প্ৰতিৰক্ষা খণ্ডৰ দেশীয় গৱেষণা সক্ষমতাক উৎসাহিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২জানুৱাৰী,২০২০ বৃহস্পতিবাৰে ডিআৰডিঅ’ৰ পাঁচটা যুৱ বৈজ্ঞানিক পৰীক্ষাগাৰ দেশবাসীৰ বাবে মুকলি কৰিব৷
বাংগালুৰুস্থিত ডিআৰডিঅ’ৰ এৰোনটিকেল ডেভেলাপমেণ্ট বিভাগত আয়োজন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে এখন ফলক মুকলিৰে পৰীক্ষাগাৰ উদ্বোধন কৰিব আৰু বৈজ্ঞানিকসকলক সম্বোধন কৰিব৷
অনুষ্ঠান উপলক্ষে আয়োজিত এক প্ৰদৰ্শনীত ডিআৰডিঅ’ৱে প্রধানমন্ত্ৰীৰ সন্মুখত কিছুমান উদ্ভাৱনমূলক সামগ্ৰী প্ৰদৰ্শন কৰে৷
মুখ্যমন্ত্ৰী বি.এছ য়েডিয়ুৰাপ্পা আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি. শতীশ ৰেড্ডী অনুষ্ঠানত উপস্থিত থাকে৷
মনকৰিবলগীয়া যে, ২০১৪ত ডিআৰডিঅ’ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে ৩৫ বছৰ অনুৰ্ধৰ যুৱ বিজ্ঞানীসকলৰ উদ্ভাৱনসমূহৰ বাবে অতি কমেও পাঁচটা ডিআৰডিঅ’ পৰীক্ষাগাৰ থকা উচিত৷
আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লগতে যুৱ প্ৰজন্মক প্ৰতিৰক্ষা গৱেষণা সম্পৰ্কীয় কাৰ্যকলাপত ব্যাপকভাৱে জড়িত হ’বলৈ আহ্বান জনায়, যাতে ভাৰতে এই ক্ষেত্ৰত গোলকীয় প্ৰযুক্তিৰ দিশত হৈ থকা প্ৰগতিৰ সৈতে খোজ মিলাব পাৰে৷


