“ৰ’টাৰিয়ানসকল সফলতা আৰু সেৱাৰ প্ৰকৃত মিশ্ৰণ”
“আমি বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশৰ, যিসকলে আনৰ বাবে জীয়াই থকা মানে কি সেয়া কৰ্মৰে দেখুৱাইছিল”
“প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি থকাৰ আমাৰ শতিকা পুৰণি নীতি-নিয়মৰ পৰা অনুপ্ৰাণিত হৈ ১৪০ কোটি ভাৰতীয়ই আমাৰ পৃথিৱীখনক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ায়৷ ৰ’টাৰিয়ানসকলক ‘সফলতা আৰু সেৱাৰ প্ৰকৃত মিশ্ৰণ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মাত্ৰাৰ প্ৰতিটো ৰ’টাৰীৰ সমাৱেশ এটা ক্ষুদ্ৰ বিশ্ব সন্মিলনৰ দৰে। ইয়াৰ বৈচিত্ৰ্য আৰু স্পন্দনশীলতা আছে। “

ৰ’টাৰীৰ দুটা মূলমন্ত্ৰ ‘স্বাৰ্থৰ ঊৰ্ধ্বৰ সেৱা’ আৰু ‘সেইজনেই সৰ্বাধিক লাভ কৰে যি সৰ্বোত্তম সেৱা কৰে’ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে গুৰুত্বপূৰ্ণ নীতি আৰু আমাৰ সাধু আৰু ঋষিসকলৰ শিক্ষাৰ দ্বাৰা অনুৰণিত। তেওঁ লগতে কয়, “আমি বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশৰ, যিসলে আনৰ বাবে জীয়াই থকাটো কি সেয়া কৰ্মৰে দেখুৱাইছিল”।

স্বামী বিবেকানন্দৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে “এখন পৰস্পৰ নিৰ্ভৰশীল, আন্তঃসম্পৰ্কীয় আৰু আন্তঃসংযোগী বিশ্বত আমি সকলোৱে অস্তিত্ব ৰক্ষা কৰিম। সেইবাবে ব্যক্তি, সংগঠন আৰু চৰকাৰে একেলগে কাম কৰি আমাৰ গ্ৰহটোক অধিক সমৃদ্ধিশালী আৰু বহনক্ষম কৰি তোলাটো গুৰুত্বপূৰ্ণ।” পৃথিৱীত ইতিবাচক প্ৰভাৱ পেলোৱা কেইবাটাও কাৰণত কঠোৰ পৰিশ্ৰম কৰাৰ বাবে তেওঁ ৰ’টাৰী ইণ্টাৰনেচনেলক প্ৰশংসা কৰে।

তেওঁ কয় যে পৰিৱেশ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় “বহনক্ষম উন্নয়ন বৰ্তমান সময় আহ্বান৷ প্ৰকৃতিৰ সৈতে সমিলমিলেৰে থকা আমাৰ শতিকা পুৰণি নীতি-নিয়মৰ পৰা অনুপ্ৰাণিত হৈ ১৪ লাখ ভাৰতীয়ই আমাৰ পৃথিৱীখনক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে।“ তেওঁ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী, ‘এক সূৰ্য, এক গ্ৰিড,  আৰু জীৱন-আন্তঃৰাষ্ট্ৰীয়ৰ বাবে জীৱনশৈলী আদি ভাৰতৰ পদক্ষেপসমূহৰ তালিকাৰ সম্পৰ্কে উল্লেখ কৰে। তেওঁ লগতে কয় যে ২০৭০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমণ শূন্য কৰাৰ ক্ষেত্ৰত ভাৰতে লোৱা প্ৰতিশ্ৰুতিসমূহো বিশ্ব সমাজে শলাগ লৈছে।

বিশুদ্ধ খোৱাপানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰদানৰ ক্ষেত্ৰত ৰ’টাৰী ইণ্টাৰনেচনেলে কৰা কামৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানে পাঁচ বছৰত প্ৰায় সম্পূৰ্ণ অনাময়ে সামৰি লোৱা বিষয়ে কয়। প্ৰধানমন্ত্ৰীয়ে নতুন সজাগতা আৰু বাস্তৱতাৰ বাবে গঢ় লৈ উঠা পানী সংৰক্ষণ আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে আন্দোলনৰ কথাও উল্লেখ কৰে৷ তেওঁ ভাৰতৰ স্পন্দনশীল ষ্টাৰ্টআপ খণ্ডসমূহৰ বিষয়ে কয়।

তেওঁ কয় যে যিহেতু ভাৰত হৈছে মানৱতাৰ এক সপ্তমাংশৰ ঘৰ, এনে পৰিসৰত ভাৰতৰ যিকোনো সাফল্যই বিশ্বত ইতিবাচক প্ৰভাৱ পেলাব। এই সন্দৰ্ভত তেওঁ ক’ভিড-১৯ ভেকচিনৰ কাহিনী আৰু ২০৩০ চনৰ বিশ্বজোৰা লক্ষ্যৰ ৫ বছৰ পূ্ৰ্বে ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূল কৰাৰ প্ৰচেষ্টাক উদাহৰণ দাঙি ধৰে৷

শ্ৰী মোদীয়ে ৰ’টাৰী পৰিয়ালক তৃণমূল পৰ্যায়ত এই প্ৰচেষ্টাসমূহক সমৰ্থন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁলোকক সমগ্ৰ বিশ্বতে ব্যাপক হাৰত যোগ দিৱস পালন কৰিবলৈ আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 এপ্ৰিল 2026
April 30, 2026

Investment Magnet India: PLI Triumphs, FTA Deals & Defence Milestones — How PM Modi’s Vision is Reshaping the Nation