পিতৃ ছাৰ অনিৰুধ জুগনাউথেৰ বিয়োগত সমবেদনা জ্ঞাপনৰ অৰ্থে মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ কুমাৰ জুগনাউথেৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে মৰিচাছত ছাৰ অনিৰুধৰ দীঘলীয়া ৰাজহুৱা জীৱনৰ কথা স্মৰণ কৰে, য’ত তেওঁ বহু বছৰ ধৰি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল।
ভাৰতত ছাৰ অনিৰুধ জুগনাউথেলৈ সকলো ৰাজনৈতিক দলকে ধৰি প্ৰদৰ্শন কৰা গভীৰ সন্মানৰ প্ৰসংগ উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ সৈতে ভাৰতৰ অতি বিশেষ বন্ধুত্ব গঢ় লৈ উঠাত তেওঁ পালন কৰা প্ৰভাৱশালী ভূমিকাৰ প্ৰশংসা কৰে।
তেওঁক ‘গৰ্বিত প্ৰবাসী ভাৰতীয়’ আখ্যা দি, প্ৰধানমন্ত্ৰীয়ে কয় যে ছাৰ অনিৰুধক প্ৰবাসী ভাৰতীয় সন্মান আৰু পদ্ম বিভূষণ উভয় সন্মান যাঁচি ভাৰত ধন্য হৈছে।
উভয় নেতাই ছাৰ অনিৰুধৰ স্থায়ী উত্তৰাধিকাৰৰ স্মৃতি ৰক্ষাৰ্থে বিশেষ দ্বিপাক্ষিক সম্পৰ্ক গভীৰতৰ আৰু সুদৃঢ়কৰণৰ অংগীকাৰ কৰে।
Published By : Admin |
June 4, 2021 | 18:32 IST
Login or Register to add your comment
Chief Minister of Chhattisgarh meets Prime Minister
April 07, 2026
The Chief Minister of Chhattisgarh, Shri Vishnu Deo Sai, met Prime Minister Shri Narendra Modi today.
The Prime Minister wrote on X:
"Chief Minister of Chhattisgarh, Shri @vishnudsai, met Prime Minister @narendramodi."
Chief Minister of Chhattisgarh, Shri @vishnudsai met Prime Minister @narendramodi.@ChhattisgarhCMO pic.twitter.com/Z2fmxC0ZUb
— PMO India (@PMOIndia) April 7, 2026


