The role of civil servants should be of minimum government and maximum governance: PM Modi
Take decisions in the national context, which strengthen the unity and integrity of the country: PM to civil servants
Maintain the spirit of the Constitution as you work as the steel frame of the country: PM to civil servants

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ কেৱাড়িয়াৰ পৰা ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে মুচৌৰীৰ ‘এলবিএছএনএএ’-ৰ ‘ভাৰতীয় অসামৰিক সেৱা’ৰ প্ৰশিক্ষণৰত বিষয়া-বৰ্গ(অ’টি)ৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ২০১৯ চনত প্ৰথমবাৰ বাবে আৰম্ভ কৰা ‘সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ’-ৰ এক অংশ হিচাপেই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।

প্ৰশিক্ষণৰত বিষয়া-বৰ্গই কৰা প্ৰদৰ্শন চোৱাৰ পিচত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ “নাগৰিকসকলৰ সেৱাত উত্সৰ্গিত হোৱাটোৱেই অসামৰিক সেৱাৰ সেৱকসকলৰ সকলোতকৈ ডাঙৰ কৰ্তব্য হোৱা উচিত” বুলি চৰ্দাৰ বল্লভ ভাই পেটেলে প্ৰদান কৰা দৰ্শন সাৰোগত কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়।

শ্ৰী মোডীয়ে যুৱ বিষয়া-বৰ্গক ৰাষ্ট্ৰৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ লগতে দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰে। যি বিভাগতে নাথাকক অথবা যিখন ৰাজ্যতে কৰ্মৰত নহওক কিয় দেশৰ সৰ্ব সাধাৰণ জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই অসামৰিক সেৱাৰ বিষয়া-বৰ্গই সদায় সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে।

কেৱল দৈনন্দিন কৰণীয়খিনি সমাপণ কৰাতে ক্ষান্ত নাথাকি ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কৰ্মৰত হোৱাত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে সংকটৰ বেলিকা সঠিক সিদ্ধান্ত গ্ৰহণত পাৰ্গতালি দেখুওৱাটোহে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা বুলি মন্তব্য কৰে।

দেশৰ উন্নয়ণৰ বাবে নতুন পথৰ সন্ধান কৰাৰ ক্ষেত্ৰত, নতুন লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ পথত প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আৰু ভূমিকা থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয় যে আগৰ তুলনাত সাম্প্ৰতিক সময়ত মানৱ সম্পদৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আধুনিক দৃষ্টিভংগী গ্ৰহণত অধিক গুৰুত্ব দিয়া হৈছে। শেহতীয়া ২-৩টা বছৰত দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ ধাৰাৰ বিশেষ ৰূপান্তৰ সাধন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ কয়, ‘সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ’ কেৱল আৰম্ভণীয়েই নহয়, বৰঞ্চ এক নতুন পৰম্পৰাৰো প্ৰতীক’।

অসামৰিক সেৱাৰ শেহতীয়া সংস্কাৰ কথা ক’বলৈ গৈ তেওঁ ‘মিছন কৰ্মযোগী’ আঁচনিখনৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ জৰিয়তে অসামৰিক সেৱাৰ বিষয়াসকলক অধিক সৃষ্টিশীল আৰু অধিক আত্মবিশ্বাসী হিচাপে গঢ়ি তোলাৰ বাবে সামৰ্থ্য বৰ্দ্ধনৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে।

‘ওপৰৰ পৰা তললৈ প্ৰেৰণৰ নীতি’ৰে চৰকাৰ চলাব নোৱাৰি বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। যিসকল জনতাৰ বাবে নীতি নিৰ্দ্ধাৰণ কৰা হয় তেওঁলোকক জড়িত কৰাটোহে গুৰুত্বপূৰ্ণ। দেশৰ ৰাইজহে এইখন চৰকাৰৰ নেপথ্যৰ শক্তি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

 

 

বৰ্তমানৰ কৰ্মধাৰত সকলো আমোলাই দেশত ন্যুনতম চৰকাৰ আৰু সৰ্বাধিক শাসন সুনিশ্চিত কৰাৰ বাবে ভূমিকা পালন কৰা উচিত। তেওঁ সকলো বিষয়াকে সাধাৰণ জনতাৰ জীৱনত হস্তক্ষেপৰ পৰিমাণ হ্ৰাস কৰাৰ বিপৰীতে তেওঁলোকৰ সবলীকৰণ সুনিশ্চিত কৰাত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

 

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ হোৱাৰ বাবে দেশে প্ৰয়াস কৰাৰ সময়ত অসামৰিক সেৱাৰ বিষয়াসকলক ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰ আওৰোৱাৰো আহ্বান জনায়।

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."