Rural India declared free from open defecation #Gandhi150 #SwachhBharat
We have to achieve the goal of eradicating single use plastic from the country by 2022: PM Modi #Gandhi150 #SwachhBharat
Inspired by Gandhi Ji's vision, we are building a clean, healthy, prosperous and strong New India: PM

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত স্বচ্ছ ভাৰত দিৱস ২০১৯ মুকলি কৰে৷ তেওঁ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে স্মাৰক ডাক টিকট আৰু ৰূপৰ মুদ্ৰা মুকলি কৰে৷ তেওঁ বিজেতাসকলক স্বচ্ছ ভাৰত বঁটাও প্ৰদান কৰে৷ দিনটোৰ আৰম্ভণিতে তেওঁ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ তেওঁ মদন নিৱাস (চৰখা গেলেৰী)পৰিদৰ্শন কৰে আৰু তাত শিশুসকলৰ সৈতে মত–বিনিময় কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বচ্ছ ভাৰত দিৱস’ কাৰ্যসূচীত উপস্থিত পঞ্চায়ত সদস্যসকলৰ সন্মুখত ভাষণ প্ৰদান কৰি কয় যে সমগ্ৰ বিশ্বই মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী পালন কৰিছে আৰু কেইদিনমান পূৰ্বে ৰাষ্ট্ৰসংঘই গান্ধীজীৰ এক ডাক–টিকট মুকলি কৰি ইয়াক অধিক স্মৰণীয় কৰি তুলিলে৷ তেওঁ কয় যে জীৱনত তেওঁ বহুবাৰ সবৰমতী আশ্ৰমলৈ আহিছে আৰু প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁ নতুন শক্তি লাভ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি গাঁওসমূহে নিজকে মুকলি স্থানত মলত্যাগমুক্ত গাঁও হিচাপে ঘোষণা কৰিছে আৰু ‘স্বচ্ছতা’ সন্দৰ্ভত কাম কৰা প্ৰতিজন ব্যক্তি, বিশেষকৈ গাঁৱৰ বাসিন্দাসকলক আৰু পঞ্চায়তসমূহক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়৷ তেওঁ কয় যে বয়স, সমাজ, অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে সকলোৱে স্বচ্ছতা, আত্মসন্মান আৰু সন্মানৰ শপত গ্ৰহণ কৰিছে৷ তেওঁ কয় যে আজি বিশ্বই আমাৰ সাফল্যত আচৰিত হৈছে আৰু আমাক পুৰস্কাৰেৰে সন্মানিত কৰিছে৷ ভাৰতে ৬০ মাহৰ ভিতৰত ৬০ কোটি জনতাক ১১ কোটিতকৈও অধিক টয়লেট নিৰ্মাণ কৰি দি বিশ্ববাসীক আশ্বৰ্যচকিত কৰি তুলিছে৷

জনসাধাৰণৰ অংশগ্ৰহণ আৰু স্বেচ্ছাসেৱীসকল হ’ল স্বচ্ছতা ভাৰত অভিযানৰ হলমাৰ্ক আৰু ইয়াৰ সাফল্যৰ কাৰণ, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ এই অভিযানক সমৰ্থন জনোৱা বাবে তেওঁ প্ৰতিজন দেশবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ জনসাধাৰণৰ অংশগ্ৰহণক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী আঁচনিসমূহ যেনে জল জীৱন অভিযান আৰু ২০২২ চনৰ ভিতৰত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰা আদি আঁচনিসমূহৰ সাফল্যৰ বাবে জনসাধাৰণৰ সামূহিক প্ৰয়াস অতিশয় আৱশ্যক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰ মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞ৷ এই প্ৰসংগত তেওঁ চৰকাৰে গ্ৰহণ কৰা আত্মনিৰ্ভৰশীলতা, ইজ অব্ লিভিং, সমাজৰ অন্তিম প্ৰান্তলৈ বিকাশ আদি পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ জনসাধাৰণক ৰাষ্ট্ৰৰ উন্নতিৰ বাবে শপত গ্ৰহণ কৰি ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ১৩০ কোটি শপত ব্যাপক পৰিৱৰ্তনৰ কাৰক হিচাপে বিবেচিত হ’ব পাৰে৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India