ক্ৰ’ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচ আমন্ত্ৰণমৰ্মে  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২৫ চনৰ ১৮ জুনত ক্ৰ’ৱেচিয়া  ভ্ৰমণ কৰে।দুয়োখন  ৰাষ্ট্ৰৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানক শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়াই হৈছে প্ৰথম  ক্ৰ’ৱেচিয়া ভ্ৰমণ।

 

 এই ভ্ৰমণৰ সমযছোৱাত প্ৰধানমন্ত্ৰী প্লেংকোভিচ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব তথা বহুপাক্ষিক  বিষয়সমূহত  সহযোগিতাৰ  বিষয়ত সহমত ব্যক্ত কৰে।  দুয়োগৰাকী নেতাই  এই কথাত একমত হয় যে ভাৰত আৰু ক্ৰ’ৱেচিয়াই গণতন্ত্ৰ, আইনৰ শাসন, বহুত্ববাদ আৰু সমতাৰ ভাগ-বতৰা কৰা  মূল্যবোধৰ মাজত শিপাই থকা ঘনিষ্ঠ তথা  বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিশ্বাসী।

 

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে  দুয়োখন দেশৰ মাজত  দ্বিপাক্ষিক অংশীদাৰিত্বত এক নতুন গতি প্ৰদান কৰিছে। বিশেষকৈ পৰ্যটন, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশে  অৰ্থনীতিৰ বিভিন্ন দিশ উজ্জ্বল কৰি তুলিছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰে  কেইবাখনো চুক্তিত । সেইবোৰ হৈছে  (i) কৃষি সহযোগিতাৰ বুজাবুজি চুক্তি; (ii) বিজ্ঞান আৰু প্ৰযুক্তিৰ সহযোগিতাৰ কাৰ্যসূচী; (iii) সাংস্কৃতিক বিনিময় কাৰ্যসূচী (চিইপি); আৰু (iv) জাগ্ৰেব বিশ্ববিদ্যালয়ত হিন্দী আসন  স্থাপনৰ বুজাবুজি চুক্তি।

 

ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি) পদক্ষেপৰ লগতে  দুয়োখন দেশৰ মাজত সংযোগ উন্নত কৰাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে দুয়োগৰাকী নেতাই। দুয়োখন দেশৰ দীৰ্ঘদিনীয়া সামুদ্ৰিক পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰ আৰু জাহাজ ক্ষেত্ৰ খনত  সহযোগিতা বৃদ্ধি কৰিবলৈ দুয়োগৰাকী নেতাই সন্মত হয়। দুয়োপক্ষই ক্ৰ’ৱেচিয়াক মধ্য ইউৰোপৰ ভূমধ্যসাগৰীয় প্ৰৱেশদ্বাৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনাৰ দিশটোৰ বিষয়ত আলোকপাত কৰে।

 

এই প্ৰেক্ষাপটত তেওঁলোকে ইউএনচিএলঅ’এছত প্ৰতিফলিত হোৱা সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি  আৰু সামুদ্ৰিক নিৰাপত্তা তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু স্থিতিশীলতাৰ সুবিধাৰ্থে সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু জাহাজ চলোৱাৰ স্বাধীনতাৰ নীতিৰ প্ৰতিও সম্পূৰ্ণ  সহমত ব্যক্ত কৰে।

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক যৌথ গৱেষণা আৰু উন্নয়নৰ বাবে সংযোগ কৰাৰ গুৰুত্বৰ  বিষয়ত আলোকপাত কৰে। দুয়োপক্ষই দীৰ্ঘম্যাদী গৱেষণা তথা  সহযোগিতাৰ বাবে যুৱ গৱেষকসকলৰ মাজত ভাবৰ  বিনিময়ৰ সুবিধা প্ৰদান কৰাৰ বিষয়ত সহমত প্ৰকাশ কৰে । তেওঁলোকে  বৈজ্ঞানিক সম্প্ৰদায়ৰ ভিতৰত নেটৱৰ্কিঙক উত্তম পদ্ধতিসমূহ ভাগ-বতৰা  কৰা আৰু প্ৰয়োগমূলক প্ৰযুক্তি বিকশিত  কৰাৰ বিষয়ক উৎসাহিত কৰে।

 

প্ৰধানমন্ত্ৰী দুগৰাকীয়ে ২০২৩ চনৰ প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ বিষয়ত  প্ৰতিক্ৰিয়া ব্যক্ত কৰি  প্ৰতিৰক্ষা  বিষয়ক সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। সহযোগিতা তথা  নিয়মীয়া আদান-প্ৰদানৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত সহযোগিতাৰ সুযোগ বিচৰাৰ বিষয়তো  তেওঁলোকে গুৰুত্ব  প্ৰদান কৰে।

 

ডিজিটেল প্ৰযুক্তিক সহযোগিতাৰ আন এক মূল ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে । ক্ৰ’ৱেচিয়া আৰু ভাৰতৰ বৈজ্ঞানিক পৰিৱেশ তন্ত্ৰই ইনকিউবেচন চেণ্টাৰ আৰু হেল্থকেয়াৰ-টেক, এগ্ৰি-টেক, ক্লিন-টেক, কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং আৰু চাইবাৰ সুৰক্ষাৰ দৰে খণ্ডত কাম কৰা ষ্টাৰ্ট-আপৰ মাজত কৌশলগত সহযোগিতাৰ দ্বাৰা লাভৱান হ’ব পাৰে। ষ্টাৰ্ট-আপৰ মাজত উদ্ভাৱন আৰু সহযোগিতা গঢ়ি তুলিবলৈ ভাৰত-ক্ৰ’ৱেচিয়া ষ্টাৰ্ট-আপ দলং শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে একমত প্ৰকাশ কৰে।

 

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে শক্তিশালী সাংস্কৃতিক আদান-প্ৰদানক স্বীকাৰ কৰাৰ লগতে দুয়োপক্ষই ২০২৬-২০৩০ চনৰ সময়ছোৱাত সাংস্কৃতিক খণ্ডত নিয়োজিতা  গভীৰ কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। দুয়োখন দেশৰ  জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সংস্কৃতিক এক শক্তিশালী আহিলা হিচাপে তেওঁলোকে স্বীকৃতি দিয়ে।

 

তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন খণ্ডত সম্প্ৰসাৰিত নিয়োজিতাক  সমৰ্থন কৰাৰ লগতে  দক্ষতা বিকাশ আৰু কৰ্মীসকলৰ গতিশীলতাৰ বিষয়টোত  গুৰুত্বক আৰোপ কৰে। তেওঁলোকে লগতে দুয়োখন দেশৰ মাজত কৰ্মশক্তিৰ গতিশীলতাৰ ওপৰত বুজাবুজিৰ স্মাৰকপত্ৰ ক্ষিপ্ৰতাৰে সমাপ্ত কৰাৰ বিষয়ত  একমত প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী প্লেংকোভিচ আৰু ক্ৰ’ৱেচিয়াই দিয়া সমৰ্থনৰ বাবে  ধন্যবাদ জনায়।দুয়ো পক্ষই আন্তঃৰাষ্ট্ৰীয় আৰু সীমা অতিক্ৰম কৰি হৈ থকা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদক গৰিহণা দিয়ে। তেওঁলোকে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ কথা  পুনৰবাৰ উল্লেখ কৰে। তেওঁলোকে যিকোনো পৰিস্থিতিতেই এনে কাৰ্য্যক কোনো ন্যায্যতা  প্ৰদানৰ কথা নাকচ কৰে। আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা উচিত বুলি গুৰুত্ব আৰোপ কৰি সন্ত্ৰাসবাদীক প্ৰক্সি হিচাপে ব্যৱহাৰ কৰাৰ বিষয়টোকো  গৰিহণা দিয়ে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী সন্ত্ৰাসবাদ বিৰোধী কৌশল, এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় চুক্তি আৰু প্ৰট’কল তথা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰাসংগিক প্ৰস্তাৱসমূহ সম্পূৰ্ণৰূপে ৰূপায়ণত সমৰ্থন জনোৱাৰ ক্ষেত্ৰত   স্থিতি প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘ, এফ এ টি এফ আৰু আঞ্চলিক ব্যৱস্থাৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্কত ব্যাঘাত জন্মাবলৈ, নিৰাপদ আশ্ৰয়স্থল নিৰ্মূল কৰা, সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলোৱা, সন্ত্ৰাসবাদৰ অপৰাধীসকলক ক্ষিপ্ৰতাৰে ন্যায়ৰ ওচৰলৈ অনাৰ আহ্বান জনায়। ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় ইউনিয়নৰ নিযুক্ত সকলো সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন , সংশ্লিষ্ট প্ৰক্সি গোট, সুবিধা প্ৰদানকাৰী আৰু পৃষ্ঠপোষকৰ বিৰুদ্ধে ১২৬৭ ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিৰ অধীনত একত্ৰিতভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

 

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ যুদ্ধকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ বিষয়ত মত বিনিময় কৰে। আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি তথা ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মানৰ  জনোৱাৰ ভিত্তিত ইউক্ৰেইনত ন্যায়সংগত ,  স্থায়ী শান্তিৰ বাবে সমৰ্থন প্ৰকাশ কৰে। মধ্যপ্ৰাচ্যৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰি দুয়োগৰাকী নেতাই ইজৰাইল আৰু ইৰাণৰ মাজত  উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনায়। নেতাসকলে আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান আৰু ফলপ্ৰসূ আঞ্চলিক প্ৰতিষ্ঠানৰ আধাৰত বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত নিৰ্মিত এখন মুক্ত, মুকলি, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ়তাৰে কয়।

 

দুয়োপক্ষই বহুপক্ষীয়তাবাদৰ প্ৰতি নিজৰ দৃঢ় দায়বদ্ধতা আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি সমৰ্থন পুনৰ ব্যক্ত কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাত সংস্কাৰৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীতে সম্প্ৰসাৰণকে ধৰি, যাতে ইয়াক অধিক অন্তৰ্ভুক্ত, স্বচ্ছ, ফলপ্ৰসূ, জবাবদিহি, কাৰ্যক্ষম আৰু সমসাময়িক ভূ-ৰাজনৈতিক বাস্তৱতাৰ সৈতে ভালদৰে খাপ খুৱাব পৰা যায়।

 

দুই বৃহৎ গণতন্ত্ৰ, মুক্ত বজাৰ অৰ্থনীতি আৰু বহুত্ববাদী সমাজৰ ধাৰণাৰে  ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত কৌশলগত অংশীদাৰিত্বৰ নৱীকৃত শক্তিক  দুয়োগৰাকী নেতাই আদৰণি জনায়। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ইউৰোপীয় ইউনিয়নৰ কমিছনাৰ কলেজৰ ভাৰত ভ্ৰমণৰ সময়ত চুক্তিবদ্ধ হোৱা  ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ সমাপ্ত কৰাৰ গুৰুত্বৰ বিষয়ত  তেওঁলোকে  আলোকপাত কৰে।

 

ক্ৰ’ৱেচিয়াই প্ৰধানমন্ত্ৰী  মোদীক উষ্ম আতিথ্য প্ৰদানৰ বাবে ভাৰতে দেশ খনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ ফলাফলক লৈ  সন্তুষ্টি প্ৰকাশ কৰে  আৰু ভাৰত  তথা  ক্ৰ’ৱেচিয়াৰ মাজত বিভিন্ন বিষয়ৰ অংশীদাৰিত্ব সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship

Media Coverage

In a first, NCERT adds Emergency to Class 9 textbooks; chapter details rights suspension and press censorship
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Mr. Andy Jassy meets the Prime Minister
June 25, 2026

CEO of Amazon, Mr. Andy Jassy met with the Prime Minister Shri Narendra Modi, today, at New Delhi. Shri Modi remarked that Amazon's record $48 billion investment in India shows the growing interest across the world to invest in India.

The Prime Minister posted on X;

A great meeting with Mr. Andy Jassy. I welcome Amazon's record $48 billion investment in India. This will create new opportunities for our youth. At the same time, it shows the growing interest across the world to invest in India!

@amazon