প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক অধ্যাপক জি ভেংকটসুবাইয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অধ্যাপক জি ভেংকটসুবাইয়াৰ বিয়োগে কান্নাড়া সাহিত্যত এক অপুৰণীয় ক্ষতি কৰিলে৷ তেওঁ এগৰাকী প্ৰখ্যাত লেখক আৰু বুদ্ধিজীৱি আছিল, যিগৰাকীয়ে কান্নাড়া ভাষাৰ জনপ্ৰিয়তাৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছিল৷ তেওঁ তেওঁৰ কৰ্মৰাজীক লৈ উৎসাহী আছিল আৰু তেওঁৰ লিখনিয়ে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল৷ মই তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”
Demise of Professor G. Venkatasubbaiah has left a huge void in Kannada literature. He was a prolific writer and thinker who made many efforts to popularise Kannada. He was passionate about his work and inspired many youngsters. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) April 19, 2021


