There is new energy and vibrancy in India's development journey: PM Modi
In Gujarat, there is a constant effort to ensure adequate water reaches every part of the state: PM Modi
Medical colleges and hospitals are coming up across Gujarat, not only helping patients but also those who want to study medicine: PM
The Government of India has started Jan Aushadhi stores, which is reducing the prices of medicines: PM Modi
The importance to cleanliness is important because a Clean India ensures people do not suffer from diseases: PM Modi
The health sector requires good doctors, paramedical staff. We also want medical instruments to be made in India: Prime Minister
Pradhan Mantri Jan Arogya Yojana- Ayushman Bharat will transform the health sector and ensure the poor get top class healthcare and that too at affordable prices: PM

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ জুনাগড় জিলাত একাধিক প্রকল্পৰ উদ্বোধন কৰে। ইয়াৰ ভিতৰত-চৰকাৰী অসামৰিক চিকিৎসালয়; এটি দুগ্ধ উৎপাদন কেন্দ্র, জুনাগড় কৃষি বিশ্ববিদ্যালয়ৰ একাধিক ভৱন উল্লেখযোগ্য।

এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত প্রধানমন্ত্রীয়ে কয় যে ৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ ৯টা প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উৎসর্গা কৰা হৈছে। ভাৰতৰ উন্নয়নৰ যাত্রাত এক নতুন শক্তি আৰু উদ্যমৰ সঞ্চাৰ হোৱা বুলিও তেওঁ মত প্রকাশ কৰে।

প্ৰধানমন্ত্ৰী লগতে কয় যে গুজৰাটৰ চুকে-কোণে পর্যাপ্ত পৰিমাণৰ পানী উপলব্ধ কৰোৱাটো সুনিশ্চিত কৰিবলৈ নিৰবচ্ছিন্নভাৱে প্রচেষ্টা গ্ৰহণ কৰি থকা হৈছে। একেদৰে, পানী সংৰক্ষণক লৈও কাম কৰি থকা বুলি প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে।

প্রধানমন্ত্রীয়ে কয় যে গুজৰাটৰ বিভিন্ন স্থানত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল গঢ়ি তোলা হৈছে। এই চিকিৎসা প্রতিষ্ঠানসমূহে ৰোগীসকলৰ সেৱা প্রদান কৰাৰ উপৰি চিকিৎসা শাস্ত্ৰৰ অধ্যয়নতো সহায় কৰিছে। এই প্রসংগত তেওঁ জন ঔষধি যোজনাৰ কথা উল্লেখ কৰি নতুন নতুন জন ঔষধি কেন্দ্র খোলাৰ বিষয়ে জনায় যিবোৰত কম দামতে ঔষধ পোৱা যায়। দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলে যাতে সুলভ মূল্যত ঔষধ লাভ কৰে, সেই ক্ষেত্ৰত প্রধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে।

প্রধানমন্ত্রীয়ে কয় যে স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক সমগ্ৰ বিশ্বই প্রশংসা কৰিছে। স্বচ্ছ ভাৰতে সাধাৰণ জনতাক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য খণ্ডত দক্ষ চিকিৎসক আৰু পেৰামে়ডিকেল কর্মীৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে। চিকিৎসা সা-সৰঞ্জাম আৰু অন্যান্য উপকৰণ ভাৰততে প্ৰস্তুত হোৱাটো বিচাৰে বুলি উল্লেখ কৰি তেওঁ লগতে বিশ্বজুৰি প্রযুক্তিগত অগ্রগতিৰ লগে লগে দেশীয় স্বাস্থ্য খণ্ডও উন্নয়নৰ গতি বৰ্তাই ৰখাৰ ওপৰত জোৰ দিয়ে।

প্রধানমন্ত্রীয়ে সজোৰে কয় যে প্রধানমন্ত্রী জন আৰোগ্য যোজনা-আয়ুষ্মান ভাৰত আঁচনিয়ে স্বাস্থ্য খণ্ডত ব্যাপক পৰিৱৰ্তনৰ আনিব আৰু ইয়াৰ দ্বাৰা দুখীয়া লোকসকলে সুলভ মূল্যত মানসম্পন্ন স্বাস্থ্য সেৱা পোৱাটো নিশ্চিত কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Republic Day sales see fastest growth in five years on GST cuts, wedding demand

Media Coverage

Republic Day sales see fastest growth in five years on GST cuts, wedding demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জানুৱাৰী 2026
January 27, 2026

India Rising: Historic EU Ties, Modern Infrastructure, and Empowered Citizens Mark PM Modi's Vision