কাইলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহু আৰু শ্ৰীমতী চাৰা নেতান্যাহুৰ লগত গুজৰাট ভ্ৰমণ কৰিব।
বিমান বন্দৰৰ পৰা সবৰমতী আশ্ৰমলৈ যোৱাৰ পথত আহমেদাবাদ চহৰত নেতান্যাহু দম্পতীক আদৰণি জনোৱা হ’ব। তেওঁলোকে সবৰমতী আশ্ৰমলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব।
প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী নেতান্যাহুৱে আহমেদাবাদৰ দেওধলেৰা গাঁৱত আই ক্ৰিয়েট চেন্টাৰ মুকলি কৰিব।তেওঁলোকে ষ্টাৰ্ট আপৰ প্ৰদৰ্শনী এখন প্ৰদৰ্শন কৰি ষ্টাৰ্ট আপৰ কাৰ্যবাহী বিষয়াসকলৰ লগতো মত বিনিময় কৰিব।দুয়োজন প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ লিংক যোগে বনস্কান্থা জিলাৰ চুইগাম তালুকালৈকে এক ভ্ৰাম্য পানী বিতৰত গাড়ীও উদ্বোধন কৰিব। দুয়োজন নোতাই জনতাক উদ্দেশ্যি ভাষণ দিব।
প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী নেতান্যাহুৱে বনস্কান্থা জিলাৰ ৱাদ্ৰাদত থকা চেন্টাৰ অৱ এক্সেলেন্স ফৰ ভেজেটেবলও ভ্ৰমণ কৰিব। তেওঁলোকে ভূজ জিলাৰ কুকামাত এক ভিডিঅ’ লিংক যোগে চেন্টাৰ অৱ এক্সেলেন্স ফৰ ডেট পাম উদ্বোধন কৰিব।দুয়োজন নোতাই কৃষকসকলৰ লগত মত বিনিময় কৰিব।
প্ৰধানমন্ত্ৰী নেতান্যাহুৱে তাৰ পিছত মুম্বাইলৈ যাত্ৰা কৰিব।