মা

Published By : Admin | June 18, 2022 | 07:30 IST

মা, এয়া কেৱল এটা শব্দ নহয়। এয়া হৈছে জীৱনৰ অনুভৱ য'ত স্নেহ, ধৈৰ্য্য, বিশ্বাস, আৰু কিমান কি যে এই শব্দটোত সোমাই থাকে। পৃথিৱীৰ যি কোণতেই নহওঁক কিয়, যি দেশতেই নহওঁক কিয়, প্ৰতিটো শিশুৰ মনত আটাইতকৈ মূল্যৱান স্নেহ হৈছে মাতৃৰ প্ৰতি। মায়ে কেৱল আমাৰ শৰীৰ গঢ়ি তোলাই নহয়, আমাৰ মন, আমাৰ ব্যক্তিত্ব, আমাৰ আত্মবিশ্বাসো তেওঁ গঢ়ি তোলে। আৰু সন্তানৰ বাবে এনে কৰোতে, নিজকে তাতে সঁপি দিয়ে, নিজকে পাহৰি যায়।

আজি মই মোৰ সুখ, মোৰ সৌভাগ্য, আপোনালোক সকলোৰে সৈতে ভাগ-বতৰা কৰিব বিচাৰো। মোৰ মা হীৰাবায়ে আজি ১৮ জুনত শততম বৰ্ষত প্ৰৱেশ কৰিছে। অৰ্থাৎ তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে। যদি আজি দেউতা থাকিলহেঁতেন, তেওঁ যোৱা সপ্তাহত শততম বৰ্ষ সম্পূৰ্ণ কৰিলেহেঁতেন। অৰ্থাৎ, ২০২২ বৰ্ষত মোৰ মাতৃৰ জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে আৰু মোৰ দেউতাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ সম্পূৰ্ণ হৈছে।

যোৱা সপ্তাহত মোৰ ভতিজাই গান্ধীনগৰৰ পৰা মাৰ কিছু ভিডিঅ' প্ৰেৰণ কৰিছিল। ঘৰলৈ চুবুৰীয়াৰ কিছুমান ডেকা ল'ৰা আহিছে, দেউতাকৰ ফটো চকীত ৰখা হৈছে, ভজন কীৰ্তন চলি আছে আৰু মায়ে মগ্ন হৈ ভজন গাই আছে, মঞ্জিৰা বজাই আছে। মোৰ মা আজিও একেই আছে। শৰীৰৰ শক্তি হ্ৰাস হ'ব পাৰে, কিন্তু মনৰ শক্তি এতিয়াও অটুট আছে।

অৱশ্যে আমাৰ ইয়াত জন্মদিন উদযাপন কৰাৰ কোনো পৰম্পৰা নাই। কিন্তু পৰিয়ালটোৰ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী কেইটিয়ে এইবাৰ পিতৃৰ জন্ম শতবাৰ্ষিকীত ১০০ টা গছপুলি ৰোপণ কৰিছে।

আজি মোৰ জীৱনত যি ভাল হৈছে, মোৰ ব্যক্তিত্বত যি সদগুণ আহিছে, সেয়া হৈছে মা আৰু দেউতাৰ অৱদান। আজি মই দিল্লীত বহি থকাৰ সময়ত বহু পুৰণি কথা মনত পৰিছে।

মোৰ মা যিমান সাধাৰণ সিমানেই অসাধাৰণো। ঠিক প্ৰত্যেকগৰাকী মাতৃৰ দৰে। আজি যেতিয়া মই মোৰ মাৰ বিষয়ে লিখিবলৈ ওলাইছো, পঢ়ি থাকোঁতে আপুনি এনেদৰে অনুভৱ কৰিব পাৰে যে অহ্, এয়া মোৰ মায়েও কৰে। এইটো পঢ়ি থাকোঁতে, আপোনাৰ মাতৃৰ প্ৰতিচ্ছবি আপোনাৰ চকুত ভাঁহি উঠিব।

মাতৃৰ তপস্যাই তেওঁৰ সন্তানক সঠিক মানুহ হিচাপে গঢ়ি তোলে। মাতৃৰ মৰমে তেওঁৰ সন্তানক মানৱীয় সংবেদনশীলতাৰে ভৰাই তোলে। মাতৃ এক ব্যক্তিবিশেষ নহয়, ব্যক্তিত্ব নহয়, মাতৃ এক স্বৰূপ। আমাৰ ইয়াত কোৱা হয়, যেনে ভক্ত তেনে ভগৱান। ঠিক একেদৰে, আমাৰ মনৰ অনুভূতি অনুসৰি মাতৃৰো প্ৰকৃতি অনুভৱ কৰিব পাৰোঁ।

মোৰ মাৰ জন্ম মেহছানা জিলাৰ ৱিচনগৰত হৈছিল। ই ভাদনগৰৰ পৰা বেছি দূৰৈত নহয়। মোৰ মাৰ তেওঁৰ মাতৃ অৰ্থাৎ মোৰ আইতাৰ স্নেহৰ অধিকাৰী হোৱাৰ ভাগ্য নাছিল। এটা শতিকা পূৰ্বে অহা বিশ্বব্যাপী মহামাৰীৰ প্ৰভাৱ বহু বৰ্ষজুৰি আছিল। একেটা মহামাৰীয়ে মোৰ আইতাক মোৰ মাৰ পৰা আঁতৰাই লৈ গৈছিল। মোৰ মা নিশ্চয় কেইদিনমানৰ বাবে তাত আছিল। তেওঁৰ মোৰ আইতাৰ মুখ, তেওঁৰ কোলা, একো মনত নাই। আপুনি ভাবক, মোৰ মাৰ শৈশৱ তেওঁৰ মাতৃ অবিহনে অতিবাহিত হৈছিল, তেওঁ মাকৰ কোলাত মূৰ থ’ব নোৱাৰিলে। মায়ে বিদ্যালয়ৰ দুৱাৰদলিও গচকি নাপালে, তেওঁ নিৰক্ষৰ আছিল। তেওঁ ঘৰৰ সকলো ঠাইতে কেৱল দৰিদ্ৰতা আৰু অভাৱহে দেখিছিল।

যদি আমি আজিৰ সময়ত এই পৰিস্থিতিবোৰ সংলগ্ন কৰোঁ, আমি কল্পনা কৰিব পাৰোঁ যে মোৰ মাৰ শৈশৱ কিমান কঠিন আছিল। সম্ভৱতঃ ঈশ্বৰে তেওঁৰ জীৱনটো এনেদৰে গঢ় দিয়াৰ কথা ভাবিছিল। আজি যেতিয়া মায়ে সেই পৰিস্থিতিবোৰৰ বিষয়ে চিন্তা কৰে, তেতিয়া তেওঁ কয় যে এয়া নিশ্চয় ঈশ্বৰৰ ইচ্ছা আছিল। কিন্তু নিজ মাতৃক হেৰুওৱাৰ বেদনা, তেওঁৰ মুখখন নেদেখা, সেই দুখে আজিও তেওঁক আমনি কৰে।

শৈশৱৰ সংগ্ৰামবোৰে মোৰ মাক বয়সতকৈ বহু আগতেই ডাঙৰ কৰি তুলিছিল। তেওঁ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল আৰু বিয়া হোৱাৰ পিছতো ডাঙৰ বোৱাৰী হৈ আহিছিল। শৈশৱতে, যেনেকৈ তেওঁ নিজৰ ঘৰৰ সকলোৰে বিষয়ে চিন্তা কৰিছিল, সকলোৰে যত্ন লৈছিল, সকলো কামৰ দায়িত্ব লৈছিল, তেনেকৈয়ে তেওঁ শহুৰেকৰ ঘৰৰো দায়িত্ব ল'বলগীয়া হৈছিল। এই দায়িত্ববোৰৰ মাজত, এই সমস্যাবোৰৰ মাজত, মায়ে সদায় প্ৰতিটো পৰিস্থিতি শান্ত মনেৰে চম্ভালিছিল।

ভাদনগৰৰ যিটো ঘৰত আমি বাস কৰিছিলো সেইটো বহুত সৰু আছিল। সেই ঘৰটোত কোনো খিৰিকী নাছিল, বাথৰুম নাছিল, শৌচাগাৰ নাছিল। মাটিৰ বেৰ আৰু খাপৰাইলৰ চালেৰে নিৰ্মিত সেই এক -ডেৰ কোঠাৰ গাঁথনিটোক আমি ঘৰ বুলিছিলো ৷ তাতেই মা-দেউতা, আমি সকলোৱে ভাই-ভনী একেলগে বাস কৰিছিলো।

সেই সৰু ঘৰটোত মায়ে ৰন্ধনত যাতে কিছু সুবিধা পায় তাৰবাবে দেউতাই বাঁহৰ লাঠি আৰু কাঠৰ টুকুৰাবোৰেৰে এটা জুশাল নিৰ্মাণ কৰি দিছিল । সেইটোৱেই আছিল আমাৰ পাকঘৰ ৷ মায়ে ইয়াৰ ওপৰত উঠি খাদ্য ৰান্ধিছিল আৰু আমি তাতে বহি খাইছিলো।
সাধাৰণতে য'ত অভাৱ থাকে, তাতে সমস্যাও থাকে। মোৰ মা-দেউতাই এটা কথা সদায়েই চিন্তা কৰিছিল যে অভাৱৰ মাজতো যাতে কেতিয়াও ঘৰখনত সমস্যাৰ সৃষ্টি নহয়। এই দায়িত্ব তেওঁলোক দুয়োজনেই সমানে ভগাই লৈছিল।

বতৰ গৰমেই হওক বা বৰষুণেই হওক, দেউতাই সদায় ৰাতিপুৱা চাৰি বজাত ঘৰৰ পৰা ওলাই গৈছিল। ঘৰৰ চৌপাশৰ মানুহবোৰে দেউতাৰ পদশব্দৰ পৰা জানিছিল যে পুৱা চাৰিটা বাজিছে, দামোদৰ কাকা বাহিৰলৈ ওলাই গৈছে। ঘৰৰ পৰা ওলাই মন্দিৰলৈ যোৱা, ভগৱানক দৰ্শন কৰা আৰু তাৰ পিছত চাহৰ দোকানত উপস্থিত হোৱাটো তেওঁৰ নিত্য নৈমিত্তিক কাম আছিল।

মোৰ মাও সমানে সময়ানুৱৰ্তী আছিল। তেওঁও পুৱা চাৰি বজাতে শুই উঠিছিল ৷ ৰাতিপুৱাই তেওঁ বহুত কাম কৰিছিল। ঘেঁহু গুড়ি কৰা, বাজৰা গুড়ি কৰা, চাউল বা দাইল বচা, সকলো কাম তেওঁ নিজেই কৰিছিল। কাম কৰি থাকোতে মায়ে তেওঁৰ কিছুমান প্ৰিয় স্তৱক গুণগুণাইছিল। নৰসী মেহতাজীৰ এটা বিখ্যাত ভজন হৈছে "জলকমল চান্দি জানে বালা, স্বামী অমৰো জাগছে" যিটো তেওঁ বহুত ভাল পায়। "শিৱাজী নু হালাৰুডু" নামৰ এটা নিচুকণি গীতো আছে, মা এইটোও খুব গুণগুণাই গাইছিল।

আমি ভাই-ভনীকেইটাই আমাৰ পঢ়া শুনা এৰি মাৰ কামত সহায় কৰিম বুলি তেওঁ কেতিয়াও আশা কৰা নাছিল । তেওঁ কেতিয়াও সহায় বিচৰা নাছিল। মাক একেৰাহে কাম কৰি থকা দেখি আমি ভাই-ভনীকেইটাই নিজেই ভাবিছিলোঁ যে তেওঁক কামত অলপ সহায় কৰি দিব লাগে। মই পুখুৰীত গা ধুবলৈ, পুখুৰীত সাঁতুৰিবলৈ বৰ ভাল পাইছিলো, সেয়েহে মই ঘৰৰ কাপোৰবোৰ লৈ পুখুৰীত ধুবলৈ লৈ গৈছিলো। কাপোৰবোৰো ধোৱা হৈছিল আৰু মোৰ খেলখনো জমি উঠিছিল।

ঘৰ চলোৱাৰ বাবে দুই বা চাৰি পইচা অধিক পাবলৈ মায়ে আনৰ ঘৰৰ বাচন-বৰ্তন ধুই দিছিল। তেওঁ সময় উলিয়াই যঁতৰ চলাইছিল কাৰণ তেওঁ ইয়াৰ পৰাও কিছু টকা সংগ্ৰহ কৰিছিল। কপাহৰ গুটিৰ পৰা কপাহ আঁতৰোৱা, কপাহৰ পৰা সূতা উলিওৱা, এই সকলোবোৰ কাম মায়ে নিজেই কৰিছিল। তেওঁ ভয় কৰিছিল যে কপাহৰ গুটিৰ কাঁইটবোৰে হয়তো আমাক বিন্ধিব পাৰে ৷

তেওঁ কেতিয়াও নিজৰ কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বা আনৰ হতুৱাই নিজৰ কাম কৰোৱাটো ভাল নাপাইছিল। মোৰ মনত আছে যে বাৰিষা কালত ভাদনগৰৰ মাটিৰ ঘৰটোত কিমান সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু সেই সমস্যা হ্ৰাস কৰিবলৈ মোৰ মায়ে চেষ্টা কৰিছিল। সেয়েহে জুন মাহৰ কঠোৰ ৰ'দত মা ঘৰৰ চাল ঠিক কৰিবলৈ ওপৰলৈ উঠি গৈছিল। তেওঁ নিজৰ তৰফৰ পৰা চেষ্টা কৰিছিল যদিও পুৰণি ঘৰটোৱে ধাৰাসাৰ বৰষুণ ভৰ সহ্য কৰিব নোৱাৰা হৈ আহিছিল ৷

বৰষুণত কেতিয়াবা আমাৰ ঘৰৰ ভিতৰত চালৰ পৰা পানী পৰিছিল, কেতিয়াবা এটা ফুটাৰ পৰা, কেতিয়াবা আনটো ফুটাৰ পৰা। গোটেই ঘৰটো যাতে পানীৰে উপচি নপৰে তাৰ বাবে মায়ে মজিয়া বাচন ৰাখিছিল। চালৰ পৰা পানী নিগৰি পৰিছিল। আনকি সেই মুহূৰ্তবোৰত মই কেতিয়াও মোৰ মাক বিচলিত হোৱা দেখা নাছিলো। আপুনি জানি আচৰিত হ'ব যে সেই বৰষুণৰ পানী মায়ে ঘৰুৱা কামৰ বাবে পৰৱৰ্তী ২-৩ দিনৰ বাবে ব্যৱহাৰ কৰিছিল। পানী সংৰক্ষণৰ ইয়াতকৈ ভাল উদাহৰণ আৰু কি হ'ব পাৰে?

মাৰ ঘৰ সজোৱাৰ, ঘৰ সুন্দৰ কৰাৰো বহুত চখ আছিল। ঘৰ ধুনীয়া দেখক, চাফা দেখক, ইয়াৰ বাবে তেওঁ দিনটো লাগি আছিল। তেওঁ ঘৰৰ ভিতৰৰ মজিয়া গোবৰেৰে লিপিছিল। আপোনালোকে হয়তো জানে যে যেতিয়া শুকান গোবৰৰ পিঠাত জুই লগোৱা হয় তেতিয়া আৰম্ভণিতে বহুত ধোঁৱা ওলায়। মাইতো খিৰিকী নথকা সেই ঘৰটোত মাটিৰ চৌকাতে খাদ্য ৰান্ধিছিল। ধোঁৱা ওলাব পৰা নাছিল, সেয়ে ঘৰৰ ভিতৰৰ বেৰ বহুত সোনকালেই ক'লা হৈ পৰিছিল। প্ৰত্যেক কেইটামান সপ্তাহত মাই সেই বেৰবিলাকো মছি পেলাইছিল। ইয়াৰ ফলত ঘৰলৈ এটা নতুনত্ব আহি গৈছিল। মাই মাটিৰ বহুত ধুনীয়া পাত্ৰ বনায়ো সেইবোৰ সজাইছিল। পুৰণা বস্তুবোৰ ৰিচাইকল কৰাৰ আমাৰ ভাৰতীয়ৰ যি অভ্যাস আছে, মা তাৰো চেম্পিয়ন।

তেওঁৰ আৰু এটা খুবেই একক আৰু অভিনৱ পদ্ধতি মোৰ মনত আছে। তেওঁ প্ৰায়ে পুৰণি কাগজ তিয়াই, তাৰ সৈতে তেতেলীৰ বীজ পিছি এটা পেষ্ট বনাই লৈছিল, সম্পূৰ্ণ আঠাৰ নিচিনা। সেই পেষ্টৰ সহায়ত তেওঁ বেৰত চিচাৰ টুকুৰা লগাই বৰ ধুনীয়া চিত্ৰ বনাইছিল। বজাৰৰ পৰা কিবাকিবি বস্তু আনি তেওঁ ঘৰৰ দুৱাৰো সজাইছিল।

মা এই কথাক লৈ সদায়েই বহুত নিয়মত চলিছিল যে বিছনা সম্পূৰ্ণ চাফ-চিকুন হ'ব, বহুত ভালদৰে পাৰি থোৱা হ'ব লাগিব। ধুলিৰ এটাও কণা তেওঁ চাদৰত সহ্য নকৰিছিল। অলপ কোচমোচ দেখিলেই তেওঁ গোটেই চাদৰখন আকৌ জোকাৰি পৰিপাটীকৈ পাৰিছিল। আমিও মাৰ এই অভ্যাসৰ কথা বহুত মনত ৰাখিছিলো। আজি ইমান বছৰৰ পাছতো মা যিটো ঘৰত থাকে, তাত এই কথাত বহুত জোৰ দিয়ে যে তেওঁৰ বিছনা অলপো কোঁচ খাই নাথাকক।

প্ৰত্যেক কামত পাৰ্ফেকচনৰ তেওঁৰ ভাব এই বয়সতো তেনেকৈয়ে আছে। আৰু গান্ধীনগৰত এতিয়া দাদাৰ পৰিয়াল আছে, মোৰ ভতিজাসকলৰ পৰিয়াল আছে, তেওঁ চেষ্টা কৰে যে আজিও নিজৰ সকলো কাম নিজেই কৰিব।

পৰিষ্কাৰ পৰিচ্ছন্নতাক লৈ তেওঁ কিমান সতৰ্ক হৈ থাকে, এয়াতো মই আজিও দেখা পাওঁ। দিল্লীৰ পৰা মই যেতিয়াই গান্ধীনগৰলৈ যাওঁ, তেওঁক লগ পাবলৈ উপস্থিত হওঁ, তেতিয়া মোক নিজৰ হাতেৰে মিঠাই খুৱাবই। আৰু যেনেকৈ এগৰাকী মাকে, কোনো সৰু শিশুক কিবা খুৱাই তাৰ মুখ মচি দিয়ে, তেনেকৈয়ে মোৰ মাই আজিও মোক কিবা খুওৱাৰ পাছত ৰুমালেৰে মোৰ মুখ মচিবই। তেওঁ নিজৰ শাৰীত সদায়েই এখন ৰুমাল বা সৰু কাপোৰ গুজি ৰাখে।

মাৰ চাফাই প্ৰেমৰ ইমান কাহিনী আছে যে লিখোতে বহুত সময় লাগিব। মাৰ আৰু এটা বিশেষ কথা আছে। যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম কৰে, তেওঁকো মাই বহুত সন্মান কৰে। মোৰ মনত আছে, ভাদনগৰত আমাৰ ঘৰৰ ওচৰত যি নলা আছিল, যেতিয়া তাক চফা কৰিবলৈ কোনো লোক আহিছিল, তেতিয়া মাই চাহ নুখুওৱাকৈ তেওঁক যাবলৈ নিদিছিল। পাছত চাফাই কৰ্মীয়েও বুজি পাইছিল যে কামৰ পাছত যদি চাহ খাব লাগে, তেন্তে সেয়া আমাৰ ঘৰতহে পাব পাৰে। 

মোৰ মাৰ আৰু এটা ভাল অভ্যাস আছে যি মোৰ সদায়েই মনত আছে। জীৱৰ ওপৰত দয়া কৰাটো তেওঁৰ সংস্কাৰত জিলিকি আছে। গৰমৰ দিনত চৰাইৰ বাবে তেওঁ মাটিৰ পাত্ৰত দানা আৰু পানী ৰাখিছিল। যি আমাৰ ঘৰৰ আশেপাশে বাটৰুৱা কুকুৰ আছিল, সিহঁত যাতে ভোকত নাথাকে, মাই তাৰো গুৰুত্ব ৰাখিছিল। 

দেউতাই নিজৰ চাহৰ দোকানৰ পৰা যি মলাই আনিছিল, মাই তাৰে বৰ ভাল ঘিউ বনাইছিল। আৰু সেই ঘিউৰ ওপৰত যাতে অকল আমাৰ হে অধিকাৰ থাকে, এনেকুৱা নাছিল। ঘিউৰ ওপৰত আমাৰ চৌহদৰ গাইবিলাকৰো অধিকাৰ আছিল। মাই সদায়েই, নিয়ম মানি গো মাতাক ৰুটী খুৱাইছিল। কিন্তু শুকান ৰুটী নহয়, সদায়েই তাত ঘিউ লগাই দিছিল। 

ভোজনক লৈ মাৰ সদায়েই এইটোও আগ্ৰহ আছে যে অন্নৰ এটাও দানা নষ্ট হ'ব নালাগে। আমাৰ অঞ্চলত যেতিয়া কাৰোবাৰ বিয়াত সমূহীয়া ভোজৰ আয়োজন হৈছিল তেতিয়া তালৈ যোৱাৰ আগতে মাই সকলোকে এই কথা মনত পেলাই দিছিল যে খাদ্য খোৱাৰ সময়ত অন্ন নষ্ট কৰিব নালাগে। ঘৰতো তেওঁ এই নিয়ম বনাইছিল যে সিমানেই খাদ্য থালত ল'ব লাগে যিমান ভোক থাকে।

মাই আজিও যিমান খাব সিমানেই খাদ্য নিজৰ থালত লয়। আজিও নিজৰ থালত তেওঁ অন্নৰ এটা দানাও নেৰে। নিয়মমতে খোৱা, নিৰ্ধাৰিত সময়ত খোৱা, বহুত চোবাই চোবাই খোৱা, এই বয়সতো তেওঁৰ অভ্যাস।
মাই সদায় আনক সুখী দেখি আনন্দিত হয়। ঘৰত ঠাই যদিও কম, কিন্তু তেওঁৰ অন্তৰ বহুত ডাঙৰ। আমাৰ ঘৰৰ পৰা অলপ আঁতৰত এখন গাঁও আছিল, য'ত মোৰ দেউতাৰ বহুত ঘনিষ্ঠ বন্ধু আছিল। তেওঁৰ পুত্ৰ আছিল আব্বাছ। বন্ধুৰ অকাল মৃত্যুৰ পিছত দেউতাই আব্বাছক আমাৰ ঘৰলৈ লৈ আহিছিল। আব্বাছে আমাৰ ঘৰতে থাকি পঢ়িছিল। আমাৰ সকলো শিশুৰ দৰে মাই আব্বাছৰো বহুত চোৱাচিতা কৰিছিল। ঈদত মাই আব্বাছৰ বাবে তাৰ পছন্দৰ খাদ্য ৰান্ধিছিল। উৎসৱৰ সময়ত ওচৰ-পাজৰৰ কিছুমান শিশুৱে আমাৰ ঘৰতে আহি খাদ্য খাইছিল। তেওঁলোকেও মোৰ মাৰ হাতৰ বনোৱা খাদ্য বহুত ভাল পাইছিল।

আমাৰ ঘৰৰ ওচৰত যেতিয়াই কোনো সাধু-সন্ত আহিছিল তেতিয়া মাই তেওঁলোকক ঘৰলৈ মাতি ভোজন কৰাইছিল। যেতিয়া তেওঁ যাবলৈ ধৰে, তেতিয়া মাই নিজৰ বাবে নহয় বৰঞ্চ আমি ভাই-ভনীসকলৰ বাবে আশীৰ্বাদ বিচাৰিছিল। তেওঁক কৈছিল যে "মোৰ সন্তানক আশীৰ্বাদ দিয়ক যেন তেওঁলোকে আনৰ সুখত সুখ দেখে আৰু আনৰ দুখত দুখী হওক। মোৰ সন্তানৰ মাজত ভক্তি আৰু সেৱা ভাব সৃষ্টি হওক, তেওঁলোকক এনেকুৱা আশীৰ্বাদ দিয়ক"।

মোৰ মাৰ মোৰ ওপৰত বহুত অটুট বিশ্বাস আছে। তেওঁ নিজে দিয়া সংস্কাৰৰ ওপৰত সম্পূৰ্ণ ভৰষা আছে। মোৰ কেইবাদশকৰ পুৰণা এটা ঘটনা মনত পৰিছে। তেতিয়ালৈকে মই সংগঠনত থাকি জনসেৱাৰ কামত লাগি পৰিছিলো। ঘৰৰ মানুহৰ সৈতে সম্পৰ্ক নোহোৱাৰ নিচিনা। সেই সময়তে এবাৰ মোৰ দাদাই মাক বদ্ৰীনাথজী, কেদাৰনাথজীৰ দৰ্শন কৰাবলৈ লৈ গৈছিল। বদ্ৰীনাথত যেতিয়া মাই দৰ্শন কৰে তেতিয়া কেদাৰনাথতো মানুহে গম পালে যে মোৰ মা আহি আছে।

সেই সময়তে হঠাত বতৰো খুব বেয়া হৈ গৈছিল। এই কথা দেখি কিছুমান মানুহে কেদাৰঘাটিৰ পৰা তলৰ ফালে যাবলৈ ধৰে। তেওঁলোকে নিজৰ লগত কম্বলো লৈ যায়। তেওঁলোকে ৰাস্তাত বয়সস্থ মহিলাক সুধি সুধি গৈছিল যে আপুনি নৰেন্দ্ৰ মোদীৰ মাক নেকি? এনেকৈয়ে সুধি সুধি তেওঁলোক মাৰ ওচৰ গৈ পায়। তেওঁলোকে মাক কম্বল দিয়ে, চাহ খুৱায় । সেই লোকসকল সম্পূৰ্ণ যাত্ৰাত মাৰ লগতে থাকিল। কেদাৰনাথ গৈ পোৱাত সেই লোকসকলে মাক থাকিবলৈ ভাল ব্যৱস্থা কৰি দিয়ে। এই ঘটনাৰ মাৰ মনত বহুত প্ৰভাৱ পৰে। তীৰ্থ যাত্ৰাৰ পৰা উভতি যেতিয়া মা মোৰ সৈতে লগ হয়, তেতিয়া কয় যে "কিবাতো ভাল কাম কৰি আছা তুমি, মানুহে তোমাক চিনি পায়"।

এতিয়া এই ঘটনাৰ ইমান দিনৰ পিচতো যেতিয়া মানুহে মাৰ কাষলৈ গৈ সোধেগৈ যে আপোনাৰ ল’ৰা প্ৰধানমন্ত্ৰী হৈছে, আপোনাৰতো গৰ্ব হয় চাগৈ নহয়নে বাৰু? তেতিয়া মাৰ উত্তৰ নিতান্তই গম্ভীৰ হয়। মায়ে তেওঁলোকক কয় বোলে আপোনালোকে যিমান গৰ্ব কৰে, সিমানেই মোৰো হয়। চাবলৈ গ’লে মোৰটো একোৱেই নহয়। মই মাথোঁ নিমিত্তহে মাত্ৰ! তেওঁতো ভগৱানৰহে।

আপোনালোকেও চাগৈ মন কৰিছে, মোৰ মায়ে কেতিয়াও কোনো চৰকাৰী অথবা সাৰ্বজনিক কাৰ্যক্ৰমলৈ মোৰ সৈতে যোৱা নাই। আজিলৈকে তেওঁ মাত্ৰ দুটা সাৰ্বজনিক অনুষ্ঠানতহে মোৰ সৈতে উপস্থিত আছিল।

এবাৰ মই য়েতিয়া একতা যাত্ৰাৰ পিচত শ্ৰীনগৰৰ লাল চকত ত্ৰিৰংগা উত্তোলন কৰি উভতি আহিছিলো, সেইবাৰ আহমেদাবাদত অনুষ্ঠিত হোৱা এক নাগৰিক সন্মান কাৰ্যক্ৰমত মায়ে মঞ্চলৈ আহি মোৰ কপালত ফোঁট আঁকি দিছিলহি।

মাৰ বাবে সেইটো নিতান্তই আবেগিক পল এইকাৰণেও আছিল কিয়নো একতা যাত্ৰা সময়ত ফাগৱাড়াত এক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ঘটনাটোত কেইগৰাকীমান লোকৰ মৃত্যু হৈছিল। সেই সময়ত মায়ে মোক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰিছিল। তেতিয়া মোলৈ দুগৰাকী লোকে ফোন কৰিছিল। এখেতসকলৰ এজন আছিল অক্ষৰধাম মন্দিৰৰ শ্ৰদ্ধেয় প্ৰধান স্বামী জী আৰু আনগৰাকী আছিল মোৰ মা। মায়ে মই কুশলে আছো বুলি জানি বাৰুকৈয়ে সকাহ পাইছিল।

দ্বিতীয় বাৰ তেওঁ সাৰ্বজনিক ভাবে মোৰ লগত আহিছিল যেতিয়া মই প্ৰথম বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো। ২০ বছৰৰ আগৰ সেই শপত গ্ৰহণ সমাৰোহতে মোৰ মায়ে অন্তিম বাৰৰ বাবে কোনো সাৰ্বজনিক অনুষ্ঠানত মোৰ সৈতে উপস্থিত আছিল। ইয়াৰ পিচত আৰু তেওঁ কেতিয়াও মোৰ সৈতে আন কোনো অনুষ্ঠানতে ভাগ লবলৈ অহা নাছিল।

মোৰ আৰু এটা কথা ভালকৈ মনলৈ আহিছে। মই যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলো, মোৰ মনত এটা ইচ্ছা জাগিছিল যে মই মোৰ সকলো শিক্ষাগুৰুক সাৰ্বজনিক ভাবে সন্মান জনাম। মোৰ মনলৈ এই কথাও আহিছিল যে মোৰ মাতো মোৰ আটাইতকৈ ডাঙৰ শিক্ষক আছিল, সেয়ে তেওঁকো মই সন্মান জনোৱা উচিত। আমাৰ শাস্ত্ৰত কৈছেই যে মাতকৈ ডাঙৰ গুৰু আৰু আন কোনো হব নোৱাৰে- ‘নাস্তি মাতৃ সমো গুৰু’। সেয়ে মই মাকো কৈছিলো যে আপুনিও মঞ্চলৈ আহিব লাগিব। কিন্তু তেওঁ কি কলে জানেনে, চোৱা ভাই, মইতো নিমিত্তহে মাত্ৰ। তুমি মোৰ গৰ্ভত জন্ম লোৱাটো লিখা আছিল। তোমাক মই নহয় ভগবানেহে গঢ়িছে। এই বুলি কৈ মায়ে সেই কাৰ্যক্ৰমলৈ নহাকৈ থাকিছিল। মোৰ সকলোকেইগৰাকী শিক্ষক সেই অনুষ্ঠানত উপস্থিত হৈছিলহি, কিন্তু মা সেই অনুষ্ঠানৰ পৰা আঁতৰি থাকিল।

কিন্তু মোৰ মনত আছে, তেওঁ সেই সমাৰোহৰ আগতে মোক এই কথা নিশ্চিত ৰূপতে সুধিছিল যে আমাৰ এলেকাত যে আছিল শিক্ষক জেঠাভাই যোশী জী, তেওঁৰ পৰিয়ালৰ পৰা কোনো লোক বাৰু সেই সমাৰোহলৈ যাবনে নাই! ল’ৰালিত মোৰ পঢ়া-শুনাৰ আৰম্ভণী, মোক আখৰৰ জ্ঞান দিছিল এই গৰাকী শিক্ষক জেঠাভাই যোশী জীয়ে। মাৰ তেওঁৰ কথা মনত আছিল, তেওঁৰ এই কথাও মনত আছিল যে এতিয়া যোশী জী আমাৰ মাজত নাই। তেওঁ নিজে সমাৰোহলৈ অহা নাছিল, কিন্তু জেঠাভাই যোশী জীৰ পৰিয়ালক নিমন্ত্ৰ্ণৰ বাবে সঁকীয়াই দিছিল।
আখৰৰ জ্ঞান নোহোৱাকৈয়ো কোনোবা লোক সঁচাকৈ কেনেকৈ শিক্ষিত হ’ব পাৰে, এই কথা মই সদায়ে মাৰ ক্ষেত্ৰত দেখিছিলো। তেওঁৰ চিন্তা কৰাৰ দৃষ্টি ভংগী, তেওঁৰ দূৰদৃষ্টিয়ে মোক বহু বাৰ আচৰিত কৰি দিছিল।

নিজৰ নাগৰিক কৰ্তব্যৰ প্ৰতি মা সদায়ে সজাগ আছিল। যেতিয়াৰ পৰা নিৰ্বাচনৰ আৰম্ভ হৈছিল পঞ্চায়তৰ পৰা সংসদলৈকে নিৰ্বাচনসমূহত তেওঁ ভোট দানৰ দায়িত্ব পালন কৰিছিল। কিছু সময়ৰ আগতে অনুষ্ঠিত হোৱা গান্ধীনগৰৰ পৌৰ নিগমৰ নিৰ্বাচনৰ নিৰ্বাচনতো মায়ে ভোট দিবলৈ গৈছিল।

বহুবাৰ মোক তেওঁ কৈছিল চোৱা ভাই, ৰাইজৰ আশীৰ্বাদ তোমাৰ ওপৰত আছে, ঈশ্বৰ আশীৰ্বাদ তোমাৰ ওপৰত আছে, তোমাৰ কেতিয়াও একো নহয়। তেওঁ কৈছিল যে নিজৰ শৰীৰটো সদায় সুস্থ ৰাখিবা, নিজকে সুস্থ কৰি ৰাখিবা, কিয়নো শৰীৰ ভালে থাকিলেহে ভাল কাম কৰিব পাৰিবা।

এটা সময় আছিল যেতিয়া মায়ে বহুত নিয়ম মানি চতুৰ্মাহ কৰিছিল। মায়ে জানিছিল যে নৱৰাত্ৰীৰৰ সময়ত মই কি নিয়ম পালন কৰো। আগতেতো কোৱা নাছিল, কিন্তু মাজতে তেওঁ কবলৈ ধৰিলে যে ইমান বছৰতো কৰিলাই এতিয়া নৱৰাত্ৰীৰ সময়ত যিবোৰ কঠিন ব্ৰত-তপস্যা কৰা, সেয়া অলপ সহজ কৰি লোৱা।

মই নিজৰ জীৱনত আজিলৈকে মাৰ পৰা কাৰো বাবে কোনো অভিযোগ শুনা নাই। না তেওঁ কাৰোবাক লৈ কিবা অভিযোগ কৰে, না কাৰোবাৰ পৰা কিবা আশা কৰে।

মাৰ নামত আজিলৈকে কোনো সম্পত্তি নাই। মই তেওঁ দেহত কেতিয়াও সোণৰ গহণা দেখা নাই। তেওঁৰ সোণৰ গহণাৰ প্ৰতি অকণো মোহ নাই। তেওঁ আগতেও সাধাৰণ ভাবে আছিল, আৰু আজিও তেওঁৰ সৰু কোঠাটোতে সম্পূৰ্ণ সাধাৰণ ভাবে থাকে।
ঈশ্বৰৰ ওপৰত মাৰ অগাধ বিশ্বাস, কিন্তু তেওঁ অন্ধবিশ্বাসৰ পৰা বহু দূৰৈত থাকে। আমাৰ ঘৰখনক তেওঁ সদায়ে অন্ধবিশ্বাসৰ পৰা বচাই ৰাখিছে। তেওঁ আগৰে পৰাই কবীৰপন্থী আছিল আৰু আজিও সেই পৰম্পৰাৰে নিজৰ পূজা-পাঠ কৰি থাকে। মাৰ মালা জপ কৰাৰ অভ্যাস এটা হৈ গৈছে। দিনভৰ ভজন আৰু মালা জপাতো ইমানেই বেছি হৈ যায় যে শুবলৈও পাহৰে। ঘৰৰ মানুহে মালা লুকুৱাবলগীয়া হয়, তেতিয়াহে শুবলৈ যায়, তেওঁৰ টোপনি ধৰে।

ইমান বছৰ হোৱাৰ পিচতো মাৰ স্মৰণ শক্তি এতিয়াও বহুতেই ভাল। তেওঁৰ বহু দশক আগৰ কথাও ভালকৈ মনত আছে। আজিও কোনোবা আত্মীয় যদি তেওঁক লগ পাবলৈ আহি নিজৰ নাম কয়হি, তেওঁ তত্ক্ষণাত তেওঁৰ ককাক, আইতাক বা মাকৰ ফালৰ ককাক-আইতাকৰ নাম কৈ দিব পাৰে, অ তুমি তেওঁৰ ঘৰৰ পৰা আহিছা নহয়নে।

পৃথিৱীত কি চলি আছে, আজিও মায়ে এই খবৰ ৰাখে। অলপতে মই মাক সুধিছিলো যে আজিকালি টিভি কিমান চোৱা! মায়ে কলে যে টিভিটো যেতিয়াই চাওঁ তেতিয়াই দেখোন সকলোৱে পৰস্পৰে কাঁজিয়া কৰি থাকে। অৱশ্যে দুই-একে শান্তিৰে বুজে, মই সেয়া ঠিকেই চাওঁ। মায়ে ইমান কথা নজৰ কৰি থাকে, মই তাকে আচৰিত হৈ যাওঁ।

তেওঁ দৃঢ় স্মৰণ শক্তিৰে জড়িত আৰু এটা কথা মোৰ মনলৈ আহিছে। এয়া ২০১৭ চনৰ কথা, যেতিয়া মই উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ শেষ দিনকেইটাত কাশীত আছিলোগৈ। তাৰ পৰা মজতে আহমেদাবাদলৈ যাওতে মাৰ বাবে কাশীৰ পৰা প্ৰসাদ লৈ গৈছিলো। মাক লগ পোৱাৰ সময়ত তেওঁ সুধিছিল কাশী বিশ্বনাথ মহাদেৱৰ দৰ্শন কৰিছিলানেকি! মায়ে সম্পূৰ্ণ নামটোৱেই লয়- কাশী বিশ্বনাথ মহাদেৱ। কথা-বতৰাৰ মাজত মায়ে পুনৰ সুধিছিল যে কাশী বিশ্বনাথ মন্দিৰলৈকে যোৱাৰ পথছোৱা এতিয়াও আগৰ দৰেই আছেনেকি, এনে লাগিছিল যেন কাৰোবাৰ ঘৰতহে মন্দিৰ সজা হৈছিল। মই আচৰিত হৈ তেওঁক সুধিছিলো আপুনিনো কেতিয়া গৈছিল! মায়ে কৈছিল যে বহুত বছৰৰ আগতে গৈছিলো। মায়ে ইমান দিনৰ আগৰ কথাও ভালকৈ মনত ৰাখিছে।

মাৰ যিমান সংবেদনশীলতা আছে, সেৱা ভাৱ আছে, সিমানেই বেছি তেওঁ চকুৰ দৃষ্টিও আছে। মায়ে সৰু সৰু ল’ৰা-ছোৱালীৰ বহুবোৰ দেশীয় চিকিত্সাও জানে। ভাদনগৰৰ ঘৰততো প্ৰায়েই ৰাতিপুৱাৰ পৰাই শাৰী আৰম্ভ হৈ যায়। মানুহবোৰে ৬-৮ মহীয়া লৰা-ছোৱালী দেখুওৱাৰ বাবে মাৰ কাষ পায়ছিলহি।

চিকিতসা কৰাৰ বাবে মায়ে বহুবাৰ বহুখিনি পাউদাৰৰ প্ৰয়োজন হৈছিল। এই পাউদাৰ গোটোৱাৰ কামটো আমি ঘৰৰ সৰুবোৰে কৰিছিলো। মায়ে আমাক জুহালৰ পৰা উলিওৱা ছাই, এটা বাতি, এডোখৰ মিহি কাপোৰ দি পঠিয়াইছিল। আমি সেই বাতিত কাপোৰ ডোখৰ বান্ধি ৫-৬ মুঠিমান ছাই তাৰ ওপৰত থওঁ। আৰু লাহে লাহে আমি কাপোৰৰ ওপৰত থোৱা সেই ছাইখিনি মোহাৰো। এনে কৰিলে যিখিনি আটাইতকৈ মিহি ছাই ওলাইছিল সেই খিনি বাতিটোত জমা হৈছিল। মায়ে আমাক সদায়ে কৈছিল যে নিজৰ কাম ভালকৈ কৰিবা। ছাইৰ মোটা দানাৰ বাবে যাতে সৰু লৰা-ছোৱালীবোৰৰ অসুবিধা নহয়।

এনেকুৱা আৰু এটা কথা মোৰ মনলৈ আহিছে, য’ত মাৰ মমতাও আছিল আৰু বুজনশক্তিও। দৰাচলতে এবাৰ দেউতাই এক ধৰ্মীয় অনুষ্ঠান কৰিব বিচাৰিছিল। ইয়াৰ বাবে আমি সকলোৱে নৰ্মদা জীৰ পাৰলৈ যাব লগা হৈছিল। ভীষণ গৰমৰ দিন আছিল সেয়ে তালৈ যোৱাৰ বাবে মানুহে পুৱাতে ঘৰৰ পৰা যাত্ৰা কৰিছিল। প্ৰায় তিনি-চাৰে তিনি ঘণ্টামানৰ যাত্ৰা। আমি যত গৈ বাছৰ পৰা নামিছিলোগৈ, তাৰ পৰা খোজ কাঢ়ি যাবলগীয়া হৈছিল। কিন্তু ইমানেই গৰম পৰিছিল যে মাটিৰ পৰা যেন জুইহে ওলাইছিল. সেয়ে আমি নৰ্মদাৰ পাৰৰ পানীত খোজ দি আগবাঢ়িছিলো। নদীত এনেদৰে যাত্ৰা কৰাতো সহজ নাছিল। কিছু সময়ৰ ভিতৰতে আমি লৰা-ছোৱালীবোৰ বেয়াকৈ ভাগৰি পৰিছিলো। আমাৰ ভোক লাঘিছিল। মায়ে সকলোৰে অৱস্থা দেখি আছিল, বুজি আছিল। মায়ে দেউতাক কৈছিল যে অকণমান সময়ৰ বাবে ইয়াতে অলপ ৰৈ যাওঁ। মায়ে দেউতাক ওচৰৰ কৰবাৰ পৰা গুড় কিনি আনিবলৈ কৈছিল। দেউতাই দৌৰি গৈ গুড় কিনি আনিছিল। মই তেতিয়া সৰু আছিলো , কিন্তু গুড় খোৱাৰ পিচত পানী খোৱাৰ লগে লগেই যেন শৰীৰলৈ নতুন শক্তিহে আহিল। আমি আকৌ যাবলৈ আৰম্ভ কৰিছিলো। সেই গৰমত পূজা কৰিবলৈ সেইদৰে ওলোৱা, মাৰ সেই বুজনশক্তি, দেউতাৰ তত্ক্ষণাত গুড় কিনি আনাৰ কথা মোৰ আজিও ভালকৈ মনত আছে।

সৰুৰে পৰাই মই লক্ষ্য কৰি আহিছো, মায়ে আনৰ পছন্দক সন্মান কৰাৰ সমান্তৰালকৈ নিজৰ পছন্দ কেতিয়াও জাপি দিয়া নাছিল। বিশেষকৈ মোৰ ক্ষেত্ৰত তেওঁ মোৰ সিদ্ধান্তক আদৰণি জনাইছিল, কেতিয়াও কোনো বাধা দিয়া নাছিল আৰু মোক সদায়েই উৎসাহিত কৰিছিল। সৰুৰেপৰাই তেওঁ মোৰ এক বেলেগ মানসিকতা গঢ় লৈ উঠিছে বুলি অনুভৱ কৰিব পাৰিছিল। মই মোৰ ভ্ৰাতৃ-ভগ্নীসকলৰ তুলনাত অলপ পৃথক আছিলো।

মোৰ পৃথক অভ্যাস আৰু অসাধাৰণ পৰীক্ষা-নিৰীক্ষাৰ বিশেষ প্ৰয়োজনীয়তা পৰিপূৰণৰ বাবে তেৱোঁ সততে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। কিন্তু তেওঁ কেতিয়াও ইয়াক বোজা বুলি গণ্য নকৰিছিল আৰু কেতিয়াও কোনো বিৰক্তি প্ৰকাশ কৰা নাছিল। উদাহৰণস্বৰূপে, মই প্ৰায়েই কেইবামাহো নিমখ নোখোৱাকৈ থাকো বা কেইসপ্তাহমানৰ বাবে কেৱল গাখীৰ সেৱনেৰে আন খোৱাৰপৰা বিৰত থাকিছিলো। কেতিয়াবা, ছমাহ পৰ্য্যন্ত মিঠাইৰপৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিলো। শীতকালত মুকলি ঠাইত শুই মাটিৰ পাত্ৰৰ অতিশয় ঠাণ্ডা পানীৰে গা ধুইছিলো। মায়ে মই নিজকে পৰীক্ষা কৰি আছো বুলি জানিছিল আৰু একোতে আপত্তি কৰা নাছিল। তেওঁ মাথো কয়, “ঠিক আছে, তোমাৰ ইচ্ছামতে কৰা।”

মই যে বেলেগ দিশে অগ্ৰসৰ হৈছো, সেয়া তেওঁ অনুভৱ কৰিছিল। এবাৰ আমাৰ ঘৰৰ ওচৰৰ গিৰি মহাদেৱ মন্দিৰলৈ মহাত্মা আহিছিল। মই অতিশয় ভক্তি সহকাৰে তেওঁৰ সেৱা কৰিছিলো। সেই সময়তে মা মোৰ মাহীৰ আগন্তুক বিবাহক লৈ অত্যন্ত উৎসাহিত হৈ পৰিছিল, বিশেষকৈ বিয়াখন উপলক্ষে মামাৰ ঘৰলৈ যোৱাৰ সুযোগে মাক আত্মহাৰা কৰি তুলিছিল। অৱশ্যে গোটেই পৰিয়ালটো বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়তে মই তেওঁক মোৰ মামাৰ ঘৰলৈ যোৱাৰ মন নাই বুলি কৈছিলো। তেওঁ মোক ইয়াৰ কাৰণ সোধোতে, মই মহাত্মাৰ সেৱাৰ কথা কৈছিলো।
মোৰ কথাই স্বাভাৱিকতেই তেওঁৰ মনটো বেয়া লগাইছিল যদিও তেওঁ মোৰ সিদ্ধান্তক আদৰি লৈছিল। তেওঁ কৈছিল, “ঠিক আছে, তুমি যি ভাল দেখা, তাকে কৰা”। অৱশ্যে মায়ে তেওঁৰ অবৰ্তমানত মই ঘৰত কেনেকৈ অকলশৰে থাকিম, তাকে লৈ চিন্তা কৰিছিল। তেওঁ মামাৰ ঘৰলৈ যোৱাৰ পূৰ্বে মোৰ বাবে কেইবাদিনলৈয়ো ভাল হৈ থকা খাদ্য আৰু জলপানৰ যোগাৰ কৰিছিল। মই অনাহাৰে যাতে নাথাকো, তাৰ বাবেই মায়ে এনে ব্যৱস্থা কৰিছিল!

মই গৃহ ত্যাগৰ সিদ্ধান্ত গ্ৰহণৰ সময়ছোৱাত এই সিদ্ধান্তৰ কথা মাক অৱগত কৰাৰ পূৰ্বেই অনুমান কৰিব পাৰিছিল। মই প্ৰায়েই মাক কৈছিলো যে মই বাহিৰলৈ ওলাই গৈ পৃথিৱীখন বুজিব বিচাৰো। মই তেওঁক স্বামী বিবেকানন্দৰ বিষয়ে কৈছিলো আৰু মোৰ ৰামকৃষ্ণ মিছন মঠলৈ যোৱাৰ ইচ্ছা আছে বুলি জনাইছিলো। দিনে আগবঢ়াৰ লগে-লগে মোৰ এই ইচ্ছা অধিক প্ৰবল হৈ পৰিছিল।

অৱশেষত গৃহ ত্যাগৰ ইচ্ছা প্ৰকাশেৰে তেওঁৰ আশীৰ্বাদ বিচাৰিছিলো। দেউতা অত্যন্ত হতাশ হৈ পৰিছিল আৰু দুখেৰে তেওঁ মোক কৈছিল, “যি ভাল দেখা, তাকে কৰা”। মই তেওঁলোকক কৈছিলো যে তেওঁলোকৰ আশীৰ্বাদ লাভ নকৰালৈকে মই ঘৰৰপৰা ওলাই নাযাওঁ। অৱশ্যে মায়ে মোৰ ইচ্ছাৰ কথা বুজি পাইছিল আৰু মোক আশীৰ্বাদ দি “তোমাৰ মনে যি কৈছে, তাকে কৰা” বুলি কৈছিল। দেউতাক ক্ষান্ত কৰিবলৈ মায়ে তেওঁক মোৰ সোঁৱৰণীখন এজন জ্যোতিষীক দেখুৱাবলৈ কৈছিল। দেউতাই জ্যোতিষ চৰ্চা কৰা আত্মীয় লোক এজনৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। মোৰ সোঁৱৰণী অধ্যয়নৰ পিছত আত্মীয় জ্যোতিষীজনে কৈছিল, “তেওঁৰ পথ সুকীয়া। তেওঁ কেৱল সৰ্বশক্তিমানে দেখুওৱা পথতহে অগ্ৰসৰ হ’ব।”

তাৰ কেইদিনমান পিছতে গৃহ ত্যাগ কৰিছিলো। তেতিয়ালৈ দেউতায়ো মোৰ সিদ্ধান্তৰ প্ৰতি সহমত পোষণ কৰিছিল আৰু মোক আশীৰ্বাদ জনাইছিল। যোৱাৰ পূৰ্বে মায়ে মোক দৈ আৰু গুৰ খুৱাইছিল, এটা শুভ নতুন আৰম্ভণিৰ বাবে আশীৰ্বাদ দিছিল। তেওঁ এতিয়াৰেপৰা যে মোৰ জীৱন যাত্ৰা অত্যন্ত পৃথক হৈ পৰিব, সেই কথা অনুমান কৰিছিল। মাতৃসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণত সিদ্ধহস্ত হ’ব পাৰিলেও সন্তানে ঘৰৰপৰা ওলাই গ’লে সদায় ভাগি পৰে। মোৰ মায়েও চকুলো টুকিছিল যদিও মোৰ ভৱিষ্যতৰ বাবে জনাইছিল অশেষ আশীৰ্বাদ।

এসময়ত মই গৃহ ত্যাগ কৰিছিলো। তেতিয়াৰেপৰা মাৰ আশীৰ্বাদেই আছিল একমাত্ৰ সংগী যিয়ে মই ক’ত আছো আৰু কেনেকৈ আছো সেই কথা নিৰ্বিশেষে মোৰ মনত ৰেখাপাত কৰি থাকিবলৈ ধৰিলে। মায়ে সদায়েই মোৰ সৈতে গুজৰাটীত কথা পাতিছিল। গুজৰাটীত ‘তু’ মানে ‘তুমি’। আমি ডাঙৰ বা জ্যেষ্ঠসকলক ‘আপুনি’ বুলি যি সম্বোধন কৰো, সেই সম্বোধনক গুজৰাটীত ‘তামে’ বুলি কয়। সৰুতে মায়ে মোক সদায় ‘তু’ বুলি সম্বোধন কৰিছিল। অৱশ্যে গৃহ ত্যাগেৰে এটি নতুন পথত অগ্ৰসৰ হোৱাত তেওঁ ‘তু’ বুলি মাতিবলৈ এৰি দিছিল। তেতিয়াৰেপৰাই মায়ে মোক সদায় ‘তামে’ বা ‘আপ’ বুলি সম্বোধন কৰি আহিছে।

মায়ে মোক সদায়েই এটি শক্তিশালী সংকল্প গ্ৰহণ আৰু গৰীব কল্যাণত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। মোৰ আজি মনত পৰিছে, মই গুজৰাটৰ মুখ্যমন্ত্ৰী হ’ম বুলি সিদ্ধান্ত গ্ৰহণৰ সময়ত মই তাত নাছিলো। পৰৱৰ্তী সময়ত তাত ভৰি দিয়েই মই পোনে-পোনে মাৰ কাষলৈ গৈছিলো৷ তেওঁ অত্যন্ত উল্লাসিত হৈ মই আকৌ তেওঁৰ সৈতে থাকিম নেকি বুলি সুধিছিল। কিন্তু তেওঁ মোৰ উত্তৰটো আগেয়েই জানিছিল! তেওঁ তেতিয়া মোক কৈছিল, “চৰকাৰত তোমাৰ কামবোৰ মই বুজি নাপাওঁ, কিন্তু মই মাথো বিচাৰো তুমি যাতে কেতিয়াও ঘোচ নোলোৱা।”
দিল্লীলৈ অহাৰ পিছত তেওঁৰে মোৰ সান্নিধ্য পূৰ্বৰ তুলনাত অধিক কমি আহিল। কেতিয়াবা গান্ধীনগৰলৈ গ’লে ক্ষন্তেক সময়ৰ বাবে তেওঁক মাতি আনো। আগৰ দৰে সঘনাই তেওঁক লগ নাপাওঁ৷ অৱশ্যে মোৰ অনুপস্থিতিক লৈ মায়ে কেতিয়াও কোনো অসন্তুষ্টি ব্যক্ত কৰা নাই। তেওঁৰ মৰম আৰু আগ্ৰহ একেই আছে; তেওঁৰ আশীৰ্বাদ সদায়েই লাভ কৰি আহিছো। মায়ে মোক প্ৰায়ে সোধে, “দিল্লীত থাকি তুমি সুখী নে? তোমাৰ ভাল লাগিছে নে?”

তেওঁ মোক সদায়েই কয়, মই তেওঁক লৈ চিন্তা কৰিব আৰু বৃহৎ দায়িত্বৰাজিত মনোযোগ হেৰুৱাব নালাগে। মই তেওঁৰ সৈতে ফোনযোগে কথা পাতিলে তেওঁ কয়, “কেতিয়াও কাৰোৰে বেয়া বা বেয়া কাম নকৰিবা আৰু দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰি যাবা।”
মই মোৰ মা-দেউতাৰ জীৱনলৈ ঘূৰি চালে, তেওঁলোকৰ সততা আৰু আত্মসন্মানৰ কথাই অনুভৱ হয় যি তেওঁলোকৰ আটাইতকৈ ডাঙৰ গুণ আছিল। দৰিদ্ৰতা আৰু তাৰে জড়িত প্ৰত্যাহ্বানৰ সৈতে যুঁজিও মা-দেউতাই কেতিয়াও সততাৰ পথ পৰিহাৰ কৰা নাছিল বা আত্মসন্মানক লৈ আপোচ নকৰিছিল। যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ তেওঁলোকৰ হাতত আছিল মাথো এটাই মন্ত্ৰ - কঠোৰ পৰিশ্ৰম, নিৰন্তৰভাৱে!

জীৱনকালত দেউতা কেতিয়াও কাৰোৰে বোজা হোৱা নাছিল। মায়েও ইয়াক নিশ্চিত কৰিবলৈ চেষ্টা কৰিছিল - যিমান পাৰে নিজৰ কামবোৰ নিজেই কৰিছিল।

আজি যেতিয়াই মাৰ সান্নিধ্য লাভ কৰো, তেতিয়াই তেওঁ সততে কয়, “মোক কোনেও সেৱা-শুশ্ৰুষা কৰাটো নিবিচাৰো, মই মোৰ সকলো অংগ-প্ৰত্যংগ সক্ৰিয় কৰি ৰাখি কাম কৰি যাব বিচাৰো।”

মাৰ জীৱন কাহিনীৰে মই ভাৰতৰ মাতৃশক্তিৰ সাধনা, ত্যাগ আৰু অৱদানক প্ৰত্যক্ষ কৰিছো। মাতৃ আৰু তেওঁৰ দৰে কোটি-কোটি নাৰীলৈ মোৰ এপলক দৃষ্টিত ভাৰতীয় মহিলাৰ বাবে যে অসাধ্য একো নাই, তাকে দেখা পাওঁ।

বঞ্চনাৰ সকলো পৰিঘটনাক একাষৰীয়া কৰি, এগৰাকী মাতৃৰ গৌৰৱময় কাহিনী

প্ৰতিটো সংগ্ৰামক নেওঁচি এগৰাকী মাতৃৰ দৃঢ় সংকল্প।

মা, আপোনালৈ ওপজা দিনৰ বহু-বহু শুভেচ্ছা জনালো।

জন্ম শতবাৰ্ষিকী বৰ্ষ আৰম্ভৰ শুভ লগনত শুভেচ্ছা জ্ঞাপন কৰিলো।

আপোনাৰ জীৱনৰ বিষয়ে সমজুৱাকৈ দীঘলীয়াভাৱে লিখাৰ সাহস আজিলৈকে কেতিয়াও গোটাব পৰা নাই।

আপোনাৰ স্বাস্থ্য আৰু মংগলৰ বাবে আৰু আমাৰ সকলোকে আপোনাৰ আশীৰ্বাদৰ বাবে সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।

আপোনাৰ চৰণত প্ৰণাম।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।