ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।

এই দৃষ্টিভংগী ফলৱতী কৰিবলৈ আমি ভাৰত–জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ ওপৰত অহৰহ কাম কৰিছো আৰু অনাগত দশকটোৰ বাবে স্পষ্ট লক্ষ্যৰ লগতে আঠটা বিস্তৃত প্ৰচেষ্টাৰো ৰূপৰেখা নিৰ্ধাৰণ ধৰিছো, আৰু সেইবোৰ বাস্তৱায়িত কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপো উল্লেখ কৰিছো।


(ক) অত্যাধুনিক অৰ্থনৈতিক অংশীদাৰিত্ব

বিশ্বৰ চতুৰ্থ আৰু পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে আমি আমাৰ পাৰস্পৰিক অৰ্থনৈতিক আৰু বিত্তীয় শক্তিৰ লাভ আহৰণ কৰিবলৈ বিচাৰো আৰু আমাৰ পৰিপূৰক সম্পদ আৰু বজাৰৰ সম্ভাৱনাক এইবোৰৰ দ্বাৰা মুকলি কৰি দিবলৈ বিচাৰো:

• জাপানৰ পৰা ভাৰতলৈ ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগ আৰু বিত্তীয় সাহায্যৰ ২০২২–২০২৬ চনৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰি আমি এতিয়া ব্যক্তিগত বিনিয়োগত ১০ ট্ৰিলিয়ন JPY গোটোৱাৰ নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছো;

• ভাৰত–জাপান ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইপিএ)ৰ অধিক পৰ্যালোচনা আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষিপ্ৰতাৰে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰা;

• জাপানী প্ৰতিষ্ঠানসমূহে প্ৰয়োজনীয় উচ্চ মানদণ্ডৰ ব্যৱহাৰেৰে ভাৰতত পণ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে ভাৰত–জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব (আই জি আই চি পি)ৰ জৰিয়তে “মেক ইন ইণ্ডিয়া” পদক্ষেপৰ অধীনত ভাৰত–জাপান ঔদ্যোগিক সহযোগিতা শক্তিশালী কৰা;

• ভাৰত–জাপান পুঁজিৰ অধীনত নতুন প্ৰকল্পৰ সন্ধান কৰা, ভাৰতৰ GIFT চিটিত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰত জাপানী নিগমসমূহৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰা, আৰু জাপানত ভাৰতীয় প্ৰধান উদ্যোগ সংস্থা, বাণিজ্যিক সংস্থা, আৰু বিনিয়োগ প্ৰসাৰ সংস্থাসমূহৰ উপস্থিতি সম্প্ৰসাৰণ কৰা;

• স্থানীয় মুদ্ৰাৰ লেনদেনকে ধৰি জাপান আৰু ভাৰতৰ মাজত পেমেণ্ট ব্যৱস্থাৰ ওপৰত সহযোগিতা বৃদ্ধি কৰা;

• জাপানী ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে যাতে ভাৰতত প্ৰৱেশৰ সুবিধা লাভ কৰে, মজলীয়া উদ্যোগসমূহৰ সম্প্ৰসাৰণত সহায় কৰা, আৰু ভাৰত–জাপান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ মাজত সহযোগিতা প্ৰসাৰ কৰা;

• খাদ্য সুৰক্ষাক প্ৰসাৰিত কৰাৰ লগতে নীতিগত আলোচনা আৰু ব্যৱসায়িক বিনিময়ৰ জৰিয়তে কৃষি বাণিজ্যিক সহযোগিতাক লাভান্বিত কৰা, তদুপৰি, আদৰ্শ পাম বা ফাৰ্ম প্ৰদৰ্শনৰ জৰিয়তে আৰু ভাৰতীয় আৰু জাপানী উভয়ৰে আহাৰৰ ৰান্ধনীশালৰ পেছাদাৰী বিকাশৰ জৰিয়তেও বিনিয়োগক উৎসাহিত কৰা; আৰু

• ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মাজত আইচিটি সহযোগিতা আৰু বাণিজ্যিক সুযোগসমূহ অন্বেষণ কৰা।

আমি গ্ল’বেল চাউথৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আৰু ইয়াৰ বিকাশৰ সম্ভাৱনা চিনাক্ত কৰিবলৈ আমাৰ দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰিব বিচাৰো। এই মনোভাৱেৰে আমি আফ্ৰিকাৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে ভাৰত–জাপান সহযোগিতা পদক্ষেপৰ আৰম্ভণিক আদৰণি জনাইছো। ভাৰতৰ মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ চমুকৈ MAHASAGAR ৰ দৃষ্টিভংগী আৰু জাপানৰ ইকনমিক ৰিজিঅ’ন ইনিচিয়েটিভ অৱ ইণ্ডিয়ান অ’চেন–আফ্ৰিকাৰ দ্বাৰা পৰিচালিত হৈ আমি ভাৰতত ব্যক্তিগত খণ্ডৰ নেতৃত্বত ব্যৱসায় আৰু বিনিয়োগক প্ৰসাৰিত কৰিম, একে সময়তে ভাৰতত জাপানী কোম্পানীসমূহৰ শক্তিশালী উপস্থিতিক দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ সৈতে ব্যৱসায়িক সহযোগিতা সম্প্ৰসাৰণৰ কেন্দ্ৰ হিচাপে স্থান দিম।

(খ) অত্যাধুনিক অৰ্থনৈতিক সুৰক্ষা অংশীদাৰিত্ব

আমি আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক নতুন উচ্চতালৈ উন্নীত কৰাৰ লগে লগে ভাৰত–জাপান অৰ্থনৈতিক সুৰক্ষা পদক্ষেপ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো। এই পদক্ষেপে বজাৰৰ বৈচিত্ৰ্যতাক লাভান্বিত কৰাৰ সমান্তৰালভাৱে জটিল সামগ্ৰী আৰু সা-সঁজুলিৰ যোগান শৃংখল শক্তিশালী কৰাৰ বাবে সমগ্ৰ দেশৰ প্ৰচেষ্টাৰ জৰিয়তে কৌশলগত সহযোগিতাক আগুৱাই নিব। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ নেতৃত্বত অংশীদাৰিত্বকে ধৰি অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাক আগুৱাই নিব -

• আমি অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, ঔষধ, জৈৱ প্ৰযুক্তি, দূৰসংযোগ, আৰু স্বচ্ছ শক্তিৰ দৰে মূল খণ্ডসমূহত সুনিৰ্দিষ্ট প্ৰকল্প চিনাক্ত কৰি ৰূপায়ণ কৰিম। আমাৰ সহযোগিতা কৌশলগত, গুৰুত্বপূৰ্ণ, নতুন আৰু উদীয়মান প্ৰযুক্তিসমূহলৈও বিস্তৃত হ’ব। এই প্ৰচেষ্টাসমূহ কৌশলগত বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি অৰ্থনৈতিক সুৰক্ষাৰ ওপৰত আলোচনাৰ অধীনত চৰকাৰী আৰু ব্যৱসায়িক দুয়োটা দিশেৰেই আগবঢ়াই নিয়া হ’ব;

• ওপৰৰ ক্ষেত্ৰসমূহৰ শেহতীয়া উন্নয়নৰ ওপৰত নীতিগত দৃষ্টিভংগী, চোৰাংচোৱা আৰু উত্তম পদ্ধতিৰ তথ্য বিনিময় কৰা;

• আমি খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা স্মাৰক, ভাৰত–জাপান ডিজিটেল অংশীদাৰিত্ব ২.০, আৰু অৰ্ধপৰিবাহী যোগান শৃংখল অংশীদাৰিত্বৰ সহযোগিতাৰ স্মাৰক আদি মূল কাঠামোৰ জৰিয়তে স্থিতিস্থাপক যোগান শৃংখল আৰু বজাৰ বৈচিত্ৰ্যৰ ওপৰত সহযোগিতাক প্ৰসাৰিত কৰিম। আৰু এনেধৰণৰ অন্যান্য ব্যৱস্থাসমূহে অৰ্থনৈতিক সুৰক্ষা আৰু প্ৰযুক্তিগত সহযোগিতা শক্তিশালী কৰাৰ বাবে মঞ্চ হিচাপেও কাম কৰিম;

• ব্যক্তিগত খণ্ডৰ নেতৃত্বত সহযোগিতাক প্ৰসাৰ কৰা, য’ত JETRO, CII আৰু JCCII ৰ অৰ্থনৈতিক সুৰক্ষা সহযোগিতাৰ যুটীয়া কাৰ্য্য পৰিকল্পনাক সমৰ্থন কৰাও অন্তৰ্ভুক্ত।

• অৰ্থনৈতিক সুৰক্ষা সন্দৰ্ভত ভাৰত–জাপান ব্যক্তিগত খণ্ডৰ আলোচনাৰ এই বাণিজ্যিক স্তম্ভৰ আৰম্ভণিক আদৰণি জনোৱা হৈছে, লগতে, কৌশলগত বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় ভাৰত–জাপান আলোচনাৰ অন্তৰ্গত এই নতুন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছে। ই যৌথ কাৰ্য্য পৰিকল্পনাৰ ৰূপায়ণৰ উপৰিও ইয়াক প্ৰসাৰতা দিয়াৰ কামো কৰিব।

• এআইৰ ওপৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতাক প্ৰসাৰিত কৰিবলৈ আৰু এক উদ্ভাৱনীমূলক তথা বিশ্বাসযোগ্য এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ জাপান-ভাৰত এআই সহযোগিতা পদক্ষেপ (জেএআই) ৰূপায়ণ কৰা; আৰু

• এটা সঠিক বেটাৰী বজাৰ আৰু পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ ভাৰত-জাপান বেটাৰী যোগান শৃংখলৰ সহযোগিতাক প্ৰসাৰ কৰা।

(গ) অত্যাধুনিক গতিশীলতা

জাপানৰ উন্নত প্ৰযুক্তি আৰু ভাৰতৰ দক্ষ প্ৰতিভাৰ শক্তি ব্যৱহাৰ কৰি আমি নেক্সট জেনেৰেচন মবিলিটি পাৰ্টনাৰশ্বিপ (এন জি এম পি) সৃষ্টি কৰিম। ই আন্তঃগাঁথনি, লজিষ্টিক, আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ পৰিকাঠামো হিচাপে কাম কৰিব। এই অংশীদাৰিত্বৰ জৰিয়তে আমি যৌথভাৱে ভাৰতৰ ক্ৰমবৰ্ধমান গতিশীলতাৰ প্ৰয়োজনীয়তাৰ সমাধান বিকশিত কৰাৰ লগতে মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ডৰ দৃষ্টিভংগীৰ অধীনত শক্তিশালী পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো। ডিজিটেল আৰু স্মাৰ্ট প্ৰযুক্তি প্ৰয়োগ কৰি, বহনক্ষমতা আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি, আৰু সুৰক্ষা আৰু দুৰ্যোগৰ স্থিতিস্থাপকতাক অগ্ৰাধিকাৰ দি আমি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰ অন্বেষণ কৰিম, যেনে তলত দিয়াসমূহ:

• আমি “মেক ইন ইণ্ডিয়া” পৰৱৰ্তী প্ৰজন্মৰ ৰে’ল, আধুনিক সংকেত আৰু নিয়ন্ত্ৰণ ব্যৱস্থা, ভূমিকম্পীয় সুৰক্ষা ব্যৱস্থা, আৰু এআই ভিত্তিক ৰক্ষণাবেক্ষণ আৰু নিৰীক্ষণকে ধৰি দ্ৰুতবেগী ৰে’ল ব্যৱস্থাৰ ওপৰত একেলগে কাম কৰিম। ৰে’লৱেত আমাৰ পূৰ্বৰ অংশীদাৰিত্বৰ ওপৰত ভিত্তি কৰি এই সহযোগিতাই ৰে’লৱে খণ্ডত শক্তি পৰিৱৰ্তনৰ লগতে উন্নত মেট্ৰ’ আৰু মাচ-ৰেপিড ট্ৰেনজিট ব্যৱস্থাকো সামৰি ল’ব।

• সংহত ষ্টেচন এলেকা পৰিকল্পনা, মবিলিটি-এজ-এ-চাৰ্ভিচ প্লেটফৰ্ম, আৰু শক্তিশালী আন্তঃচহৰ পথ নেটৱৰ্কৰ জৰিয়তে ট্ৰেনজিট-মুখী উন্নয়নক প্ৰসাৰিত কৰা হ’ব, যাতে ধাৰাবাহিকভাৱে শেষ মাইলৰ সংযোগ নিশ্চিত কৰিব পৰা যায়। ইয়াৰ ভিতৰত ব্যক্তিগত ৰেপিড ট্ৰেনজিট (পি আৰ টি)ৰ দৰে ক্ষুদ্ৰ স্বয়ংক্ৰিয় নগৰীয়া পৰিবহণ ব্যৱস্থাও অন্তৰ্ভুক্ত হ’ব।

• স্মাৰ্ট চিটি আৰু চিটি ডিকাৰ্বনাইজেচন, যান-জঁট আৰু বায়ু প্ৰদূষণৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা উন্নত মডেলিঙৰ জৰিয়তে পৰিকল্পনা কৰা হ’ব;

• ছফ্টৱেৰ-নিৰ্ধাৰিত বাহনৰ নেতৃত্বত গতিশীলতা খণ্ডত ডাটা আৰু সংযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব, যাতে সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা উন্নত হয়;

• অটোম’বাইল, বিমান, আৰু মালবাহী জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা কৰিম, একে সময়তে বহনক্ষম ইন্ধনৰ ব্যৱহাৰ আৰু পৰিৱেশ-অনুকূল সংৰক্ষণৰ প্ৰসাৰ ঘটোৱা হ’ব। আধুনিক পৰিবহণ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে ইয়াৰ সহায়ক কৰি তুলিব;

• খাদ্য আৰু ঔষধ পৰিবহণৰ বাবে শীতল শৃংখলাবদ্ধ লজিষ্টিক সেৱা; আৰু

• দুৰ্যোগৰ অনুকৰণ আৰু জৰুৰীকালীন অৱস্থাৰ বাবে খালী কৰাৰ নিৰ্দেশনা পৰিকল্পনা প্ৰস্তুত কৰাকে ধৰি নগৰ পৰিকল্পনা আৰু উন্নয়নত থ্ৰীডি চহৰৰ মডেল ব্যৱহাৰ কৰা হব।

ভাৰতত এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ ভাৰতীয় আৰু জাপানী কোম্পানীসমূহৰ মাজত সহযোগিতাক আমি সক্ৰিয়ভাৱে উৎসাহিত কৰিম। একে সময়তে এই গতিশীলতা সমাধানসমূহৰ ডিজাইন, পৰিচালনা, আৰু ৰক্ষণাবেক্ষণৰ বাবে দক্ষ পেছাদাৰী বিকাশৰ বাবে আৰু কাৰিকৰী প্ৰশিক্ষণ আৰু মানৱ সম্পদ বিনিময়ৰ জৰিয়তে ভাৰতত সামৰ্থ্য গঢ়ি তোলাত গুৰুত্ব দিম।

একে সময়তে আমি স্থিতিস্থাপক আন্তঃগাঁথনিৰ বিকাশ আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে চেণ্ডাই কাঠামোৰ দৰে বহুপক্ষীয় ব্যৱস্থাত সহযোগিতা শক্তিশালী কৰাৰ জৰিয়তে দুৰ্যোগৰ আশংকা হ্ৰাসক মূলসুঁতিলৈ অনাৰ লক্ষ্য ৰাখিম।

(ঘ) অত্যাধুনিক পৰিৱেশগত উত্তৰাধিকাৰ

আমি ভৱিষ্যত প্ৰজন্মৰ বাবে বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি) আগবঢ়াই নিয়াৰ জৰিয়তে “এক পৃথিৱী, এক ভৱিষ্যত”ৰ আমাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ লক্ষ্য ৰাখিছো। ইয়াক আহৰণ কৰিবলৈ আমি তলত উল্লেখ কৰা প্ৰচেষ্টাসমূহৰ জৰিয়তে জলবায়ুৰ অভিযোজন, শক্তি পৰিৱৰ্তন, আৱৰ্জনা হ্ৰাস, আৰু নেট-জিৰ’ লক্ষ্যৰ ওপৰত একেলগে কাম কৰিম:

• মিছন লাইফৰ জৰিয়তে শক্তি সুৰক্ষা, কম কাৰ্বনযুক্ত অৰ্থনৈতিক বৃদ্ধি, বহনক্ষম সমুদায় আৰু জীৱনশৈলী নিশ্চিত কৰা।;

• নেট-জিৰ’ অৰ্থনীতি লাভৰ বাবে প্ৰতিখন দেশৰ ৰাষ্ট্ৰীয় পৰিস্থিতি প্ৰতিফলিত কৰা বিভিন্ন পথ;

• ভাৰত–জাপান শক্তি আলোচনাৰ জৰিয়তে আগবঢ়াই নিয়া ভাৰত–জাপান স্বচ্ছ শক্তি অংশীদাৰিত্বৰ অধীনত শক্তি সহযোগিতা শক্তিশালী কৰা।;

• আৱৰ্জনা-শক্তি প্ৰযুক্তিৰ ওপৰত একেলগে কাম কৰি বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰ কৰা, লগতে আৱৰ্জনা পৃথকীকৰণ আৰু পুনঃব্যৱহাৰৰ উন্নত পদ্ধতি।;

• কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে বহনক্ষম কৃষি পদ্ধতি আৰু জলবায়ু-স্মাৰ্ট প্ৰযুক্তিৰ প্ৰসাৰ কৰা, একে সময়তে সাগৰীয় আৰু উপকূলীয় পৰিৱেশ তন্ত্ৰক সুৰক্ষা দিয়া। বহনক্ষম বন ব্যৱস্থাপনা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, কৃষি বনানীকৰণৰ প্ৰসাৰ, আৰু বাঁহৰ দৰে প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰতো আমি একেলগে কাম কৰিম।;

• যৌথ ঋণ ব্যৱস্থা (জেচিএম), পৰৱৰ্তী প্ৰজন্মৰ বাবে স্বচ্ছ শক্তি গতিশীলতা আৰু আন্তঃগাঁথনিৰ পদক্ষেপ (আইচিইএমএন), সেউজ হাইড্ৰজেন মূল্য শৃংখল, আৰু নিৰ্গমন অনুমানৰ বাবে উপগ্ৰহ প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে পদক্ষেপৰ জৰিয়তে স্বচ্ছ শক্তি আৰু নিৰ্গমন আৰু প্ৰদূষণ হ্ৰাস কৰাত সহযোগিতা কৰা; আৰু

• উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট (লিডআইটি)কে ধৰি বহুপক্ষীয় পৰিৱেশ মঞ্চত যৌথ প্ৰচেষ্টা শক্তিশালী কৰা।.

(ঙ) অত্যাধুনিক প্ৰযুক্তি আৰু উদ্ভাৱন অংশীদাৰিত্ব

আমি পৰস্পৰে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত শক্তি, প্ৰতিষ্ঠান, আৰু দক্ষ জনশক্তিৰ সহায় লৈ মৌলিক বিজ্ঞানত সীমান্ত গৱেষণাক প্ৰসাৰিত কৰিব বিচাৰো। আমি তলত উল্লেখ কৰা পদক্ষেপসমূহৰ জৰিয়তে নতুন প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ ত্বৰান্বিত কৰিবলৈ খণ্ডৰ মাজত সহযোগিতাকো লাভান্বিত কৰিম:

• কে ই কে, টছুকুবাত ইণ্ডিয়ান বিমলাইনৰ দৰে পদক্ষেপৰ জৰিয়তে মৌলিক গৱেষণাত সহযোগিতা কৰা, লগতে কোৱাণ্টাম প্ৰযুক্তি আৰু উচ্চ-কাৰ্যক্ষম কম্পিউটিঙত পৰৱৰ্তী প্ৰজন্মৰ গৱেষণা সঁজুলি বিকশিত কৰা।;

• জাপানে আৰম্ভ কৰা জাপান–ভাৰত ষ্টাৰ্টআপ সমৰ্থন পদক্ষেপ (JISSI)ৰ জৰিয়তে মুক্ত উদ্ভাৱন, সামাজিক সমস্যা সমাধান, উন্নত প্ৰযুক্তি, তথ্য ব্যৱহাৰ, ইনকিউবেচন, আৰু বিত্তীয় সাহায্যৰ দৰে ক্ষেত্ৰত ষ্টাৰ্টআপসমূহৰ ওপৰত সহযোগিতা কৰা। ইয়াৰ দ্বাৰা উদ্ভাৱন পৰিৱেশ তন্ত্ৰক সংযোগ কৰাত সহায়ক হ’ব আৰু ষ্টাৰ্টআপসমূহে দুয়োখন দেশতে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ’ব।

• “ইণ্ডিয়া–জাপান ফাণ্ড অৱ ফাণ্ডছ”ৰ জৰিয়তে এআইৰ ক্ষেত্ৰত থকা কোম্পানীসমূহকে ধৰি ষ্টাৰ্ট-আপ কোম্পানীসমূহৰ বাবে ধন সংগ্ৰহ কৰা;

• ভাৰত–জাপান আইচিটি সহযোগিতা কাঠামোৰ অধীনত স্থাপিত এক যৌথ কৰ্মগোটৰ জৰিয়তে আইচিটি সহযোগিতাক প্ৰসাৰ কৰা;

•চন্দ্ৰ মেৰু অন্বেষণ (LUPEX) অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা, লগতে মহাকাশ খণ্ডৰ ব্যক্তিগত বাণিজ্যিক সত্তা আৰু ষ্টাৰ্ট-আপৰ মাজত সংযোগ গঢ়ি তোলা।;

• আইটিইআৰৰ সহযোগিতা আৰু সৰু মডিউলাৰ আৰু উন্নত ৰিয়েক্টৰৰ ওপৰত যৌথ গৱেষণাকে ধৰি বিভাজন আৰু সংযোজন প্ৰযুক্তিৰ ওপৰত আলোচনাত জড়িত হোৱা; আৰু

• জি-২০ নতুন দিল্লী ঘোষণাৰ সৈতে সংগতি ৰাখি বাজৰাকে ধৰি খাদ্য প্ৰযুক্তি আৰু কৃষি বিজ্ঞানৰ যৌথ গৱেষণা চলোৱা, আৰু পৰৱৰ্তী প্ৰজন্মৰ কৃষিৰ বাবে এডভান্সিং ইনোভেচনছ (এআই-এংগেজ) পদক্ষেপৰ অধীনত উদ্ভাৱনসমূহ আগবঢ়াই নিয়া।

(চ) অত্যাধুনিক স্বাস্থ্যখণ্ডৰ বাবে বিনিয়োগ

আমি আমাৰ লোকসকলৰ স্বাস্থ্য আৰু মংগলত বিনিয়োগ কৰাৰ লক্ষ্য ৰাখিছো যাতে তেওঁলোকে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰিব পাৰে, ইউনিভাৰ্চেল হেল্থ কভাৰেজ (ইউ এইচ চি) লাভ কৰাৰ ভাগ কৰা লক্ষ্যৰে। ইয়াৰ বাবে আমি যৌথভাৱে ক্লিনিকেল আৰু চিকিৎসা গৱেষণা সহযোগিতাক প্ৰসাৰিত কৰিম, মহামাৰী আৰু উদীয়মান স্বাস্থ্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিম, জীৱন ৰক্ষাকাৰী ঔষধৰ সুলভ সুবিধা নিশ্চিত কৰিম, আৰু তলত দিয়া পদক্ষেপসমূহৰ জৰিয়তে পৰম্পৰাগত আৰু বিকল্প চিকিৎসাৰ সম্ভাৱনাক ব্যৱহাৰ কৰিম –:

• ভাৰতৰ আয়ুষ্মান ভাৰত পদক্ষেপ আৰু জাপানৰ এছিয়া স্বাস্থ্য আৰু কল্যাণ পদক্ষেপৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ লগতে বিশ্ব স্বাস্থ্য খণ্ডত গভীৰ সহযোগিতা;

• নিয়মীয়াকৈ যুটীয়া সমিতিৰ বৈঠক অনুষ্ঠিত কৰি সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰা;

• জেৰিয়াট্ৰিক মেডিচিন, ষ্টেম চেল থেৰাপী, ৰিজেনেৰেটিভ মেডিচিন, জিন থেৰাপী, চিন্থেটিক বায়’লজী, কেন্সাৰ চিকিৎসা, ডিজিটেল স্বাস্থ্য, আৰু স্বয়ংক্ৰিয় নিদান সমাধানৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত যৌথ গৱেষণা চলোৱা।;

• ইউনিভাৰ্চেল হেল্থ কভাৰেজ (ইউ এইচ চি)ৰ প্ৰসাৰৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ইউ এইচ চি জ্ঞান হাবৰ সৈতে সহযোগিতা অন্বেষণ কৰা;

• চিকিৎসা প্ৰতিষ্ঠানসমূহৰ মাজত বৰ্ধিত সহযোগিতাৰ জৰিয়তে চিকিৎসা পেছাদাৰীসকলৰ বিনিময়ক প্ৰসাৰ কৰা, আৰু চিকিৎসা পেছাদাৰীসকলৰ বাবে এক নিবেদিত ফেল’শ্বিপ কাৰ্যসূচী আৰম্ভ কৰা;

• জটিল ঔষধ, সক্ৰিয় ঔষধ উপাদান (এপিআই), আৰু চিকিৎসা সঁজুলিৰ যোগানৰ সুবিধা প্ৰদান কৰা, লগতে দুয়োখন দেশতে চিকিৎসা আন্তঃগাঁথনি শক্তিশালী কৰা; আৰু

• ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ সহযোগত জাপানত যোগ, ধ্যান, আয়ুৰ্বেদ আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰা উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা।

(ছ) উন্নত জনঅংশীদাৰীত্ব

আমাৰ দুয়োখন দেশৰ মাজত ঐতিহাসিক সংযোগ আৰু সাংস্কৃতিক আত্মীয়তাক স্বীকৃতি দি, আৰু আমাৰ নিজ নিজ অৰ্থনৈতিক আৰু জনগাঁথনিগত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ মানৱ সম্পদৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ বিচাৰি, আমি আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছো:

• ভাৰত–জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে এক কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰা, যাৰ লক্ষ্য হৈছে ভাৰতৰ পৰা জাপানলৈ ৫০,০০০ দক্ষ পেছাদাৰী আৰু যুৱ প্ৰতিভাকে ধৰি অহা পাঁচ বছৰৰ ভিতৰত দুয়োখন দেশৰ মাজত ৫ লাখৰো অধিক কৰ্মীৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা;

• ভাৰতত এনড’ড পাঠ্যক্ৰম আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচী সম্প্ৰসাৰণ কৰা, আৰু জাপান–ইণ্ডিয়া ইনষ্টিটিউটছ ফৰ মেনুফেকচাৰিং (জি আই এম) আৰু জাপানীজ এনডাউড পাঠ্যক্ৰম (জে ই চি)ৰ সফলতাৰ ওপৰত ভিত্তি কৰি ভাৰত–নিপ্পন প্ৰগ্ৰেম ফৰ এপ্লাইড কম্পিটেন্সি ট্ৰেইনিং (INPACT)ৰ অধীনত জাপানত ভাৰতীয় কৰ্মীসকলৰ বাবে প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰা;

• দুয়োখন দেশৰ মাজত প্ৰতিভাৰ গতিশীলতাক প্ৰসাৰিত কৰিবলৈ জাপানৰ মেটিৰ দ্বাৰা ভাৰত–জাপান প্ৰতিভা দলং (আইজেটিবি)ৰ অধীনত নিয়োগ প্ৰসাৰৰ অনুষ্ঠান, ইন্টাৰশ্বিপ কাৰ্যসূচী, নিয়োগ জৰীপ, আৰু তথ্য বিনিময়ৰ পদক্ষেপ আৰম্ভ কৰা—এটা নিৰ্দিষ্ট ৱেবছাইটকে ধৰি;

• ছাকুৰা বিজ্ঞান বিনিময় কাৰ্যসূচী, LOTUS কাৰ্যসূচী, HOPE সভা, আৰু জাপানৰ MEXT দ্বাৰা আন্তঃবিশ্ববিদ্যালয় বিনিময় প্ৰকল্পৰ দৰে কাৰ্যসূচীৰ জৰিয়তে গৱেষক আৰু ছাত্ৰৰ বিনিময় শক্তিশালী কৰা হ’ব। ইডিইউ-প’ৰ্ট জাপান পদক্ষেপৰ জৰিয়তে শৈক্ষিক সহযোগিতাতো সহায় কৰা হ’ব;

• ই-মাইগ্ৰেট পৰ্টেল আৰু ভাৰতত গ্ল’বেল কেপেবিলিটি চেণ্টাৰৰ জৰিয়তে সাংগঠনিক সহযোগিতা আৰু কৰ্মক্ষেত্ৰৰ সুযোগ উন্নত কৰা হ’ব;

• অধিক দ্বিপাক্ষিক পৰ্যটকৰ প্ৰবাহৰ সুবিধা প্ৰদান কৰা, পাৰস্পৰিক সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা;

• জাপানী ভাষা শিক্ষকৰ বাবে প্ৰশিক্ষণৰ সুযোগ সম্প্ৰসাৰণ কৰা, আৰু জাপানী ভাষা শিক্ষাৰ বিশেষজ্ঞ প্ৰেৰণ কৰি ফলপ্ৰসূ পাঠ্যক্ৰম আৰু সামগ্ৰীৰ বিকাশত সহায় কৰা; আৰু

• স্থানীয় জাপানী ভাষা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ “নিহংগো অংশীদাৰ” জাপানী ভাষা শিক্ষক সহায়ক ভাৰতলৈ প্ৰেৰণ কৰা।

(জ) অত্যাধুনিক ষ্টেট প্ৰিফেক্সাৰ পাৰ্টনাৰশ্বিপ

ওপৰৰ বহুতো পদক্ষেপক আগুৱাই নিয়াত ভাৰতীয় ৰাজ্য আৰু জাপানী প্ৰিফেকচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি আমি তেওঁলোকৰ শক্তিক ব্যৱহাৰ কৰিবলৈ উপযুক্ত মঞ্চ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছো আৰু ভাৰত–জাপান অংশীদাৰিত্বৰ বাবে অধিক ব্যাপক দৃষ্টিভংগীত অৰিহণা যোগোৱাৰ লক্ষ্য ৰাখিছো:

• নতুন ভগ্নী-চহৰ আৰু ষ্টেট–প্ৰিফেকচাৰ অংশীদাৰিত্বক প্ৰসাৰ কৰা, যিয়ে পৰিপূৰক সম্পদ আৰু ভাগ-বতৰা কৰা ঐতিহাসিক সম্পৰ্কৰ ওপৰত নিৰ্মাণ কৰে;

• ভাৰত আৰু জাপানৰ প্ৰধান চহৰসমূহৰ মাজত প্ৰত্যক্ষ বিমান সংযোগ বৃদ্ধি কৰা;

• স্থানীয় উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰি আৰু ভাৰত–কানছাই ব্যৱসায়িক মঞ্চৰ জৰিয়তে আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহকে ধৰি বাণিজ্যিক আৰু ব্যৱসায়িক অংশীদাৰিত্ব শক্তিশালী কৰা, লগতে ভাৰত আৰু কিউছুৰ মাজত একেধৰণৰ সহযোগিতাৰ সন্ধান কৰা;

• ভাৰত আৰু জাপান উভয়তে আঞ্চলিক সুযোগসমূহৰ ওপৰত অধিক তথ্য বিনিময়ৰ সুবিধা প্ৰদান কৰা, আৰু সাধাৰণ প্ৰত্যাহ্বানসমূহৰ সমাধান বিকশিত কৰিবলৈ ৰাজ্য আৰু প্ৰিফেকচাৰসমূহৰ মাজত উত্তম পদ্ধতিসমূহৰ ভাগ-বতৰাক প্ৰসাৰ কৰা; আৰু

• ৰাজ্য–প্ৰাদেশিক পৰ্যায়ৰ প্ৰতিনিধি দলৰ ভ্ৰমণক প্ৰসাৰ কৰা, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বছৰি তিনিটাকৈ ভ্ৰমণৰ আয়োজন কৰাৰ প্ৰচেষ্টাক উদগনি দিয়া হ’ব;

এই আঠটা প্ৰচেষ্টাৰ জৰিয়তে আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অষ্টম দশকত ভাৰত–জাপান জনকেন্দ্ৰিক অংশীদাৰিত্বৰ এক পৰিৱৰ্তনশীল পৰ্যায়ৰ সূচনা কৰিব বিচাৰিছো। আমাৰ লক্ষ্য হৈছে স্পষ্ট সুবিধা প্ৰদান কৰা আৰু সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰা যিয়ে ভৱিষ্যত প্ৰজন্মক সেৱা আৰু সবলীকৰণ কৰিব।

আমি ইয়াৰ দ্বাৰা এই নথিখন আগন্তুক দশকৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগীৰ প্ৰতিফলন হিচাপে গ্ৰহণ কৰিছো। ২০২৫ চনৰ ২৯–৩০ আগষ্ট তাৰিখে টকিঅ’ত জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৫ চনৰ বাৰ্ষিক শীৰ্ষ সন্মিলনৰ বাবে জাপান ভ্ৰমণৰ সময়ত ইয়াক গ্ৰহণ কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM

Media Coverage

Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"