Nitrogen generating plants to be converted to generate oxygen
This process is underway in 14 industries. More plants being identified
Further 37 Nitrogen plants have been also identified for conversion
This step will complement other measures to boost availability of Oxygen

ক’ভিড-১৯ মহামাৰী পৰিস্থিতিটোৰ মাজতে মেডিকেল অক্সিজেনৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি, ভাৰত চৰকাৰখনে বৰ্তমানে থকা নাইট্ৰ’জেন প্লান্টসমূহক অক্সিজেন উৎপাদনৰ অৰ্থে ৰূপান্তৰৰ সম্ভাৱ্যতা অন্বেষণ কৰে। বৰ্তমানে থকা নাইট্ৰ’জেন প্লান্টসমূহৰ মাজৰ অক্সিজেন উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰিবপৰা এনে বহু সম্ভাৱ্য উদ্যোগ চিনাক্ত কৰি উলিওৱা যায়।

 

বৰ্তমানে থকা প্ৰেছাৰ চুইং এবচৰ্পশ্যন (PSA) নাইট্ৰ’জেন প্লান্টসমূহক অক্সিজেন উৎপাদনৰ অৰ্থে ৰূপান্তৰৰ প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰা হয়। নাইট্ৰ’জেন প্লান্টসমূহত কাৰ্বন ম’লিকুলাৰ ছিভ (CMS) ব্যৱহাৰৰ বিপৰীতে অক্সিজেন উৎপাদনৰ অৰ্থে জিঅ’লাইট ম’লিকুলাৰ ছিভ (ZMS) ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। সেয়েহে, চিএমএছৰ ঠাইত জেদএমএছ প্ৰতিষ্ঠাপনৰদ্বাৰা আৰু অক্সিজেন এনালাইজাৰ, কনট্ৰ’ল পেনেল চিষ্টেম, ফ্ল’ ভাল্ভ ইত্যাদিৰ দৰে কেতবোৰ আন সাল-সলনি কৰি বৰ্তমানে থকা নাইট্ৰ’জেন প্লান্টসমূহক অক্সিজেন উৎপাদনৰ অৰ্থে ৰূপান্তৰিত কৰিব পাৰি।
 

উদ্যোগসমূহৰ সৈতে কথোপকথনৰ জৰিয়তে, এতিয়ালৈকে ১৪ টা উদ্যোগ চিনাক্ত কৰি উলিওৱা হৈছে যিসমূহ প্লান্টৰ ৰূপান্তৰ প্ৰক্ৰিয়া অব্যাহত আছে। উদ্যোগ সংস্থাসমূহৰ সহায়ৰ জৰিয়তে আৰু ৩৭ টা নাইট্ৰ’জেন প্লান্ট চিনাক্ত কৰি উলিওৱা হৈছে।

 

অক্সিজেন উৎপাদনৰ অৰ্থে ৰূপান্তৰিত কৰা এটা নাইট্ৰ’জেন প্লান্টক হয় সমীপৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব পাৰি নহয় প্লান্টটো স্থানান্তৰিত কৰিব পৰাৰ সম্ভাৱনা নাথাকিলে, ইয়াক ক্ষেত্ৰতে অক্সিজেন উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰিব পৰা যাব, পৰৱৰ্তী সময়ত ইয়াক বিশেষীকৃত ভেছেল/চিলিণ্ডাৰৰ জৰিয়তে চিকিৎসালয়লৈ সৰবৰাহ কৰা হ’ব।

 

এই বৈঠকত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, কেবিনেট সচিব, গৃহ সচিব, পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰালয়ৰ সচিব ও আন জ্যেষ্ঠ বিষয়াসকলে ভাগ লয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival