Launch of key metro projects in Mumbai will greatly enhance ‘Ease of Living’ for people: PM Modi
I urge all Mumbaikars to reduce single-use plastics from their lives and ensure that we eliminate plastic pollution as much as we can: Prime Minister Modi
With several metro projects being developed, mobility will significantly improve in Mumbai while also reducing congestion and pollution from its roads: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মুম্বাই ইন মিনিট’ ভিজনৰ অংশস্বৰূপে মুম্বাই মেট্ৰ’ৰ কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে৷ এই প্ৰকল্পসমূহে মহানগৰীখনৰ মেট্ৰ’সেৱাক নতুন গতি প্ৰদান কৰিব আৰু নাগৰিকক নিৰাপদ, দ্ৰুত আৰু উন্নত মেট্ৰ’সেৱা আগবঢ়াব৷

মুম্বাইবাসীৰ উদ্যমক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লোকমান্য তিলকে আৰম্ভ কৰা গণেশ উৎসৱ এতিয়া সমগ্ৰ দেশ তথা বিদেশতো জনপ্ৰিয় হৈ উঠিছে৷

ভাৰতে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত আমাৰ চহৰসমূহো ২১শতিকাৰ দৰে হ’ব লাগিব৷ এই লক্ষ্যৰ অংশস্বৰূপে চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত আধুনিক আন্তঃগাথনি গঢ়াৰ বাবে ১০০ লাখ ব্যয় কৰিব, যিয়ে মুম্বাই আৰু আন বহুতো চহৰক উপকৃত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ বাবে আন্তঃগাথনি নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোগাযোগ ব্যৱস্থা, উৎপাদনশীলতা, ধাৰণক্ষমতা আৰু নিৰাপত্তাৰ দিশসমূহ চহৰ এখন বিকাশৰ বাবে অত্যন্ত প্ৰয়োজন৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মুম্বাইত আজি ২০,০০০কোটি টকা মূল্যৰ প্ৰকল্প মুকলি কৰা হ’ল আৰু ১.৫ লাখ কোটি ইতিমধ্যে মুম্বাইত মেট্ৰ’ত বিনিয়োগ কৰা হৈছে৷ নতুন মেট্ৰ’ লাইন, মেট্ৰ’ ভৱন আৰু মেট্ৰ’ ষ্টেচনৰ নতুন সা-সুবিধাই মহানগৰীখনক এক নতুনত্ব প্ৰদান কৰিব, লগতে মুম্বাইবাসীৰ জীৱনধাৰণৰ মান উন্নত কৰিব৷ “বান্দ্ৰা আৰু এক্সপ্ৰেছৱে’ৰ মাজত সংযোগ সাধনে প্ৰ’ফেছনেলসকলৰ জীৱন সৰল কৰিব৷ এই প্ৰকল্পসমূহৰ সহায়ত মিনিটৰ ভিতৰত মুম্বাইত প্ৰৱেশ কৰিব পৰা যাব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

ভাৰতে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত আমাৰ চহৰসমূহো ২১শতিকাৰ দৰে হ’ব লাগিব৷ এই লক্ষ্যৰ অংশস্বৰূপে চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত আধুনিক আন্তঃগাথনি গঢ়াৰ বাবে ১০০ লাখ ব্যয় কৰিব, যিয়ে মুম্বাই আৰু আন বহুতো চহৰক উপকৃত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ বাবে আন্তঃগাথনি নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোগাযোগ ব্যৱস্থা, উৎপাদনশীলতা, ধাৰণক্ষমতা আৰু নিৰাপত্তাৰ দিশসমূহ চহৰ এখন বিকাশৰ বাবে অত্যন্ত প্ৰয়োজন৷

পৰিবহণ ব্যৱস্থা সৰল কৰিবলৈ চৰকাৰে সংহত পৰিবহণ প্ৰণালী ৰূপায়নৰ দিশে আগবাঢ়িছে৷ মুম্বাই মেট্ৰ’পলিটান ৰিজ’নৰ উন্নত আন্তঃগাথনিৰ বাবে এক ভিজন ডকুমেণ্ট প্ৰকাশ কৰা হৈছে৷ মুম্বাই মেট্ৰ’ৰ বাবে এক মাষ্টাৰ প্লেনো নিৰ্মাণ কৰা হৈছে৷

মুম্বাই মেট্ৰ’ৰ সম্প্ৰসাৰিত প্ৰকল্পৰ বিষয়ে জনসাধাৰণক অৱগত কৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি ১১ কিলোমিটাৰৰ পৰা ২০২৩-২৪ৰ ভিতৰত মুম্বাই মেট্ৰ’ নেটৱৰ্ক ৩২৫ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হ’ব৷ মেট্ৰ’ৰ সক্ষমতা বৰ্তমানৰ মুম্বাই স্থানীয় ৰেলসেৱাই বহন কৰি থকা সক্ষমতাতকৈ অধিক হ’ব৷ মেট্ৰ’ লাইনত যাত্ৰা কৰা দবাসমূহো ভাৰতত নিৰ্মিত হ’ব৷’

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মেট্ৰ’ প্ৰকল্পৰ বাবে ১০,০০০ ইঞ্জিনিয়াৰ আৰু ৪০,০০০ স্কিলড আৰু আনস্কিলড কৰ্মীয়ে সংস্থাপনৰ সুযোগ লাভ কৰিব৷ নৱী মুম্বাই বিমানবন্দৰ, মুম্বাই ট্ৰান্সছ হাৰ্বাৰ টাৰ্মিনেল আৰু বুলেট ট্ৰেইন প্ৰকল্পৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ৰূপায়ন কৰা প্ৰকল্পসমূহৰ ব্যাপকতা আৰু গতি অভূতপূৰ্ব৷

ভাৰতত মেট্ৰ’ ৰেলসেৱাৰ দ্ৰুত সম্প্ৰসাৰণ সন্দৰ্ভত মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুদিন পূৰ্বলৈ মাত্ৰ কেইখন চহৰতহে মেট্ৰ’ সেৱা উপলব্ধ আছিল, কিন্তু এতিয়া দেশৰ প্ৰায় ২৭খন চহৰত মেট্ৰ’ সেৱা আৰম্ভ হৈছে অথবা আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দ্ৰুত উন্নয়নৰ স্বাৰ্থত দেশৰ আন্তঃগাথনি সামগ্ৰিক ৰূপত বিকশিত কৰা হৈছে৷
দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জল জীৱন মিছন, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, তিনি তালাকৰ বিলুপ্তি আৰু শিশু সুৰক্ষা আইনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিৰ্ণায়ক আৰু পৰিৱৰ্তনকাৰী পদক্ষেপ হাতত লৈছে৷

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনায় যে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি সকলোৱে ভাৰতক আগুৱাই নিয়া উচিত৷ মহোৎসৱৰ সময়ত দেৱ-দেৱীৰ প্ৰতিমূৰ্তি নদীৰ পানীত নেপেলাবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক অনুৰোধ জনায়৷ নদ-নদী আৰু সাগৰ-মহাসাগৰক প্লাষ্টিকমুক্ত কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে৷

সংক্ষেপে প্ৰকল্পসমূহঃ

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা তিনিটা মেট্ৰ’ লাইনে মুম্বাই মহানগৰীৰ মেট্ৰ’ নেটৱৰ্কত নতুনকৈ ৪২ কিলোমিটাৰ সংযোজন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে অত্যাধুনিক মেট্ৰ’ ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ ৩২ খলপীয়া কেন্দ্ৰটোৱে প্ৰায় ৩৪০ কিলোমিটাৰ দৈৰ্ঘজুৰি ১৪টা মেট্ৰ’ লাইনৰ কামকাজ চোৱাচিতা আৰু নিয়ন্ত্ৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বান্দোংৰী মেট্ৰ’ ষ্টেচন, কান্দিৱলী ইষ্ট উদ্বোধন কৰে৷ তেওঁ লগতে মেক ইন ইণ্ডিয়াৰ অধীনত অত্যাধুনিক মেট্ৰ’ দবাও মুকলি কৰে৷ মহা মুম্বাই মেট্ৰ’ৰ বাবে তেওঁ এখন ব্ৰেণ্ড ভিজন ডকুমেণ্ট মুকলি কৰে৷

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিশ, কেন্দ্ৰীয় ৰেল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেল আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আথাৱালেও অনুষ্ঠানত উপস্থিত আছিল৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”