দেশৰ ৫১টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এছ আই এইচ ২০২৪ৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে
এই বছৰ প্ৰতিষ্ঠান পৰ্যায়ত আভ্যন্তৰীণ হেকাথনত ১৫০% বৃদ্ধি হৈছে, যাৰ ফলত ই সৰ্বকালৰ ভিতৰতে সৰ্ববৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ সপ্তম সংস্কৰণ (এছআইএইচ) ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা দেশজুৰি ৫১টা ন’ডেল চেণ্টাৰত সমান্তৰালভাৱে আৰম্ভ হ’ব। ছফটৱেৰ সংস্কৰম ৩৬ঘণ্টা ধৰি ননষ্টপ চলিব, আনহাতে হাৰ্ডৱেৰ সংস্কৰণ ২০২৪ চনৰ ১১ তাৰিখৰ পৰা ১৫ ডিচেম্বৰলৈ চলি থাকিব।বিগত সংস্কৰণৰ দৰে শিক্ষাৰ্থী দলসমূহে হয় মন্ত্ৰালয়সমূহে দিয়া সমস্যাৰ বিবৃতিসমূহৰ ওপৰত কাম কৰিব নহ’লে বিভাগ বা উদ্যোগসমূহে বা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খণ্ডৰ সৈতে জড়িত ১৭টা বিষয়বস্তুৰ যিকোনো এটাৰ বিপৰীতে ছাত্ৰ উদ্ভাৱন শ্ৰেণীত নিজৰ ধাৰণা দাখিল কৰিব। এই খণ্ডসমূহ হ’ল-স্বাস্থ্যসেৱা, যোগান শৃংখল আৰু লজিষ্টিক, স্মাৰ্ট প্ৰযুক্তি, ঐতিহ্য আৰু সংস্কৃতি, বহনক্ষমতা, শিক্ষা আৰু দক্ষতা বিকাশ, পানী, কৃষি আৰু খাদ্য, উদীয়মান প্ৰযুক্তি, আৰু দুৰ্যোগ ব্যৱস্থাপনা।

এইবাৰৰ সংস্কৰণৰ কেতবোৰ আকৰ্ষণীয় সমস্যাৰ বক্তব্যৰ ভিতৰত ইছৰোৱে উপস্থাপন কৰা ‘চন্দ্ৰত গাঢ় অঞ্চলৰ ছবি বৃদ্ধি কৰা’, উপস্থাপন কৰা ‘এআই, উপগ্ৰহৰ তথ্য, আইঅ’টি আৰু গতিশীল আৰ্হিৰ ব্যৱহাৰ কৰি সঠিক সময়ৰ গংগা পানীৰ গুণাগুণ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা’ জল শক্তি মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ে উপস্থাপন কৰা ‘এআইৰ সৈতে সংযুক্ত স্মাৰ্ট যোগ মেট বিকশিত কৰা’ আদি উল্লেখযোগ্য।

এই বছৰ ৫৪টা মন্ত্ৰালয়, বিভাগ, ৰাজ্য চৰকাৰ, পিএছইউ আৰু উদ্যোগে ২৫০টাতকৈও অধিক সমস্যাৰ বিবৃতি দাখিল কৰিছে। প্ৰতিষ্ঠান পৰ্যায়ত আভ্যন্তৰীণ হেকাথনত ১৫০% বৃদ্ধি হৈছে, ২০২৩ চনত এছআইএইচত ৯০০ৰো অধিক হোৱাৰ পৰা ২০২৪ চনত এছআইএইচত প্ৰায় ২,২৪৭লৈ বৃদ্ধি পাইছে, যাৰ ফলত এইটো এতিয়ালৈকে অনুষ্ঠিত সৰ্ববৃহৎ সংস্কৰণ হিচাপে পৰিগণিত হৈছে। প্ৰতিষ্ঠান পৰ্যায়ত এছআইএইচ ২০২৪ত ৮৬,০০০তকৈ অধিক দলে অংশগ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাউণ্ডৰ বাবে প্ৰায় ৪৯,০০০ শিক্ষাৰ্থীৰ দল (প্ৰতিটোতে ৬ জন ছাত্ৰ আৰু ২ জন গুৰুৰে গঠিত) বাছনি হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
HPV vaccination drive crosses 8 mn doses as India targets cervical cancer

Media Coverage

HPV vaccination drive crosses 8 mn doses as India targets cervical cancer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push