ভাৰতীয়ত্ব সুৰক্ষিত কৰিবলৈ মহাৰাজ সুহেলদেৱৰ বৰঙণি উপেক্ষিত হৈয়ে আছিলঃ প্ৰধানমন্ত্ৰী
ইতিহাসৰ লেখকসকলৰদ্বাৰা ইতিহাস গঢ়োতাসকলক কৰা অন্যায়ৰ এতিয়া শুধৰণি কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
এই বসন্তই ভাৰতৰ বাবে নতুন আশা কঢ়িয়াই আনিছে, মহামাৰীটোৰ নিৰাশাক একাষৰীয়া কৰিছেঃ প্ৰধানমন্ত্ৰী
কৃষি আইনসমূহৰ সন্দৰ্ভত মিথ্যা আৰু উৰা বাতৰি প্ৰচাৰ হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতৰ ইতিহাস মানে মাত্ৰ ঔপনিবেশিক শক্তি বা ঔপনিবেশিক ভাৱধাৰাৰ প্ৰণেতাসকলে লিখা ইতিহাসেই নহয়। ভাৰতীয় ইতিহাস হৈছে সেয়া যাক সাধাৰণ লোকসকলে তেওঁলোকৰ লোককথাৰে প্ৰতিপালিত কৰি আহিছে আৰু প্ৰজন্মৰ পাছত প্ৰজন্মই সেয়া আগবঢ়াই আনি আছে। তেখেতে খেদ প্ৰকাশ কৰি কয় যে যিসকল লোকে ভাৰত আৰু ভাৰতীয়ত্বৰ অৰ্থে তেওঁলোকৰ সৰ্বস্ব ত্যাগ কৰিছিল, তেওঁলোকক গুৰুত্ব প্ৰদান কৰা নহৈছিল। ভাৰতীয় ইতিহাসৰ লেখকসকলৰদ্বাৰা ভাৰতীয় ইতিহাস গঢ়োতাসকলক কৰা এই অনিয়ম আৰু অন্যায়ৰ এতিয়া শুধৰণি কৰা হৈছে কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ বছৰত ভৰি দিছো আৰু অধিক গুৰুত্ব সহকাৰে তেওঁলোকৰ বৰঙণিক স্মৰণ কৰিছো বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বৰঙণিক লাল কিল্লাৰপৰা আন্দামান নিকোবৰলৈ উদযাপন, একতাৰ মূৰ্তিৰ চৰ্দাৰ পেটেল আৰু পঞ্চ তীৰ্থৰ জৰিয়তে বাবা চাহেব আম্বেদকাৰৰ উদাহৰণ দাঙি ধৰে। “অসংখ্য ব্যক্তিয়ে বিভিন্ন কাৰণত স্বীকৃতি লাভ কৰা নাছিল। চৌৰি-চৌৰাৰ সাহসী মনৰ অধিকাৰীসকলৰ সৈতে যি হৈছিল, সেয়া আমি পাহৰিব পাৰিম নে?” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয়ত্ব সুৰক্ষিত কৰিবলৈ মহাৰাজ সুহেলদেৱৰ বৰঙণিকো একেদৰে উপেক্ষিত কৰা যায়। পাঠ্যপুথিসমূহত উপক্ষিত হৈ ৰোৱা সত্বেও অবধ, তৰাই আৰু পূৰ্বাঞ্চলৰ লোক কাহিনীসমূহৰ জৰিয়তে জনতাৰ অন্তৰত মহাৰাজ সুহেলদেৱক জীৱন্ত কৰি ৰখা হৈছে। এজন সংবেদনশীল আৰু উন্নয়নমুখী শাসক হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ বৰঙণিক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰি কয় যে মহাৰাজ সুহেলদেৱৰ স্মাৰকটিয়ে, আহি থকা প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰিব আৰু চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন আৰু স্বাস্থ্য ব্যৱস্থাৰ সম্প্ৰসাৰণে, এই আকাংক্ষিত জিলাখন আৰু সমীপৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নতৰ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুবছৰ পূৰ্বে মহাৰাজ সুহেলদেৱক স্মৰণাৰ্থে এটি ষ্টাম্প মুকলি কৰিছিল।

শ্ৰী মোদীয়ে বসন্ত পঞ্চমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাই আৰু কয়, এই বসন্তই ভাৰতৰ বাবে নতুন আশা কঢ়িয়াই আনিছে, মহামাৰীটোৰ নিৰাশাক একাষৰীয়া কৰিছে। তেখেতে মা সৰস্বতীয়ে যাতে ভাৰতৰ জ্ঞান আৰু বিজ্ঞান তথা গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে ৰাষ্ট্ৰ-নিৰ্মাণত জড়িত থকা দেশৰ প্ৰতিজন নাগৰিকক কৃপা কৰে, তাৰ কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যোৱা কেইটামান বছৰত ইতিহাস, বিশ্বাস আৰু আধ্যাত্মিকতাৰে সম্পৰ্কীয় স্মৃতিসৌধসমূহৰ নিৰ্মাণৰ সৰ্ববৃহৎ লক্ষ্য হৈছে পৰ্যটনক প্ৰোৎসাহিত কৰা। তেখেতে লগতে কয় যে উত্তৰ প্ৰদেশ পৰ্যটন আৰু তীৰ্থযাত্ৰা উভয়তেও আঢ্যৱন্ত আৰু ইয়াৰ সম্ভাৱনা অপৰিসীম। উত্তৰ প্ৰদেশৰ পৰ্যটনৰ উন্নয়নৰ অৰ্থে অযোধ্যা, চিত্ৰকূট, মথুৰা, বৃন্দাবন, গোবৰ্ধন, কুশীনগৰ, শ্ৰাবস্তী ইত্যাদিৰ দৰে ভগৱান ৰাম, শ্ৰী কৃষ্ণ আৰু বুদ্ধৰ জীৱনৰে সম্পৰ্কীয় ক্ষেত্ৰসমূহ ৰামায়ণ চাৰ্কিট, আধ্যাত্মিক চাৰ্কিট, বৌদ্ধ চাৰ্কিটসমূহৰ উন্নয়ন সাধন কৰা হৈছে। তেখেতে কয়, এই ব্যৱস্থাৰাজিয়ে ফলাফল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া আন ৰাজ্যসমূহৰপৰা উত্তৰ প্ৰদেশে সৰ্বাধিক পৰিমাণৰ পৰ্যটকক আকৰ্ষিত কৰিছে। তদুপৰি বিদেশী পৰ্যটকক আকৰ্ষিত কৰা দেশখনৰ শীৰ্ষ তিনি ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশ এখন হৈ পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশত পৰ্যটকসকলৰ বাবে আৱশ্যকীয় সা-সুবিধাসমূহৰ সৈতে আধুনিক যোগাযোগ ব্যৱস্থাৰো বৰ্ধন ঘটোৱা হৈছে। তেখেতে লগতে কয় যে ভৱিষ্যতে ঘৰুৱা আৰু বিদেশী উভয় পৰ্যটকৰ বাবেই অযোধ্যা বিমানবন্দৰ আৰু কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অতিশয় উপযোগী হৈ উঠিব। উত্তৰ প্ৰদেশত এক ডজন সৰু আৰু ডাঙৰ বিমানবন্দৰৰ কাম অব্যাহত আছে, ইয়াৰে গৰিষ্ঠসংখ্যকেই পূৰ্বাঞ্চলত নিৰ্মাণ কৰি থকা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সমগ্ৰ উত্তৰ প্ৰদেশতেই পূৰ্বাঞ্চল এক্সপ্ৰেছৱে, বুন্দেলখন্দ এক্সপ্ৰেছৱে, গংগা এক্সপ্ৰেছৱে, গোৰখপুৰ লিংক এক্সপ্ৰেছৱে, বাল্লিয়া লিংক এক্সপ্ৰেছৱেৰ দৰে আধুনিক আৰু বিস্তৃত পথ নিৰ্মাণ কৰা হৈছে আৰু এয়া হৈছে আধুনিক উত্তৰ প্ৰদেশৰ আধুনিক আন্তঃগাঁথনিৰ আৰম্ভণিৰ এটা পথ। তেখেতে কয়, উত্তৰ প্ৰদেশ হৈছে দুটা বৃহৎ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ জংচন। উত্তৰ প্ৰদেশৰ আধুনিক আন্তঃগাঁথনিৰ সৃষ্টিয়ে উত্তৰ প্ৰদেশত উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিছে। ইয়াৰ জৰিয়তে, উদ্যোগ তথা একেদৰে যুৱ সমাজ উভয়ৰে অৰ্থে উত্তম সুযোগ সৃষ্টি কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশ চৰকাৰখনে ক’ৰোনাৰে মোকাবিলা কৰাত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে চৰকাৰখনক প্ৰশংসা কৰে। তেখেতে তদুপৰি প্ৰত্যাৱৰ্তন কৰা শ্ৰমিকসকলক নিয়োগৰ সুবিধা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰখনক সাধুবাদ দিয়ে। তেখেতে কয়, যোৱা ৩-৪ বছৰত উত্তৰ প্ৰদেশৰ ব্যৱস্থাৰাজিয়ে ক’ৰোনাৰ বিৰুদ্ধেও বহু পৰিমাণে বৰঙণি যোগালে। ৰাজ্য চৰকাৰখনৰ প্ৰচেষ্টাৰ বাবে পূৰ্বাঞ্চলত মেনিনগিটিছৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস হৈ পৰিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ছটা বছৰত উত্তৰ প্ৰদেশৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৪ ৰপৰা ২৪ লৈ বৃদ্ধি পালে। তদুপৰি, গোৰখপুৰ আৰু বেৰেলীত এইমছৰ কাম অব্যাহত আছে। ইয়াৰ ওপৰিও, ২২ নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। বাৰানসীৰ আধুনিক কৰ্কট চিকিৎসালয়ৰ সা-সুবিধাসমূহো পূৰ্বাঞ্চললৈ আগবঢ়োৱা হৈছে। ইউপি জল জীৱন অভিযান অৰ্থাৎ প্ৰতিঘৰ গৃহস্থীলৈ পানী যোগানৰ কামো প্ৰশংসনীয় হৈ উঠিছে। ঘৰতে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ পৰিপ্ৰেক্ষিতত, বহু ৰোগ হ্ৰাস কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ প্ৰদেশৰ গাঁও, দৰিদ্ৰ আৰু কৃষকসকলে উন্নত শক্তি, পানী যোগান, পথ আৰু স্বাস্থ্য সা-সুবিধাসমূহৰপৰা প্ৰত্যক্ষভাৱে উপকৃত হৈছে। তেখেতে লগতে কয়, পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে, উত্তৰ প্ৰদেশৰ প্ৰায় ২.৫ কোটি কৃষক পৰিয়ালৰ বেংক একাউন্টত পোনপটীয়াকৈ ধন জমা কৰা হৈছে, পূৰ্বে এনে কৃষকক আনকি সাৰৰ বস্তা কিনিবলৈয়ো আনৰপৰা ঋণ ল’বলৈ বাধ্য কৰোৱা হৈছিল। তেখেতে কয়, ইয়াৰ কৃষকসকলে জলসিঞ্চনৰ অৰ্থে বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ গোটেই নিশা সাৰে থাকিবলগীয়া হৈছিল আৰু লগতে কয় যে তেখেতৰ চৰকাৰে শক্তিৰ যোগানৰ উন্নয়ন সাধনৰে এনে সমস্যাসমূহ দূৰ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষি ভূমিসমূহ একত্ৰিত কৰিবলৈ কৃষক উৎপাদক সংস্থা (FPO) সমূহ গঠন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে প্ৰতি কৃষকৰ সংকুচিত কৃষিকাৰ্য্যৰ এলেকাৰ সমস্যাটো সমাধান হ’ব। তেখেতে লগতে কয়, যেতিয়া ১-২ বিঘা মাটি থকা ৫০০ কৃষক পৰিয়াল একত্ৰিত হ’ব, তেতিয়া তেওঁলোক ৫০০-১০০০ বিঘা মাটি থকা কৃষকসকলতকৈ অধিক শক্তিশালী হৈ পৰিব। সমান্তৰালভাৱে, শাক-পাচলি, ফল-মূল, গাখীৰ, মাছ আৰু এনে বহু ব্যৱসায়ৰ সৈত জড়িত ক্ষুদ্ৰ কৃষকসকলে এতিয়া কিষাণ ৰেলৰ জৰিয়তে বৃহৎ বজাৰসমূহৰ সৈতে সংযোজিত হৈ পৰিছে। তেখেতে কয়, শেহতীয়াভাৱে সাধন কৰা নতুন কৃষি সম্পৰ্কীয় সংস্কাৰসমূহেও ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক উপকৃত কৰিব আৰু এই কৃষি আইনসমূহৰ সন্দৰ্ভত সমগ্ৰ দেশখনৰপৰা ইতিবাচক সঁহাৰি লাভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আইনসমূহৰ বিৰুদ্ধে সকলো ভুল তথ্য বিয়পি পৰিছিল। তেওঁ কয় যে আইন প্ৰণয়নেৰে দেশখনলৈ বিদেশী কোম্পানীসমূহক মাতি আনি ভাৰতীয় কোম্পানীসমূহৰ সৈতে কৃষকসকলৰ সংঘাতৰ সূত্ৰপাত ঘটাইছে বুলি মিথ্যা আৰু উৰা বাতৰি প্ৰচাৰ কৰে। ইয়াৰ বিপৰীতে, নতুন আইনসমূহৰ প্ৰণয়নৰ ফলত, উত্তৰ প্ৰদেশত যোৱা বৰ্ষৰ তুলনাত ধান ক্ৰয় দুগুণ হৈছে। যোগী চৰকাৰে কুঁহিয়াৰ কৃষকসকলৰ অৰ্থে ইতিমধ্যে ১ লাখ কোটি টকা মোকলাই দিছে। কৃষকসকলক পৰিশোধ কৰিবলৈ চেনী কলসমূহ যাতে সক্ষম হয়, তাৰ অৰ্থে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহলৈ কেইবা হাজাৰ কোটি টকাও আগবঢ়াইছে। কুঁহিয়াৰ কৃষকসকলক যাতে সময়মতে পৰিশোধ কৰা যায়, সেয়া নিশ্চিত কৰি তুলিবলৈ উত্তৰ প্ৰদেশ চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰি কয় যে গ্ৰামাঞ্চলত বসবাস কৰা লোক আৰু কৃষকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তুলিবলৈ চৰকাৰখনে সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে কয়, স্বামিত্ব আঁচনিয়ে গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ গৃহৰ অবৈধ দখলৰ সম্ভাৱনা ৰোধ কৰিব। এই আঁচনিৰ অধীনত, বৰ্তমান সময়ত উত্তৰ প্ৰদেশৰ প্ৰায় ৫০ জিলাত ড্ৰোণৰ জৰিয়তে সমীক্ষা সম্পন্ন কৰা হৈছে। প্ৰায় ১২ হাজাৰ গাঁৱত ড্ৰোণ সমীক্ষাৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু অদ্যপি ২ লাখৰো অধিক পৰিয়ালে প্ৰপাৰ্টি কাৰ্ড লাভ কৰিছে আৰু এতিয়া এই পৰিয়ালসমূহ সকলো ধৰণৰ ভীতিৰপৰা মুক্ত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

সেয়েহে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে কৃষি সংস্কাৰ আইনসমূহৰ জৰিয়তে কৃষকসকলৰ ভূমি বেদখলৰ মিথ্যাচাৰ কোনোৱে কিদৰে বিশ্বাসত ল’ব পাৰিব। আমাৰ লক্ষ্য হৈছে প্ৰতিজন নাগৰিকক সবলীকৰণ কৰা, আমাৰ সংকল্প হৈছে দেশখনক আত্মনিৰ্ভৰ কৰি তোলা আৰু ইয়াৰ বাবে আমি সমৰ্পিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে গোস্বামী তুলসীদাসৰ ৰামচৰিতমানসৰ এটি কবিতাৰে সামৰণি মাৰে যাৰ অৰ্থ হৈছে শুদ্ধ অভিপ্ৰায়েৰে আৰম্ভ কৰা যিকোনা কাম আৰু যাৰ অন্তৰত ভগৱান ৰাম থাকে, সেই কাৰ্য্যৰ সফলতা বা তেওঁৰ জয় নিশ্চিত।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.