দ্বাদশ স্বাধীনতা দিৱসৰ ভাষণ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাক ভাৰতৰ উত্থানৰ পৰৱৰ্তী অধ্যায়ৰ বাবে লঞ্চপেডলৈ ৰূপান্তৰিত কৰে। ৭৯সংখ্যক স্বাধীনতা দিৱসত তেওঁ ধাৰাবাহিকভাৱে সাহসী ঘোষণা কৰে, যিয়ে ভৱিষ্যতলৈ কেৱল খোজ দি নহয়, জাঁপ মাৰিবলৈ সাজু হোৱা এখন দেশৰ সংকেত দিছে।

ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী চিপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি জেট ইঞ্জিন নিৰ্মাণলৈকে, দহগুণ পাৰমাণৱিক সম্প্ৰসাৰণৰ পৰা ১ লাখ কোটি টকা যুৱ নিয়োগৰ উদগনিলৈকে, তেওঁৰ বাৰ্তা আছিল স্পষ্ট: ভাৰতে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব, নিজৰ চৰ্ত নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ল’ব।

মুখ্য ঘোষণা :

১। অৰ্ধপৰিবাহী: হেৰুৱা দশকৰ পৰা মিছন মোডলৈ

৫০–৬০ বছৰ আগতে অৰ্ধপৰিবাহী কাৰখানা স্থাপনৰ প্ৰচেষ্টা কেনেকৈ “কলিতে মোহাৰি পেলোৱা হৈছিল” আনহাতে আন দেশসমূহৰ সমৃদ্ধিশালী হোৱাৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰত এতিয়া মিছন মোডত আছে। চলিত বৰ্ষৰ শেষৰ ফালে দেশখনে প্ৰথমটো মেড ইন ইণ্ডিয়া চিপ মুকলি কৰিব।

২। ২০৪৭ চনৰ ভিতৰত পাৰমাণৱিক শক্তিৰ ক্ষমতা দহগুণ বৃদ্ধি পাব

অহা দুটা দশকত পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতা দহগুণতকৈও অধিক বৃদ্ধিৰ ভাৰতৰ অভিযানৰ অংশ হিচাপে ১০টা নতুন পাৰমাণৱিক ৰিয়েক্টৰৰ কাম চলি আছে।

৩। জিএছটি সংস্কাৰ – এক দীপাৱলী উপহাৰ

দীপাৱলীত পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰ উন্মোচন কৰা হ’ব, যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস পাব আৰু এমএছএমই, স্থানীয় বিক্ৰেতা আৰু গ্ৰাহকক সকাহ প্ৰদান কৰা হ’ব।

৪। ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতৰ বাবে সংস্কাৰ টাস্ক ফ’ৰ্চ

পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এক নিষ্ঠাবান সংস্কাৰ টাস্ক ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰে। ইয়াৰ দায়িত্ব: অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰা, ৰঙাফিটা কৰ্তন কৰা, শাসন ব্যৱস্থা আধুনিকীকৰণ কৰা আৰু ২০৪৭ চনৰ ভিতৰত ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ দাবীৰ বাবে ভাৰতক প্ৰস্তুত কৰা।

৫। ১ লাখ কোটি টকা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা

প্ৰধানমন্ত্ৰী মোদীয়ে ১ লাখ কোটি টকাৰ এক বৃহৎ নিয়োগ আঁচনি আৰম্ভ কৰে, যাৰ অধীনত নতুনকৈ কৰ্মৰত যুৱক-যুৱতীসকলে প্ৰতিমাহে ১৫ হাজাৰ টকা লাভ কৰিব। এই আঁচনিৰ লক্ষ্য হৈছে ৩ কোটি ভাৰতীয় যুৱকক উপকৃত কৰা, স্বতন্ত্ৰ ভাৰতৰ পৰা সমৃদ্ধ ভাৰতৰ সেতু শক্তিশালী কৰা।

৬। উচ্চ ক্ষমতাসম্পন্ন জনগাঁথনি অভিযান

প্ৰধানমন্ত্ৰী মোদীয়ে সীমান্ত অঞ্চলত অনুপ্ৰৱেশ আৰু অবৈধ প্ৰব্ৰজনৰ বাবে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ ক্ষতিশংকাৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ নাগৰিকসকলৰ ঐক্য, অখণ্ডতা আৰু অধিকাৰ সুৰক্ষিত হোৱাটো নিশ্চিত কৰি এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ উচ্চ শক্তিসম্পন্ন জনগাঁথনি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

৭। শক্তি স্বাধীনতা – সমুদ্ৰ মন্থন আৰম্ভ

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে ভাৰতৰ বাজেটৰ এটা বৃহৎ অংশ এতিয়াও পেট্ৰ’ল, ডিজেল, আৰু গেছ আমদানিৰ দিশত যায়। তেওঁ সৌৰ, হাইড্ৰজেন, জল আৰু পাৰমাণৱিক শক্তিৰ বৃহৎ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে সাগৰীয় সম্পদৰ টেপ কৰিবলৈ ৰাষ্ট্ৰীয় গভীৰ পানী অন্বেষণ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

৮। মেড ইন ইণ্ডিয়া জেট ইঞ্জিন – এক ৰাষ্ট্ৰীয় প্ৰত্যাহ্বান

প্ৰধানমন্ত্ৰী মোদীয়ে এক নাটকীয় ঘোষণা কৰিছিল যে কোভিডৰ সময়ত আমি কেনেকৈ ভেকচিন বনাইছিলো আৰু ডিজিটেল পেমেণ্টৰ বাবে ইউ পি আই বনাইছিলো ঠিক তেনেদৰে আমিও আমাৰ জেট ইঞ্জিনৰ বাবেও নিজাকৈ জেট ইঞ্জিন নিৰ্মাণ কৰিব লাগে আৰু আমাৰ বিজ্ঞানী আৰু যুৱক-যুৱতীসকলক প্ৰত্যক্ষ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবলৈ কয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Buddha Purnima
May 01, 2026
PM shares a Sanskrit Subhashitam highlighting the Eightfold Path

Prime Minister Shri Narendra Modi today extended his best wishes to all citizens on the auspicious occasion of Buddha Purnima. Highlighting a strong commitment towards realising the ideals of Lord Buddha, the Prime Minister hoped that his thoughts would deepen the spirit of joy and togetherness in society. He further urged everyone to reiterate the resolve to adopt the life values of Lord Buddha on this sacred occasion that inspires walking on the path of peace, compassion, and goodwill.

Sharing a Sanskrit Subhashitam, the Prime Minister noted that according to Gautama Buddha, when a person understands that there is no permanent self-existing entity either within or outside and follows the Eightfold Path, right view, right intention and right conduct, then they become free from suffering and attain supreme peace.

In a series of posts on X, the Prime Minister wrote:

"Best wishes on Buddha Purnima. Our commitment towards realising the ideals of Lord Buddha is very strong. May his thoughts deepen the spirit of joy and togetherness in our society."

"सभी देशवासियों को बुद्ध पूर्णिमा की असीम शुभकामनाएं। शांति, करुणा और सद्भावना के मार्ग पर चलने की प्रेरणा देने वाले इस पावन अवसर पर आइए, भगवान बुद्ध के जीवन मूल्यों को अपनाने का संकल्प दोहराएं।

नान्तर्बहिश्च लोकेषु त्वात्मानं दृष्टवान् क्वचित्।
आष्टाङ्गिकेन मार्गेण परमां शान्तिमाययौ॥"

According to Gautama Buddha, when a person understands that there is no permanent self-existing entity either within or outside and follows the Eightfold Path-right view, right intention and right conduct-then they become free from suffering and attain supreme peace.