সেনাবাহিনীক অৰ্জুন মেন বেটেল টেংক (এমকে ১এ) হস্তান্তৰিত কৰিলে প্ৰধানমন্ত্ৰীয়ে
পুলৱামা আক্ৰমণত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন
প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান
এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত। এইবোৰে তামিলনাডুৰ বিকাশক আৰু আগুৱাই লৈ যাব : প্ৰধানমন্ত্ৰী
ভাৰতৰ উপকূলৱৰ্তী অঞ্চলৰ উন্নয়নত বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে : প্ৰধানমন্ত্ৰী
দেবেন্দ্ৰকুলা ভেলালাৰ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ, তেওঁলোক নিজৰ ঐতিহ্যগত নামেৰে পৰিচিত হ’ব
চৰকাৰে, শ্ৰীলংকাত থকা আমাৰ তামিল ভাই – ভনীসকলৰ কল্যাণ আৰু উচ্চাকাঙ্খাৰ বিষয়ে সকলো সময়তে গুৰুত্ব দিয়ে : প্ৰধানমন্ত্ৰী
তামিলনাডুৰ সংস্কৃতি মানি চলা আৰু সেয়া সংৰক্ষণ কৰাৰ সুযোগ পোৱাত আমি আনন্দিত। বিশ্বজুৰি তামিলনাডুৰ সংস্কৃতি জনপ্ৰিয় : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইত এলানি গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ উপৰি শিলান্যাসো কৰে। তেওঁ সেনাবাহিনীৰ হাতত আজি অৰ্জুন মেন বেটেল টেংকো (এমকে – ১এ) হস্তান্তৰ কৰে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয়, “ আমি আজি চেন্নাইলৈ আহি অতি আনন্দিত। এই চহৰৰ মানুহখিনিয়ে মোক ইয়াত উষ্ম অভ্যৰ্থনা জনাইছে, তাৰ বাবে মই তেওঁলোকক অশেষ ধন্য়বাদ জনাইছো। এই চহৰ উৎসাহ আৰু উদ্দীপনাৰে ভৰপুৰ। এই চহৰ জ্ঞান আৰু সৃজনশীলতাৰ চহৰ। আজিৰ পৰা চেন্নাইত আমি দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভ কৰিছো। এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পবোৰে তামিলনাডুৰ বিকাশক আৰু অধিক আগুৱাই লৈ যাব।”

তেওঁ আৰু কয়, “৬৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰেণ্ড এনিকেট খাল ব্যৱস্থাৰ সংস্কাৰৰ শিলান্যাস কৰা হৈছে। ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। ই ২.২৭ লাখ একৰ ভূমিৰ ছেচ ব্যৱস্থাৰ উন্নতি ঘটাব। থান্জাভুৰ আৰু পুড়ুক্কোট্টা জিলা ইায়াৰ দ্বাৰা বিশেষভাৱে উপকৃত হ’ব।“ প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কৃষকসকলে অভিলেখ সংখ্যক ফচল উৎপাদন কৰাত আৰু জল সম্পদৰ যথাযথ ব্য়ৱহাৰ কৰাত তেওঁলোকক ধন্য়বাদ জনায়। তেওঁ কয়, “এই গ্ৰেণ্ড এনিকেট আমাৰ গৌৰৱোজ্জল ইতিহাসৰ জীৱন্ত প্ৰমাণ। আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে এয়া আমাৰ অনুপ্ৰেৰণাৰ উৎস।“ বিখ্যাত তামিল কবি আভাইয়াৰেৰ ৰচনা উদ্ধৃত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এটোপাল জল, অনেক ফচল – এই মন্ত্ৰ আমি মনত ৰাখিব লাগিব। জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি তেওঁ কয়, এয়া কেৱল এক জাতীয় বিষয়েই নহয়, এয়া এক আন্তৰ্জাতিক বিষয়ো। 

চেন্নাই মেট্ৰো ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্বৰ ৯ কিলোমিটাৰ দৈৰ্ঘ্য ৰে’লপথৰ আজি উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে জনায়, বিশ্বজুৰি মহামাৰী চলি থকা সত্ত্বেও এই প্ৰকল্প নিৰ্ধাৰিত সময়তে শেষ হৈছে। ভাৰতীয় ঠিকাদাৰসকলে এই প্ৰকল্প নিৰ্মাণৰ কাম সনম্পাদন কৰিছে। প্ৰকল্পৰ উপাদান, দেশীয় সংস্থাবোৰৰ পৰা সংগ্ৰহ কৰা হৈছে। যি আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সামঞ্জস্য ৰাখি চলে। তেওঁ জনায়, এইবছৰৰ বাজেটত এই প্ৰকল্পৰ দ্বিতীয় পৰ্বৰ ১১৯ কিলোমিটাৰ ৰেলপথৰ বাবে ৬৩,০০০ কোটি টকা আবণ্টন দিয়া হৈছে౼ যিটো যিকোনো চহৰৰ এক প্ৰকল্প হিচাপে আটাইতকৈ বেছি ধন আবণ্টন দিয়া প্ৰকল্প। এই স্থানৰ নাগৰিকসকলৰ সহজ জীৱনযাত্ৰাত সহায় কৰাৰ বাবে চহৰাঞ্চলীয় পৰিৱহণ ব্যৱস্থাৰ উন্নতিত গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, যোগাযোগ ব্যৱস্থাৰ উন্নতি হ’লে অনেক সুবিধা হয়। এয়া ব্যৱসায় বাণিজ্যৰ বাবেও সহায়ক। সোণালী চতুৰ্ভুজ প্ৰকল্পৰ অধীনত চেন্নাই বীচ্চ – এন্নোড় – আট্টিপাট্টু শাখাত যান চলাচল অত্যন্ত বেছি হয়। চেন্নাই বন্দৰৰ পৰা কামৰাজাৰ বন্দৰ পৰ্যন্ত দ্ৰুত যান চলাচলৰ প্ৰয়োজন আছে। আৰু সেয়ে চেন্নাই বীচ্চৰ পৰা আট্টিপাট্টু পৰ্যন্ত চতুৰ্থ লাইনে এইক্ষেত্ৰত সহায় কৰিব। ব-দ্বীপ এলেকাৰ জিলাবোৰত ভিল্লুপুৰম – থান্জাভুৰ – থিৰুভাৰুৰ প্ৰকল্পত বৈদ্যুতিকীকৰণে অনবদ্য সুযোগ আনি দিব।

প্ৰধানমন্ত্ৰীয়ে ২ বছৰ পূৰ্বে আজিৰ দিনটোতে পুলৱামা আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয়, “সেই আক্ৰমণত আমি যিসকলক হেৰুৱাইছো, সেই শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধা জনাইছো। আমি আমাৰ নিৰাপত্তা বাহিনীক লৈ গৰ্বিত। তেওঁলোকৰ সাহসিকতাৰে প্ৰজন্মৰ পিছত প্ৰজন্ম অনুপ্ৰাণিত হ’ব।”

শ্ৰী মোদীয়ে কয়, প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈ উঠাৰ বাবে ভাৰতে ভালেমান উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ কয়, বিশ্বৰ প্ৰাচীনতম ভাষা তামিলত মহাকবি সুব্ৰমনিয়া ভাৰতীৰ ৰচনাৰ পৰা এই অনুপ্ৰেৰণা পোৱা গৈছে। প্ৰধানমন্ত্ৰীয়ে কবিৰ উদ্ধৃতি দি কয়, আহক আমি অস্ত্ৰ, কাগজ, কাৰখানা, স্কুল নিৰ্মাণ কৰো। আহক আমি যানবাহন নিৰ্মাণ কৰো, যিবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হ’ব আৰু আকাশতো উৰিব। আমি জাহাজ বনাও আহক, যিয়ে সমগ্ৰ বিশ্বক পথ দেখুৱাব। শ্ৰী মোদীয়ে আৰু কয়, দেশত যি দুটা প্ৰতিৰক্ষা কৰিডৰ হৈছে, তাৰ এটা নিৰ্মাণ হৈছে তামিলনাডুত। এই কৰিডৰে ইতিমধ্যেই ৮১০০ কোটি টকাৰ বিনিয়োগ আকৃষ্ট কৰিছে।

তেওঁ লগতে কয়, তামিলনাডুৱে ইতিমধ্যেই ভাৰতত যানবাহন প্ৰস্তুতকাৰী কেন্দ্ৰ হিচাপে শীৰ্ষস্থান দখল কৰিছে। আৰু এতিয়া তামিলনাডু ভাৰতৰ টেংক নিৰ্মাণকাৰী কেন্দ্ৰ হিচাপে আগবাঢ়ি আহিছে। এমবিটি অৰ্জুন মাৰ্ক – ১এ ৰ প্ৰসঙ্গ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “দেশীয় প্ৰযুক্তিত নিৰ্মিত “মেন বেটেল টেংক অৰ্জুন মাৰ্ক ১এ” মই হস্তান্তৰিত কৰিবলৈ পাই গৰ্ব অনুভৱ কৰিছো। ইয়াত দেশীয় বিস্ফোৰক ব্যৱহাৰ কৰা হ’ব। আমাৰ দেশক সুৰক্ষিত ৰখাৰ বাবে উত্তৰ সীমান্তত তামিলনাডুত নিৰ্মাণ হোৱা টেংক ব্যৱহাৰ কৰা হ’ব। এয়া হৈছে ভাৰতৰ একতা দৰ্শন – ঐক্যবদ্ধ ভাৱধাৰাৰ এক প্ৰতিফলন”।

প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে দ্ৰুত গতিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

শ্ৰী মোদীয়ে কয়, ভাৰতৰ সাহসিকতাৰ দিশেৰে আমাৰ আটইকেইটা বাহিনীয়েই সমৃদ্ধ। আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ তেওঁলোকৰ ক্ষমতা এই বাহিনীবোৰে বিভিন্ন সময়ত দেখুৱাই আহিছে। তাৰ লগতে ভাৰতে যে শান্তিত বিশ্বাসী তেওঁলোকে সেয়াও প্ৰদৰ্শন কৰি আহিছে। আমাৰ সাৰ্বভৌমত্বক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে যে, আইআইটি মাদ্ৰাজৰ ডিছক’ভাৰি কেম্পাছত আন্তৰ্জাতিক মানৰ যি গৱেষণা কেন্দ্ৰ গঢ়ি তোলা হ’ব, সেয়া নিশ্চিতভাৱে উদ্ভাৱন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব। ২ লাখ বৰ্গমিটাৰ এলেকাত এই আন্তঃগাঁথনি গঢ়ি তোলা হ’ব। ভাৰতৰ সকলো ঠাইৰে শ্ৰেষ্ঠ মেধা ইয়াত আহি একত্ৰিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, উৎসাহ, উদ্দীপনা আৰু উদ্ভাৱনৰ বিকাশক সকলো ধৰণৰ সহায় কৰিবলৈ কেন্দ্ৰ, অঙ্গীকাৰবদ্ধ। চৰকাৰৰ সংস্কাৰৰ প্ৰতি অঙ্গীকাৰ এইবছৰৰ বাজেটত পুনৰ এবাৰ প্ৰতিফলিত হৈছে। ভাৰতৰ উপকূলীয় অঞ্চলৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। এইবাৰৰ বাজেটত মৎস্যজীৱী সম্প্ৰদায়ৰ বাবে বিভিন্ন সুবিধাৰ ব্যৱস্থা কৰা হৈছে। মাছ ধৰাৰ আন্তঃগাঁথনিৰ উন্নতি কৰা হ’ব। চেন্নাইসহ ৫ টা স্থানত অত্যাধুনিক মৎস্য বন্দৰ নিৰ্মাণ কৰা হ’ব। তামিলনাডুত এটা বহুমুখী সামুদ্ৰিক শৈবাল পাৰ্ক গঢ়ি তোলা হ’ব। য’ত এই শৈবালৰ খেতিও কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কেন্দ্ৰই তামিলনাডুৰ দেবেন্দ্ৰকুলা ভেল্লালাৰ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী মানি লৈ দেবেন্দ্ৰকুলা ভেলালাৰ হিচাপে পৰিচিত হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। সংবিধানৰ ৬ -৭ টা তালিকাভুক্ত নামত তেওঁলোকৰ আৰু পৰিচিত হ’ব নালাগিব। কেন্দ্ৰই দেবেন্দ্ৰকুলা ভেলালাৰ নামটো অনুমোদন কৰিছে। ইয়াৰ বাবে খচৰা বিজ্ঞপ্তিও প্ৰস্তুত কৰা হৈছে। যিটো সংবিধানৰ সংশোধনীৰ মাধ্যমেৰে নাম পৰিবৰ্তন কৰিব পৰা যাব। সংসদৰ আগন্তুক অধিৱেশনৰ আৰম্ভণিতেই এয়া দাখিল কৰা হ’ব। তামিলনাডু চৰকাৰৰ এই দাবী সম্পৰ্কীয় বিস্তাৰিত তথ্য সংগ্ৰহৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে। তেওঁ কয়, দেবেন্দ্ৰসকলৰ এই দাবীৰ সপক্ষে সমৰ্থন দীৰ্ঘদিনীয়া । শ্ৰী মোদীয়ে কয়, এই সিদ্ধান্ত কেৱল নাম পৰিৱৰ্তন নহয়, ইয়াৰ লগতে ন্যায় মৰ্যাদা আৰু সুযোগো জড়িত। তেওঁ আৰু কয়, “তামিলনাডুৰ সংস্কৃতি মানি চলা আৰু সেয়া সংৰক্ষণ কৰাৰ সুযোগ কৰাত আমি অত্যন্ত আনন্দিত। বিশ্বজুৰি তামিলনাড়ুৰ সংস্কৃতি জনপ্ৰিয়”।

 

প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰি কয়, চৰকাৰে শ্ৰীলঙ্কাত থকা আমাৰ তামিল ভাই – ভনীসকলৰ কল্যাণ আৰু উচ্চাকাঙ্খাৰ বিষয়ে সকলো সময়তে গুৰুত্ব দি আহিছে। একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে জাফনালৈ যোৱাৰো সৌভাগ্য তেওঁৰ হৈছে। শ্ৰীলঙ্কাৰ তামিল সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰিবলৈ উন্নয়নমূলক কাম হাতত লোৱা হৈছে। এই চৰকাৰে, তামিলসকলৰ বাবে যি সম্পদ দিছে, সেয়া পূৰ্বৰ চৰকাৰবোৰতকৈ যথেষ্ট বেছি। শ্ৰীলঙ্কাৰ উত্তৰ – পূৰ্বাঞ্চলত বসবাস কৰা তামিলসকলৰ বাবে ৫০,০০০ ঘৰ, বাগিচা এলেকাত ৪০০০ ঘৰ এই প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে। তামিল সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰা, এনেধৰণৰ এটা বিনামূলীয়া এম্বুলেন্স সেৱাত চৰকাৰে, আৰ্থিক সাহায্যও আগবঢ়াইছে। ইয়াৰ উপৰিও স্বাস্থ্য ক্ষেত্ৰত ডিকোয়াত এখন হাস্পতাল নিৰ্মাণ কৰা হৈছে। যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে জাফনা আৰু মান্নাৰত ৰে’ল লাইনো স্থাপন কৰা হৈছে। চেন্নাইৰ পৰা জাফনা বিমান সেৱাৰ সূচনা হৈছে। ভাৰতে জাফনাত যি সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তুলিছে সেইটো শীঘ্ৰেই উদ্বোধন কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰীলঙ্কাৰ নেতৃবৃন্দৰ সৈতে তামিলসকলৰ অধিকাৰৰ প্ৰসঙ্গ আমি সঘনাই আলোচনা কৰো। তামিলসকলে যাতে সমভাৱে ন্যায়, শান্তি আৰু মৰ্যাদাৰে বসবাস কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ”।

 

প্ৰধানমন্ত্ৰীয়ে সকলোকে আশ্বস্ত কৰি কয়, চৰকাৰে মৎসজীৱীসকলৰ স্বাৰ্থৰক্ষাৰ বাবে সকলো সময়তে কাম কৰি যাব। যিমান দ্ৰুতভাৱে সম্ভৱ মৎসজীৱীসকলে মুক্তি লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ শ্ৰীলঙ্কাৰ সৈতে সকলো সময়তে যোগাযোগ ৰখা হৈছে। বৰ্তমান চৰকাৰৰ সময়ত ১৬০০ ৰো অধিক মৎসজীৱীয়ে মুক্তি লাভ কৰিছে। বৰ্তমান শ্ৰীলঙ্কাত কোনো ভাৰতীয় মৎসজীৱী আটকাধীন হৈ থকা নাই। একেদৰে ৩১৩ খন মাছ ধৰা নৌকা মোকলাই অনা হৈছে আৰু বাকী নৌকাবোৰ যাতে ক্ষীপ্ৰতাৰে ওভতাই আনিব পৰা যায়, সেই বিষয়ে চৰকাৰে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে চেন্নাই মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্ব, চেন্নাই বীচ্চ আৰু আট্টিপাট্টুৰ মাজত চতুৰ্থ ৰে’ললাইন, ভিল্লুপুৰম – কুড্ডালোৰ – মাভিলাদুথুৰাই- থান্জাভুৰ, মাভিলাদুথুৰাই – থিৰুভাৰুৰৰ মাজত ৰে’ল প্ৰকল্প সূচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ড এনিকেট খাল ব্য়ৱস্থাৰ পুনৰুজ্জীৱন আৰু আধুনিকীকৰণৰ বাবে এটা প্ৰকল্পৰ আৰু আইআইটি মাদ্ৰাজৰ ডিছক’ভাৰী কেম্পাছৰ শিলান্যাস কৰিছে।

তামিলনাডুৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, ৰাজ্য বিধানসভাৰ অধ্যক্ষ আৰু উদ্যোগ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.