথী, চন্দ্ৰপুৰ’ উদ্বোধন কৰিব।

গোৱাত বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব। এই কাৰ্যসূচীৰ সময়ত তেওঁ তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠানো উদ্বোধন কৰিব। সন্ধিয়া প্ৰায় ৫:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে গোৱাৰ মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব।

নাগপুৰত প্ৰধানমন্ত্ৰী

মৃদ্ধি মহামাৰ্গ

প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী ৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কাম উদ্বোধন কৰিব৷

সমৃদ্ধি মহামাৰ্গ বা নাগপুৰ-মুম্বাই ছুপাৰ কমিউনিকেচন এক্সপ্ৰেছৱে প্ৰকল্প, সমগ্ৰ দেশতে উন্নত সংযোগ আৰু আন্তঃগাঁথনিৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ। প্ৰায় ৫৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এক্সপ্ৰেছৱে’টো ভাৰতৰ অন্যতম দীঘলীয়া এক্সপ্ৰেছৱে’, যিটোৱে মহাৰাষ্ট্ৰৰ ১০খন জিলা আৰু বিশিষ্ট নগৰ অঞ্চল অম্ৰাৱতী, ঔৰংগাবাদ আৰু নাছিকৰ মাজেৰে পাৰ হৈ গৈছে। এই এক্সপ্ৰেছৱেই সংলগ্ন আন ১৪খন জিলাৰ সংযোগ উন্নত কৰাত সহায় কৰিব, যাৰ ফলত বিদৰ্ভ, মাৰাথৱাদা আৰু উত্তৰ মহাৰাষ্ট্ৰ অঞ্চলকে ধৰি ৰাজ্যখনৰ প্ৰায় ২৪খন জিলাৰ উন্নয়নত সহায়ক হ’ব।

প্ৰধানমন্ত্ৰী গতি শক্তিৰ অধীনত আন্তঃগাঁথনি সংযোগ প্ৰকল্পৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সমৰ্থন জনাই সমৃদ্ধি মহামাৰ্গে দিল্লী মুম্বাই এক্সপ্ৰেছৱে, জৱাহৰলাল নেহৰু বন্দৰ ট্ৰাষ্ট আৰু অজন্তা ইলোৰা গুহা, শিৰদী, ভেৰুল, ল’নাৰ আদি পৰ্যটন স্থলীৰ সৈতে সংযোগ স্থাপন কৰিব। সমৃদ্ধি মহামাৰ্গ মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত এক বৃহৎ উদ্গনি প্ৰদানৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হ’ব।

নাগপুৰ মেট্ৰ’

নগৰীয়া গতিশীলতাত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ দুখন মেট্ৰ’ ৰে’ল-খাপৰিৰ পৰা অ’টোমোটিভ স্কোৱাৰ (অ’ৰেঞ্জ লাইন) আৰু প্ৰজাপতি নগৰৰ পৰা লোকমান্য নগৰ (একুৱা লাইন)লৈ-খাপৰি মেট্ৰ’ ষ্টেচনত ফ্লেগ অফ কৰিব। নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়ৰ কাম ৮,৬৫০ কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৬,৭০০ কোটিতকৈ অধিক টকা ব্যয়ৰে উন্নীত হ’বলগীয়া নাগপুৰ মেট্ৰ’ দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

এইমছ নাগপুৰ

সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এইমছ নাগপুৰক ৰাষ্ট্ৰৰ নামত উচৰ্গাৰ জৰিয়তে অধিক শক্তিশালী হ’ব। ২০১৭ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় খণ্ডৰ আঁচনি প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল।

১,৫৭৫ কোটিতকৈ অধিক টকা ব্যয়ৰে উন্নয়ন সাধন কৰা এইমছ নাগপুৰ হৈছে অত্যাধুনিক সুবিধা থকা এখন চিকিৎসালয়, য’ত অ’পিডি, আইপিডি, ডায়েগনষ্টিক সেৱা, অপাৰেচন থিয়েটাৰ আৰু ৩৮টা বিভাগে মেডিকেলৰ সকলো গুৰুত্বপূৰ্ণ বিশেষ আৰু ছুপাৰস্পেচিয়েলিটি বিষয় সামৰি লৈছে৷ মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চললৈ আধুনিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা এই চিকিৎসালয়খন ইয়াৰ আশে-পাশে থকা গডচিৰোলি, গণ্ডিয়া আৰু মেলঘাট আদি জনজাতীয় অঞ্চলৰ বাবে এক আশীৰ্বাদস্বৰূপ।

ৰে’ল প্ৰকল্পসমূহ

নাগপুৰ ৰে’ল ষ্টেচনত প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু বিলাসপুৰৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷

নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ক্ৰমে প্ৰায় ৫৯০ কোটি আৰু ৩৬০ কোটি টকা ব্যয় সাপেক্ষে পুনৰ উন্নয়ন কৰিবলগীয়া নাগপুৰ ৰে’ল ষ্টেচন আৰু আজনী ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে চৰকাৰী ৰক্ষণাবেক্ষণ ডিপো, আজনী (নাগপুৰ) আৰু নাগপুৰ-ইটাৰ্ছিৰ কোহলী-নৰ্খেৰ খণ্ডৰ তৃতীয় লাইন প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। প্ৰায় ১১০ কোটি আৰু প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে এই প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে।

নেচনেল ইনষ্টিটিউট অৱ ৱান হেল্থনাগপুৰ

প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ নেচনেল ইনষ্টিটিউট অৱ ৱান হেল্থ (এনআইঅ’) ৰ আধাৰশিলা স্থাপন কৰাটো ‘এক স্বাস্থ্য’ দৃষ্টিভংগীৰ অধীনত দেশৰ সামৰ্থ্য আৰু আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশত এক পদক্ষেপ।

‘এক স্বাস্থ্য’ দৃষ্টিভংগীয়ে স্বীকাৰ কৰে যে মানুহৰ স্বাস্থ্য জীৱ-জন্তুৰ স্বাস্থ্য আৰু পৰিৱেশৰ সৈতে জড়িত। এই দৃষ্টিভংগীয়ে প্ৰশংসা কৰে যে মানুহক আক্ৰান্ত কৰা বেছিভাগ সংক্ৰামক ৰোগই জুনোটিক (প্ৰাণীৰ পৰা মানুহলৈ) প্ৰকৃতিৰ। ১১০ কোটি টকাতকৈ অধিক ব্যয়ৰে প্ৰতিষ্ঠা হ’বলগীয়া এই প্ৰতিষ্ঠানে সকলো অংশীদাৰৰ সৈতে সহযোগিতা আৰু সমন্বয় সাধন কৰিব আৰু সমগ্ৰ দেশতে ‘এক স্বাস্থ্য’ দৃষ্টিভংগীত গৱেষণা আৰু সামৰ্থ্য বিকাশৰ উন্নতিৰ বাবে অনুঘটক হিচাপে কাম কৰিব।

অন্যান্য প্ৰকল্পসমূহ

প্ৰধানমন্ত্ৰীয়ে নাগপুৰত নাগ নদীৰ প্ৰদূষণ হ্ৰাসৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো-ৰাষ্ট্ৰীয় নদী সংৰক্ষণ পৰিকল্পনা (এনআৰচিপি)ৰ অধীনত ১৯২৫ কোটিতকৈ অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰা হ’ব।

বিদৰ্ভ অঞ্চলত বিশেষকৈ জনজাতীয় জনসংখ্যাৰ মাজত ছিকেল চেল ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বেছি। এই ৰোগৰ লগতে থেলাছেমিয়া আৰু এইচবিইৰ দৰে অন্যান্য হিম’গ্লবিনোপেথীয়ে দেশত যথেষ্ট ৰোগৰ বোজাৰ সৃষ্টি কৰে। এই বিষয়টোৰ সমাধানৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ‘চেণ্টাৰ ফৰ ৰিচাৰ্চ, মেনেজমেণ্ট এণ্ড কণ্ট্ৰল অৱ হিম’গ্লবিনোপেথী, চন্দ্ৰপুৰ’ৰ আধাৰশিলা স্থাপন কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে এতিয়া ৰাষ্ট্ৰৰ নামত এই কেন্দ্ৰটো উচৰ্গা কৰিব, যিটো হিমগ্ল’বিনোপেথীৰ ক্ষেত্ৰত দেশত উদ্ভাৱন গৱেষণা, প্ৰযুক্তি উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ পৰিকল্পনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰপুৰস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি (চিপেট) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰতিষ্ঠানটোৱে পলিমাৰ আৰু সংশ্লিষ্ট উদ্যোগসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দক্ষ মানৱ সম্পদ বিকাশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

গোৱাত প্ৰধানমন্ত্ৰী

মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গোৱা

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বিশ্বমানৰ আন্তঃগাঁথনি আৰু পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে৷ ইয়াৰ লগতি সংগতি ৰাখি আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে গোৱাৰ মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব। ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই বিমানবন্দৰটোৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰায় ২,৮৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটোত অন্যান্য এনে সুবিধাৰ উপৰি বহনক্ষম আন্তঃগাঁথনিৰ বিষয়বস্তুক গুৰু্ত্ব আৰোপ কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সৌৰ শক্তি কেন্দ্ৰ, সেউজ অট্টালিকা, ৰাণৱেত এলইডিলাইট, বৰষুণৰ পানী সংগ্ৰহ, পুনঃব্যৱহাৰৰ সুবিধা থকা অত্যাধুনিক নলা পৰিশোধন প্লাণ্ট আছে৷ ইয়াত থ্ৰী-ডি মনোলিথিক প্ৰিকাষ্ট বিল্ডিং, ষ্টেবিলৰোড, ৰ’ব’মেটিক হোলো প্ৰিকাষ্ট ৱাল, ৫জি সামঞ্জস্যপূৰ্ণ আই টি আন্তঃগাঁথনিৰ দৰে কেতবোৰ অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰা হৈছে। বিমানবন্দৰটোৰ কিছুমান বৈশিষ্ট্যৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ বিমান পৰিচালনা কৰিব পৰা ৰাণৱে, বিমানৰ বাবে নিশা পাৰ্কিঙৰ সুবিধাৰ লগতে ১৪টা পাৰ্কিং বে, স্বয়ংক্ৰিয় সামগ্ৰী নমোৱাৰ সুবিধা, অত্যাধুনিক আৰু স্বতন্ত্ৰ বিমান পৰিবহণৰ আন্তঃগাঁথনি ইত্যাদি উল্লেখযোগ্য।

প্ৰথম অৱস্থাত বিমানবন্দৰৰ প্ৰথম পৰ্যায়ত বছৰি প্ৰায় ৪৪ লাখ যাত্ৰী (এমপিপিএ)ৰ ব্যৱস্থা কৰা হ’ব, যিটো ৩৩ এমপিপিএৰ ১০০শতাংশ বহন ক্ষমতালৈ সম্প্ৰসাৰিত কৰিব পৰা যাব। এই বিমানবন্দৰটোৱে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব আৰু পৰ্যটন উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। ইয়াৰ দ্বাৰা বহুতো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানক প্ৰত্যক্ষভাৱে সংযোগ কৰি এটা মূল লজিষ্টিক হাব হিচাপে কাম কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও বিমানবন্দৰটোত মাল্টি মডেল সংযোগ স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

বিশ্বমানৰ বিমানবন্দৰ হোৱাৰ বিপৰীতে এই বিমানবন্দৰটোৱে দৰ্শনাৰ্থীসকলক গোৱাৰ অনুভৱ আৰু অভিজ্ঞতাও প্ৰদান কৰিব। বিমানবন্দৰটোত গোৱাৰ স্থানীয় আজুলেজোছ টাইলছ বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। ফুড ক’ৰ্টখনেও সাধাৰণ গোৱাৰ কেফেৰ সৌন্দৰ্যক জেউতি চৰাইছে। ইয়াৰ উপৰিও ইয়াত কিউৰেটেড ফ্লি মাৰ্কেটৰ বাবে এটা নিৰ্দিষ্ট স্থান থাকিব য’ত স্থানীয় শিল্পী আৰু কলা-কুশলীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বজাৰ কৰিবলৈ উৎসাহিত কৰা হ’ব।

নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান

প্ৰধানমন্ত্ৰীয়ে তিনিখন ৰাষ্ট্ৰীয় আয়ুষ প্ৰতিষ্ঠান উদ্বোধন কৰাৰ লগতে নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব। এই তিনিটা প্ৰতিষ্ঠান হ’ল ক্ৰমে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (এআইআইএ), গোৱা, নেচনেল ইনষ্টিটিউট অৱ ইউনানি মেডিচিন (এনআইইউএম), গাজিয়াবাদ আৰু নেচনেল ইনষ্টিটিউট অৱ হোমিঅ’পেথী (এনআইএইচ), দিল্লী, যিকেইটা প্ৰতিষ্ঠানে গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সুলভ আয়ুষ সেৱাৰ সুবিধাও প্ৰদান কৰিব৷ মুঠ প্ৰায় ৯৭০ কোটি টকা ব্যয়ৰে বিকশিত কৰা এই প্ৰতিষ্ঠানসমূহে একেলগে প্ৰায় ৫০০ চিকিৎসালয়ৰ বিচনা সংযোজনৰ লগতে প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীৰ আসন বৃদ্ধি কৰিব।

বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ (ডব্লিউএচি) আৰু আৰোগ্য এক্সপ’ৰ নৱম সংস্কৰণত ৫০খনতকৈও অধিক দেশ, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু আয়ুৰ্বেদৰ বিভিন্ন অংশীদাৰক প্ৰতিনিধিত্ব কৰা চাৰি শতাধিক বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। ডব্লিউএচিৰ নৱম সংস্কৰণৰ বিষয়বস্তু হৈছে "এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ"।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Securing the Silver Years Atal Pension Yojana and its Transformative Journey (2015–2026)

Media Coverage

Securing the Silver Years Atal Pension Yojana and its Transformative Journey (2015–2026)
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Maharana Pratap on his Jayanti
May 09, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to the great warrior Maharana Pratap on his Jayanti.

The Prime Minister said that Maharana Pratap remains an immortal symbol of bravery and valour. He noted that the great warrior dedicated his life to protecting the honour, pride and dignity of the motherland.

The Prime Minister further said that the saga of Maharana Pratap’s indomitable courage and unwavering self-respect will continue to inspire the spirit of patriotism in the hearts of countrymen for generations to come.

The Prime Minister posted on X;

“वीरता और पराक्रम के अमर प्रतीक, देश के महान योद्धा महाराणा प्रताप को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। उन्होंने मातृभूमि की आन-बान और शान की रक्षा के लिए अपना जीवन समर्पित कर दिया। उनके अदम्य साहस और अटूट स्वाभिमान की गाथाएं युगों-युगों तक देशवासियों के हृदय में राष्ट्रभक्ति का दीप प्रज्वलित करती रहेंगी।”