My Government's "Neighbourhood First" and your Government's "India First" policies have strengthened our bilateral cooperation in all sectors: PM
In the coming years, the projects under Indian assistance will bring even more benefits to the people of the Maldives: PM

মালদ্বীপৰ বিকাশ কাৰ্যসূচীৰ অংশ হিচাপে ৰূপায়ন কৰিব খোজা এলানি বহুমুখী উন্নয়ন প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দেশখনৰ ৰাষ্টপতি ইব্ৰাহীম মহম্মদ ছ’লি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুয়োগৰাকী নেতাই যুটীয়া ভাৱে সম্পন্ন কৰা এই কাৰ্য ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে সম্পাদনৰ ব্যৱস্থা কৰা হৈছিল। আনুষ্ঠানিক ভাবে শুভাৰম্ভ হোৱা এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰতত নিৰ্মিত আৰু মালদ্বীপক উপহাৰ হিচাপে প্ৰদান কৰা এখন জাহাজৰ চলাচল, দেশখনত ৰু-পে’ কাৰ্ডৰ প্ৰচলন, এলইডি লাইটৰ প্ৰচলন, বহুকেইটা গুৰুত্বপূ্ৰ্ণ সমূহীয়া প্ৰ্ৰকল্পৰ লগতে এটা মত্স সংসাধন প্ৰকল্পও আছে। উল্লেখ্য, ভাৰতে উপহাৰ হিচাপে আগবঢ়োৱা ‘কামিয়াব’ নামৰ জাহাজখন দেশখনৰ উপকূল ৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰিব।

অনুষ্ঠানত প্ৰধনমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি ছ’লিক তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ এটা বছৰ সফলতাৰেসম্পূৰ্ণ হোৱাত অভিনন্দন জ্ঞাপন কৰে। মোডীয়ে বিগত বৰ্ষটো ভাৰত আৰু মালদ্বীপৰ সম্বন্ধৰ বাবে এক উল্লেখনীয় বছৰ বুলি অভিহিত কৰে। ভাৰতে গ্ৰহণ কৰা ‘প্ৰথমে চুবুৰীয়া’ নীতি আৰু মালদ্বীপে ৰূপায়ন কৰা ‘প্ৰথমে ভাৰত’ নীতিয়ে পৰস্পৰৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধ সকলো দিশতে শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰে প্ৰধনমন্ত্ৰী মোডীয়ে। প্ৰসংগক্ৰমে তেওঁ দ্ৰুত ইণ্টাৰচেপ্টৰ ব্যৱস্থা সংযোজিত ‘কামিয়াব’ নামৰ জাহাজখনে মালদ্বীপৰ উপকূলীয় অঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰাত প্ৰভূত সহায় কৰাৰ লগতে দেশখন নীল-অৰ্থনীতি আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ দ্বীপৰাষ্ট্ৰখনৰ নাগৰিকসলৰ জীৱন-জীৱিকাক সহযোগিতা আগবঢ়াব পৰা কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নী প্ৰকল্পৰ স্থাপন কাৰ্যত অংশীদাৰ হ’বলৈ পাই বিশেষ সন্তুষ্টি ব্যক্ত কৰে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক গাঢ় কৰাৰ বাবে তেওঁ পৰস্পৰৰ নাগৰিকসকলৰ মাজত মিলামিচাৰ হাৰ বৃদ্ধিৰ পোষকতা কৰে। অগন্তুক দিনবোৰত দেশখনলৈ ভাৰতীয় পৰ্যটকৰ সোঁত দুগুণে বাঢ়িব বুলি আশা প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় য়ে এই সপ্তাহৰ পৰাই দিল্লী, মুম্বাই আৰু বাংগালুৰুৰ পৰা তিনিখন বিমানৰ নিয়মীয়া চলাচল আৰম্ভ হ’ব। ইফালে দেশখনত ৰু-পে’ কাৰ্ডৰ প্ৰচলন আৰম্ভ হোৱাৰ ফলত দেশখনলৈ যোৱা ভাৰতীয় পৰ্যটকসকলে ভ্ৰমণত বিশেষ স্বাচ্ছন্দ্য লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে।

দেশখনৰ হুলহুলমালেত এখন কেন্সাৰ হাস্পটাল আৰু এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰা মোডীয়ে দেশখনৰ ৩৪টা দ্বীপত অচিৰেই এলানি খোৱাপানী আৰু অনাময় প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মালদ্বীপৰ সৈতে বন্ধুত্ব অটুত ৰখাৰ লগতে দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালীকৰণ আৰু সামগ্ৰীক উন্নয়নৰ বাবে ভাৰতেসহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দোহাৰে। তেওঁ ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দুয়োখন দেশৰ সহযোগিতাৰ পৰিসৰসম্প্ৰসাৰণতো গুৰুত্ব আৰোপ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to building next-generation infrastructure for Viksit Bharat
June 16, 2026

The Prime Minister, Shri Narendra Modi has said that the last decade has witnessed record infrastructure upgrading. He has reiterated the Government’s commitment to building next-generation infrastructure for the people of the nation to realise the vision of a Viksit Bharat.

In a post on X, the Prime Minister said:

“The last decade has witnessed record infrastructure upgrading. We are committed to building next-generation infrastructure for the people of our nation to realise our vision of a Viksit Bharat.

#12YearsOfNayaBharatNirman”