ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ প্ৰতি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক বক্তব্য প্ৰদান কৰে৷ তেওঁ বিতৰ্কত অংশগ্ৰহণ তথা অৱদান আগবঢ়োৱাৰ বাবে উচ্চ সদনৰ সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ ৰাজ্যসভাৰ প্ৰয়াত সাংসদ শ্ৰী মদনলাল ছাইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ জনাদেশে নাগৰকিসকলে যে সুস্থিৰতা বিচাৰে তাকে প্ৰতিফলিত কৰিছে৷ তেওঁ লগতে কয় যে সুস্থিৰ চৰকাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া বিভিন্ন ৰাজ্যত দেখিবলৈ পোৱা গৈছে৷

শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাত্ৰা অপৰিমেয়৷ প্ৰধানমন্ত্ৰীয়ে একাংশ নেতাই ‘গণতন্ত্ৰ ধ্বংস হৈ গ’ল’ বুলি কোৱাটোক দূৰ্ভাগ্যজনক আখ্যা দিয়ে৷ তেওঁ সাংসদসকলক ভোটাৰ জ্ঞানক লৈ প্ৰশ্ন নকৰিবলৈ কয়৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু গণতন্ত্ৰক সন্মান জনোৱাটো অতি গুৰুত্বপূৰ্ণ৷”

প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিক ভোটিং মেচিন(ইভিএম)ক লৈ প্ৰশ্ন কৰাসকলক সমালোচনা কৰে৷ তেওঁ কয় যে ইভিএমে ভোটদান কেন্দ্ৰ বন্দী কৰি লোৱা আৰু বিভিন্ন হিংসা হ্ৰাস কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “এতিয়া নিউজত কিমান সংখ্যক ভোটদান হ’ল, সেয়াহে কয়৷ এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ৷” তেওঁ লগতে উল্লেখ কৰে যে ভিভিপেটে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বিশ্বাসযোগ্যতা সুদৃঢ় কৰিছে৷

নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুদৃঢ় কৰিবলৈ সংস্কাৰৰ অতি আৱশ্যক৷ এই প্ৰসংগত তেওঁ ‘এক দেশ, এক নিৰ্বাচন’ৰ দৰে নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত আলোচনা আৰু পৰামৰ্শ আগবঢ়োৱাৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াৰ সৰলীকৰণৰ দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছে, যিটোৱে ভাৰতীয় লোকসকলক উপকৃত কৰিব৷ তেওঁ কয় যে চৰকাৰে সাধাৰণ লোকসকলৰ সবলীকৰণত বিশ্বাস কৰে৷ তেওঁ দেশৰ নাগৰিকসকলৰ বাবে গৃহ, বিদ্যুৎ, গেছ সংযোগ, শৌচালয় ইত্যাদি সুনিশ্চিত কৰাৰ দিশত চৰকাৰে কৰি থকা কাম-কাজৰ আলোকপাত কৰে৷

শ্ৰী মোদীয়ে সকলোকে ভাৰতক এখন পাঁচ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ এই লক্ষ্যত উপনীত হ’বলৈ সকলো ৰাজনৈতিক দলক ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিবলৈ তথা পৰামৰ্শ আৰু ধাৰণা আগবঢ়াবলৈ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াভাৱে ঝাৰখণ্ডত সংঘটিত ঘটনাৰ বাবে তেওঁ অতি দুঃখিত হৈছে৷ তেওঁ কয় যে অপৰাধীসকলে দেশৰ আইন অনুসৰি উপযুক্ত শাস্তি পোৱা উচিত৷ তেওঁ কয় যে এটা ঘটনাৰ বাবে সমগ্ৰ ৰাজ্যখনক দোষ দিয়াটো শুদ্ধ নহয়৷ তেওঁ কয় যে হিংসাৰ পৃষ্ঠপোষকসকলে কঠোৰ হাতেৰে দমন কৰিব লাগিব আৰু যি ৰাজ্যতে নহওক লাগিলে এনে ঘটনাক আইন অনুসৰি কঠোৰ শাস্তি দিব লাগে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আযুষ্মান ভাৰতক সুদৃঢ় কৰাটো প্ৰয়োজন৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “আমি আমাৰ দুখীয়া লোকসকলে উন্নত আৰু সহজলভ্য চিকিৎসা লাভ কৰাটো বিচাৰো৷”

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সমান্তৰালভাবে ৰূপান্তৰশীল জিলাসমূহৰ উন্নয়নত গুৰূত্ব প্ৰদান কৰি অহা হৈছে৷
সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে “আঞ্চলিক আকাংক্ষাৰ সৈতে ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা” থকাটো গুৰুত্বপূৰ্ণ৷

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক যি যেনেকৈ পাৰে দেশৰ ভালৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ সকলোকে ভাৰতক উন্নতিৰ নতুন শিখৰত উপনীত কৰোৱাৰ লগতে এখন নতুন ভাৰত গঢ় দিয়াৰ বাবে একেলগে কাম কৰিবলৈ কয়৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth