চীনৰ ৰাষ্ট্ৰপতি চি জিনপিনৰ অধ্যক্ষতাত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ২৩-২৪ জুন, ২০২২ত অনুষ্ঠিত ‘চতুৰ্দশ ব্ৰিকছ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অংশগ্ৰহণ কৰে ভাৰতে। ২৩ জুনৰ সন্মিলনত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটীন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাফোছাইয়ো অংশগ্ৰহণ কৰে। ২৪ জুনৰ সন্মিলনত গোলকীয় প্ৰেক্ষাপটত সম্পন্ন হৈ থকা ঘটনা-প্ৰবাহৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হোৱাৰ লগতে অনা-‘ব্ৰিকছ’ দেশসমূহৰ সৈতে সম্পৰ্ক স্থাপন সম্পৰ্কীয় প্ৰসংগটো অধিৱেশন অনুষ্ঠিত হয়।

২৩ জুনৰ সন্মিলনত নেতাসকলে সন্ত্ৰাসবাদ প্ৰতিৰোধ, বাণিজ্য, স্বাস্থ্য, পৰম্পৰাগত ঔষধ, পৰ্যাবৰণ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, কৃষি, কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্ৰশিক্ষণৰ লগতে বহুপক্ষীয় সংস্থাৰ  সংস্কাৰ, ক’ভিড-১৯ মহামাৰী, গোলকীয় অৰ্থনৈতিক পুনৰুথ্থানকে ধৰি অন্যান্য গোলকীয় প্ৰেক্ষাপটৰ গুৰুত্ব থকা বিষয়সমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ‘ব্ৰিকছ’ৰ স্থিতি শক্তিশালী কৰি তোলাৰ লগতে ‘ব্ৰিকছ’ সম্পৰ্কীয় নথি-পত্ৰৰ প্ৰস্তাৱিত ‘অনলাইন তথ্যভাণ্ডাৰ’ স্থাপন, ‘ব্ৰিকছ ৰে’লৱে’ৰ গৱেষণা নেটৱৰ্ক’ আৰু ‘এমএছএমই’সমূহৰ মাজৰ সহযোগিতা প্ৰগাঢ় কৰাৰ আহ্বান জনায়। ভাৰতে ‘বিৰ্কছ’ দেশসমূহৰ ‘ষ্টাৰ্টআপ’সমূহৰ মাজত সম্পৰ্ক গাঢ় কৰি তোলাৰ লক্ষ্যৰে এইবছৰ ‘ব্ৰিকছ’ দেশৰ ষ্টাৰ্টআপসমূহৰ এক কাৰ্যক্ৰম অনুষ্ঠিত কৰিব। তেওঁ ‘ব্ৰিকছ’ দেশসমূহৰ নিৰাপত্তা প্ৰসংগও বিশেষ ভাবে উল্লেখ কৰি ‘ব্ৰিকছ’ৰ সদস্য দেশসমূহে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি এনে সংকট মষিমূৰ কৰিবলৈ পৰস্পৰে সহযোগিতৰ হাত আগবঢ়োৱাৰ লগতে সন্ত্ৰাবাদীক এঘৰীয়া কৰাৰ দৰে প্ৰসংগক লৈ ৰাজনীতি নকৰি, বৰঞ্চ এনে পদক্ষেপ গ্ৰহণত একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণৰ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। শীৰ্ষ সন্মিলনৰ সামৰণিত ‘ব্ৰিকছ’-ৰ নেতৃবৃন্দই সৰ্বসন্মতিক্ৰমে ‘বেইজিং ঘোষণাপত্ৰ’খন আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে।

২৪ জুনৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকা, মধ্য এছীয়া, দক্ষিণ-পূব এছীয়া আৰু প্ৰশান্ত মহাসাগৰৰ পৰা কেৰিবীয়ান সাগৰলৈকে অঞ্চলসমূহৰে ভাৰতৰ বৰ্দ্ধিত সম্পৰ্ক;  ভাৰতে গুৰুত্ব প্ৰদান কৰা স্বাধীন, মুক্ত, সমাৱেশী আৰু বিধি-আধাৰিত সমুদ্ৰক্ষেত্ৰ;  ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰা প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্ৰতি সন্মান; আৰু যিহেতু গোলকীয় সিদ্ধান্তগ্ৰহণকাৰী সংস্থাত এছীয়াৰ বৃহদাংশৰ লগতে সামগ্ৰিক ভাবে আফ্ৰিকা আৰু লেটিন আমেৰিকা আদি অঞ্চলৰ কোনো মাত মাতোতা নাই সেয়ে সংশ্লিষ্ট সংস্থাসমূহৰ সংস্কাৰৰ প্ৰসংগটো ভাৰতৰ স্থিতি বিশেষ ভাবে অৱগত কৰে।

ইয়াৰ আগতে যোৱা ২২ জুনত অনুষ্ঠিত ‘ব্ৰিকছ বাণিজ্য মঞ্চ’ৰ উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ মাজতো ‘ব্ৰিকছ বাণিজ্য পৰিষদ’ আৰু ‘ব্ৰিকছ মহিলা মৰ্চা’ই অব্যাহত ৰখা কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ ‘ব্ৰিকছ’ দেশৰ বাণিজ্যিক সমুদায়ক সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ লগতে ‘ষ্টাৰ্টআপ’ আৰু ‘এমএছএমই’সমূহৰ সমস্যাৱলী সমাধাৰ ক্ষেত্ৰত প্ৰযুক্তি-ভিত্তিক সমাধানৰ অন্বেষণত মনোনিৱেশ কৰাৰ আহ্বান জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi