ছাংহাই সহযোগিতা সংস্থা(এছচিঅ’)ৰ বৈঠকত অংশ ল’বলৈ মই ১৩-১৪ জুনত বিছকেক(কিৰ্গিজ গণৰাজ্য)ভ্ৰমণ কৰিম৷
আমি এই বৈঠকত বহুপাক্ষিক, ৰাজনৈতিক, নিৰাপত্তাজনিত, অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ সম্পৰ্কৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰো৷

দুবছৰ পূৰ্বে এছচিঅ’ৰ পূৰ্ণকালীন সদস্য হিচাপে অন্তৰ্ভুক্ত হোৱাৰে পৰা ভাৰতে ইয়াৰ বিভিন্ন বৈঠকত সক্ৰিয়ভাৱে অংশ লৈ আহিছে৷ কিৰ্গিজ গণৰাজ্যৰ অধ্যক্ষতাৰ প্ৰতি আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছো৷

সন্মিলনত গোলকীয় সুৰক্ষা পৰিস্থিতি, বহুপাক্ষিক অৰ্থনৈতিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় গুৰুত্বৰ আন বিষয়সমূহ আলোচনা হ’ব৷ সন্মিলনৰ আজৰি সময়ত মই কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পৰিকল্পনা কৰিছো৷

ছাংহাই সন্মিলনৰ সামৰণিৰ পাছত অহা ১৪ জুনত কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণক্ৰমে মই আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণসূচী লৈ দেশখনত ভ্ৰমণ কৰিম৷

ঐতিহাসিক আৰু সভ্যতাৰ দিশৰ পৰা সংযুক্ত ভাৰত আৰু কিৰ্গিজ গণৰাজ্যৰ মাজত এক প্ৰাচীন বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ বিগত সময়ছোৱাত আমাৰ সম্পৰ্ক প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে৷

দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আমাৰ আলোচনাৰ উপৰি ৰাষ্ট্ৰপতি জিনবেক’ভ আৰু মই ইণ্ডিয়া-কিৰ্গিজ বাণিজ্যিক ফ’ৰামৰ প্ৰথমখন বৈঠক যুটীয়াভাৱে সম্বোধন কৰিম৷

মই বিশ্বাসী যে মোৰ কিৰ্গিজ গণৰাজ্য ভ্ৰমণে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰ আৰু কিৰ্গিজ গণৰাজ্যৰ সৈতে আমাৰ সহযোগিতা অধিক শক্তিশালী আৰু দৃঢ় কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi