It was unfortunate that even after 70 years of independence, over 18,000 villages remained in dark: PM Modi
In 2005, the UPA Govt promised to electrify every village by 2009. The then President of the ruling party went a step ahead & spoke about bringing electricity to every home. None of that happened: PM
From the ramparts of the Red Fort I had announced that every village will be electrified. We walked the talk and went to every village: PM
About 14,500 villages out of the 18,000 that had not been electrified, were in Eastern India. We have changed that: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৪ৰ পাছত বৈদ্যুতিকৰণেৰে সংযুক্ত দেশৰ গ্ৰামাঞ্চলৰ বিভিন্ন নাগৰিকৰ সৈতে মতবিনিময় কৰে৷ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা—সৌভাগ্য আঁচনিৰ উপভোক্তাসকলৰ সৈতে তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বাৰ্তালাপত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ এয়া আছিল দশমটো মত-বিনিময় অনুষ্ঠান৷

শেহতীয়াকৈ বিদ্যুৎ সংযোগ লাভ কৰা ১৮০০০ গাওঁৰ বাসিন্দাৰ সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে৷ তেওঁ কয়—“আন্ধাৰ নেদেখা লোকে পোহৰৰ অৰ্থ বুজিব নোৱাৰে৷ যিসকলে আন্ধাৰত জীৱন কটোৱা নাই, তেওঁলোকে পোহৰৰ মূল্য অনুভৱ কৰিব নোৱাৰে৷”

প্ৰধানমন্ত্ৰীয়ে মত-বিনিময়ত কয় যে এনডিএ চৰকাৰ শাসনলৈ অহাৰ অহাৰ পাছত হাজাৰ হাজাৰ গাওঁ আলোকিত হৈছে৷ বিগত চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে দেশৰ প্ৰতিখন গাওঁত বিদ্যুৎ সংযোগেৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে৷ চৰকাৰে কেৱল বৈদ্যুতিকৰণতে গুৰুত্ব আৰোপ কৰা নাই, বিতৰণ ব্যৱস্থাৰো সংস্কাৰ সাধন কৰিছে৷

স্বাধীনতাৰ ৭০বছৰ পাছতো বিদ্যুৎ সংযোগ লাভ নকৰা এই ১৮০০০ গাওঁত বিগত ৪বছৰত বিদ্যুতৰ সুবিধা আগবঢ়োৱা হৈছে৷ ২০১৮ৰ ২৮ এপ্ৰিলত উত্তৰ-পূৱৰ মণিপুৰৰ লেইছাং গাঁও আছিল বিদ্যুত সংযোগ লাভ কৰা দেশৰ অন্তিমখন গাওঁ৷ নৰেন্দ্ৰ মোদীয়ে কয় যে অন্তিম ১৮০০০ গাঁওক বৈদ্যুতিকৰণেৰে সাঙুৰি লোৱাতো অত্যন্ত কঠিন কাম আছিল, কিয়নো এই গাঁওসমূহ ভিতৰুৱা আৰু পাহাৰীয়া অঞ্চলত আছিল৷ তদুপৰি যোগাযোগ ব্যৱস্থাও অতি শোচনীয় আছিল৷ তথাপি সকলো প্ৰত্যাহ্বান নেওচি একাংশ দক্ষ ব্যক্তিৰে গঠিত এটি দলে দেশৰ প্ৰতিখন গাঁওত বিদ্যুৎ সংযোগৰ সপোন সাৰ্থক কৰি তুলিলে৷

প্ৰধানমন্ত্ৰীয়ে উনুকিয়াই দিয়ে যে চৰকাৰে দেশৰ ১৮,০০০ খন গাওঁৰ ভিতৰত পূব ভাৰতৰ ১৪,৫৮২খন বিদ্যুৎ বঞ্চিত গাওঁৰ পৰিৱেশ সলনি কৰিছে আৰু ইয়াৰে ৫৭৯০ খন গাওঁ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ৷ সম্পূৰ্ণ বৈদ্যুতিকৰণৰ ফলত এতিয়া পূব ভাৰতে দেশৰ উন্নয়নৰ যাত্ৰাত বৃহৎ ভূমিকা গ্ৰহণ কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনাৰ লক্ষ্য হৈছে দেশৰ প্ৰতিঘৰ পৰিয়ালক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা৷ এই যোজনাৰ অধীনত এইপৰ্যন্ত ৮৬ লাখ পৰিয়ালে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ যোজনাই মিছন মুডেৰে কাম কৰি আছে আৰু প্ৰায় ৪ কোটি পৰিয়ালক বিদ্যুৎ সংযোগেৰে ই সামৰি ল’ব৷

প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময়ত দূৰ-দূৰণিৰ গাওঁৰ উপভোক্তাসকলে বৰ্ণনা কৰে বিদ্যুতে কিদৰে তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ সূৰ্যাস্তৰ পূৰ্বে কাম সমাপ্ত কৰাৰ পৰা আৰম্ভ কৰি কেৰোচিনৰ সহায়ত শিশুক পঢ়িবলৈ বাধ্য কৰোৱা আদি সমস্যাৰ পৰা এতিয়া সকলো মুক্ত৷ অধিকাংশ উপভোক্তাই কৈছে যে তেওঁলোকৰ জীৱন-ধাৰণৰ মান সামগ্ৰিকভাৱে উন্নত হৈছে৷ উপভোক্তাসকলে প্ৰধানমন্ত্ৰী মোদীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push

Media Coverage

₹10,000-crore scheme puts container manufacturing at the centre of India’s maritime push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.