People of Maldives ensured that democracy survives in the country: PM Modi
It is a grave misfortune that people distinguish between the so-called “good” and “bad” terrorists: PM
India will contribute to the conservation of Maldives' Friday Mosque: PM Modi

এই সুযোগ দিয়াৰ বাবে আৰু আপোনালোকৰ অসাধাৰণ অতিথি পৰায়ণতাৰ বাবে মোৰ লগতে ভ্ৰমণকাৰী দলৰ হৈ আপোনাক আৰু মালদ্বীপ চৰকাৰক আন্তৰিক ধন্যবাদ জনাইছো৷ 

আমাৰ দুয়োখন দেশেই কেইদিনমান পূৰ্বে অতি উৎসাহ-উদ্দীপনাৰে ঈদ পালন কৰিছে৷ 

এই উৎসৱৰ আলোকেৰে দুয়োখন দেশৰ জনগণৰ জীৱনক সদায়ে আলোকিত কৰি ৰাখক, তাৰে শুভ কামনা জনাইছো৷ 

মহাশয়, আজি মোক মালদ্বীপৰ সর্বোচ্চ নাগৰিক সন্মান প্ৰদর্শনৰ জৰিয়তে আপোনালোকে কেৱল মোকে নহয়, সমগ্ৰ ভাৰতক এক নতুন গৌৰৱ প্ৰদান কৰিলে৷ এই ‘নিশান ইজ্জুদ্দিন’ সন্মান মোৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয়। ইয়াৰ দ্বাৰা আমাৰ উভয় দেশৰ মৈত্রী আৰু ঘনিষ্ঠ সম্পর্ককো সন্মানিত কৰিছে৷

এই সুযোগ দিয়াৰ বাবে আৰু আপোনালোকৰ অসাধাৰণ অতিথি পৰায়ণতাৰ বাবে মোৰ লগতে ভ্ৰমণকাৰী দলৰ হৈ আপোনাক আৰু মালদ্বীপ চৰকাৰক আন্তৰিক ধন্যবাদ জনাইছো৷ 

আমাৰ দুয়োখন দেশেই কেইদিনমান পূৰ্বে অতি উৎসাহ-উদ্দীপনাৰে ঈদ পালন কৰিছে৷ 

এই উৎসৱৰ আলোকেৰে দুয়োখন দেশৰ জনগণৰ জীৱনক সদায়ে আলোকিত কৰি ৰাখক, তাৰে শুভ কামনা জনাইছো৷ 

মহাশয়, আজি মোক মালদ্বীপৰ সর্বোচ্চ নাগৰিক সন্মান প্ৰদর্শনৰ জৰিয়তে আপোনালোকে কেৱল মোকে নহয়, সমগ্ৰ ভাৰতক এক নতুন গৌৰৱ প্ৰদান কৰিলে৷ এই ‘নিশান ইজ্জুদ্দিন’ সন্মান মোৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ বিষয়। ইয়াৰ দ্বাৰা আমাৰ উভয় দেশৰ মৈত্রী আৰু ঘনিষ্ঠ সম্পর্ককো সন্মানিত কৰিছে৷

মই অতি বিনম্ৰতা তথা কৃতজ্ঞচিত্তে সকলো ভাৰতবাসীৰ হৈ এই সন্মান গ্ৰহণ কৰিছো৷ 

ভাৰত মহাসাগৰৰ ঊর্মিমালা হাজাৰ হাজাৰ বছৰ ধৰি উভয় দেশক ঐতিহাসিক আৰু সাংস্কৃতিক সম্পর্কৰ বান্ধোনেৰে বান্ধি ৰাখিছে৷ 

এই অটুট বন্ধুত্ব কঠিন সময়তো আমাৰ পথ-প্ৰদর্শকৰ ভূমিকা পালন কৰিছে৷ 

১৯৮৮ চনত বহিঃশত্রুৰ আক্ৰমণ, ২০০৪ চনত ছুনামিৰ প্ৰলয়ংকৰী দুৰ্যোগ অথবা শেহতীয়া খোৱা পানীৰ সংকটৰ সময়ত ভাৰতেই প্ৰথম সহযোগিতাৰ হাত আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও আমি এইদৰে আপোনালোকৰ কাষত থাকিম৷ 

বন্ধুসকল, 

ভাৰতৰ সাধাৰণ নির্বাচন আৰু মালদ্বীপত ৰাষ্ট্ৰপতি আৰু মজলীছ নির্বাচনৰ জনাদেশৰ পৰা এই স্পষ্ট হৈছে যে আমাৰ দুয়ো দেশেৰ জনগণে সুস্থিৰতা আৰু উন্নয়ন বিচাৰে৷ এই ক্ষেত্রত জনতাকেন্দ্রিক আৰু সমন্বয়ধর্মী উন্নয়ন আৰু সুশাসনৰ বাবে আমাৰ দায়িত্ব আৰু অধিক গুৰুত্বপূর্ণ হৈ পৰিছে৷ 

মই কিছু সময়ৰ পূৰ্বে ৰাষ্ট্ৰপতি ছলীহৰ সৈতে বিস্তৃত আৰু অতি ফলপ্ৰসূ আলোচনাত মিলিত হৈছো৷ আমাৰ পাৰস্পৰিক হিতসাধনৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ যিমান আলোচনা হৈছে, সিমানেই পাৰস্পৰিক দ্বিপাক্ষিক সহযোগিতা কিদৰে আৰু অধিক সম্প্ৰসাৰিত কৰিব পৰা যায়, তাক পুংখানুপুংখভাৱে চাইছো৷ আমাৰ পাৰস্পৰিক সহযোগিতাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্পূর্ণ সহমত প্ৰকাশ কৰিছো৷ 

ৰাষ্ট্ৰপতি ছলীহ, আপুনি এই গুৰু দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতি আৰু লক্ষ্যৰ মৌলিক পৰিৱর্তন আহিছে। ২০১৮চনৰ ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহি আপুনি আমাৰ সৈতে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, আমি যিবোৰ চুক্তি সম্পাদন কৰিছিলো, সেইবোৰ সময়মতে বাস্তবায়িত কৰা হৈছে৷ 

বন্ধুসকল, 

ৰাষ্ট্ৰপতি ছলীহৰ ভাৰত ভ্ৰমণৰ সময়ত আমি যি ১.৪ বিলিয়ন ডলাৰ আর্থিক পেকেজ ঘোষণা কৰিছিলো, তাৰ জৰিয়তে মালদ্বীপৰ তৎকালীন আর্থিক প্ৰয়োজন পূৰণ সম্ভৱ হৈছে৷ ইয়াৰ সমান্তৰালভাৱে, ‘সামাজিক প্ৰভাৱ’ পৰা কেতবোৰ আঁচনি আৰম্ভ কৰা হৈছে৷ তদুপৰি, ৮০০ মিলিয়ন মাৰ্কিন ডলাৰৰ ‘লাইন অৱ ক্রেডিট’ৰ অন্তর্গত উন্নয়ন কর্মসূচীসমূহৰ বাবে নতুন পথ মুকলি কৰা হৈছে৷ 

ভাৰত আৰু মালদ্বীপৰ মাজত উন্নয়ন সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি মালদ্বীপৰ সাধাৰণ জনতাৰ উন্নয়নকেন্দ্রিক বিভিন্ন প্ৰকল্পক অগ্রাধিকাৰ দিছো৷ 

আজি আমাৰ দ্বিপাক্ষিক সহযোগিতাই মালদ্বীপৰ সাধাৰণ জনতাৰ জীৱনযাপনৰ প্ৰতিটো ক্ষেত্ৰকে স্পর্শ কৰিছে৷

বিভিন্ন দ্বীপত জল সৰবৰাহ আৰু পৰিচ্ছন্নতাৰ ব্যৱস্থা;

ক্ষুদ্ৰ আৰু সুক্ষ্ম উদ্যোগ খণ্ডত পর্যাপ্ত বিনিয়োগৰ ব্যৱস্থা;

সমুগ্ৰ বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন;

কনফাৰেন্স আৰু কমিউনিটী চেণ্টাৰ নির্মাণ;

ক্রিকেট ষ্টেডিয়াম নির্মাণ;

জৰুৰীকালীন চিকিৎসা সেৱা;

এম্বুলেন্স সেৱা;

উপকূল সুৰক্ষা সুনিশ্চিত কৰা;

আউটড’ৰ ফিটনেছ উপকৰণৰ ব্যৱস্থা;

ড্রাগ ডিটক্স চেণ্টাৰ;

ষ্টুডেণ্ট ফেৰী;

কৃষি আৰু মৎস্যপালন;

নবীকৰণযোগ্য শক্তি; আৰু

পর্যটন৷

ভাৰতৰ সহযোগিতাত গঢ়ি উঠা এনে বহুতো প্ৰকল্পই মালদ্বীপৰ জনগণক তাৎক্ষণিকভাৱে উপকৃত কৰিবে৷

আমি আড্ডুত আন্তঃগাঁথনি উন্নয়ন আৰু ঐতিহাসিক ‘ফ্রাইডে মস্ক’ৰ সংৰক্ষণৰ ক্ষেত্রত সহযোগিতাৰ বাবে সহমতত উপনীত হৈছো৷ 

উভয় দেশৰ জনগণৰ মাজত সম্পর্ক অধিক নিবিড় কৰিবলৈ আমি ভাৰতৰ কোচি আৰু মালদ্বীপৰ কুলধুফুচি আৰু মালেৰ মাজত নৌকা সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ 

মালদ্বীপত ৰুপে কার্ড আৰম্ভ কৰি ভাৰতীয় পর্যটকৰ সংখ্যা বৃদ্ধিৰ পৰিকল্পনা লৈ এই ক্ষেত্ৰত আমি শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম৷

নিৰাপত্তা সহযোগিতাকে আৰু অধিক মজবুত কৰিবলৈ আমি আলোচনা কৰিছো৷ তাৰপাছত আজি আমি যুটীয়াভাবে মালদ্বীপ প্ৰতিৰক্ষা বাহিনীৰ যৌথ পৰীক্ষণ কেন্দ্ৰ আৰু উপকূল পর্যবেক্ষণৰ বাবে ৰাডাৰ প্ৰণালীৰ উদ্বোধন কৰিছো৷ এই প্ৰণালীয়ে মালদ্বীপৰ সমুগ্ৰ নিৰাপত্তাকে আৰু অধিক শক্তিশালী কৰিব৷ 

ভাৰতে মালদ্বীপৰ সৈতে পাৰস্পৰিক সম্পর্কক সর্বাধিক গুৰুত্ব দিয়ে৷ আমি পৰস্পৰৰ সৈতে এক নিবিড় আৰু শক্তিশালী সম্পর্ক বিচাৰো, যি এখন সমৃদ্ধ, গণতান্ত্রিক আৰু শান্তিপূর্ণ মালদ্বীপ গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ 

মই পুনৰবাৰ কও যে ভাৰতে সদায় মালদ্বীপক সম্ভাৱ্য সকলো ধৰণৰ সহযোগিতাৰ বাবে দৃঢ়প্ৰতিজ্ঞ৷

মই পুনৰবাৰ মাননীয় ৰাষ্ট্ৰপতি আৰু মালদ্বীপেৰ জনগণক উষ্ণ আতিথ্যৰ বাবে ধন্যবাদ জনাইছো৷ 

ভাৰত–মালদ্বীপৰ বন্ধুত্ব অমৰ হওক৷ 

দিবেহী ৰাজ্জে আ ইণ্ডিয়াগে ৰাহোমেথেৰীখন অবদহ,

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports

Media Coverage

Maruti Suzuki Fronx becomes fastest Indian SUV to hit 2 lakh exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”