'বসুধৈৱ কুটুম্বকম' – আমাৰ ভাৰতীয় সংস্কৃতিৰ এই দুটা শব্দত এক সুগভীৰ দাৰ্শনিক চিন্তা অন্তৰ্নিহিত হৈ আছে। ইয়াৰ অৰ্থ হৈছে, ‘সমগ্ৰ পৃথিৱীয়েই এটা পৰিয়াল’। ই হৈছে এনে এক সৰ্বাত্মক দৃষ্টিভংগী, যিয়ে আমাক এক সাৰ্বজনীন পৰিয়াল হিচাপে প্ৰগতিৰ পথেৰে আগুৱাই যাবলৈ উৎসাহিত কৰে। এনে এক পৰিয়াল, য'ত সীমা, ভাষা আৰু বিচাৰধাৰাৰ কোনো বান্ধোন নাই।

জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ কালছোৱাত, এই ধাৰণাটো মানৱ-কেন্দ্ৰিক প্ৰগতিৰ আহ্বান হিচাপে প্ৰকাশ পাইছে। আমি, ‘এক পৃথিৱী’ হিচাপে, মানৱ জীৱন উন্নত কৰিবলৈ একত্ৰিত হৈছো। আমি ‘এটা পৰিয়াল’ হিচাপে পৰস্পৰে পৰস্পৰৰ বিকাশৰ অংশীদাৰ হৈছো। আৰু ‘এক ভৱিষ্যত’ৰ বাবে, আমি একেলগে এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়িছো।

কৰোনাৰ পিছৰ বিশ্ব ব্যৱস্থা, আগৰ বিশ্ব ব্যৱস্থাতকৈ বহুগুণে পৃথক। আন বহুতো দিশৰ মাজতে এই সময়ছোৱাত তিনিটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে।

প্ৰথমতে, এক বৰ্ধিত উপলব্ধি হৈছে যে বিশ্বৰ জিডিপি-কেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা ক্ৰমাৎ মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীলৈ আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে।

দ্বিতীয়তে, বিশ্বব্যাপী যোগান শৃংখলাত সুস্থতা আৰু নিৰ্ভৰযোগ্যতাৰ গুৰুত্ব ইতিমধ্যেই বিশ্বই স্বীকাৰ কৰিছে।

তৃতীয়তে, বিশ্বজুৰি প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ জৰিয়তে বহুপাক্ষিকতাক প্ৰচাৰ কৰাৰ বাবে এক সামূহিক আহ্বান জনোৱা হৈছে।

এই পৰিৱৰ্তনবোৰত আমাৰ জি-২০ ৰ অধ্যক্ষতাই এক শক্তিশালী অনুঘটকৰ ভূমিকা পালন কৰিছে।

আমি যেতিয়া ২০২২ চনৰ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ পৰা জি২০ ৰ অধ্যক্ষতা গ্ৰহণ কৰিছিলো, মই লিখিছিলো যে জি-২০ হ’ব লাগিব মানুহৰ মানসিকতাৰ আমূল পৰিৱৰ্তনৰ বাহন।

উন্নয়নশীল দেশসমূহ, ‘গ্লোবেল ছাউথ’ৰ দেশসমূহ আৰু আফ্ৰিকাৰ দেশসমূহৰ অৱহেলিত বা প্ৰান্তীয় সমাজৰ আকাংক্ষাক মূলসুঁতিলৈ অনাৰ এক বিশেষ প্ৰয়োজনীয়তা আছে।

এই চিন্তাধাৰাৰেই ভাৰতে ‘ভইচ অফ গ্লোবেল চাউথ ছামিট’ৰ আয়োজন কৰিছিল। এই সন্মিলনখনত প্ৰায় ১২৫ খন দেশে অংশগ্ৰহণ কৰিছিল। এইটো ভাৰতৰ অধ্যক্ষতাত গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত অন্যতম আছিল। এয়া ‘গ্লোবেল ছাউথ’ৰ দেশবোৰৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আহৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস আছিল। তদুপৰি, আমাৰ অধ্যক্ষতাত কেৱল আফ্ৰিকাৰ দেশসমূহৰ সৰ্ববৃহৎ অংশগ্ৰহণেই সম্ভৱ হোৱা নাই, বৰঞ্চ আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

আমাৰ পৃথিৱীখন পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হৈ আছে বা আন্তঃসংযোগত আবদ্ধ হৈ আছে, ইয়াৰ অৰ্থ হৈছে যে বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰত্যাহ্বানসমূহো পাৰস্পৰিক বা আন্তঃসংযোগযুক্ত। এয়া হৈছে ২০৩০ চনৰ এজেণ্ডাৰ মধ্য-ম্যাদী বৰ্ষ আৰু এই সন্দৰ্ভত বহুলোকেই উদ্বেগ প্ৰকাশ কৰি আছে যে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) দিশবোৰত অগ্ৰগতি স্থবিৰ হৈ পৰিছে, কিম্বা পথচ্যুত হৈছে।

বহনক্ষম উন্নয়ন লক্ষ্যৰ সন্মুখৰ গতি ত্বৰান্বিত কৰাৰ বাবে জি-২০ য়ে ২০৩০ ৰ বাবে সাজু কৰা কাৰ্যপন্থাই ভৱিষ্যতৰ দিক নিৰ্ণয় কৰিব। আৰু ইয়েই বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিব।

ভাৰতত, প্ৰাচীন কালৰ পৰাই প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাটো এক আদৰ্শ হৈ আহিছে আৰু আমি আধুনিক সময়তো ‘ক্লাইমেট এক্সন’ বা পৰিৱেশৰ বাবে কৰা কামৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ কাম অব্যাহত ৰাখিছো।

‘গ্লোবেল ছাউথ’ৰ বহুতো দেশ উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে আৰু এই সময়ছোৱাত সেই দেশবোৰত জলবায়ু ব্যৱস্থাৰ ক্ষেত্ৰত যত্ন লোৱা উচিত। জলবায়ু পদক্ষেপৰ আকাংক্ষাৰ লগতে, আমি জলবায়ু বিত্ত আৰু প্ৰযুক্তিৰ স্থানান্তৰৰ যত্নও ল’ব লাগিব।

আমি বিশ্বাস কৰো যে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ, প্ৰতিবন্ধকতাৰ মনোভাৱ সলনি কৰিব লাগিব। আমি ‘কি কৰিব নালাগে’ ৰ পৰা ‘কি কৰিব পাৰি’লৈ চিন্তাৰ পৰিৱৰ্তন কৰিব লাগিব। আমি এটা সৃষ্টিশীল কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগিব।

চেন্নাই এইচএলপিয়ে এক বহনক্ষম আৰু শক্তিশালী নীল অৰ্থনীতিৰ বাবে আমাৰ মহাসাগৰবোৰৰ জল ব্যৱস্থা সুস্থ কৰি ৰখাৰ কাম কৰি আছে।

আমাৰ অধ্যক্ষতাত গ্ৰীণ হাইড্ৰজেন উদ্ভাৱন কেন্দ্ৰৰ সৈতে স্বচ্ছ আৰু গ্ৰীণ হাইড্ৰজেন সম্পৰ্কীয় এক গ্লোবেল ইকোছিষ্টেম বা বৈশ্বিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা হ'ব।

২০১৫ চনত, আমি আন্তৰ্জাতিক সৌৰ মিত্ৰতা আৰম্ভ কৰিছিলো। এতিয়া, বিশ্ব ইন্ধন মৈত্ৰীৰ জৰিয়তে, আমি বিশ্বক এক শক্তি পৰিৱৰ্তনৰ বাবে যোগ্য কৰি তোলাত সহায় কৰিম। ইয়াৰ সৈতে, বৃত্তাকাৰ অৰ্থনীতি (circular economy) ৰ লাভালাভ অধিক সংখ্যক লোকৰ ওচৰলৈ যোৱাটো সম্ভৱ হৈ উঠিব।

ক্লাইমেট এক্সন বা জলবায়ুৰ বাবে কৰা কামক গণতান্ত্ৰিক কৰি তোলা পদক্ষেপে এই আন্দোলনক গতি দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে চিহ্নিত হৈছে। যিদৰে মানুহে তেওঁলোকৰ স্বাস্থ্যৰ কথা মনত ৰাখি দৈনন্দিন সিদ্ধান্ত লয়, তেওঁলোকে এই পৃথিৱীৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকৰ জীৱনশৈলী নিৰ্ধাৰণ কৰিব পাৰে, যিদৰে যোগ এক বিশ্বব্যাপী গণ আন্দোলনত পৰিণত হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ‘বহনক্ষম পৰিৱেশৰ বাবে জীৱনশৈলী’ (LiFE)ৰ প্ৰচাৰ কৰি আছো।

জলবায়ু পৰিৱৰ্তনৰ ফলত, খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। মোটা শস্য বা শ্ৰীঅন্নৰ পৰা এই ক্ষেত্ৰত মোকাবিলা কৰাত যথেষ্ট সহায় হ’ব। শ্ৰীঅন্নই জলবায়ু স্মাৰ্ট কৃষি (Climate smart agriculture)কো প্ৰসাৰ কৰি আছে। আন্তৰ্জাতিক বাজৰা বৰ্ষত আমি শ্ৰীঅন্নক বিশ্ব পৰ্যায়লৈ লৈ গৈছো। The Deccan High Level Principles and Food Security and Nutrition এই দিশত সহায়ক হৈছে।

প্ৰযুক্তি পৰিৱৰ্তনশীল কিন্তু ইয়াক অন্তৰ্ভুক্ত কৰাও প্ৰয়োজন। অতীতত, প্ৰযুক্তিগত উন্নতিৰ লাভালাভ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰত সমানভাৱে উপনীত হোৱা নাছিল। যোৱা কেইবছৰমানত, ভাৰতে দেখুৱাইছে যে প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কেনেদৰে অসমতা হ্ৰাস কৰিব পাৰি।

উদাহৰণ স্বৰূপে, বিশ্বজুৰি কোটি কোটি লোক যাৰ বেঙ্কিং ৰ সুবিধা নাই, বা যাৰ ডিজিটেল পৰিচয় নাই, তেওঁলোকক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ (ডিপিআই) জৰিয়তে লগত লৈ যাব পাৰি।

সমগ্ৰ বিশ্বই ডিপিআই ব্যৱহাৰ কৰি আমি লাভ কৰা ফলাফলবোৰ প্ৰত্যক্ষ কৰিছে, ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিছে। এতিয়া, জি-20ৰ জৰিয়তে, আমি উন্নয়নশীল দেশবোৰক ডিপিআই গ্ৰহণ, প্ৰস্তুত আৰু সম্প্ৰসাৰণ কৰাত সহায় কৰিম যাতে তেওঁলোকে সামগ্ৰিক বিকাশৰ শক্তি লাভ কৰিব পাৰে।

ভাৰত দ্ৰুতগতিত বিকশিত হোৱা বৃহৎ অৰ্থনীতিত পৰিণত হোৱাটো এটা আকস্মিক পৰিঘটনা নহয়। আমাৰ সৰল, ব্যৱহাৰিক আৰু বহনক্ষম পদ্ধতিয়ে দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক আমাৰ উন্নয়ন যাত্ৰাৰ নেতৃত্ব দিবলৈ শক্তিশালী কৰি তুলিছে। মহাকাশৰ পৰা আৰম্ভ কৰি ক্ৰীড়ালৈকে, অৰ্থনীতিৰ পৰা উদ্যোগলৈকে, ভাৰতীয় মহিলাসকল বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে। আজি ভাৰতে মহিলাৰ বিকাশতেই থমকি নৰৈ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰেৰে আগবাঢ়িছে। আমাৰ জি-২০ অধ্যক্ষতাই ‘লিংগ ডিজিটেল বিভাজন’ আঁতৰ কৰা, কৰ্মী শক্তিত (Labour Force) অংশগ্ৰহণৰ ব্যৱধান হ্ৰাস কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে অধিক ভূমিকা সক্ষম কৰাৰ ওপৰত কাম কৰি আছে।

ভাৰতৰ বাবে, জি-২০ ৰ অধ্যক্ষতা কেৱল এক উচ্চ-পৰ্যায়ৰ কূটনৈতিক প্ৰচেষ্টা নহয়, ইয়াক আমি গণতন্ত্ৰৰ মাতৃ আৰু বৈচিত্ৰ্যৰ আৰ্হি হিচাপে, এক অভিজ্ঞতাৰ দুৱাৰ বিশ্বৰ বাবে মুকলি কৰি দিছো।

আজি, যেতিয়া যিকোনো বৃহৎ কাম কৰাৰ কথা আহে, তাত ভাৰতৰ নাম সহজেই উচ্চাৰিত হয়। জি-২০ৰ অধ্যক্ষতাও ইয়াৰ ব্যতিক্ৰম নহয়। ই এতিয়া ভাৰতত এক গণ আন্দোলনত পৰিণত হৈছে।

আমাৰ কাৰ্যকাল সমাপ্ত হোৱা পৰ্যন্ত জি-২০ ৰ অধ্যক্ষতাত ভাৰতৰ ৬০ খন চহৰত ২০০ ৰো অধিক বৈঠক অনুষ্ঠিত হৈ উঠিব। এই সময়ছোৱাত আমি ১২৫ খন দেশৰ পৰা প্ৰায় ১,০০,০০০ প্ৰতিনিধিক আতিথ্য প্ৰদান কৰিম। কোনো অধ্যক্ষতাত কেতিয়াও ইমান বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ ভৌগোলিক বিস্তাৰ এনেদৰে সামৰি লোৱা হোৱা নাই।

ভাৰতৰ জনগাঁথনি, গণতন্ত্ৰ, বৈচিত্ৰ্য আৰু উন্নয়নৰ বিষয়ে আন কাৰোবাৰ মুখত শুনিবলৈ পোৱাটো আৰু ইয়াক প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ পৃথক অনুভৱ। মই নিশ্চিত যে আমাৰ জি-২০ ৰ প্ৰতিনিধিসকলে নিজেই এইকথা উপলব্ধি কৰিব।

আমাৰ জি-২০ অধ্যক্ষতাই বিচৰা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানকেইটা হৈছে বিভাজন দূৰ কৰা, বাধা আঁতৰ কৰা আৰু সহযোগিতা গভীৰ কৰা। আমাৰ ইচ্ছা, এনে এখন পৃথিৱী গঢ়ি তোলা, য’ত একতা সকলো পাৰ্থক্যৰ উৰ্ধ্বত থাকিব, য’ত অংশীদাৰী লক্ষ্যবোৰে বিচ্ছিন্নতাৰ চিন্তাধাৰাৰ সমাপ্তি ঘটাব।

জি-২০ ৰ অধ্যক্ষ হিচাপে, আমি বিশ্বক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছিলো, যাতে প্ৰতিটো আহ্বান শুনা যায় আৰু প্ৰতিখন দেশে ইয়াত অৱদান আগবঢ়াব পাৰে। মই নিশ্চিত যে আমি আমাৰ সংকল্পবোৰ কাৰ্য আৰু স্পষ্ট ফলাফলেৰে পূৰণ কৰিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬: এআই-ৰ বাবে মানৱকেন্দ্ৰিক ভৱিষ্যত গঢ়াৰ প্ৰয়াস
February 22, 2026

At a defining moment in human history, the world gathered at the AI Impact Summit 2026 in New Delhi. For us in India, it was a moment of immense pride and joy to welcome heads of state and government, delegates, and innovators from across the world.

India brings scale and energy to everything it does, and this summit was no exception. Representatives from over 100 nations came together. Innovators showcased cutting-edge AI products and services. Thousands of young people could be seen in the exhibition halls, asking questions and imagining possibilities. Their curiosity made this the largest and most democratized AI summit in the world. I see this as an important moment in India’s development journey, because a mass movement for AI innovation and adoption has truly taken off.

Human history has witnessed many technological shifts that changed the course of civilization. Artificial intelligence belongs in the same league as fire, writing, electricity, and the Internet. But with AI, changes that once took decades can unfold within weeks and impact the entire planet.

AI is making machines intelligent, but it is even more of a force multiplier for human intent. Making AI human-centric instead of machine-centric is vital. At this summit, we placed human well-being at the heart of the global AI conversation, with the principle of “Sarvajana Hitaya, Sarvajana Sukhaya” (Welfare for All, Happiness of All).

I have always believed that technology must serve people, not the other way around. Whether it is digital payments through UPI or COVID vaccination, we have ensured that digital public infrastructure reaches everyone, leaving none behind. I could see the same spirit in the summit, in the work of our innovators in domains like agriculture, security, assistance for persons with disabilities, and tools for multilingual populations.

There are already examples of the empowering potential of AI in India. Recently, Sarlaben, an AI-powered digital assistant launched by Indian dairy cooperative AMUL, is providing real-time guidance to 3.6 million dairy farmers, mostly women, about cattle health and productivity in their own language. Similarly, an AI-based platform called Bharat VISTAAR gives multilingual inputs to farmers, empowering them with information about everything from weather to market prices.

Humans must not become data points, raw material for machines

Humans must never become mere data points or raw material for machines. Instead, AI must become a tool for global good, opening new doors of progress for the Global South. To translate this vision into action, India presented the MANAV framework for human-centric AI governance.

M – Moral and ethical systems: AI should be based on ethical guidelines.
A – Accountable governance: Transparent rules and robust oversight.
N – National sovereignty: Respect for national rights over data.
A – Accessible and inclusive: AI should not be a monopoly.
V – Valid and legitimate: AI must adhere to laws and be verifiable.

MANAV, which means “human,” offers principles that anchor AI in human values in the 21st century.

Trust is the foundation upon which AI’s future rests. As generative systems flood the world with content, democratic societies face risks from deepfakes and disinformation. Just as food carries nutrition labels, digital content must carry authenticity labels. I urge the global community to come together to create shared standards for watermarking and source verification. India has already taken a step in this direction by legally requiring clear labeling of synthetically generated content.

The welfare of our children is a matter close to our hearts. AI systems must be built with safeguards that encourage responsible, family-guided engagement, reflecting the same care we bring to education systems worldwide.

Technology yields its greatest benefit when shared, rather than guarded as a strategic asset. Open platforms can help millions of youth contribute to making technology safer and more human-centric. This collective intelligence is humanity’s greatest strength. AI must evolve as a global common good.

We are entering an era where humans and intelligent systems will co-create, co-work, and co-evolve. Entirely new professions will emerge. When the Internet began, no one could imagine the possibilities. It ended up creating a huge number of new opportunities, and so will AI.

I am confident that our empowered youth will be the true drivers of the AI age. We are encouraging skilling, reskilling, and lifelong learning by running some of the largest and most diverse skilling programs in the world.

India is home to one of the world’s largest youth populations and technology talent. With our energy capacity and policy clarity, we are uniquely positioned to harness AI’s full potential. At this summit, I was proud to see Indian companies launch indigenous AI models and applications, reflecting the technological depth of our young innovation community.

To fuel the growth of our AI ecosystem, we are building a robust infrastructure foundation. Under the India AI Mission, we have deployed thousands of Graphics processing units and are set to deploy more soon. By accessing world-class computing power at highly affordable rates, even the smallest start-ups can become global players. Further, we have established a national AI Repository, democratizing access to datasets and AI models. From semiconductors and data infrastructure to vibrant start-ups and applied research, we are focusing on the complete value chain.

India’s diversity, democracy, and demographic dynamism provide the right atmosphere for inclusive innovation. Solutions that succeed in India can serve humanity everywhere. That is why our invitation to the world is: Design and develop in India. Deliver to the world. Deliver to humanity.

Source: The Jerusalem Post

The writer is the Prime Minister of India.