Our constant endeavour is to ensure affordable healthcare to every Indian: PM
To ensure the poor get access to affordable medicines, the Pradhan Mantri Bhartiya Janaushadhi Pariyojna has been launched: PM
The Government of India has reduced prices of stents substantially. This is helping the poor and the middle class the most: PM
Swachh Bharat Mission is playing a central role in creating a healthy India: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা আৰু অন্যান্য কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য সেৱা আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ সৈতে পঞ্চমবাৰলৈ বাৰ্তালাপ কৰে৷ স্বাস্থ্যসেৱা আৰু কল্যাণৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্যই হ’ল সকলো উন্নতি আৰু সফলতাৰ মূলমন্ত্ৰ৷ তেওঁ লগতে কয় যে ১২৫ কোটি সুস্থ নাগৰিকৰ সৈতে ভাৰতো সুস্থ হৈ উঠিব৷

হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী মোদীয়ে কয় যে বেমাৰে বিশেষকৈ কেৱল দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে বিত্তীয় বোজাৰ সৃষ্টি কৰে এনে নহয়, ই আমাৰ আৰ্থ সামাজিক দিশতো প্ৰভাৱ পেলায়৷ সেয়ে প্ৰত্যেক নাগৰিককে ব্যয়সাধ্য স্বাস্থ্যৰ সুবিধা প্ৰদান কৰাটো চৰকাৰৰ প্ৰয়াস হ’ব লাগে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা এই কাৰণেই মুকলি কৰা হৈছিল যাতে দুখীয়া, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীয়ে ব্যয়সাধ্য মূল্যত ঔষধ ক্ৰয় কৰিব পাৰে আৰু তেওঁলোকৰ যাতে বিত্তীয় বোজা লাঘৱ হয়৷

চৰকাৰে সমগ্ৰ দেশতে ৩৬০০ত কৈও অধিক জন ঔষধি কেন্দ্ৰ মুকলি কৰিছে য’ত ৭০০ত কৈও অধিক জেনেৰিক ঔষধ ব্যয়সাধ্য মূল্যত প্ৰাপ্ত হ’ব৷ জন ঔষধি কেন্দ্ৰত প্ৰাপ্ত ঔষধৰ মূল্য বজাৰ মূল্যতকৈ ৫০-৯০% কম৷ তেওঁ কয় যে অনাগত ভৱিষ্যতত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ৫০০০ৰ ওচৰ স্পৰ্শ কৰিব৷

স্বাস্থ্যৰ উপকৰণসমূহৰ বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে পূৰ্বতে নাগৰিকসকলে স্বাস্থ্য উপকৰণ ক্ৰয় কৰিবলৈ সম্পত্তি বিক্ৰী অথবা বন্ধকত থ’বলগীয়া হৈছিল৷ তেওঁ কয় যে চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ উপকৰণসমূহৰ মূল্য হ্ৰাস কৰিছে৷ হৃদয়ৰ উপকৰণসমূহৰ মূল্য প্ৰায় ২ লাখ টকাৰ পৰা হ্ৰাস কৰি ২৯০০০ টকা কৰা হৈছে৷

বাৰ্তালাপৰ সময়চোৱাত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে আঠু পুনঃপ্ৰতিষ্ঠাপন মূল্য ৬০-৭০% লৈ হ্ৰাস কৰি ২.৫ লাখ টকাৰ পৰা ৭০,০০০-৮০,০০০ টকালৈ আনিবলৈ সক্ষম হৈছে৷ ভাৰতত প্ৰতি বছৰে ১ৰ পৰা ১.৫ লাখ আঠু পুনঃপ্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ সেই দিশৰ পৰা আঠু পুনঃপ্ৰতিষ্ঠাপনৰ মূল্য হ্ৰাস কৰাৰ ফলত জনসাধাৰণৰ ১৫০০ কোটি টকা পৰ্যন্ত ৰাহি হৈছে৷

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ দ্বাৰা চৰকাৰে ৫০০ত কৈও অধিক জিলাত ২.২৫ লাখ ৰোগীৰ বাবে ২২ লাখতকৈও অধিক ডায়েলাইছিছ সম্পন্ন কৰিছে৷ মিছন ইন্দ্ৰধনুশৰ জৰিয়তে ৫২৮খন জিলাত ৩.১৫ত কৈও অধিক শিশু আৰু ৮০ লাখ গৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰা হৈছে৷ অধিক বিচনা, অধিক চিকিৎসালয় আৰু অধিক চিকিৎসকৰ উপলব্ধতাৰ নিশ্চিতিৰ বাবে চৰকাৰে ৯২ খন চিকিৎসা মহাবিদ্যালয় মুকলি কৰিছে আৰু এমবিবিএছৰ আসনৰ সংখ্যা ১৫০০০ লৈ বৃদ্ধি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্যসেৱা ব্যয়সাধ্য আৰু সুলভ কৰিবলৈ চৰকাৰে আয়ুস্মান ভাৰত আঁচনি মুকলি কৰিছে৷ আয়ুস্মান ভাৰতৰ অন্তৰ্গত ১০ কোটি পৰিয়াল ৫ লাখৰ স্বাস্থ্য বীমা সেৱাৰ দ্বাৰা উপকৃত হ’ব৷ ‘স্বচ্ছ ভাৰত অভিযান’ সম্পৰ্কে সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উক্ত আঁচনিটোৱে স্বাস্থ্যকৰ ভাৰত সৃষ্টিৰ বাবে প্ৰধান ভূমিকা গ্ৰহণ কৰি আছে৷ স্বচ্ছ ভাৰত অভিযানৰ বাবে এতিয়া ভাৰতত ৩.৫ লাখখন মুকলিত শৌচ মুক্ত গাঁও আছে আৰু অনাময়ৰ সুবিধা ৩৮% লৈ বৃদ্ধি হৈছে৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি হিতাধিকাৰীসকলে তেওঁক প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাই কিদৰে ঔষধৰ মূল্য হ্ৰাস কৰি ইয়াক ব্যয়সাধ্য কৰি তুলিছে সেই বিষয়ে বৰ্ণনা কৰে৷ হৃদয়ৰ উপকৰণ আৰু আঠু পুনঃপ্ৰতিষ্ঠাপনৰ হ্ৰাস হোৱা মূল্যই কিদৰে তেওঁলোকৰ জীৱন পৰিৱৰ্তন কৰিছে এই সন্দৰ্ভেও হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বৰ্ণনা কৰে৷
প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক যোগক তেওঁলোকৰ জীৱন শৈলীৰ অংশ হিচাপে গ্ৰহণ কৰি স্বাস্থ্যৱন্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."