Tagline of #AdvantageAssam is not just a statement, but a holistic vision says PM Modi
#AyushmanBharat is the world’s largest healthcare program designed for the poor: PM Modi
The formalisation of businesses of MSMEs due to introduction of GST, will help MSMEs to access credit from financial sector, says the PM
Government will contribute 12% to EPF for new employees in all sectors for three years: PM
Our Govt has taken up many path breaking economic reforms in last three years, which have simplified procedures for doing business: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

উপস্থিত প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ। ‘এক্ট ইষ্ট পলিচি’ৰদ্বাৰা এচিয়ান দেশসমূহৰ মাজত বাণিজ্যিক তথা অন্যান্য দিশত সম্পৰ্ক স্থাপনৰ লগতে ব্যক্তিগত পৰ্যায়ত সম্পৰ্ক স্থাপনৰ চেষ্টা কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এচিয়ান-ভাৰত সমন্বয় সন্মিলন আয়োজন কৰি এচিয়ান আৰু ভাৰতৰ মাজত থকা সম্পৰ্কৰ ২৫তম বৰ্ষপূৰ্তি উদযাপন কৰাৰ কথাও উল্লেখ কৰে।তেওঁ কয় যে এচিয়ান আৰু ভাৰতৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। এইবাৰ নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত ১০ খন এচিয়ান দেশৰ মূৰব্বীক আদৰিবলৈ পোৱাটো অতি গৌৰৱৰ কথা আছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰগতিৰ সোপান ৰচিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষীপ্ৰ প্ৰগতি আৰু সামঞ্জস্যপূৰ্ণ বিকাশৰ যোগেদিহে। তেওঁ কয় যে, ইয়াৰ নাগৰিকৰ জীৱনধাৰাৰ মান উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যাৰ মূখ্য উদ্দেশ্যই হৈছে জীৱনধাৰা সহজ কৰি তোলা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত ঘোষণা কৰা ‘আয়ুস্মান ভাৰত’ আঁচনি বিশ্বৰ ভিতৰতে বৃহৎ।এই স্বাস্থ্যসেৱা আঁচনিয়ে ৪৫ ৰ পৰা ৫০ কোটি জনতাক সাঙুৰি লব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য স্বাস্থ্যসেৱা আঁচনিৰ কথাও উল্লেখ কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষিকৰ্মৰ খৰচ কম কৰি আৰি উৎপাদিত সামগ্ৰীৰ উচিত দাম নিৰ্ধাৰিত কৰি কৃষকৰ আয় দুগুণ কৰাৰ দিশত কাম কৰি আছে।কৃষকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অন্যান্য আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সুলভ মূল্যত দৰিদ্ৰসকলৰ বাবে আগবঢ়োৱা আৱাসগৃহৰ কথাও উল্লেখ কৰে।উজ্বলা যোজনাৰ যোগেদি এল ই ডি বাল্বৰ বিতৰণৰ যোগেদি বহু ঘৰত বিদ্যুতৰ খৰচ কম হৈছে।ৰাষ্ট্ৰীয় বাঁহ আভিযানৰ পুনৰ্গঠনে উত্তৰ-পূৰ্বাঞ্চললৈ আনিব পৰা সুবিধাৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশাসনিক সংস্কাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে প্ৰকল্পসমূহৰ ক্ষীপ্ৰ ৰূপায়ণত সফল হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মূদ্ৰা যোজনাৰদ্বাৰা গ্যেৰান্টীবিহীনভাৱে ন-উদ্যোগীলৈ ঋণ প্ৰদানৰ সুবিধা কৰা হৈছে। কেন্দ্ৰীয় বাজেটত এম এচ এম ই ক্ষেত্ৰৰ বাবে কৰ ৰেহাইৰ পদক্ষেপো গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লাধন আৰু দুৰ্নীতি নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথা পুনৰ দোহাৰে।যোৱা তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে যাৰ ফলত ব্যৱসায় কৰা সহজ হৈছে।এই ক্ষেত্ৰত বিশ্ববেংকৰ প্ৰতিবেদনত ভাৰতৰ পূৰ্বৰ স্থান ১৯০ৰ বিপৰীতে ১০০ হৈছেগৈ।

মহান অসমীয়া সংগীতজ্ঞ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত গঢ়াৰ লক্ষৰে আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সাৰ্থক কৰিবৰ বাবে মাৰ বান্ধি থিয় দিবই লাগিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱহণ আন্তঃগাঁথনিৰ বাবে ল’বলগীয়া পদক্ষেপৰ কথাও উল্লেখ কৰে।

তেওঁ অসমত ব্যৱসায়ৰ বাবে সুচল পৰিৱেশ গঢ়ি তোলাৰ বাবে অসমৰ মূখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets

Media Coverage

PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hold talks with Myanmar President U Min Aung Hlaing
June 01, 2026

The Prime Minister, Shri Narendra Modi, today held productive talks with the President of Myanmar, U Min Aung Hlaing.

The Prime Minister noted that India is honoured that President U Min Aung Hlaing chose India for his first foreign visit as President. He also expressed happiness that the President began his programme in India from Bodh Gaya with the blessings of Lord Buddha.

During the talks, the two leaders reviewed the full range of India-Myanmar relations and discussed ways to further strengthen bilateral cooperation.

The discussions covered avenues to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. The two sides also agreed to work closely in areas such as maritime security, cyber security and other sectors of mutual interest.

The Prime Minister underlined that Myanmar is vital to India’s ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific policies, reaffirming the importance India attaches to its relations with Myanmar.

The Prime Minister wrote on X;

“Had a productive meeting with President U Min Aung Hlaing of Myanmar. We in India are honoured that he has chosen India for his first foreign visit as President. Equally gladdening is the fact that he began the visit from Bodh Gaya, with the blessings of Lord Buddha. We reviewed the full range of India-Myanmar relations. Myanmar is vital to India’s policies of ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific.”

“Our talks covered ways to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. We also agreed to work closely in areas such as maritime security, cyber security and more.”