Ministers/Senior Dignitaries attending Informal WTO Ministerial Meeting call on PM

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীপৰিষদীয় অনানুষ্ঠানিক বৈঠকত অংশ ল’বলগীয়া মন্ত্ৰী/জেষ্ঠ বিষয়ববীয়াসকলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

বাৰ্তালাপত তেওঁলোকে বহুপাক্ষিক বাণিজ্যকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে৷ এই মন্ত্ৰীপৰিষদীয় বৈঠক আয়োজনৰ বাবে কেইবাগৰাকীও মন্ত্ৰীয়ে ভাৰতক প্ৰশংসা কৰে৷

আমন্ত্ৰিত অতিথিসকলক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীপৰিষদীয় অনানুষ্ঠানিক বৈঠকৰ আলোচনাসমূহ গঠনমূলক বিবেচিত হ’ব৷ তেওঁ কয় যে এক সুদৃঢ় বিবাদ নিষ্পত্তি ব্যৱস্থা বিশ্ব বাণিজ্য সংস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপযোগিতা৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেওঁ উল্লেখ কৰে যে ডোহা আৰু বালীত অনুষ্ঠিত মন্ত্ৰীপৰিষদীয় বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ন কৰিবলৈ এতিয়াও বাকী আছে৷ কম বিকশিত দেশসমূহৰ প্ৰতি এক অনুকম্পামূলক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

বৈঠকখনৰ বাবে ভাৰতে জনোৱা আমন্ত্ৰণৰ প্ৰতি দেশসমূহে উৎসাহজনক সঁহাৰি আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু অনুষ্ঠানত উপস্থিত আছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make in India, production-linked incentives push industrial warehousing to record high

Media Coverage

Make in India, production-linked incentives push industrial warehousing to record high
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the power of determination and hard work
March 06, 2026

The Prime Minister, Shri Narendra Modi, said that the people of India, through their firm resolve, make even the most difficult tasks possible. He noted that with tireless effort in the right direction, they achieve even the biggest goals.

The Prime Minister shared a Sanskrit Subhashitam-

“यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्। तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”

The Subhashitam conveys that no matter how far, difficult, or out of reach a goal may seem, it can be achieved through firm determination and continuous hard work. Determination and patience are the forces that turn the impossible into possible.

The Prime Minister wrote on X;

“भारत के लोग अपने दृढ़ निश्चय से किसी भी कार्य को संभव बना देते हैं। सही दिशा में अपनी अथक मेहनत से वे बड़े से बड़े लक्ष्य को भी हासिल कर दिखाते हैं।

यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम्।

तत् सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥”