প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, ২০১৮ত গুজৰাট ভ্ৰমণ কৰিব।

এই উপলক্ষে আনন্দত প্ৰধানমন্ত্ৰীয়ে আমূলৰ আল্ট্ৰা মডাৰ্ণ চকলেট প্লাণ্টকে ধৰি আধূনিক খাদ্য প্ৰস্তুতকৰণ ব্যৱস্থাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আনন্দ কৃষি বিশ্ববিদ্যালয়ত খাদ্য প্ৰস্তুতকৰণৰ অধ্যাধূনিক ইনকিউবেচন চেণ্টাৰ আৰু মুঝকুৱা গাঁৱত এক সৌৰ সমবায় সমিতি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আনন্দ আৰু খাটৰাজত আমূলৰ সামগ্ৰী প্ৰস্তুতকৰণৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক জনসভাতো ভাষণ আগবঢ়াব।

তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে অনজাৰ অভিমূখে ৰাওনা হ’ব। তাত তেওঁ মুন্দ্ৰা এলএনজি টাৰ্মিনেল, অনজাৰ-মুন্দ্ৰা পাইপলাইল প্ৰকল্প আৰু পালাপুৰ-পলী-বাৰ্মেৰ পাইপলাইন ইত্যাদি প্ৰকল্পসমূহ উদ্বোধন কৰিব। তাতো তেওঁ এক সভাত ভাষণ আগবঢ়াব।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ৰাজকোটত উপস্থিত হ’ব। ৰাজকোটত তেওঁ মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন কৰিব। এই সংগ্ৰহালয়টো ৰাজকোটৰ আলফ্ৰেড হাইস্কুল স্থাপন কৰা হৈছে, যিখন বিদ্যালয় মহাত্মা গান্ধীৰ গঠনমূলক দিনসমূহৰ অন্যতম অংগ আছিল। এই সংগ্ৰহালয়টিয়ে গান্ধীয়ান সংস্কৃতি, মূল্যবোধ আৰু দৰ্শনৰ সজাগতা বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ৬২৪টা গৃহৰ এক ৰাজহুৱা গৃহ প্ৰকল্পৰ শুভাৰম্ভণি উপলক্ষে এক নামফলকো উন্মোচন কৰিব। তেওঁ ২৪০টা হিতাধিকাৰী পৰিয়ালৰ ই-গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

নতুন দিল্লীৰ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী সংগ্ৰহালয় পৰিদৰ্শন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi