আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।

ভাৰতে চৌদি আৰৱৰ সৈতে ইয়াৰ দীঘলীয়া আৰু ঐতিহাসিক সম্পৰ্কক গভীৰভাৱে গুৰুত্ব দি আহিছে, যিয়ে শেহতীয়া বছৰসমূহত কৌশলগত গভীৰতা আৰু গতি লাভ কৰিছে। একেলগে, আমি প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্কসহ এক পাৰস্পৰিক লাভজনক আৰু গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছোঁ। আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু স্থিৰতা বৃদ্ধিৰ বাবে আমি সমভাগী আগ্ৰহ আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।

বিগত এটা দশকত চৌদি আৰৱলৈ এয়া হৈছে মোৰ তৃতীয় ভ্ৰমণ আৰু জেদ্দা মহানগৰীলৈ হব প্ৰথমটো ভ্ৰমণ। মই ২০২৩ চনত মোৰ ভাতৃ মহামান্য ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ ভাৰতলৈ কৰা অত্যন্ত সফল চৰকাৰী ভ্ৰমণৰ সময়ত স্থাপিত কৌশলগত অংশীদাৰী পৰিষদৰ দ্বিতীয় বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিতান্তই আশাৰে বাট চাই আছোঁ।

মই চৌদি আৰৱৰ প্ৰাণোচ্চল ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সংযুক্ত হবলৈও আগ্ৰহী যি আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত জীৱন্ত সেতু হিচাপে কাম কৰি আহিছে আৰু সাংস্কৃতিক আৰু মানৱীয় সম্পৰ্ক শক্তিশালী কৰাত অপৰিসীম অৱদান আগবঢ়াই আহিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi