প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷

তেওঁৰ প্ৰতি আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে ছিউলস্থিত প্ৰৱাসী ভাৰতীয় লোকসকলক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে ভাৰত আৰু কোৰিয়াৰ মাজৰ সম্পৰ্ক কেৱল মাথো ব্যৱসায়িক দিশৰ ওপৰত গঠিত নহয়৷ দুয়োখন দেশৰ জনসাধাৰণৰ আন্তৰিকতা হ’ল দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰধান ভেটি৷

ভাৰত আৰু কোৰিয়াৰ মাজত থকা প্ৰাচীন সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাণী সূৰ্যৰত্নাই অযোধ্যাৰ পৰা হাজাৰ কিলোমিটাৰৰ দূৰত্ব ভ্ৰমণ কৰি এজন কোৰিয়ান ৰজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ শেহতীয়াকৈ কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জাং-ছোকে অযোধ্যা ভ্ৰমণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷ তেওঁ লগতে কয় যে বৌদ্ধ ধৰ্মইও দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কোৰিয়াৰ উন্নয়ন, গৱেষণা আৰু উদ্ভাৱনত প্ৰৱাসী ভাৰতীয় লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি জানিব পাৰি তেওঁ অতিশয় সন্তুষ্ট৷

কোৰিয়াত যোগাসন আৰু ভাৰতীয় উৎসৱৰ জনপ্ৰিয়তাৰ কথা তথা বিগত এছিয়ান গেমছত কোৰিয়াই ভাৰতীয় ক্ৰীড়া কাবাডীত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী থকা প্ৰৱাসী ভাৰতীয়সকলক দেশৰ এম্বেছাডৰ হিচাপে আখ্যা দি কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে বিশ্বত ভাৰতৰ মৰ্যদা বৃদ্ধি কৰিছে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এইবাৰ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰিব৷ বিশ্ববাসীয়ে যাতে বাপুজীৰ বিষয়ে অধিক জানিব পাৰে, তাৰ দায়িত্ব আমি সকলোৱে গ্ৰহণ কৰিব লাগিব৷

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে কোৰিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ গৈ আছে৷ দুয়োখন ৰাষ্ট্ৰই শান্তি, সমৃদ্ধি আৰু সুস্থিৰতাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি আছে৷

তেওঁ উল্লেখ কৰে যে ভাৰত শীঘ্ৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ব৷

 

বাণিজ্যিক সৰলতা আৰু জীৱন ধাৰণৰ মান অভূতপূৰ্ব হাৰত উন্নত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ তেওঁ দেশত ৰূপায়িত হোৱা জিএছটি আৰু নগদবিহীন লেনদেনৰ দৰে সংস্কাৰৰ কথাও উল্লেখ কৰে৷

ভাৰতত হোৱা বিত্তীয় বিপ্লৱ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে বুলি তেওঁ প্ৰৱাসী ভাৰতীয়সকলক কয়৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বেংক একাউণ্ট, বীমা আৰু মুদ্ৰা ঋণৰ প্ৰসংগ উত্থাপন কৰে৷

 

 

কেইবাটাও সাফল্যৰ বাবে শেহতীয়াকৈ ভাৰতৰ মান-মৰ্যদা বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে দৰিদ্ৰৰ বাবে বিনামূলীয়া স্বাস্থ্য, বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটী আৰু ডিজিটেল ইণ্ডিয়াই ভাৰতৰ প্ৰতিচ্ছবি যথেষ্ট কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ভাৰতৰ উন্নতি আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন সন্দৰ্ভতো ব্যক্তব্য আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত সম্প্ৰতি নতুন শক্তিৰ জোৱাৰ উঠিছে৷ কাইলৈ তেওঁ ভাৰতবাসী আৰু প্ৰৱাসী ভাৰতীয়সকলৰ হৈ ছিউল শান্তি পুৰস্কাৰ গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥