We not only have diplomatic relations with all BIMSTEC countries but are strongly connected by civilization, history, art, language, cuisine and shared culture: PM Modi
PM Modi: Big opportunity to expand trade, economic, transport, digital, and people-to-people connectivity in the BIMSTEC region
BIMSTEC inaugural session: PM Modi calls for greater cooperation among member countries to tackle the menace of terrorism and drug trafficking

মান্যবৰ, প্রধানমন্ত্রী অ’লী ডাঙৰীয়া,

বিমষ্টেক সদস্যভুক্ত দেশসমূহৰ পৰা অহা মোৰ বন্ধসম নেতৃবৰ্গ,

সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্‌ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।

এই তালিকাত সন্নিৱিষ্ট বিষয়বোৰৰ ভিতৰতঃ

প্রথম বার্ষিক বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনা অনুশীলনৰ আয়োজন।

ৰাষ্ট্রীয় নিৰাপত্তা মুৰব্বীসকলৰ দুটা সাক্ষাৎকাৰৰ আয়োজন।

বিমষ্টেক ট্রেড ফেচিলিটেচন এগ্রিমেণ্টক লৈ আলোচনাৰ অগ্ৰগতি।

বিমষ্টেক গ্রিড আন্তঃসংযোগক লৈ চুক্তি সম্পাদন।

ইয়াৰ বাবে মই আটাইকেইখন দেশৰ প্রতিনিধিবৰ্গক অভিনন্দন জনাইছো।

সন্মানীয় অতিথিসকল,

এই অঞ্চলৰ সকলো দেশৰ সৈতে ভাৰতৰ বহু শতিকা পুৰণি সভ্যতা, ইতিহাস, কলা, ভাষা, খাদ্যা-ভ্যাসৰ অটুট সাংস্কৃতিক সম্পর্ক আছে। এই অঞ্চলৰ এফালে মহান হিমালয় পর্বতমালা আৰু আনফালে, ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰৰ মাজত বংগোপসাগৰ। এই বংগোপসাগৰীয় অঞ্চলত আমাৰ সকলোৰে উন্নয়ন, নিৰাপত্তা আৰু প্রগতিৰ স্বার্থত এই সন্মিলনৰ গুৰুত্ব অপৰিসীম। সেয়েহে ইয়াত আচৰিত হোৱাৰ একো কাৰণ নাই যে বংগোপসাগৰীয় অঞ্চলত ভাৰতৰ ‘প্রতিবেশী প্ৰথম’ আৰু ‘এক্ট ইষ্ট’-এই দুই নীতিৰ মিলন ঘটিছে।

 

সন্মানীয় অতিথিসকল,

আমি প্রত্যেকেই উন্নয়নশীল দেশ। নিজৰ নিজৰ দেশত শান্তি, সমৃদ্ধি আৰু কল্যানকে আমি অগ্রাধিকাৰ প্ৰদান কৰো। কিন্তু বৰ্তমানৰ আন্তঃসম্পর্কযুক্ত বিশ্বত এই কাম কোনো দেশ অকলে কৰিব নোৱাৰে। আমি সকলোৱে পৰস্পৰক সংগ দিব লাগিব, আশ্রয় দিব লাগিব, পৰস্পৰৰ প্রচেষ্টাত সম্পূৰ্ণ হৈ উঠিব লাগিব! মই বিশ্বাস কৰো এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূর্ণ হৈছে আমাৰ যোগাযোগ-বাণিজ্যিক আৰু আর্থিক লেনদেন, পৰিবহণ যোগাযোগ ব্যৱস্থা, ডিজিটেল যোগাযোগ ব্যৱস্থা আৰু প্রত্যেক দেশৰ জনগণৰ মাজত পাৰস্পৰিক যোগাযোগ-প্রত্যেক মাত্রাত আমি সকলোৱে কাম কৰিব লাগিব। বিমষ্টেকত সামুদ্রিক জাহাজ চলাচল আৰু মটৰ যান চুক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ভৱিষ্যতে সাক্ষাৎকাৰৰ আয়োজন কৰিব পাৰো। আমি সকলোৱেউদ্যোগী লোকসকলৰ মাজত সম্পর্ক আৰু যোগাযোগ বৃদ্ধিৰ বাবে ভাৰত, ‘বিমষ্টেক ষ্টার্ট-আপ কনক্লেভ’ৰ আয়োজন কৰিবলৈ প্রস্তুত। আমাৰ দেশসমূহ অধিকাংশই কৃষি প্রধান আৰু জলবায়ু পৰিৱর্তনৰ আশংকাৰ সৈতে জড়িত। এনে পৰিপ্রেক্ষিতত কৃষি অনুসন্ধান, শিক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতে জলবায়ু স্মার্ট কৃষি ব্যৱস্থাৱলীক লৈ এখনি আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিব। ডিজিটেল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত ভাৰত নিজা নেচনেল ন’লেজ নেটৱর্ক শ্রীলঙ্কা, বাংলাদেশ, ভূটান আৰু নেপাললৈ প্রসাৰিত কৰাৰ বাবে পূৰ্বৰে পৰা সংকল্পবদ্ধ। আমি ইয়াক ম্যানমাৰ আৰু থাইলেণ্ডলৈও প্রসাৰৰ প্রস্তাৱ গ্ৰহণ কৰিছো। মই আশা কৰো যে সকলো বিমষ্টেক দেশে চলিত বৰ্ষৰ অক্টোবৰ মাহত নতুন দিল্লীত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্রেছত অংশগ্ৰহণ কৰিব। এই কংগ্রেছত বিমষ্টেক মন্ত্ৰালয় পৰ্যায়ৰ সমাৰোহো থাকিব। বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে যোগাযোগ বৃদ্ধিৰ ক্ষেত্রত ভাৰতৰ উত্তৰ-পূর্বাঞ্চলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ বাবে ‘ছায়েন্স এণ্ড টেকন’লজি ইণ্টাৰভেনচন্‌ছ ইন দ্য নর্থ-ইষ্টাৰ্ণ ৰিজন’ শীৰ্ষক একটি প্ৰচেষ্টাও গ্ৰহণ কৰা হৈছে। আমি এই কার্যসূচীক বিমষ্টেক সদস্য দেশসমূহলৈ প্রসাৰিত কৰাৰ প্রস্তাৱ গ্ৰহণ কৰিছো। ইয়াৰ জৰিয়তে গ্রামাঞ্চলত ক্ষেত্রত ইন্ধন, আৱৰ্জনা ব্যৱস্থাপনা, কৃষি আৰু সক্ষমতা সৃষ্টিক উৎসাহিত কৰিব পৰা যায়। ইয়াৰ সমান্তৰালভাৱে, ভাৰতৰ ‘নর্থ-ইষ্টাৰ্ণ স্পেছ এপ্লিকেশ্যন চেণ্টাৰে’ও বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ গৱেষক, ছাত্র আৰু পেশাদাৰিত্বৰ বাবে আমি ২৪টা ছাত্রবৃত্তি আৰম্ভ কৰিছো।

সন্মানীয় অতিথিসকল,

এই ক্ষেত্রৰ জনগণৰ মাজত বহু শতিকা পুৰণি সম্পর্কই আমাৰ পাৰস্পৰিক সম্পর্কক একটি শক্তিশালী ভিত্তি প্রদান কৰে আৰু এই সম্পর্কবোৰৰ এক বিশেষ পর্যায় হৈছে বৌদ্ধ ধর্ম আৰু দর্শন। ২০২০ চনৰৰ আগষ্ট মাহত ভাৰত আন্তঃৰাষ্ট্ৰীয় বুদ্ধিষ্ট সমাৰোহৰ অনুষ্ঠিত হ’ব। মই এই উপলক্ষে সকলো বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহক ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনাইছো। আমি সকলোৱে নতুন প্রজন্মৰ মাজত পাৰস্পৰিক সম্পর্কক উৎসাহিত কৰিবলৈ ভাৰত বিমষ্টেক যুৱ সন্মিলন আৰু বিমষ্টেক বেণ্ড ফেষ্টিভেল আয়োজনৰ প্রস্তাৱ গ্ৰহণ কৰিছো। ইয়াৰ সমান্তৰালভাৱে আমি বিমষ্টেক যুৱ জল ক্ৰীডাৰো আয়োজন কৰিব পাৰো। বিমষ্টেক ৰাষ্ট্ৰসমূহৰ নতুন ছাত্র-ছাত্রীসকলৰ বাবে নালন্দা বিশ্ববিদ্যালয়ত ৩০টা ছাত্রবৃত্তি আৰু জিপমৰ ইনষ্টিটিউটত এডভান্সড মেডিচিনৰ বাবে ১২টা ৰিছার্চ ফেলোশ্বিপ প্ৰদান কৰা হ’ব। তদুপৰি, ভাৰতৰ আইটেক কার্যসূচীৰ অন্তর্গত পর্যটন, পৰিৱেশ, দুৰ্যোগ ব্যৱস্থাপনা, নবীকৰণযোগ্য শক্তি, কৃষি, বাণিজ্য আৰু বিশ্ব বাণিজ্যি সংস্থাৰ দৰে বিষয়সমূহক লৈ ১০০টা হস্ৰকালীন প্ৰশিক্ষণ পাঠ্যক্ৰমো আৰম্ভ কৰা হ’ব। বংগোপসাগৰীয় অঞ্চলৰ কলা, সংস্কৃতি, সামুদ্রিক আইন আৰু অন্যান্য বিষয়ক লৈ গৱেষণাৰ বাবে আমি নালন্দা বিশ্ববিদ্যালয়ত এটি চেণ্টাৰ ফৰ বে অৱ বেংগল ষ্টাডিজ আৰম্ভ কৰিম। এই কেন্দ্রত আমাৰ সংশ্লিষ্ট সকলো দেশৰ ভাষাসমূহক পৰস্পৰৰ সৈতে যুক্ত কৰাৰ সূত্রসমূহক লৈও গৱেষণা কৰা হ’ব। আমি সকলোৱে প্রত্যেক দেশৰ নিজস্ব দীর্ঘ ইতিহাস আৰু ইতিহাস বিজড়িত পর্যটনৰ সম্ভাৱনাক বাস্তবায়িত কৰাৰ বাবে ঐতিহাসিক স্মাৰকসমূহৰ সংস্কাৰৰ বাবে আমি সহযোগিতাৰ হাত আগবঢ়াব পাৰো।

সন্মানীয় অতিথিসকল,

আঞ্চলিক সংহতি তথা আর্থিক প্রগতি আৰু সমৃদ্ধিৰ বাবে আমাৰ এই মিলিত প্রচেষ্টাৰ সাফল্যৰ বাবে এই অঞ্চলৰ শান্তি আৰু নিৰাপত্তাজনিত পৰিৱেশ অতি প্রয়োজনীয়। হিমালয় আৰু বংগোপসাগৰীয় এলেকাত অৱস্থিত আমাৰ এই দেশসমূহে বাৰে বাৰে প্রাকৃতিক দুৰ্যোগৰ সম্মুখীন হ’বলগীয়া হয়। কেতিয়াবা বান, কেতিয়াবা ঘূৰ্ণীবতাহ, কেতিয়াবা ভূমিকম্প। এনে পৰিপ্রেক্ষিতত পৰস্পৰৰ সৈতে মানবীয় সহায় আৰু দুৰ্যোগজন সাহায্যৰ জৰিয়তে আমাৰ মাজত সহযোগিতা আৰু সমন্বয় বৃদ্ধিৰ প্রয়োজন আছে। আমাৰ অঞ্চলত ভৌগোলিক স্থিতি আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক বাণিজ্য পথসমূহৰ সৈতে সংযোগ হৈছে আৰু আমাৰ প্রত্যেকৰে অর্থনীতিতো ‘নীল অর্থনীতি’ৰ বিশেষ গুৰুত্ব আছে। একেদৰে, অনাগত ডিজিটেল যুগত আমাৰ অর্থনীতিত চাইবাৰ অর্থনীতিৰ গুৰুত্বও যথেষ্ট বৃদ্ধি পাব। এইটো স্পষ্ট যে আমাৰ আঞ্চলিক নিৰাপত্তা সহযোগিতাত এই সকলো বিষয়ক লৈ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে আমি সকলোৱে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেইবাবে অহা মাহত ভাৰতত বিমষ্টেক বহুজাতিক সামৰিক ক্ষেত্ৰীয় প্ৰশিক্ষণ অনুশীলন আয়োজন কৰা হৈছে। সেই সমাৰোহলৈ মই সংশ্লিষ্ট দেশসমূহৰ স্থল সেনাৰ মুৰব্বীসকলক স্বাগতম জনাইছো। ভাৰতত বিমষ্টেক দেশসমূহৰ এক Tri Services Humanitarian Assistance and Disaster Relief Exercise ৰো আয়োজন কৰা হ’ব। দ্বিতীয় বার্ষিক বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনা অনুশীলনৰ আয়োজনৰ বাবে ভাৰত প্রস্তুত। আমি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্রত কর্মৰত বিষয়াসকলৰ কর্মক্ষমতা বৃদ্ধিৰ ক্ষেত্রতো সহযোগিতাৰ হাত আগবঢ়াব সাজু। ভাৰতে ‘নীল অর্থনীতি’ত সকলো বিমষ্টেক দেশৰ যুৱক-যুৱতীসকলৰ বাবে এটি হেকাথনৰ আয়োজন কৰিব। ইয়াত ‘নীল অর্থনীতি’ৰ সম্ভাৱনা আৰু সহযোগিতাকে প্রাধান্য দিয়া হ’ব।

সন্মানীয় অতিথিসকল,

আমাৰ মাজত এনে কোন দেশ নাই যিসকলে সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ বিভিন্ন নেটৱর্কৰ সৈতে যুক্ত অন্তঃদেশীয় অপৰাধ আৰু ড্রাগছ সৰবৰাহৰ দৰে সমস্যাৰ সন্মুখীন নহয়। বিভিন্ন মাদক দ্রব্যজনিত বিষয়ত আমি বিমষ্টেক পৰিকাঠামোৰ এক সন্মিলনৰ আয়োজন কৰিবলৈ প্রস্তুত। এইটো স্পষ্ট যে এই সমস্যাসমূহ কোনো এখন দেশৰ আইন-শৃঙ্খলাৰ সমস্যা নহয়। ইয়াৰ মোকাবিলা কৰিবলৈ হ’লে আমি সকলোৱে একত্ৰিত হ’ব লাগিব। সেইবাবে আমি সকলোৱে যথাযথ আইন আৰু নিয়মাবলী প্রস্তুত কৰিব লাগিব। এনে পৰিপ্রেক্ষিতত আমাৰ আইন প্রণয়নকাৰী বিশেষকৈ, মহিলা সাংসদসকলৰ মাজত পাৰস্পৰিক সম্পর্ক সহায়ক হ’ব পাৰে। মোৰ প্রস্তাৱ এই যে আমাৰ বিমষ্টেক মহিলা সাসংদ ফোৰাম গঠন কৰা উচিৎ।

সন্মানীয় অতিথিসকল,

বিগত দুই দশকত বিমষ্টেকে উল্লেখযোগ্য প্রগতি লাভ কৰিছে। কিন্তু এতিয়া আমাৰ সন্মুখৰ যাত্ৰাপথ দীঘলীয়া। আমি সকলোৱে আর্থিক সংহতিক আৰু অধিক নিবিড় কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু সেইটোকে আমাৰ পৰা আমাৰ জনসাধাৰণে বিচাৰে। এই চতুর্থ সন্মিলন আমাৰ জনসাধাৰণৰ আশা-আকাংক্ষা আৰু অভিলাষা পূর্ণ কৰাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণৰ অন্যতম সুযোগ। এই চতুর্থ সন্মিলনৰ ঘোষণাপত্ৰ বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ সন্নিৱিষ্ট হৈ আছে। ইয়াৰ জৰিয়তে বিমষ্টেকৰ সংগঠন আৰু প্রক্রিয়া যথেষ্ট শক্তিশালী হৈ উঠিব। ইয়াৰ সমান্তৰালভাৱে বিমষ্টেক প্রক্রিয়াক বাস্তৱ ৰূপ দিয়া আৰু শক্তিশালী কৰে তোলাৰ বাবে এই সন্মিলনৰ সাফল্য একটি গুৰুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে প্রমাণিত হ’ব। ইয়াৰ বাবে আয়োজক দেশ নেপাল চৰকাৰ, প্রধানমন্ত্রী অ’লী আৰু সকলো অংশগ্রহণকাৰী দেশৰ নেতৃবৰ্গক মই অন্তৰ পৰা অভিনন্দন জনাইছো। অনাগত দিনতো ভাৰতে আপোনালোকৰ সৈতে কান্ধে কান্ধ মিলাই আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-EU Relations: Trust And Strategic Engagement In A Changing World

Media Coverage

India-EU Relations: Trust And Strategic Engagement In A Changing World
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a air crash in Baramati, Maharashtra
January 28, 2026

The Prime Minister, Shri Narendra Modi condoled loss of lives in a tragic air crash in Baramati district of Maharashtra. "My thoughts are with all those who lost their loved ones in the crash. Praying for strength and courage for the bereaved families in this moment of profound grief", Shri Modi stated.


The Prime Minister posted on X:

"Saddened by the tragic air crash in Baramati, Maharashtra. My thoughts are with all those who lost their loved ones in the crash. Praying for strength and courage for the bereaved families in this moment of profound grief."

"महाराष्ट्रातील बारामती येथे झालेल्या दुर्दैवी विमान अपघातामुळे मी अत्यंत दुःखी आहे. या अपघातात आपल्या प्रियजनांना गमावलेल्या सर्वांच्या दुःखात मी सहभागी आहे. या दुःखाच्या क्षणी शोकाकुल कुटुंबांना शक्ती आणि धैर्य मिळो, ही प्रार्थना करतो."