সেনাবাহিনীক অৰ্জুন মেন বেটেল টেংক (এমকে ১এ) হস্তান্তৰিত কৰিলে প্ৰধানমন্ত্ৰীয়ে
পুলৱামা আক্ৰমণত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন
প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান
এই প্ৰকল্পবোৰ দেশীয় পদ্ধতিৰে উদ্ভাৱন আৰু প্ৰস্তুত। এইবোৰে তামিলনাডুৰ বিকাশক আৰু আগুৱাই লৈ যাব : প্ৰধানমন্ত্ৰী
ভাৰতৰ উপকূলৱৰ্তী অঞ্চলৰ উন্নয়নত বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে : প্ৰধানমন্ত্ৰী
দেবেন্দ্ৰকুলা ভেলালাৰ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ, তেওঁলোক নিজৰ ঐতিহ্যগত নামেৰে পৰিচিত হ’ব
চৰকাৰে, শ্ৰীলংকাত থকা আমাৰ তামিল ভাই – ভনীসকলৰ কল্যাণ আৰু উচ্চাকাঙ্খাৰ বিষয়ে সকলো সময়তে গুৰুত্ব দিয়ে : প্ৰধানমন্ত্ৰী
তামিলনাডুৰ সংস্কৃতি মানি চলা আৰু সেয়া সংৰক্ষণ কৰাৰ সুযোগ পোৱাত আমি আনন্দিত। বিশ্বজুৰি তামিলনাডুৰ সংস্কৃতি জনপ্ৰিয় : প্ৰধানমন্ত্ৰী

ৱানাক্কম চেন্নাই!

ৱানাক্কম তামিলনাডু!

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিতজী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী পালানিস্বামীজী, উপ মুখ্যমন্ত্ৰী শ্ৰী পনীৰছেলভামজী, তামিনলাডুৰ সংসদৰ অধ্যক্ষ শ্ৰী ধনপালজী, উদ্যোগ মন্ত্ৰী শ্ৰী সম্পথজী, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

মোৰ মৰমৰ বন্ধুসকল,

এই প্ৰকল্পটি গুৰুত্বপূর্ণ কাৰণ, আমি ৬৩৬ কিলোমিটাৰ দৈর্ঘৰ গ্রেণ্ড এনিকাট খাল ব্যৱস্থাৰ সংস্কাৰৰ শিলান্যাস কৰিছো। ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ’ব। ই ২.২৭ লক্ষ একৰ ভূমিৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নতি ঘটাব। থান্জাভুৰ আৰু পুড়ক্কোট্টাই জিলা বিশেষভাৱে উপকৃত হ’ব। তামিলনাডুৰ কৃষকসকলে ৰেকর্ড পৰিমাণৰ ফচল উৎপাদন কৰি তথা জল সম্পদৰ যথাযথ ব্য়ৱহাৰ কৰাৰ বাবে মই তেওঁলোকক ধন্য়বাদ জনাইছো। হাজাৰ হাজাৰ বছৰ ধৰি এই গ্ৰেণ্ড এনিকাট আৰু তাৰ খাল ব্যৱস্থা তামিলনাডুৰ ধানৰ গোলাৰ জীৱনৰ উৎস হৈ পৰিছিল। এই গ্ৰেণ্ড এনিকাট আমাৰ গৌৰৱোজ্জল ইতিহাসৰ জীৱন্ত প্ৰমাণ। আত্মনির্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে এক অনুপ্রেৰণাৰ উৎস। বিখ্যাত তামিল কবি আভাইয়াৰেৰ ভাষাত –

বৰুপ্পু উয়ৰা নীৰ উয়ৰুম

নীৰ উয়ৰা নেল উয়ৰুম

নেল উয়ৰা কুড়ী উয়ৰুম

কুড়ী উয়ৰা কোল উয়ৰুম

কোল উয়ৰা কোণ উয়ৰবান

যিমানে জলস্তৰ বৃদ্ধি পায়, জনসাধাৰণৰ সমৃদ্ধি হয় তথা ৰাষ্ট্রও সমৃদ্ধ হয়। জল সংৰক্ষণৰ বাবে যি যি কৰা উচিত, আমি সেয়া কৰিব লাগিব। এয়া কেৱল জাতীয় বিষয় নহয়, এয়া আন্তর্জাতিক বিষয়ো। এক টোপাল পানীত অনেক ফচল – এই মন্ত্ৰ মনত ৰাখিব লাগিব। ই ভৱিষ্যৎ প্ৰজন্মৰ পক্ষে সহায়ক হ’ব।

 

বন্ধুসকল,

মই চেন্নাই মেট্রো ৰেলৰ প্ৰথম পৰ্যায়ৰ ৯ কিলোমিটাৰ দৈর্ঘৰ ৰেলপথ উদ্বোধন কৰিব ওলাইছো। ইয়াৰ ফলত ৱাসাৰমেনপেটৰ পৰা উইমকোনগৰ পর্যন্ত যাব পাৰিব। বিশ্বজুৰি মহামাৰী সত্ত্বেও এই প্ৰকল্প নির্ধাৰিত সময়ত শেষ হৈছে। ভাৰতীয় ঠিকাদাৰে এই প্ৰকল্প প্ৰস্তুতিৰ কাম কৰিছে। প্ৰকল্পৰ উপাদান, দেশৰ সংস্থাসমূহৰ পৰা সংগ্ৰহ কৰা হৈছে যিয়ে আত্মনির্ভৰ ভাৰতৰ সৈতে সামঞ্জস্য বৰ্তাই চলিছে। চেন্নাই মেট্রো দ্রুত প্ৰসাৰিত হৈছে। এই বছৰৰ বাজেটত এই প্ৰকল্পৰ দ্বিতীয় পর্বৰ ১১৯ কিলোমিটাৰ ৰেলপথৰ বাবে ৬৩,০০০ কোটি টকা আৱণ্টিত কৰা হৈছে৷ ইয়াৰে নাগৰিকসকলৰ সহজ জীৱনযাত্রাত সাহায্য কৰাৰ বাবে চহৰাঞ্চলীয় পৰিবহণ ব্যৱস্থাৰ উন্নতিত গুৰুত্ব দিয়া হৈছে।

বন্ধুসকল,

যোগাযোগ ব্যৱস্থাৰ উন্নতি হ’লে অনেক সুবিধা হয়। ই ব্যৱসায় বাণিজ্যৰ পক্ষে সহায়ক হয়। সোণালী চতুর্ভুজ প্ৰকল্পৰ আওতাত চেন্নাই বীচ – এন্নোড় – আট্টিপাট্টু শাখাত যানবাহন চলাচল অত্যন্ত অধিক হয়। চেন্নাই বন্দৰৰ পৰা কামৰাজাৰ বন্দৰ পর্যন্ত দ্রুত যানবাহন চলাচলৰ প্ৰয়োজন হৈছে। আৰু এতিয়া চেন্নাই বীচৰ পৰা আট্টিপাট্টু পর্যন্ত চতুর্থ লাইনে সাহায্য কৰিব। বদ্বীপ এলাকাৰ জিলাসমূহত ভিল্লুপুৰম – থান্জাভুৰ – থিৰুভাৰুৰ প্ৰকল্পৰ বৈদ্যুতিকীকৰণে এই অঞ্চলত বৃহৎ সুযোগ প্ৰদান কৰিব। খাদ্য শস্য নিয়া মালগাড়ী এই শাখাত দ্রুত গতিত চলাচল কৰিব পাৰিব।

বন্ধুসকল,

আজিৰ দিনটো কোনো ভাৰতীয়ই নাপাহৰে। ২ বছৰ আগেয়ে পুলৱামাত আজিৰ দিনটোতেই আক্ৰমণ হৈছিল। সেই আক্ৰমণত যিসকলক আমি হেৰুৱাইছো, সেই সকলো শ্বহীদলৈ শ্ৰদ্ধা জনাইছো। আমি আমাৰ নিৰাপত্তা বাহিনীক লৈ গর্বিত। তেওঁলোকৰ সাহসিকতাৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্ম অনুপ্রাণিত হ’ব।

বন্ধুসকল,

বিশ্বৰ প্রাচীনতম ভাষাত লেখা তামিল মহাকবি সুব্ৰমনিয়াম ভাৰতীয়ে লিখিছিলে,

আয়ুথম সেয়বোম নল্লা কাকীতম সেয়বোম

আলেকল বাঈপ্পোম কল্বী সালাইকল বাঈপ্পোম

নডেয়ুম পৰপ্পু মুনৰ বন্ডীকল সেয়বোম

জ্ঞলম নডুনকা বৰুং কপ্পলকল সেয়বোম

অর্থাৎ -

আহক আমি অস্ত্ৰ নিৰ্মাণ কৰো; আমি কাগজ প্ৰস্তুত কৰো।

আহক আমি কাৰখানা নিৰ্মাণ কৰো, আমি স্কুল নিৰ্মাণ কৰো।

আহক আমি যানবাহন নিৰ্মাণ কৰো, যিয়ে এটা ঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব আৰু আকাশত উৰিব।

আহক আমি জাহাজ নিৰ্মাণ কৰো, যিয়ে সমগ্ৰ বিশ্বতে ভ্ৰমণ কৰিব।

এই স্বপ্নৰ দ্বাৰা অনুপ্রাণিত হৈয়েই প্ৰতিৰক্ষা ক্ষেত্রত আত্মনির্ভৰ হোৱাৰ বাবে ভাৰতে বিপুল উদ্যোগ গ্ৰহণ কৰিছে। যি দুটা প্ৰতিৰক্ষা কৰিডৰ হৈছে, তাৰ এটা আছে তামিলনাডুত। এই কৰিডৰত ইতিমধ্যেই ৮১০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।

আমাৰ সীমান্ত ৰক্ষা কৰাৰ বাবে আৰু এক যোদ্ধাক জাতিৰ উদ্দেশ্যে উৎসর্গিত কৰিবলৈ পাই আমি আজি গর্বিত। দেশীয় প্ৰযুক্তিত তৈয়াৰী “প্ৰধান বেটেল টেংক অর্জুন মার্ক ১এ”ক আমি হস্তান্তৰিত কৰিবলৈ পাই গর্ব অনুভৱ কৰিছো। ইয়াত দেশীয় বিস্ফোৰক ব্যৱহাৰ কৰা হ’ব। তামিলনাডুৱে ইতিমধ্যেই ভাৰতৰ যানবাহন প্ৰস্তুতকাৰী হাব হিচাপে শীর্ষ স্থান দখল কৰিছে।

আৰু এতিয়া আমি দেখিবলৈ পাইছো, ভাৰতৰ টেংক নির্মাণকাৰী হাব হিচাপে তামিলনাডু বিকশিত হৈছে। আমাৰ দেশক সুৰক্ষিত কৰি ৰখাৰ বাবে উত্তৰ সীমান্তত তামিলনাডুত তৈয়াৰী টেংক ব্যৱহাৰ কৰা হ’ব। ভাৰতৰ একতা দর্শন – ঐক্যৱদ্ধ ভাবধাৰাৰ এটি প্ৰতিফলন। বিশ্বত অত্যাধুনিক সামৰিক বাহিনী গঢ়ি তোলাৰ উদ্দেশ্যে আমি সশস্ত্ৰ বাহিনীৰ বাবে কাম কৰিছো। ভাৰতৰ সাহসিকতাৰ তত্ত্বেৰে আমাৰ বাহিনী সমৃদ্ধ। আমাৰ মাতৃভূমিক ৰক্ষা কৰাত তেওঁলোকৰ ক্ষমতা বাহিনীয়ে বিভিন্ন সময়ত দেখুৱাই আহিছে। লগতে ভাৰত যে শান্তিত বিশ্বাসী সেয়াও প্ৰমাণিত কৰিছে। আমাৰ সার্বভৌমত্বক যি কোনো মূল্যত ৰক্ষা কৰিব লাগিব। ধৈর্য, বীৰত্বৰ সৈতে আমাৰ বাহিনীৰ সৈন্যশক্তি আৰু ধৈর্যশক্তিও দৃঢ়।

বন্ধুসকল,

আইআইটি মাদ্ৰাছৰ ডিচকভাৰী কেম্পাচত আন্তর্জাতিক মানৰ এটি গৱেষণা কেন্দ্ৰ গঢ়ি তোলা হ’ব। ২ লক্ষ বর্গমিটাৰ এলেকাৰ পৰিকাঠামো গঢ়ি তোলা হ’ব। আইআইটি মাদ্ৰাছৰ ডিচকভাৰী কেম্পাচক উদ্ভাৱন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মই নিশ্চিত। ভাৰতৰ সকলো স্থানৰ শ্রেষ্ঠ মেধা ইয়াতে জড়িত হ’ব।

বন্ধুসকল,

সমগ্ৰ বিশ্বই বিপুল উৎসাহ আৰু ইতিবাচক মনোভাব লৈ ভাৰতৰ দিশে চাই ৰৈছে, সেই বিষয়ে নিশ্চিত। এই দশক, ভাৰতৰ দশক হিচাপে বিবেচিত হৈছে। ১৩০ কোটি ভাৰতবাসীৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এয়া সম্ভৱ হৈছে। এই উৎসাহ, উদ্দীপনা আৰু উদ্ভাৱনৰ বিকাশক সকলো ধৰণৰ সাহায্য কৰাৰ বাবে কেন্দ্ৰ, অংগীকাৰৱদ্ধ। চৰকাৰৰ সংস্কাৰৰ প্ৰতি অংগীকাৰ এই বছৰৰ বাজেটত পুনৰবাৰ প্ৰতিফলিত হৈছে। আপোনালোকে জানি সুখী হ’ব যে, ভাৰতৰ উপকূলীয় অঞ্চলৰ উন্নয়নেৰ বাবে এই বাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে।

ভাৰত, আমাৰ মৎসজীৱীৰ বাবে গর্বিত। তেওঁলোক অধ্যাৱসায় আৰু দয়াৰ প্ৰতীক। এই বাৰৰ বাজেটত তেওঁলোকৰ বাবে বিভিন্ন সুবিধাৰ ব্যৱস্থা কৰা হৈছে। মাছ ধৰাৰ পৰিকাঠামোৰ উন্নতি কৰা হ’ব। চেন্নাইসহ ৫টি স্থানত অত্যাধুনিক মৎস্যবন্দৰ প্ৰস্তুত কৰা হ’ব। তামিলনাডুত এটি বহুমুখী সামুদ্রিক শৈবাল পার্ক গঢ়ি তোলা হ’ব।

বন্ধুসকল,

ভাৰতৰ সামাজিক তথা ভৌতিক পৰিকাঠামো দ্রুত গতিত গঢ়ি তোলা হৈচে। বিশ্বৰ বৃহত্তম পৰিকাঠামো উন্নয়নত ভাৰত উদ্যোগী হৈছে। সম্প্ৰতি আমি সমগ্ৰ গাঁৱত ইন্টাৰনেট পৰিসেৱা গঢ়ি তোলাৰ ব্যৱস্থা কৰিছো। ভাৰতে, প্ৰথাগত শিক্ষা ব্যৱস্থাৰ পৰা ঊৰ্ধলৈ হৈ প্ৰযুক্তিক গুৰুত্ব দি শিক্ষা ক্ষেত্রলৈ সংস্কাৰ আনিব বিচাৰিছে। ইয়াৰ ফলত দেশৰ যুৱ সম্প্ৰদায়ৰ বাবে প্ৰচুৰ সুযোগ গঢ়ি উঠিব।

বন্ধুসকল,

তামিলনাডুৰ সংস্কৃতি মানি চলা তথা সেয়া সংৰক্ষণ কৰাৰ সুযোগ পাই মই অত্যন্ত আনন্দিত হৈছো। বিশ্বজুৰি তামিলনাডুৰ সংস্কৃতি জনপ্রিয়। মই তামিলনাডুৰ দেবেন্দ্ৰকুলা ভেল্লালাৰ সম্প্ৰদায়ৰ ভাই-ভনীসকলক এটি আনন্দৰ খবৰ দিবলৈ বিচাৰিছো। দেবেন্দ্ৰকুলা ভেলালাৰ হিচাপে পৰিচিত হোৱাৰ দীর্ঘ দিনৰ দাবী কেন্দ্ৰই গ্ৰহণ কৰিছে। কেন্দ্ৰই দেবেন্দ্ৰকুলা ভেলালাৰ নামটোত অনুমোদন জনাইছে। ইয়াৰ বাবে খচৰা বিজ্ঞপ্তি প্ৰস্তুত কৰা হৈছে। এয়া সংবিধানৰ সংশোধনীৰ জৰিয়তে নাম পৰিৱর্তন কৰা হ’ব। সংসদৰ আগন্তুক অধিৱেশনৰ আৰম্ভণিতেই ইয়াক প্ৰস্তুত কৰা হ’ব। তামিলনাডু চৰকাৰক এই দাবী সম্পর্কীয় বিস্তাৰিত তথ্য সংগ্ৰহৰ বাবে মই ধন্যবাদ জনাইছো। তেওঁলোকৰ এই দাবীৰ সপক্ষে সমর্থন দীর্ঘদিনৰ ।

বন্ধুসকল,

দেবেন্দৰসকলৰ প্ৰতিনিধিদেৰ সৈতে ২০১৫ বৰ্ষৰ সাক্ষাতৰ বিষয়টো মই কেতিয়াও নাপাহৰো।

তেওঁলোকৰ মনোকষ্ট মই দেখিছিলো। ঔপনিৱেশিক শাসকে তেওঁলোকৰ গৌৰৱ তথা মর্যাদাক কাঢ়ি নিছিল। দশকৰ পিছতো ইয়াৰ কোনো পৰিৱৰ্তন ন’হল। তেওঁলোকে মোক জনাইছিল – বিভিন্ন চৰকাৰৰ ওচৰত তেওঁলোকে বিভিন্ন সময়ত আবেদন কৰিছিল। অথচ একো লাভ নহ’ল। মই তেওঁলোকক এটা কথা কৈছিলো। মই কৈছিলো যে তেওঁলোকৰ নাম দেবেন্দ্ৰৰৰ সৈতে মোৰ নিজৰ নাম নৰেন্দ্ৰৰ মিল আছে। মই তেওঁলোকৰ ভাবাবেগ বুজিব পাৰিছিলো। এই সিদ্ধান্ত কেৱল নাম পৰিৱর্তনৰ নহয়, ইয়াৰ সৈতে ন্যায় মর্যাদা তথা সুযোগো জড়িত। দেবেন্দ্ৰকুলা সম্প্ৰদায়ৰ সংস্কৃতিৰ পৰা আমি অনেক কিছু শিকিব পাৰো। তেওঁলোক সম্প্রীতি, বন্ধুত্ব তথা ভাতৃত্বত বিশ্বাসী। তেওঁলোকৰ আন্দোলন আছিল সভ্যতাৰ সৈতে জাতীয়তাবাদৰ মিশ্ৰণ। তেওঁলোকৰ আত্মপ্ৰত্যয় তথা আত্মগৌৰৱ, ইয়াৰ জৰিয়তেই প্ৰতিফলিত হয়।

বন্ধুসকল,

আমাৰ চৰকাৰে শ্রীলংকাৰ আমাৰ তামিল ভাই – ভনীসকলৰ কল্যাণ আৰু উচ্চাকাংক্ষাৰ বিষয়ত সকলো সময়তে গুৰুত্ব দিছে। একমাত্ৰ ভাৰতীয় প্ৰধানমন্ত্রী হিচাপে জাফনালৈ যোৱাৰ সৌভাগ্য মোৰ হৈছে। শ্রীলংকাৰ তামিল সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে উন্নয়নমূলক কাজ হাতত লোৱা হৈছে। আমাৰ চৰকাৰে তামিলসকলৰ বাবে যি সম্পদ দিছে, সেয়া পূৰ্বৰ চৰকাৰসমূহতকৈ অনেক বেছি। শ্রীলংকাৰ উত্তৰ – পূর্বাঞ্চলৰ উদ্বাস্তু তামিলসকলৰ বাবে ৫০,০০০ ঘৰ, বাগিচা এলেকাৰ ৪০০০ ঘৰ এই প্ৰকল্পত অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰোপৰি স্বাস্থ্য ক্ষেত্রত ডিকোয়াত এখন চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে জাফনা তথা মান্নাৰৰ ৰেল লাইনো নিৰ্মাণ কৰা হৈছে। চেন্নাইৰ পৰা জাফনা বিমান পৰিসেৱাৰ সূচনা হৈছে। মই অত্যন্ত আনন্দৰ সৈতে জনাইছো যে, ভাৰতত জাফনা সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলা হৈছে। সেয়া মই অতি শীঘ্ৰেই উদ্বোধন কৰিম। শ্রীলংকাৰ নেতৃবৃন্দৰ সৈতে তামিলসকলৰ অধিকাৰৰ প্ৰসংগত মই সকলো সময়তে আলোচনা কৰো। তামিলসকলে যাতে সমভাৱে ন্যায়, শান্তি আৰু মর্যাদাৰ সৈতে বসবাস কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে আমি প্ৰতিশ্রুতিৱদ্ধ।

বন্ধুসকল,

আমাৰ মৎসজীৱীসকল যে সমস্যাসমূহৰ সন্মুখীন হৈছে, সেয়া দীর্ঘদিনৰ। মই এই সমস্যাৰ ইতিহাসক লৈ আলোচনা কৰিবলৈ বিচৰা নাই। কিন্তু মই আপোনালোকক এয়া আশ্বাস দিবলৈ বিচাৰিছো যে, আমাৰ চৰকাৰে তেওঁলোকৰ স্বার্থৰক্ষাৰ বাবে সকলো সময়তে কাম কৰিব। যিমান সোনকালে সম্ভৱ মৎসজীৱীসকলক যাতে এৰি দিয়া হয়, সেয়া নিশ্চিত কৰাৰ বাবে শ্রীলংকাৰ সৈতে সকলো সময়তে যোগাযোগ ৰখা হয়। আমাৰ সময়ছোৱাত ১৬০০ৰো অধিক মৎসজীৱীয়ে মুক্তি পাইছে। বর্তমানে শ্রীলংকাত কোনো ভাৰতীয় মৎসজীৱী আটক নাই। সেইদৰে ৩১৩খন মাছ ধৰাৰ নাও মোকলাই অনা হৈছে তথা বাকী নাওসমূহো যাতে সোনকালে ঘূৰাই আনিব পৰা যায়, সেই বিষয়ত আমি কাম কৰিছো।

বন্ধুসকল,

জনমুখী উদ্যোগৰ প্ৰতি অনুপ্রাণিত হৈয়েই ক’ভিড – ১৯ ৰ বিৰুদ্ধে বিশ্বৰ যুদ্ধক ভাৰতে শক্তিশালী কৰিছে। আমি আমাৰ দেশক উন্নত কৰাৰ বাবে তথা বিশ্বক অধিক সুন্দৰ কৰি তোলাৰ বাবে যি যি কৰিব লাগে সেয়া কৰিম।আজি যিবোৰ উন্নয়নমূলক কর্মসূচীৰ সূচনা হল, তাৰ বাবে মই পুনৰবাৰ তামিলনাডুৰ জনসাধাৰণক অভিনন্দন জনাইছো।

ধন্যবাদ !

 

অশেষ ধন্যবাদ।

 

ৱানাক্কাম !

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward

Media Coverage

India’s GDP To Grow 7% In FY26: Crisil Revises Growth Forecast Upward
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...

​Prime Minister Shri Narendra Modi is paying his first bilateral visit to Ethiopia from 16-17 December 2025. In a special ceremony hosted at the Addis International Convention Centre today, the Prime Minister of Ethiopia, H.E. Dr. Abiy Ahmed conferred the highest award of Ethiopia the ‘Great Honor Nishan of Ethiopia’ upon Prime Minister Shri Narendra Modi for his exceptional contribution towards strengthening India-Ethiopia partnership and for his visionary leadership as a global statesman.

Speaking on the occasion, Prime Minister Modi noted that it was an honor for him to accept the award from one of most ancient civilizations of the world, and he did so with a deep sense of humility and gratitude. Prime Minister Modi expressed his heartfelt gratitude to Prime Minister Dr. Abiy and the people of Ethiopia for this honour. He expressed appreciation for the leadership of Prime Minister Dr. Abiy and his initiatives to promote national unity, sustainability, and inclusive development. Underlining the salience of knowledge for nation building, Prime Minister Modi stated that it was a privilege for Indian teachers for over a century now to contribute towards Ethiopia’s progress and development.

​Prime Minister Modi dedicated the award to all those – Indians and Ethiopians - who have nurtured the bilateral ties for ages and conveyed heartfelt gratitude on behalf of the 1.4 billion Indians for being bestowed with this honour. The conferment of the award marks a milestone in the close partnership between India and Ethiopia and in furthering the positive agenda of the Global South.