Today, India is inspiring to become a 5 trillion dollar economy: PM Modi
India’s innovation is a great blend of Economics and Utility. IIT Madras is born in that tradition: PM
We have worked to create a robust ecosystem for innovation, for incubation for research and development in our country: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি মাদ্ৰাছৰ ৫৬তম সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয়, ‘‘মই সন্মুখত এখন ক্ষুদ্ৰ ভাৰত আৰু নতুন ভাৰতৰ সত্বা দেখিবলৈ পাইছো৷ ইয়াত আছে শক্তি, উদ্দীপনা আৰু ধনাত্মক ভাৱ৷ মই আপোনালোকৰ চকুত ভৱিষ্যতৰ সপোন দেখিবলৈ পাইছো৷ মই আপোনালোকৰ চকুত ভাৰতৰ ভাগ্য দেখিবলৈ পাইছো৷’’ প্ৰতিষ্ঠানটোৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বিদ্যাৰ্থীসকলৰ অভিভাৱক তথা শিক্ষকসকলক অভিনন্দন প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সহায়ক কৰ্মচাৰীসকলৰো প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই সহায়ক কৰ্মীসকলৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰিবলৈ বিচাৰিছো৷তেওঁলোকে নীৰৱে আপোনালোকৰ বাবে খাদ্য প্ৰস্তুত কৰিছে, শ্ৰেণীকোঠা পৰিষ্কাৰকৈ ৰাখিছে, হোষ্টেল পৰিষ্কাৰকৈ ৰাখিছে৷’’

প্ৰধানমন্ত্ৰী ভাৰতৰ তৰুণ প্ৰজন্মৰ ক্ষমতাৰ ওপৰত নিজৰ আস্থা প্ৰকাশ কৰি কয়, ‘‘আমেৰিকা ভ্ৰমণৰ সময়ত আমাৰ আলোচনাসমূহত সহযোগিতাৰ বিষয়ে চৰ্চা হৈছিল৷ এয়া আছিল নতুন ভাৰতৰ প্ৰতি আশাবাদ৷ ভাৰতীয় সম্প্ৰদায়ে সমগ্ৰ বিশ্বতে বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ পৰিচয় সাব্যস্ত কৰিছে৷ ইয়াক কোনে শক্তি প্ৰদান কৰিছে? ইয়াৰে অধিকাংশই হ’ল জ্যেষ্ঠ আই আই টিয়ান সকল৷ আপোনালোকে বিশেষ পৰ্যায়ত ব্ৰেণ্ড ইণ্ডিয়াৰ সৱলীকৰণ কৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি ভাৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশলৈ পৰিণত হোৱাৰ দিশত আগবাঢ়িছে৷ আপোনালোকৰ উদ্ভাৱন, প্ৰত্যাশা আৰু প্ৰযুক্তিৰ কাৰ্যই ইয়াক নিশ্চয়কৈ ইন্ধন যোগাব৷ ই ভাৰতক সবাতোকৈ প্ৰতিদ্বন্ধী অৰ্থনীতিৰ দিশত অগ্ৰসৰ কৰাত সহায় কৰিব৷ ভাৰতত উদ্ভাৱন প্ৰকৃততে অৰ্থনীতি আৰু উপযোগিতাসমূহৰ অতুলনীয় মিশ্ৰণ হিচাপে পৰিগণিত হৈছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি দেশত উদ্ভাৱন, গৱেষণা আৰু বিকাশৰ বাবে ইনকিউবেচনৰ পৰিবেশ তন্ত্ৰ স্থাপনৰ বাবে কাম কৰিছো৷ অনেক প্ৰতিষ্ঠানত অটল ইনকিউবেচন কেন্দ্ৰ স্থাপন কৰা হৈছে৷ পৰৱৰ্তী পদক্ষেপত ষ্টাৰ্ট-আপৰ বাবে বজাৰ সন্ধান কৰা হ’ব৷’’

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক প্ৰশংসা কৰি কয়, ‘‘আপোনালোকে কঠোৰ পৰিশ্ৰমেৰে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ আপোনালোকৰ বাবে বহু সুযোগে অপেক্ষা কৰি আছে, আটাইবোৰ সহজো নহয়৷সেয়ে কেতিয়াও সপোন দেখিবলৈ নেৰিব আৰু নিজকে প্ৰতিদ্বন্ধী কৰি ৰাখিব৷ এইদৰেই আপোলোকৰ উত্তৰণ হ’ব আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব উদ্ভাসিত হ’ব৷’’

প্ৰধানমন্ত্ৰী শিক্ষাৰ্থীসকলক অনুৰোধ কৰি কয়, ‘‘য’তেই আপোনালোকে কাম নকৰক কিয়, য’তেই আপোনালোকে বাস নকৰক কিয়, সদায়েই আপোনালোকৰ মাতৃভূমি ভাৰতৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখিব৷আপোনালোকৰ কাম, উদ্ভাৱন আৰু গৱেষণাই ভাৰতৰ জনসাধাৰণক কিদৰে উপকৃত কৰিব পাৰে সেয়া চিন্তা কৰিব৷ এয়া কেৱল আপোনালোকৰ সামাজিক দায়িত্বও৷’’

প্ৰধানমন্ত্ৰীয়ে ইয়াকো কয়, ‘‘আজি, সমাজ হিচাপে আমি এবাৰ ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ ঊৰ্ধলৈ আগুৱাব বিচাৰিছো৷ ইয়াৰ বাবে পৰিবেশ অনুকূল আন কি বিকল্প হ’ব পাৰে যি সদৃশ উপযোগীয়েই হ’ব কিন্তু ইয়াৰ অসুবিধাসমূহ নাথাকিব? যেতিয়া আমি আপোনালোকৰ দৰে তৰুণ উদ্ভাৱকক প্ৰত্যক্ষ কৰো তেতিয়া আমাৰ মাজত আশাৰ কিৰণ সৃষ্টি হয়৷ যেতিয়া প্ৰযুক্তি তথ্য বিজ্ঞান, চিকিৎসা, আচৰণগত বিজ্ঞান আৰু ঔষধৰ সৈতে সংবদ্ধ হয় তেতিয়া আকৰ্ষণীয় উদ্ভাৱনৰ সৃষ্টি হয়৷’’

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ উদ্ধৃতি দিয় কয়, ‘‘দুই ধৰণৰ লোক আছে- কিছুমানে আনৰ বাবে জীৱন নিৰ্বাহ কৰে আৰু আন কিছুমানে নিজৰ বাবে৷’’ প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে আনৰ বাবে জীৱন নিৰ্বাহ কৰে তেওঁলোকে সুখী জীৱন-যাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে শিক্ষা আৰু শিক্ষণ এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া বুলি কৈ ভাষণ সামৰে৷ তেওঁ শিক্ষাৰ্থীসকলক প্ৰতিষ্ঠান এৰাৰ পিছতো শিক্ষা আৰু অন্বেষণ অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়৷

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥