Government is pushing growth and development of every individual and the country: PM Modi
Both the eastern and western dedicated freight corridors are being seen as a game changer for 21st century India: PM Modi
Dedicated Freight Corridors will help in the development of new growth centres in different parts of the country: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘দেশৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে চলা মহাযজ্ঞই আজি আন এক মাত্ৰাৰ গতি লাভ কৰিলে’। দেশক আধুনিক কৰাৰ লক্ষ্যৰে যোৱা ১২ দিনত চৰকাৰে শুভাৰম্ভ কৰা পদক্ষেপৰ তালিকা দাঙি ধৰিবলৈ গৈ তেওঁ কৃষকসামজক প্ৰত্যক্ষ লাভ হস্তাৰণৰ জৰিয়তে আঁচনিৰ ধন বিতৰণ কৰা, ‘এয়াৰপৰ্ট এক্সপ্ৰেছ লাইন’ত ‘ৰাষ্ট্ৰীয় ম’বিলিটী কাৰ্ড’ৰ প্ৰচলন কৰা, ৰাজকোটত স্থাপন কৰা ‘এইমছ’ৰ শুভাৰম্ভ ঘোষণা কৰা, চম্বলপূৰত ‘আইআইএম’ৰ দ্বাৰ মুকলি কৰা, ৬খন মহানগৰীত স্থাপন কৰা ‘লাইট হাউছ প্ৰকল্প’ৰ শুভাৰম্ভ কৰা, ‘ৰাষ্ট্ৰীয় আণৱিক সময় মান’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য’, ‘ৰাষ্ট্ৰীয় পৰ্যাৱৰণ মানক প্ৰয়োগশালা’, ‘কোচী-মাংগালোৰ গেছ পাইপলাইন’, ১০০সংখ্যক ‘কিষাণ ৰে’ল’, ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ এটা শাখাৰ শুভাৰম্ভ ঘোষণাৰ দৰে প্ৰকল্পসমূহৰ কথা উল্লেখ কৰে। ক’ৰোণাৰ সংকটৰ মাজতো দেশৰ আধুনিকীকৰণৰ এইসমূহ প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ কথাটোৱে বিশেষ তাত্পৰ্য বহণ কৰিছে বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে।

 

ক’ৰোনাৰ বাবে ‘মে’ড ইন ইণ্ডিয়া’ প্ৰতিষেধকে ৰাইজৰ মনত আন এক নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ‘ফ্ৰেইট ক’ৰিডৰ প্ৰকল্প’ক ২১শতিকাৰ ভাৰতৰ বাবে পট পৰিৱৰ্তনকাৰী প্ৰকল্প হিচাপে গণ্য কৰা হৈছে’। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰি কয় যে, নিউ ভৌপুৰ-নিউ খুৰ্জা ছেকশ্যন মুকলি কৰাৰে পৰা মালবাহী ৰে’লগাড়ীৰ গড় গতিবেগ কেতবোৰ নিৰ্দিষ্ট শাখাত তিনিগুণলৈ বৃদ্ধি পাইছে। হাৰিয়াণাৰ ‘নিউ আটেলি আৰু ৰাজস্থানৰ নিউ কিষাণগঞ্জ’ৰ পথছোৱাত ‘ডাবল ষ্টেক কণ্টেইনাৰ ৰে’লগাড়ী’ৰ চলাচলৰ শুভাৰম্ভ ঘোষণাৰ লগে লগে ভাৰতৰ নাম পৃথিৱীৰ খনদিয়েক ৰাষ্ট্ৰৰ তালিকাত সন্নিৱিষ্ট হ’ল বুলিও তেওঁ উল্লেখ কৰে। তেওঁ এইসমূহ প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে অভিযন্তা আৰু তেওঁলোকৰ দলসমূহে কৰা অহোপুৰুষাৰ্থৰ শলাগ লয়। ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰে’ সকলোৰে বাবে নতুন সম্ভাৱনা আৰু সুযোগৰ সম্ভাৰ কঢ়িয়াই আনিব যদিও ই কৃষক, উদ্যোগী আৰু ব্যৱসায়ীসকলক বাৰুকৈয়ে উপকৃত কৰিব বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে।। এই কৰিডৰ কেৱল আধুনিক মালবাহী ৰে’লগাড়ীৰে উন্নত পথয়েই নহয় বৰং, ই দেশৰ দ্ৰুত উন্নয়ণৰো এক নিৰ্ভৰশীল ক’ৰিডৰ। এই ক’ৰিডৰসমূহে বিভিন্ন মহানগৰত নতুন প্ৰগতি কেন্দ্ৰ গঢ়ি তুলিব বুলি তেওঁ উল্লেখ কৰে।

‘ইষ্টাৰ্ণ ফ্ৰেইট ক’ৰিডৰে’ও যে দেশৰ বিভিন্ন প্ৰান্তৰ শক্তিবৰ্দ্ধন কৰিবলৈ আৰম্ভ কৰিছে সেয়া ইতিমধ্যে দেখুৱালৈ সক্ষম হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘ৱেষ্টাৰ্ণ ফ্ৰেইট ক’ৰিডৰে’ হাৰিয়াণা আৰু ৰাজস্থানত কৃষি আৰু আনুষংগিক উদ্যোগক্ষেত্ৰৰ বাণিজ্যক সাচ্ছন্দ্য প্ৰদান কৰাৰ উপৰি মহেন্দ্ৰগড়, জয়পুৰ, আজমেৰ আৰু ছিকৰৰ দৰে মহানগৰীকো নতুন শক্তিৰে শক্তিৱন্ত কৰি তুলিব। এইসমূহ ৰাজ্যৰ উত্পাদনী গোট আৰু উদ্যোগীসকলৰ বাবে কম খৰছত অধিক দ্ৰুততাৰে প্ৰৱেশৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিপণন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈছে। গুজৰাট আৰু ৰাজস্থানৰ বন্দৰসমূহৰ সৈতে দ্ৰুত আৰু কম খৰছী সংযোগ স্থাপন হোৱাৰ সুবাদত সামগ্ৰিক ভাবে অঞ্চলটোৰ বাবে নতুন বিনিয়োগৰ সম্ভাৱনাও সৃষ্টি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

 

আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণে জীৱন আৰু বাণিজ্যৰ নতুন পদ্ধতিকো উজ্জীৱিত কৰে আৰু ইয়াৰে সৈতে জড়িত কাম-কাজসমূহৰে কেৱল গতি ত্বৰান্বিত নকৰে বৰং অৰ্থনীতিক বাৰুকৈয়ে প্ৰভাৱিত কৰিব পৰা বহুবোৰ ক্ষেত্ৰকো শক্তিৱন্ত কৰি তুলিব পাৰে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় ক’ৰিডৰসমূহে কেৱল নিৰ্মাণৰ বেলিকাই নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰেযে এনে নহয়, বৰং চিমেণ্ট, তীখা, পৰিবহণৰ দৰে অন্যান্য খণ্ডসমহতো এই সম্ভাৱনাৰ সৃষ্টি কৰে। ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক’ৰিডৰে ৯খন ৰাজ্যৰ ১৩৩টা ৰে’লষ্টেশ্যন সামৰি ল’ব। এই ষ্টেশ্যনসমূহত ‘মাল্টী মডেল লজিষ্টিক পাৰ্ক’, ‘ফ্ৰেইট কণ্টেইনাৰ ডিপো’, ‘কণ্টেইনাৰ টাৰ্মিনেল’, ‘পাৰ্চেল হাব’ৰ ব্যৱস্থা থাকিব। এই সকলোবোৰ ব্যৱস্থাই কৃষক, ক্ষুদ্ৰ উদ্যোগ, কুটীৰ শিল্পৰ লগতে বৃহত উত্পাদনকাৰীসকলকো বাৰুকৈয়ে উপকৃত কৰিব।

‘ৰে’ল ট্ৰেক’ৰ উপমাকে ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰতত আন্তঃগাঁথনি নিৰ্মাণৰ কামৰ গতিয়েও দুটা ‘ট্ৰেক’ৰে চ্যুটি মেলিছে। সেয়া হৈছে ব্যক্তি আৰু দেশৰ প্ৰগতিৰ ইঞ্জিন। প্ৰধানমন্ত্ৰীয়ে আঙুলীয়াই দি কয় যে ব্যক্তিগত পৰ্যায়ত গৃহ নিৰ্মাণ, অনাময়, বৈদ্যুতিকীকৰণ, এলপিজি, পথ-ঘাট আৰু ইণ্টাৰনেটৰ সংযোগৰ ক্ষেত্ৰত সংস্কাৰ সাধন কৰা হৈছে। এনে বহু আঁচনিৰ দ্বাৰা কোটি কোটি ভাৰতীয় আজি উপকৃত হৈছে। আনটো ‘ট্ৰেক’ৰে, ঘাইপথ, ৰে’লপথ, বিমানপথ,, জলপথ আৰু ‘মাল্টী মডেল’ বন্দৰব্যৱস্থাৰ দ্বাৰা উদ্যোগ আৰু উদ্যোগীসকলৰ দৰে দেশৰ প্ৰগতি-ইঞ্জিনসমূহ উপকৃত হৈছে। উদ্যোগৰ বাবে ‘ফ্ৰেইট ক’ৰিডৰ’, ‘অৰ্থনৈতিক ক’ৰিডৰ’, ‘প্ৰতিৰক্ষা ক’ৰিডৰ’, ‘প্ৰযুক্তি ক’ৰিডৰ’ আদি নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। ব্যক্তিগত আৰু ঔদ্যোগীক আন্তঃগাঁথনিৰ নিৰ্মাণে ভাৰতৰ বাবে ইতিবাচক প্ৰতিচ্ছবি অংকন কৰিছে, এই কথা বৰ্দ্ধিত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰে আৰু ভাৰতৰ প্ৰতি বাঢ়ি অহা আস্থা আৰু বিশ্বাসে প্ৰকট কৰিছে বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত কাৰিকৰী আৰু বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জাপানৰ নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে।

 

ভাৰতীয় ৰে’লৰ আধুনিকীকৰণৰ বাবে ব্যক্তি, উদ্যোগ আৰু বিনিয়োগৰ এক সু-সমন্বয় স্থাপনত বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। আগৰ দিনত ৰে’লযাত্ৰীসকলে সন্মুখীন হ’বলগীয়া হোৱা অনাহূত পৰিস্থিতিসমূহৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত স্বচ্ছতা, সময়ানুৱৰ্তিতা, কুশল সেৱা, টিকেটৰ উন্নত ব্যৱস্থা, সা-সুবিধা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বহুবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰসংগতে, উদাহৰণ দাঙি ধৰি তেওঁ ষ্টেশ্যনসমূহৰ লগতে উপভাগসমূহৰ স্বচ্ছতা, জৈৱিকভাবে বিনষ্ট হোৱা প্ৰসাধন গৃহ, খোৱা-বোৱা, আধুনিক টিকেটিং ব্যৱস্থা তথা ‘তেজছ’ অথবা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ দৰে আধুনিক ৰে’লগাড়ী, ‘ভিষ্টা-ড’ম ডবা’ৰ সংযোজনৰ কথা উল্লেখ কৰে। ৰে’লপথসমূহৰ পৰিসৰ বৃদ্ধিৰ লগতে গতিবেগো লক্ষণীয় হাৰত বৃদ্ধি কৰিব পৰাকৈ শেহতীয়া ভাবে ‘গজ পৰিৱৰ্তন’ আৰু বৈদ্যতিকীকৰণত হোৱা অভুতপূৰ্ব বিনিয়োগৰ প্ৰসংগও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ‘ছেমি-হাই স্পীড’ ৰে’লগাড়ীসমূহ, ৰে’লপথ সংস্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা আধুনিক প্ৰযুক্তিৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে তেওঁ অচিৰেই উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীসমূহক ৰে’লপথেৰে সংযোজিত কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে।

ক’ৰোনাৰ সংকট কালত ৰে’লবিভাগে গ্ৰহণ কৰা বস্তৱিক কাম-কাজসমূহৰ বিশেষ উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলক তেওঁলোকৰ স্ব-গৃহলৈ ওভটাই নিয়াৰ ক্ষেত্ৰত ৰে’লবিভাগে গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."