প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভালছাদ জিলাৰ জুজৱা গাঁৱত আয়োজিত এক ৰাজহুৱা সভাত কেন্দ্ৰীয় চৰকাৰৰ “সকলোৰে বাবে গৃহ”ৰ সপোনেৰে ৰূপায়ণ কৰা ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ হিতাধিকাৰীৰ সমূহীয়া ই-গৃহপ্ৰৱেশ অনুষ্ঠানত প্ৰত্যক্ষদৰ্শী হিচাপে উপস্থিত থাকিব।

গুজৰাট ৰাজ্যত ইতিমধ্যে ১ লাখতকৈ অধিক গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ৰাজ্যখনৰ ২৬ খন জিলাৰ এই গৃহসমূহৰ হিতাধিকাৰীয়ে সমূহীয়াভাৱে ই-গৃহপ্ৰৱেশ উদযাপন কৰিব। ভালছাদত দক্ষিণ গুজৰাটৰ পাঁচখন জিলা ক্ৰমে-ভালছাদ, নৱছাৰি, তাপি, ছুৰাট আৰু দাংছৰ হিতাধিকাৰীসকল সমবেত হ’ব। বাকী জিলাসমূহত সমূহীয়া গৃহপ্ৰৱেশ অনুষ্ঠানটি খণ্ড পৰ্যায়ত উদযাপন কৰা হ’ব। এই জিলাসমূহৰ হিতাধিকাৰীসকলক ভালছাদৰ মুল অনুষ্ঠানৰ সৈতে ভিডিঅ’ লিংকযোগে সংযোগ কৰা হ’ব। সৰ্বমুঠ প্ৰায় ২ লাখ লোক এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰাৰ আশা কৰা হৈছে।

একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা, মুখ্যমন্ত্ৰী গ্ৰামোদয় যোজনা আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানকে ধৰি বিভিন্ন উন্নয়নমুলক আঁচনিৰ অধীনত একাংশ নিৰ্বাচিত হিতাধিকাৰীক প্ৰশংসা-পত্ৰ আৰু সংস্থাপন পত্ৰ বিতৰণ কৰিব। তেওঁ মহিলা বেংক কৰেছপনডেণ্টক নিযুক্তি পত্ৰ আৰু মিনি-এটিএম প্ৰদান কৰিব। ইয়াৰ পাছতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে জুনাগড়ত একাধিক উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন কৰিব। সেইবোৰৰ ভিতৰত জুনাগড়ত এখন চৰকাৰী অসামৰিক চিকিৎসালয়; জুনাগড় পৌৰ নিগমৰ ১৩টা প্ৰকল্প আৰু খোখাৰ্ডাত দুগ্ধ উৎপাদন প্ৰকল্প উল্লেখযোগ্য। তেওঁ তাতো এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰস্থিত গুজৰাট ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয়ৰো সমাৱৰ্তন অনুষ্ঠানত ভাষণ আগবঢ়াব। দিল্লীলৈ ঘুৰি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সোমনাথ ট্ৰাষ্টৰ এখন বৈঠকতো ভাগ ল’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2026
June 14, 2026

From Healthcare to Himalayas: PM Modi's Vision Building an Unstoppable India