PM Modi hoists the National Flag at Red Fort to commemorate the 75th anniversary of establishment of Azad Hind Government
Azad Hind government represented the vision laid down by Subhas Chandra Bose, of a strong undivided India: PM Modi
Subhas Chandra Bose was a visionary, who united Indians to fight against the powerful colonial British rule, says PM Modi
Netaji was an inspiration for all those who were fighting for self-determination and freedom in countries all over the world, says the Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা আজাদ হিন্দ চৰকাৰ গঠনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ স্মৃতিচাৰণ অনুষ্ঠান উপলক্ষে লালকিল্লাত ত্ৰিৰংগা পতাকা উত্তোলন কৰে।

প্ৰধানমন্ত্ৰীয়ে আজাদ হিন্দ চৰকাৰ গঠনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ গৌৰৱৰ ক্ষণত দেশবাসীক অভিনন্দন জনায়। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে সুভাষ চন্দ্ৰ বসূৰ দ্বাৰা গঠন কৰা আজাদ হিন্দ চৰকাৰৰ দৃষ্টিভংগী আছিল এখন শক্তিশালী অবিভক্ত ভাৰত গঢ়ি তোলা। তেওঁ লগতে কয় যে আজাজ হিন্দ চৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে জড়িত হোৱাৰ উপৰি নিজা বেংক, মূদ্ৰা আৰু ষ্টাম্প প্ৰচলনৰ কাম আৰম্ভ কৰিছিল।

নেতাজীৰ অৱদানৰ কথা সুঁৱৰি মোদীয়ে কয় যে সুভাষ চন্দ্ৰ বসূ এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে শক্তিশালী ঔপনিৱেশিক ইংৰাজ শাসনৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় সকলক একত্ৰিত কৰিছিল। তেওঁ লগতে কয় যে সুভাষ বসূৱে তেওঁৰ মাতৃলৈ লিখা এখন পত্ৰৰ জৰিয়তে তৰুণ অৱস্থাৰ পৰাই দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল ভাৰতীয়সকলৰে নহয়, বৰঞ্চ নিজস্ব লক্ষ্য আৰু স্বাধীনতাৰ বাবে যুঁজ দিয়া বিশ্বৰ প্ৰতিখন দেশৰে প্ৰেৰণাৰ উৎস আছিল সুভাষ চন্দ্ৰ বসূ। প্ৰসংগক্ৰমে তেওঁ নেলচন মেণ্ডেলা নেতাজীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলি কয়।

সুভাষ চন্দ্ৰ বসূৱে কৰা কল্পনাৰ দৰে এখন নতুন ভাৰত নিৰ্মাণৰ বাবে বহু দূৰ আগুৱাব লাগিব বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ উন্নয়নৰ দিশত কাম কৰিবলৈ নাগৰিকসকলক নেতাজীৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে বহু লোকৰ ত্যাগৰ পাছতহে ভাৰতে স্বাধীনতা অৰ্জন কৰিছে আৰু এই স্বাধীনতাক সযতনে ৰখাটো প্ৰতিগৰাকী নাগৰিকৰে কৰ্তব্য।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসূৱে ৰাণী ঝান্সি ৰেজিমেণ্টৰ গঠনৰ জৰিয়তে সেনা বাহিনীত মহিলাৰ বাবেও সমান সূযোগৰ আধাৰশিলা স্থাপন কৰি গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰকৃতাৰ্থত এই দিশটো গুৰুত্ব সহকাৰে লৈ সেনা বাহিনীত মহিলাসকলৰ বাবেও এক স্থায়ী আয়োগ গঠন কথা পুনৰ দোঁহাৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect